মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / ঠাণ্ডা বতৰত খাওক বাদাম, গাঁঠিৰ বিষৰ লগতে অন্য ৰোগো নিৰাময় হ’ব :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ঠাণ্ডা বতৰত খাওক বাদাম, গাঁঠিৰ বিষৰ লগতে অন্য ৰোগো নিৰাময় হ’ব :

ঠাণ্ডা বতৰত খাওক বাদাম, গাঁঠিৰ বিষৰ লগতে অন্য ৰোগো নিৰাময় হ’ব, তাৰ বিষয়ে লিখা হৈছে ।

 

ঠাণ্ডাৰ দিনত মানুহে আলমণ্ডতকৈ সাধাৰণ বাদাম খাবলৈহে ভাল পায়। বাদাম খাবলৈ সোৱাদলগা আৰু ইয়াৰ গুণো বহু বেছি। বাদাম(Ground Nut, মংগফলী) খাই থাকিলে মগজুৰ শক্তিও বৃদ্ধি পায়। বহু উৎকৃষ্ট গুণেৰে ভৰা এই বাদাম সহজলভ্য আৰু অন্য বাদামজাতীয় শস্যতকৈ দামো কম। নিয়মীয়াকৈ বাদাম খাই থাকিলে হৃদযন্ত্ৰ সবল হৈ থাকে আৰু হৃদৰোগ হোৱাৰ আশংকাও কমি থাকে। বাদামত পটাচিয়াম, কপাৰ, কেলচিয়াম, আয়ৰণ আৰু চেলেনিয়ামৰ দৰে ভালেকেইবিধ খনিজ লৱণ যথেষ্ট পৰিমাণে থাকে।

বাদামত নিহিত থকা এইবিলাক প্ৰয়োজনীয় দ্ৰব্যৰ উপৰি অন্য কিছুমান ঔষধীয় উপাদানো থাকে।

বাদামে সহজে নিৰাময় কৰিব পৰা কেইবিধমান অসুখ হ'ল -

*গেছ আৰু এচিডিটি:

ঠাণ্ডাৰ দিনত বেছি মছলাযুক্ত আৰু বেছি গধুৰ খাদ্য খালে সোনকালেই পেট ফুলি উঠে। ৰাজসিক খাদ্য বেছি পৰিমাণে খালে ঠাণ্ডাৰ দিনত পেটত গেছ হয় আৰু এচিডিটিয়ে যথেষ্ট কষ্ট দিয়ে। সাধাৰণতে ঠাণ্ডাৰ দিনতে এনেবিলাক সমস্যা বেছিকৈ হোৱা দেখা যায়। এনে ধৰণৰ সমস্যাৰ নিৰাময়ৰ কাৰণে ৰাতি এমুঠিমান বাদাম এগিলাচ পানীত তিয়াই থওক আৰু পাছদিনা পুৱা বাদামকেইটা চোবাই খাওক।

*মাংসপেশীৰ দুৰ্বলতা:

শৰীৰৰ শ্ৰীবৃদ্ধি বয়সৰ লগে লগে সমানে হৈ থাকিব লাগে। কিন্তু কিছুমান পেশী বয়সৰ লগে লগে সমানে বৃদ্ধি নহয়। কিছুমান পেশী দ্ৰুতগতিত বৃদ্ধি পালেও আন কিছুমান পেশী বহু বয়সলৈকে বাঢ়িব নোৱাৰে। এনেধৰণৰ বেঁকা-বেঁকি পেশীবোৰ দৰব নোখোৱাকৈ সমানে বৃদ্ধি কৰিবৰ বাবে বাদাম অতি ফলপ্ৰসূ। ৰাতি তিয়াই থোৱা বাদামৰ গুটি পুৱা চোবাই খাই থাকিলে মাংসপেশীৰ লগতে হাড়ৰ গঠনো ভাল হয়।

*অস্থিসন্ধিৰ বিষ:

শীতকালত বহু লোকৰ হাড়ৰ জোৰা আৰু কঁকালৰ বিষ হৈ ৰোগী পংগুপ্ৰায় হৈ পৰে। ঠাণ্ডা বতৰত এনেয়ে বয়সস্থ লোকৰ ঘূৰা-ফুৰা অলপ কমে। কিন্তু লগতে শৰীৰৰ গাঁঠিবিলাকত বিষ আৰম্ভ হ’লে, তেওঁলোকে লৰচৰ কৰিবলৈ বৰ কষ্ট পায়। ৰাতি এমুঠিমান বাদাম এগিলাচ পানীত তিয়াই থৈ, পুৱা সেইখিনি চোবাই খাব লাগে। পুৱা তিওৱা বাদামৰ লগত এডোখৰ গুড়ো খাব। এনে ব্যৱস্থাৰ ফলত হাড়ৰ গাঁঠিৰ বিষ সোনকালে নিৰাময় হ’ব।

*কেন্সাৰৰ আশংকা কম কৰে:

এন্টিঅক্সিডেন্ট, আয়ৰণ, ফলেট, কেলচিয়াম, জিংক আদি খনিজ লৱণৰ উপস্থিতিয়ে শৰীৰত কেন্সাৰ কোষৰ সৈতে যুঁজিবলৈ সক্ষম কৰি তোলে। প্ৰতিদিনে পুৱা তিওৱা বাদাম এমুঠিকৈ খাই থাকিলে কেন্সাৰৰ দৰে ভয়াৱহ ৰোগৰ আশংকাও হ্ৰাস পায়।

*ৰক্ত সঞ্চালন:

নিয়মীয়াকৈ প্ৰতিদিনে বাদাম খাই থাকিলে শৰীৰত উষ্ণতা বৃদ্ধি পায় আৰু প্ৰায় সমান মাত্ৰাত শৰীৰৰ উষ্ণতা থাকে। সেইকাৰণে শৰীৰৰ ৰক্ত সঞ্চালনৰ গতি নিয়মীয়া আৰু স্বাভাৱিক হৈ থাকে। প্ৰতিদিনে পুৱা পানীত তিওৱা বাদামকেইটা খাই থাকিলে ৰক্ত সঞ্চালনৰ লগতে হৃদযন্ত্ৰৰ ৰোগো নিৰাময় হয়।

*কাহ:

নিয়মীয়াকৈ পুৱা এমুঠি তিওৱা বাদাম খাই থাকিলে শৰীৰৰ উষ্ণতা আৰু এনাৰ্জি, স্বাভাৱিক মাত্ৰাতে থাকে। সেইবাবে নিয়মিতভাৱে তিয়াই থোৱা বাদাম খাই থাকিলে, কাহ সম্পূৰ্ণ নিৰাময় হয়।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

 

2.96428571429
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top