মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখিবলৈ কলডিল খাওক :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখিবলৈ কলডিল খাওক :

ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখিবলৈ কলডিল খোৱাৰ বিষয়ে লিখা হৈছে ।

 

আপুনি নিজৰ দোষত ভুগিছে নেকি?নে আপোনাৰ তেজত হিম’গ্লবিনৰ পৰিমাণ কমি গৈছে?এনেধৰণৰ সমস্যাত যদি আপুনি ভুগিছে তেনেহ’লে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ খাদ্যৰ তালিকাত কলডিল সংযোজন কৰক।তেজৰ মুল উপাদান হিম’গ্লবিনৰ ঘাটি পুৰণ কৰাত গুৰুত্বপুৰ্ণ ভুমিকা পালন কৰা ভৰপুৰ আয়’ডিনসমৃদ্ধ খাদ্য হৈছে কলডিল।প্ৰতি ১০০ গ্ৰাম কলডিলত ১.৭ গ্ৰাম প্ৰ’টিন,৩২ মিলিগ্ৰাম কেলচিয়াম ,৫.১ গ্ৰাম কাৰ্বহাইড্ৰেট ,৩২ মিলিগ্ৰাম ফচফৰাচ,১.৬ মিলিগ্ৰাম আইৰন,০.৭ গ্ৰাম ফেট,১৮৫ মিলিগ্ৰাম পটাচিয়াম,০.২ মিলিগ্ৰাম ৰিব’ফ্লেভিন ,৪২০ মিলিগ্ৰাম ভিটামিন চি,১.৩ গ্ৰাম আঁহ,০.৫ মিলিগ্ৰাম থায়ামিন পোৱা যায়।কলডিলত থকা আইৰন আৰু আঁহে ৰক্তহীনতা দুৰ কৰাৰ লগতে তেজ চাফা কৰাত সহায় কৰে।সংক্ৰমণ ৰোধ কৰাৰ লগতে নিয়মিত কলডিল খোৱাৰ ফলত ডায়েবেটিছ নিয়ন্ত্ৰণত থাকে।প্ৰচুৰ পৰিমাণে দ্ৰৱণীয় আৰু অদ্ৰৱণীয় আঁহ থকাৰ বাবে হজম ক্ষমতা বৃদ্ধি কৰে কলডিলে।ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰত কলডিলৰ চালাদ বা চুপ খালে সুফল পাব পাৰি বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰে।গৰ্ভাৱস্থাত নিয়মিত কলডিল খোৱাৰ ফলত মাতৃদুগ্ধৰ পৰিমাণ বৃদ্ধি পায়।কলডিলত থকা মেগনেছিয়ামে অৱসাদ,উৎকণ্ঠা মদুৰ কৰাত সহায় কৰে।নিয়মিতভাৱে কলডিল খোৱাৰ অভ্যাসে ফ্ৰী ৰেডিকেলছৰ সমস্যা হ্ৰাস কৰে।কলডিলত থকা উপাদানে এলজেইমাৰ আৰু পাৰ্কিনছনছ ৰোগত আক্ৰান্ত হোৱাৰ শংকা হ্ৰাস কৰে।কলডিলত থকা প্ৰচুৰ পৰিমাণে টেনিন,ফ্লেভনইড,এণ্টিঅক্সিডেণ্টে হাৰ্ট স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে।

উৎস: নিয়মীয়া বাৰ্তা

2.94444444444
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top