মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / ডায়েবেটিছ কিদৰে নিয়ন্ত্ৰণত ৰাখিব:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ডায়েবেটিছ কিদৰে নিয়ন্ত্ৰণত ৰাখিব:

ডায়েবেটিছ কিদৰে নিয়ন্ত্ৰণত ৰাখিব লিখা হৈছে

 

ডায়েবেটিছ কোনো বেমাৰ নহয় বৰঞ্চ ই বিভিন্ন ৰোগৰ আৰম্ভণিহে। এক কথাত ক’বলৈ গ’লে ডায়েবেটিছ বিভিন্ন ৰোগৰ প্ৰধান কাৰণ। ই শৰীৰৰ প্ৰায় আটাইবোৰ অংগকে প্ৰভাৱিত কৰে। যদি সময়মতে ডায়েবেটিছ চিনাক্ত কৰিব পৰা নাযায় বা নিয়ন্ত্ৰণ কৰা নহয়, তেন্তে কিডনি বিকল হোৱা, ব্ৰেইনষ্ট্ৰোক, ৰেটিন’পেথী আৰু হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ সম্ভাৱনা বহু গুণে বৃদ্ধি পায়। ডায়েবেটিছত আক্ৰান্ত হোৱা প্ৰায় ৫০ শতাংশ লোক কাৰ্ডিঅ’ভাস্কুলাৰ ৰোগ(হৃদযন্ত্ৰৰ ৰোগ আৰু ষ্ট্ৰোক) ফলত অকালতে মৃত্যু হ’ব পাৰে। ডায়েবেটিছৰ ৰোগীৰ ভিতৰত ১০ৰ পৰা ২০ শতাংশ লোকৰ মৃত্যুৰ অন্যতম কাৰণ কিডনি বিকলতা।

ডায়েবেটিছি ৰোগে চকুৰ ৰেটিনাৰ সৰু সৰু তেজ পৰিবাহী সিৰাবোৰ নষ্ট কৰে। ডায়েবেটিছত আক্ৰান্ত ৰোগীয়ে সময়ে সময়ে চকুৰ চিকিৎসকৰ হতুৱাই চকু পৰীক্ষা কৰোৱাটো প্ৰয়োজন। অনিয়ন্ত্ৰিত ডায়েবেটিছৰ ফলত চকুত ছানি পৰা আৰু গ্লুক’মা হোৱাৰ আশংকাৰ পৰা বাচি থাকিব পাৰি। তদুপৰি ডায়েবেটিছত আক্ৰান্ত লোকৰ শৰীৰত ৰক্ত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি হোৱাৰ ফলত দাঁতৰ বহু সমস্যাই দেখা দিয়ে। একেদৰে অষ্টিঅ’পৰোচিছ নামৰ হাড় ঠুনুকা হোৱা এবিধ ৰোগো হ’ব পাৰে। এক গৱেষণা মতে ডায়েবেটিছ হোৱাৰ পিছত এই বেমাৰ অধিক হোৱাৰ আশংকা সুস্থ লোকৰ তুলনাত ৩০ শতাংশ বেছি হোৱাৰ আশংকা থাকে। সেয়ে প্ৰতিজন ডায়েবেটিছ ৰোগী সজাগ নহ’লে এনেবিলাক সমস্যা অধিক বৃদ্ধি হ’ব পাৰে।

সচৰাচৰ এই ৰোগ পুৰুষতকৈ মহিলাৰ মাজত অধিক হোৱা দেখা যায়। অষ্টিঅ’পৰোচিছ ৰোগীৰ সংখ্যা দিনে দিনে বৃদ্ধি হোৱা দেখা গৈছে। ইয়াৰ কোনো নিৰ্দিষ্ট লক্ষণ নাই। সেয়ে এই ৰোগ বহু পলমকৈ চিনাক্ত হয়। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ সময়মতে সুষম আহাৰ গ্ৰহণ কৰা আৰু ব্যায়াম কৰাটো অত্যন্ত জৰুৰী। এই ক্ষেত্ৰত ভিটামিন-‘ডি’যুক্ত খাদ্য নিয়মীয়াকৈ খাই থাকিলে উপকৃত হ’ব পাৰি। সেয়ে ৰাতিপুৱা ৰ’দত কিছু সময় বহিব লাগে অথবা চিকিৎসকৰ পৰামৰ্শমতে ভিটামিন-‘ডি’ ছাপ্লিমেন্ট খাব লাগে। এই ৰোগ চিনাক্ত কৰিব নোৱাৰাৰ ফলত সময়মতে চিকিৎসা কৰিব পৰা নাযায়।

মধুমেহ আৰু যৌন ৰোগ:

 

মধুমেহ ৰোগীৰ যৌন সম্পৰ্কীয় বিভিন্ন সমস্যা হোৱা দেখা যায়। জননাংগ সঠিকভাৱে উত্থান নহয়। তদুপৰি মধুমেহ ৰোগীৰ দ্ৰুত স্খলন হয়। প্ৰায় সকলো পুৰুষ মধুমেহ ৰোগীৰে এই সমস্যা অধিক গুৰুতৰ ৰূপত হোৱা দেখা যায়। একেদৰে মহিলাৰ ক্ষেত্ৰত এই ৰোগৰ বাবে যৌন উদাসীনতাৰ লক্ষণ দেখিবলৈ পোৱা যায়। অনিয়ন্ত্ৰিত মধুমেহ ৰোগৰ ফলত কেইবা প্ৰকাৰৰ বীজাণু আৰু বেক্টেৰিয়াৰ সংক্ৰমণ দ্ৰুত গতিত বৃদ্ধি পায় এইদৰে স্ত্ৰী জননাংগত কেণ্ডিডা জাতীয় বীজাণুৰ সংক্ৰমণ হোৱা দেখা যায়।

সঠিক আহাৰ আৰু ওজনত গুৰুত্ব দিয়ক:

 

মধুমেহ এক প্ৰকাৰ জটিল আৰু ঘাতক ৰোগ। ইয়াৰ ফলত কম-বেছি পৰিমাণে প্ৰায় শৰীৰৰ প্ৰতিটো অংগই ক্ষতিগ্ৰস্ত হয়। এই ৰোগবিলাকৰ ভিতৰত হৃদৰোগে অন্যতম। এনে ৰোগীয়ে শৰীৰৰ ওজন সঠিক মাত্ৰাত ৰাখিবলৈ দৈনিক তিনি-চাৰি কিলোমিটাৰ খোজকঢ়া তথা ব্যায়াম কৰিব লাগে। কঁকালৰ জোখ(ঘেৰ) পুৰুষৰ ৪০ ইঞ্চি আৰু মহিলাৰ ২৩ ইঞ্চিকৈ অধিক হ’ব নালাগে। যদি আপুনি দীৰ্ঘদিন ধৰি ডায়েবেটিছ ৰোগত ভুগি আছে, তেনেহ’লে যিকোনো সময়তে আপোনাৰ কিডনি বিকল হোৱাৰ সম্ভাৱনা থাকে। যদি আপুনি খোৱা-বোৱা তথা জীৱন ধাৰণৰ শৈলী পৰিৱৰ্তন নকৰে, তেন্তে মধুমেহৰ ফলত শৰীৰৰ বিভিন্ন অংগৰ জটিলতাত ভুগিব পাৰে। ডায়েবেটিছ ৰোগ অকলে শৰীৰলৈ নাহে, বৰঞ্চ ই অন্য বিভিন্ন বেমাৰ শৰীৰলৈ আনে। সেয়ে ইয়াৰ পৰা সদায়ে বাচি থাকিবলৈ চেষ্টা কৰিব লাগে। চেনি অথবা মিঠাজাতীয় খাদ্য খালেই মধুমেহ ৰোগ নহয়। বৰঞ্চ পেনক্ৰিয়াচৰ কৰ্মক্ষমতা কম হোৱাৰ ফলত ইনচুলিনৰ উৎপাদন কম হয় অথবা একেবাৰে বন্ধ হয়। শৰীৰত ইনচুলিনৰ উৎপাদন পৰ্যাপ্ত মাত্ৰাত হ’লেও বহুতো ৰোগীৰ শৰীৰে কোনো বিসংগতিৰ ফলত সেই পৰিমাণৰ ইনচুলিন সম্পূৰ্ণকৈ ব্যৱহাৰ কৰিব নোৱাৰে। তাৰ ফলতো ডায়েবেটিছ হ’ব পাৰে। পেনক্ৰিয়াছৰ(অগ্নাশয়) কৰ্মক্ষমতা কম হোৱা মানে শৰীৰত ইনচুলিনৰ পৰিমাণ হ্ৰাস পায় আৰু ফলত শৰীৰৰ কোষে শৰ্কৰা পৰ্যাপ্ত মাত্ৰাত ব্যৱহাৰ কৰিব নোৱাৰা হয়। সেয়ে চিকিৎসকৰ পৰামৰ্শ লৈ সঠিক পৰিমাণৰ আহাৰ গ্ৰহণ কৰি লগতে শাৰীৰিক শ্ৰম-ব্যায়াম কৰি ৰক্তশৰ্কৰাৰ ব্যৱহাৰ স্বাভাৱিক মাত্ৰালৈ আনিব পাৰি।

ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণৰ ঘৰুৱা উপায়:

 

প্ৰতিদিনে ঘৰুৱাভাৱে প্ৰস্তুত কৰা ঔষধ সেৱন কৰি ডায়েবেটিছ ৰোগত আক্ৰান্ত হৈ থকা ৰোগীসকলে এই ৰোগ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে। তলত কেইটামান এই ৰোগ নিয়ন্ত্ৰণৰ ঘৰুৱা দিহা দিয়া হ’ল-

  • মেথিগুটি পাঁচশ গ্ৰাম ভালদৰে ধুই পৰিষ্কাৰ কৰি ১২ ঘন্টামানলৈ পানীত তিয়াই ৰাখক। বীজ অংকুৰিত হোৱাৰ পিছত ইয়াক পানীৰ পৰা তুলি আনি শুকুৱাই ল’ব, পিছত ইয়াক ভালদৰে বটি লৈ গুড়ি কৰিব। এই গুড়ি পুৱা-গধূলি এচামুচকৈ পানীৰ সৈতে মিহলাই খালে মধুমেহ ৰোগ নিয়ন্ত্ৰণত থাকে।
  • আধা চামুচ হালধি গুড়ি আৰু এচামুচ শুকান আমলখিৰ গুড়ি পুৱা-গধূলি পানীৰ সৈতে সেৱন কৰিলে তেজৰ শৰ্কৰাৰ মাত্ৰা স্বাভাৱিক হয়। এই মিশ্ৰণ সেৱন কৰিলে অগ্নাশয় শক্তিশালী হয় আৰু ইনচুলিন হৰমোন সঠিক মাত্ৰাত প্ৰস্তুত কৰে।
  • পলাশ ফুলৰ পাতৰ ৰস আধা চামুচকৈ পুৱা-গধূলি খালে মধুমেহ ৰোগত আক্ৰান্ত ৰোগীয়ে ভাল ফল পায়।
  • বেলৰ সতেজ পাতৰ ৰস দুচামুচকৈ প্ৰতিদিনে পুৱা আৰু গধূলি সেৱন কৰিলে ডায়েবেটিছ ৰোগৰ পৰা উপশম পোৱা যায়।
  • গুড়মাৰ ৮০ গ্ৰাম, কপাহৰ গুটি ৪০ গ্ৰাম, বেলৰ শুকান পাত ৬০ গ্ৰাম, জামুৰ গুটি ৪০ গ্ৰাম আৰু নিমৰ শুকান পাত ২০ গ্ৰাম মিহলাই ভালদৰে কুটি পিচি গুড়ি কৰি ল’ব। পুৱা-গধূলি ইয়াৰে আধা চামুচকৈ সেৱন কৰক। ই অগ্নাশয় আৰু যকৃত শক্তিশালী কৰি বিভিন্ন ৰোগ নিৰ্মূল কৰে। আনহাতে প্ৰস্ৰাৱ তথা তেজৰ শৰ্কৰা নিয়ন্ত্ৰণ কৰে।
  • আয়ুৰ্বেদিক ঔষধি ‘বসন্তকুসুমাকৰ’ ৰস অথবা অম্বৰযুক্ত শিলাজত্বাদি ঔষধৰ এটাকৈ বড়ি পুৱা-গধূলি গাখীৰৰ সৈতে খালে শৰীৰৰ শৰ্কৰা নিয়ন্ত্ৰণত থাকে।
  • মাটিৰ পাত্ৰত নিশা ৫০ গ্ৰাম মেথিগুটি পানীত তিয়াই থব। পুৱা মেথিগুটিখিনি মোহাৰি চেকি, সেই পানী সেৱন কৰক। এনেদৰে পুৱা তিয়াই থোৱা মেথিগুটি গধূলি মোহাৰি যাব। পুৱা জলপানৰ সৈতে পানীত তিয়াই থোৱা মগু আৰু মেথি চোবাই চোবাই খাব। তিয়াই থোৱা মগু আৰু মেথি পুৱা তাৱাত গৰম কৰি নিমখ আৰু জিৰা দি তাৰ সৈতে জামুৰ দুটা শুকান গুটি মেথি পানীৰ সৈতে মিহলাই খালে মধুমেহ ৰোগীয়ে ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।
  • মধুমেহ ৰোগত ভুগি থাকিলে পুৱা-গধূলি আহাৰৰ পিছত আধাকাপ পানীৰ সৈতে জামুৰ গুটিৰ গুড়ি আৰু শুকান কেৰেলাৰ গুড়ি এচামুচকৈ মিহলাই দিনত এবাৰকৈ খালে ৰক্তশৰ্কৰাৰ পৰিমাণ কমে। লগতে বেলপাত চোবাই গুড়ি কৰি খালে মধুমেহ ৰোগৰ পৰা উপশম পোৱা যায়।
  • ডায়েবেটিছ ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত ভালেকেইবিধ এলোপেথিক ঔষধ ফলপ্ৰসূ হিচাপে বিবেচিত হৈছে। ডায়েবেটিছ ৰোগৰ বাবে ফলপ্ৰসূ কেইটিমান ফলপ্ৰসূ আয়ুৰ্বেদিক ঔষধৰ নাম তলত উল্লেখ কৰা হ’ল। মধুমেহাৰি চূৰ্ণ, মধুহাৰী চূৰ্ণ, মধুনাশক চূৰ্ণ, মধুদোষণাত্মক, ডেবিক্স টেবলেট, মধুৰীণ টেবলেট বা পাউডাৰ, মধুমেহ দমন চূৰ্ণ আদি।

আধুনিক চিকিৎসা বিজ্ঞানে মধুমেহ ৰোগত আক্ৰান্ত ৰোগীৰ বাবে ফলপ্ৰসূ চিকিৎসা পদ্ধতি উদ্ভাৱনৰ বাবে দীৰ্ঘদিন ধৰি অনেক পৰীক্ষা নিৰীক্ষা তথা গৱেষদণা চলাই আহিছে। ফলত অসাধ্য মধুমেহ ৰোগ নিয়ন্ত্ৰণৰ বাবে নিতৌ নতুন ঔষধ উদ্ভাৱন হৈ আছে। নিঃসন্দেহে ইয়াৰে উত্তৰ গুণসম্পন্ন ঔষধ এদিন উদ্ভাৱন হ’ব আৰু এই ৰোগ সম্পূৰ্ণ নিৰাময় কৰিব পাৰিব। সংক্ষেপে মধুমেহ ৰোগত আক্ৰান্ত ৰোগীসকলে আহাৰ নিয়ন্ত্ৰণ, ব্যায়াম আদিৰ জৰিয়তে এই ৰোগ নিয়ন্ত্ৰণ কৰি সুখী জীৱন যাপন কৰিব পাৰি।

লেখিকা: ডাঃ নীলাক্ষি চক্ৰৱৰ্তী(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

2.95833333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top