অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ডায়েটিঙৰ নীতি-নিয়ম

ডায়েটিঙৰ নীতি-নিয়মৰ বিষয়ে আলোচনা কৰা হৈছে

প্ৰতিটো সপ্তাহত কিমান ওজন কমোৱাৰ চেষ্টা কৰা উচিত ?

 

ধীৰে-সুস্থিৰে ওজন কমাবলৈ চেষ্টা কৰাহে উচিত। প্ৰতি সপ্তাহত যদি একৰ পৰা দুই পাউণ্ড ওজন কমাব পাৰি শৰীৰৰ তেতিয়া কোনো ক্ষতি নহয়। ভৱিষ্যতে যিকোনো কাৰণতে তৎক্ষাণাৎ শকত হোৱাৰ সম্ভাৱনা কম থাকিব।

কম সময়ৰ ভিতৰত লৰালৰিকৈ ডায়েটিঙৰ দ্বাৰা মেদ কমাবলৈ চেষ্টা কৰা উচিতনে ?

 

ডায়েটিঙৰ সময়ত শৰীৰত একেলগে কেইবাটাও ঘটনা ঘটে। শৰীৰৰ পেশী-টিচু কমিব ধৰে আৰু তাৰ লগে লগে কমিবলৈ ধৰে অতিৰিক্ত মেদ। লৰালৰিকৈ ওজন কমোৱাত লাগি গলে মেদহীন মাংসপেশীৰ ওপৰত বৰ্ধিত চাপ পৰে। যেনে- হাৰ্ট-মনৰ ওপৰত চাপ পৰে ফলত শৰীৰত বিৰূপ প্ৰতিক্ৰিয়া ঘটাৰ সম্ভাৱনা বহুত। গতিকে ধীৰে ধীৰে ওজন কমোৱাৰ চেষ্টা কৰাই ভাল।

সন্তানসম্ভৱাৰ ডায়েটিং কেনে হোৱা উচিত ?

 

মাতৃ আৰু গৰ্ভস্থ সন্তান দুয়োৰে দৰকাৰ পুষ্টিকৰ খাদ্য। গতিকে ডায়েটিং বুলিলে যি বুজা যায় সেই ডায়েটিং কৰা কেতিয়াও উচিত নহয়। সেইবুলি অতিৰিক্ত হাই কেলৰি, আনহাতে কম পুষ্টিকৰ বুলি সৰহ খাদ্য খোৱাও উচিত নহয়। যেনে- কেক, মাংস, ফেটি মাছ ইত্যাদি। তাৰ পৰিৱৰ্তে ফল-মূল, পাচলি আৰু সামান্য পৰিমাণৰ ভাত-দাইলে অতিৰিক্ত ওজন বঢ়োৱাত নিশ্চয় বাধা দি ৰাখিব।

ডায়েটিং অৱস্থাত এসময়ত ধৈৰ্য হেৰাই যায় নেকি ?

 

যথেষ্ট মেদবহুল আছিল। অশেষ সাধ্য-সাধনাৰ বলত বহুখিনি ওজন কমাব পাৰিলে। কিন্তু শেষৰফালে মনৰ জোৰ কমি গ’ল কিয় ? পুনৰ অনিয়মিত খোৱা-বোৱা আৰম্ভ কৰিলে। কিন্তু মনৰ দৃঢ়তাই হৈছে আচল কথা।

পিৰিয়ডৰ সময়ত বেছিকৈ খাবলৈ মন যায় নেকি-

 

বহু মহিলাৰে পিৰিয়ডৰ আগত বা পিৰিয়ড চলা সময়ত খোৱাৰ প্ৰৱণতা বৃদ্ধি পায়। হৰমনৰ পৰিৱৰ্তনৰ ফলত তেনে হয়। এই সময়ত মুখৰোচক খোৱা খায় অতিৰিক্ত খাদ্য খোৱাৰ ইচ্ছা প্ৰশমিত কৰিব পাৰে।

অতিমাত্ৰা ভোক অনুভৱ হয় ডায়েটিঙৰ সময়ত-

 

যদি ডায়েট সঠিক হয়- সুষম, কম ফেট, হাই ফাইবাৰ ডায়েট তেতিয়া ভোক লগাৰ কোনো কাৰণ নাথাকে। ষ্টাৰ্চযুক্ত খোৱা বেছি খাব লাগে। যেনে- ৰুটী, নুডলছ্, চুজি, চিৰা যাৰ দ্বাৰা পেট ভৰে। দেহত অতিৰিক্ত কেলৰিও জমা নহয়। যদি দুপৰীয়া আৰু ৰাতিৰ আহাৰৰ মাজত কিবা খাবলৈ মন যায় এখন বিস্কুট আৰু ৰঙা চাহ বা এচকল ব্ৰেড নাইবা এটা কল খাব পাৰে।

দিনে ১৫০০ কেলৰি খাইছে। ইয়াৰ পৰা যথেষ্ট ভিটামিন পাব-

 

পুষ্টি বিশাৰদসকলৰ মতে যিমান দিন নানা ধৰণৰ খাদ্য খাই আছে তেতিয়ালৈকে বৰ্ধিত পুষ্টিৰ চিন্তাৰ দৰকাৰ নাই। কম মেদযুক্ত খোৱা মানেই কম পুষ্টি, সেইদৰে ভবাৰো দৰকাৰ নাই। স্কিমড গাখীৰতো স্বাভাৱিক গাখীৰৰ দৰেই সমান পৰিমাণৰ কেলচিয়াম, প্ৰ’টিন পোৱা যায়।

ৰাতি আঠ বজাৰ আগেয়ে খোৱাটো ডায়েটিঙত জৰুৰী-

 

কোন সময়ত খাব বা খাইছে সেইটো ডাঙৰ কথা নহয়। নিয়মিত খোৱা ধৰণটোৱেই প্ৰকৃত কথা। নিজেই ঠিক কৰি লওক দিনে তিনিবাৰ প্ৰধান আহাৰ খাব নে দুবাৰ প্ৰধান আহাৰ আৰু মাজত সাধাৰণ স্নেকছ বা ফল খাব। প্ৰয়োজনীয় কেলৰি আৰু নিয়মিত ব্যায়ামে আশা কৰা ধৰণে ওজন কমোৱাত সহায় কৰিব বুলি বিশ্বাস ৰাখিব পাৰে।

ব্যায়ামো কৰিছে, ডায়েটিঙো কৰিছে, কিন্তু খুব কমহে মেদ হ্ৰাস হৈছে-

 

এইটো ভাল খবৰ বুলিয়েই ধৰিব পাৰি। এইক্ষেত্ৰত ব্যায়াম আৰু ডায়েট দুয়োটাই ভাল কাম কৰিছে বুলি ভাবিব পাৰে। ওজন নকমাৰ কাৰণ অতিৰিক্ত মেদ মাংসপেশীত পৰিণত হোৱা। পেশীৰ ওজন মেদৰ ওজনতকৈ বেছি। আনহাতে ব্যায়ামে মাংসপেশীক আটিল কৰি তোলে। পুষ্টি বিশাৰদৰ মতে এইটো এটা ভাল কথা আৰু নিৰাশ হোৱাৰ কাৰণ নাই, বৰঞ্চ নিয়ম অব্যাহত ৰাখক।

(উৎসঃ অসম বাণী, অংশুমা শইকীয়া)।

3.06896551724
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top