মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / ডায়েবেটিছ লৈ সুস্থ জীৱন কেনেদৰে কটাব পাৰি:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ডায়েবেটিছ লৈ সুস্থ জীৱন কেনেদৰে কটাব পাৰি:

ডায়েবেটিছ লৈ সুস্থ জীৱন কেনেদৰে কটাব পাৰি লিখা হৈছে

ডায়েবেটিছ হোৱা বুলি শুনিলেই বহু লোকৰ মনত অলেখ প্ৰশ্ন আৰু ভয়ৰ সঞ্চাৰ হয়। ডায়েবেটিছ ৰোগটোৰ বিষয়ে গভীৰ জ্ঞান নেথাকিলে আৰু ইয়াৰ চিকিৎসাৰ বিষয়ে সবিশেষ নেজানিলে এনে ধৰণৰ ভয় আৰু প্ৰশ্ন উদ্ৰেক হোৱাটো স্বাভাৱিক। ডায়েবেটিছ ৰোগীয়ে ৰোগগ্ৰস্ত অৱস্থাৰ প্ৰতি সজাগ হৈ থাকিলে সুদীৰ্ঘ দিনৰ বাবে এই ৰোগ নিয়ন্ত্ৰণত ৰাখিব পাৰি। কিন্তু এই বিষয়ে খুব কম্ সংখ্যক লোকেহে জানে।

ডায়েবেটিছ হ’লে কি হয়?

 

স্বাভাৱিক অৱস্থাত আমি যিবিলাক খাদ্য খাওঁ, সেইবিলাক শৰীৰৰ পাচন ইতন্ত্ৰই গ্লুক’জ বা শৰ্কৰা নামৰ একপ্ৰকাৰ চেনিজাতীয় দ্ৰব্যলৈ ৰূপান্তৰিত কৰি পেলায়। এই শৰ্কৰাবিধ ৰক্তৰ লগত মিহলি হয় আৰু ৰক্তই এইবিলাকক শৰীৰৰ লাখ লাখ কোষলৈ সৰবৰাহ কৰে। কোষবিলাকে এই শৰ্কৰাক শক্তি উৎপাদনৰ বাবে ব্যৱহাৰ কৰে অথবা ভৱিষ্যতৰ ব্যৱহাৰৰ বাবে সঞ্চয় কৰি ৰাখে। কোষবিলাকৰ ভিতৰলৈ শৰ্কৰা প্ৰৱেশৰ বাবে ইনচুলিন নামৰ একপ্ৰকাৰৰ ৰসৰ প্ৰয়োজন হয়। ইনচুলিনৰ সহায় নহ’লে কোষৰ অভ্যন্তৰলৈ শৰ্কৰা প্ৰৱেশ কৰিব নোৱাৰে। ইনচুলিন নামৰ এই ৰসায়নিক দ্ৰব্যবিধ প্ৰকৃততে শৰীৰৰ অভ্যন্তৰত পাকস্থলীৰ পিছফালে থকা পেনক্ৰিয়াচ বা অগ্নাশয় নামৰ ক্ষুদ্ৰ গ্ৰন্থিটোৱে নিঃসৰণ কৰা একপ্ৰকাৰৰ হৰমোন।

  • পেনক্ৰিয়াছ বা অগ্নাশয়টোৱে যদি প্ৰয়োজন অনুপাতে ইনচুলিন উৎপাদন কৰিব নোৱাৰে বা কিবা কাৰণত নিঃসৃত ইনচুলিনে সঠিকভাৱে কাম কৰিব নোৱাৰে, তেনেহ’লে তেজে বৈ নিয়া শৰ্কৰাবোৰ শৰীৰৰ কোষত প্ৰৱেশ কৰিব নোৱাৰি তেজতে শৰ্কৰাৰ মাত্ৰা একেৰাহে বাঢ়ি থাকিবলৈ আৰম্ভ কৰে। এই অৱস্থাটোকে ডায়েবেটিছ বুলি কোৱা হয়। জীৱনৰ পিছৰ ফালে বিভিন্ন ধৰণৰ স্বাস্থ্যজনিত সমস্যাই দেখা দিয়াৰ মূল কাৰণ হ’ল ডায়েবেটিছ।

ডায়েবেটিছৰ প্ৰকাৰৰ:

 

টাইপ-১(Type-1) ডায়েবেটিছ বা ইনচুলিন নিৰ্ভৰ ডায়েবেটিছ।

  • এই শ্ৰেণীৰ ডায়েবেটিছ ৰোগত ভোগা লোকৰ সংখ্যা মুঠ ডায়েবেটিছ ৰোগীৰ শতকৰা দহ ভাগ।
  • ৰোগী সাধাৰণতে ৪০ বছৰৰ তলৰ আৰু শৰীৰৰ আকৃতি ক্ষীণ।
  • ইয়াৰ লক্ষণবিলাক স্পষ্ট আৰু হঠাতে লক্ষণবিলাকে দেখা দিয়ে।
  • এই শ্ৰেণীৰ ৰোগীৰ শৰীৰত তেনেই কম মাত্ৰাত ইনচুলিন নিঃসৰণ হয় অথবা একেবাৰেই ইনচুলিন নিঃসৰণ নহয়, সেয়ে তেওঁলোকে নিয়মীয়াকৈ ইনচুলিনৰ বেজি ল’ব লগা হয়।

টাইপ-২(Type-2)ডায়েবেটিছ বা ইনচুলিন অনিৰ্ভৰ ডায়েবেটিছ।

  • সৰ্বমুঠ ডায়েবেটিছ ৰোগীৰ ৮৫-৯০ শতাংশই এই শ্ৰেণীৰ।
  • সাধাৰণতে এই শ্ৰেণীৰ ৰোগীৰ বয়স ৪০ বছৰৰ ওপৰৰ আৰু প্ৰায়ে মেদবহুল দেহৰ অধিকাৰী।
  • লক্ষণবিলাক সাধাৰণ অৱস্থাত প্ৰকাশ নেপায় আৰু সুদীৰ্ঘকাল ভোগাৰ পিছতহে প্ৰকট হয়।
  • শৰীৰত প্ৰয়োজনীয় মাত্ৰাত ইনচুলিন নিঃসৰণ নহয় অথবা নিঃসৃত ইনচুলিনে সঠিকভাৱে কাম কৰিব নোৱাৰে।
  • আহাৰ নিয়ন্ত্ৰণ, নিয়মীয়া শৰীৰ চৰ্চা বা ব্যায়াম, ওজন নিয়ন্ত্ৰণ আৰু শৰ্কৰা হ্ৰাস কৰিব পৰা খোৱা ঔষধৰ যোগেদি তেজৰ বৰ্ধিত শৰ্কৰা নিয়ন্ত্ৰণত ৰাখিব পাৰি। অৱশ্যে কেতিয়াবা কোনো কোনো বিশেষ কাৰণত ইনচুলিন বেজি ল’ব লগাও হ’ব পাৰে।

গৰ্ভাৱস্থাৰ ডায়েবেটিছ(Gestational diabetes):

 

  • এই শ্ৰেণীৰ ডায়েবেটিছ প্ৰথমতে গৰ্ভাৱস্থাত ধৰা পৰে আৰু সন্তান প্ৰসৱৰ লগে লগে এই শ্ৰেণীৰ ডায়েবেটিছ নাইকিয়া হয়।
  • শতকৰা ৪ গৰাকী মহিলাই গৰ্ভাৱস্থাত ডায়েবেটিছত ভোগে।
  • লক্ষণবিলাকে খুব কমকৈ দেখা দিয়ে অথবা একেবাৰে নেথাকে।
  • গৰ্ভাৱস্থাকালীন ডায়েবেটিছত তেজৰ শৰ্কৰা নিয়ন্ত্ৰণ কৰিবৰ বাবে ইনচুলিন বেজিৰ দৰকাৰ হয়।
  • গৰ্ভাৱস্থাকালীন ডায়েবেটিছত মহিলাসকলে পিছৰ জীৱনত টাইপ-২ শ্ৰেণীৰ ডায়েবেটিছত ভোগাৰ সম্ভাৱনা থাকে।

ডায়েবেটিছৰ লক্ষণ কি কি?

 

  • ডায়েবেটিছ ৰোগৰ লক্ষণ বিভিন্ন ধৰণৰ হ’ব পাৰে। মূত্ৰত্যাগৰ প্ৰৱণতা বৃদ্ধি, অত্যধিক পিয়াহ, ভোক বৃদ্ধি, ভাগৰুৱা অনুভৱ, ওজন হ্ৰাস, দৃষ্টি শক্তি হ্ৰাস, শৰীৰৰ অংগবিলাকৰ জিনজিননি আৰু অনুভূতিহীনতা, সঘনাই সংক্ৰমণ, অ’ত ত’ত খজুৱতি হোৱা আদি ডায়েবেটিছ ৰোগৰ সাধাৰণ লক্ষণ। যদি ডায়েবেটিছ নিয়ন্ত্ৰণ কৰা নহয়, তেনেহ’লে বিভিন্ন ধৰণৰ জটিলতাই দেখা দিব পাৰে।

ডায়েবেটিছ ৰোগৰ জটিলতা তৎকালীন জটিলতা:

 

  • তেজৰ শৰ্কৰা কমি যোৱা বা হাইপোগ্লাইচিমিয়া।
  • ডায়েবেটিক কিট’এচিড’চিচ(প্ৰস্ৰাৱত কিটোন নিৰ্গত হোৱা উপসৰ্গ)। (শৰীৰে শক্তি আহৰণৰ বাবে গ্লুকোজৰ সলনি সঞ্চিত চৰ্বি দহন কৰিবলগীয়া হ’লে কিটোন নামৰ বৰ্জ্য পদাৰ্থ এবিধ উৎপন্ন হয়।)

দীৰ্ঘকালীন জটিলতা:

 

  • হৃদযন্ত্ৰ আৰু ৰক্তনলী ৰোগগ্ৰস্ত হয় আৰু তাৰ ফলত হাৰ্ট এটেক, ষ্ট্ৰোক আৰু আৰু উচ্চ ৰক্তচাপ আদি ৰোগ হ’ব পাৰে।
  • ছানি পৰা, গ্লুক’জ আৰু ৰেটিনোপেথি আদি চকুৰ ৰোগ হ’ব পাৰে।
  • কিডনি বিকল হ’ব পাৰে।
  • স্নায়ু তন্ত্ৰ বিনষ্ট হ’ব পাৰে।
  • ভৰিৰ ঘা আদি হ’ব পাৰে।
  • ছালৰ ৰোগ, যেনে- ফোঁহা, একজিমা আদি সঘনাই হ’ব পাৰে।
  • দাঁতৰ আলু ফুলা আৰু তেজ পৰা ৰোগ হ’ব পাৰে।

আপোনাৰ তেজৰ শৰ্কৰাৰ মাত্ৰা কেনেকৈ পৰীক্ষা কৰিব?

 

প্ৰতিদিনে আপোনাৰ তেজৰ শৰ্কৰাৰ মাত্ৰা আৰু প্ৰস্ৰাৱৰ শৰ্কৰাৰ মাত্ৰা নিৰ্ণয় কৰি চাই থাকিব পাৰিলে আপোনাৰ ৰোগটোৰ অৱস্থা সম্পৰ্কে আপুনি সজাগ হৈ থাকিব পাৰে।

  • ৰোগ নিৰ্ণয় কৰা লেবৰেটৰিত আপুনি আপোনাৰ তেজৰ শৰ্কৰাৰ মাত্ৰা পৰীক্ষা কৰাই থাকিব পাৰে। লেবৰেটৰিবিলাকত আজিকালি স্বয়ংক্ৰিয় যন্ত্ৰৰ যোগেদি ৰক্ত শৰ্কৰা নিৰ্ণয় কৰা হয়। তাৰোপৰি আপুনি গ্লুকোমিটাৰ ব্যৱহাৰ কৰি ঘৰতে আপোনাৰ তেজৰ শৰ্কৰা পৰীক্ষা কৰাব পাৰে। ই এবিধ তেনেই সৰল যন্ত্ৰ আৰু ইয়াৰ ব্যৱহাৰ পদ্ধতিও তেনেই সহজ। আপোনাৰ আঙুলিৰ মূৰটো এটা ষ্টেৰিলাইজ কৰা সূক্ষ্ম বেজিৰে ফুটুৱাই এটোপাল মাত্ৰ তেজ উলিয়াই লৈ গ্লুকোমিটাৰত সংলগ্ন ‘ষ্ট্ৰিপ’ অংশত লগাই লওক। ক্ষন্তেক পিছতে আপোনাৰ তেজত শৰ্কৰাৰ পৰিমাণটো যন্ত্ৰটোৰ স্ক্ৰীণত ওলাই পাৰিব।
  • আপোনাৰ তেজৰ শৰ্কৰা নিয়ন্ত্ৰণৰ অৱস্থাটো জানিবৰ বাবে ডাক্তৰে আপোনাক ‘গ্লাইকোছাইলেটেড হিমোগ্ল’বিন টেষ্ট’(HbA1C) নামৰ পৰীক্ষা এটাও কৰাবলৈ দিব পাৰে। এই পৰীক্ষাটোৰ দ্বাৰা যোৱা ২-৩ মাহত আপোনাৰ তেজৰ শৰ্কৰা নিয়ন্ত্ৰণৰ বিষয়ে বিতংভাৱে জানিব পৰা যায়।
  • প্ৰস্ৰাৱ পৰীক্ষা: এই পৰীক্ষাৰ দ্বাৰা প্ৰস্ৰাৱৰ শৰ্কৰাৰ মাত্ৰাৰ বিষয়ে জানিব পৰা যায়। বিশেষ ধৰণৰ প্ৰস্ৰাৱ পৰীক্ষাৰ ষ্ট্ৰিপ বজাৰত কিনিবলৈ পোৱা যায় আৰু এইবিলাক সহজে ঘৰতে ব্যৱহাৰো কৰিব পাৰি।

ডায়েবেটিছ কেনেদৰে নিয়ন্ত্ৰণ কৰিব?

ডায়েবেটিছ নিয়ন্ত্ৰণৰ চাৰিটা সহজ উপায়:

 

স্বাস্থ্যকৰ খাদ্য খাওক। আহাৰ সম্পৰ্কীয় দিহা কেইটিমান তলত দিয়া হ’ল।

  • প্ৰতিবাৰতে কম কমকৈ সঘনাই(দিনটোত কমেও ছয়-সাতবাৰ) খাওক।
  • বেছি আঁহযুক্ত আহাৰ খাওক। (ঢেঁকীত বনা চাউল বা উখুৱা চাউলৰ ভাত, বাৰ্লি, যৱ ধানৰ আটা, কণী ধানৰ আটাৰ ৰুটি, শাক-পাচলি আৰু ফল-মূল বেছিকৈ খাব। কিন্তু পকা মিঠা আম, আঙুৰ, মাটি কঠাল, চাপোটা, লিচু নেখাব।
  • ডাক্তৰ বা আহাৰ বিশেষজ্ঞৰ পৰামৰ্শ লৈ আপোনাৰ আহাৰৰ পৰিকল্পনা কৰক। নিজে খাবলৈ ভাল পোৱা বা ভাল লগা আহাৰ আপোনাৰ বাবে ভয়ংকৰ ক্ষতিকাৰক হ’ব পাৰে। অত্যধিক পৰিমাণে ৰুচিকৰ আৰু মুখৰোচক, তেল-মছলাযুক্ত খাদ্যও অপকাৰী হ’ব পাৰে।
  • চেনি, গুড় বা চেনি-গুড় দি তৈয়াৰ কৰা খাদ্য একেবাৰে ত্যাগ কৰক।
  • বেছিকৈ তেলত জুবুৰিয়াই ৰন্ধা বা ভজা খাদ্য নেখাব। ডায়েবেটিছ ৰোগীয়ে ৰাজহুৱা ভোজ বা পাৰ্টি ত্যাগ কৰিব পাৰিলে ভাল।

নিয়মীয়া ব্যায়াম কৰক:

 

নিয়মীয়াকৈ কেইটিমান নিৰ্ধাৰিত ব্যায়াম নিৰ্দিষ্ট সময়লৈ কৰক। নিয়মীয়া ব্যায়ামে ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণত সহায় কৰে।

ডায়েবেটিছ ৰোগীৰ ব্যায়াম সম্পৰ্কে কেইটিমান পৰামৰ্শ:

 

  • এৰোবিক ব্যায়াম যেনে- খোজকঢ়া, দৌৰা, চাইকেল চলোৱা, সাতোঁৰা আদি খুব ভাল ব্যায়াম। কিন্তু এইবিলাক ব্যায়ামো ডাক্তৰৰ পৰামৰ্শ লৈহে কৰিব। অৰ্থাৎ এইবিলাক ব্যায়াম আৰম্ভ কৰাৰ আগতে ডাক্তৰৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা কৰোৱাই ব্যায়ামবিলাক কৰিব পাৰিব নে নোৱাৰিব, সুধি লওক।
  • ব্যায়ামবিলাক সদায় নিয়মমতে কৰিব আৰু পৰাপক্ষত প্ৰতিদিনে একে সময়তে কৰিব।
  • তেজৰ শৰ্কৰা হ্ৰাস পাই থকা অৱস্থাত অৰ্থাৎ খালী পেটত লবা আগৰবাৰ আহাৰ খোৱাৰ বহু সময়ৰ পিছত কেতিয়াও কোনো ধৰণৰ ব্যায়াম নকৰিব।
  • আপোনাৰ জেপত অন্ততঃ এচামুচ জোখৰ এপেকেট চেনি বা মৰ্টন এটা ৰাখক। ব্যায়াম কৰাৰ মাজত বা পিছত যদি আপোনাৰ তেজৰ শৰ্কৰা কম হোৱা যেন অনুভৱ কৰে, তেনেহ’লে সেই চেনি বা মৰ্টনটো খাওক। লগে লগে আপোনাৰ তেজৰ শৰ্কৰাৰ ঘাটি এনে দ্ৰব্যই পূৰাব পাৰিব।

আপোনাৰ ঔষধ নিয়মীয়াকৈ খাওক:

 

তেজৰ শৰ্কৰাৰ মাত্ৰা হ্ৰাস কৰা মুখেৰে সেৱন কৰা ঔষধ বা ইনচুলিন বেজী আপোনাৰ ডাক্তৰৰ পৰামৰ্শ অনুসৰি নিয়মীয়াকৈ লোৱাত কেতিয়াও অৱহেলা নকৰিব।

তেজৰ শৰ্কৰা নিয়মীয়াকৈ পৰীক্ষা কৰোৱাওক:

 

আপোনাৰ তেজৰ শৰ্কৰাৰ মাত্ৰা কিমান আছে- এই বিষয়ে আপুনি সততে চকু দি থাকক। আহাৰ খোৱাৰ আগতে অৰ্থাৎ পুৱা খালী পেটত থাকোতে কৰা তেজ পৰীক্ষাত শৰ্কৰাৰ মাত্ৰা ৯০ৰ পৰা ১২০ মিলিগ্ৰাম থকা উচিত আৰু আহাৰ খোৱাৰ দুঘন্টাৰ পিছত কৰা তেজ পৰীক্ষাত আপোনাৰ শৰ্কৰাৰ মাত্ৰা হ’ব লাগে ১৮০ মিলি গ্ৰামতকৈ কম।

ডায়েবেটিছ পৰীক্ষা কৰি থকাৰ প্ৰয়োজন কি?

 

আপোনাৰ ব্লাড চুগাৰ বা শৰ্কৰা নিয়ন্ত্ৰয়ণ আৰু নিৰ্দিষ্ট মাত্ৰাত ৰখাৰ বাবে নিয়মীয়াকৈ পৰীক্ষা কৰোৱাই থকাটো অতি প্ৰয়োজন। ভৱিষ্যতে স্বাস্থ্যজনিত অন্যান্য জটিলতা প্ৰতিৰোধ কৰি ৰখাৰ ক্ষেত্ৰতো এনে পৰীক্ষাই সহায় কৰে। নিয়মীয়া পৰীক্ষাই তলত দিয়া বিষয়বিলাক জনাত আপোনাক সহায় কৰিব।

  • জীৱন শৈলীৰ পৰিৱৰ্ত্তনৰ ফলত লাভ কৰা সুফলবিলাকৰ বিষয়ে।
  • তৎক্ষণাত আপোনাৰ চিকিৎসা সলনি কৰিব লাগিব নেকি?
  • সম্ভাব্য জটিলতাবিলাকৰ প্ৰতি ল’ব লগা সতৰ্কতা সম্পৰ্কে।

আপুনি কেনে আছে তাৰ ওপৰত নিৰ্ভৰ নকৰিব:

 

ডায়েবেটিছ হ’লে আপুনি কেনে আছে বা আপুনি কেনে অনুভৱ কৰিছে, সেই কথাৰ ওপৰত একেবাৰে নিৰ্ভৰ নকৰিব। আপোনাৰ ব্লাডচুগাৰ স্বাভাৱিক মাত্ৰাতকৈ বেছি থাকিলেও আপুনি অসুস্থ অনুভৱ নকৰিব পাৰে। সেয়ে নিয়মীয়া পৰীক্ষা নকৰাকৈ নেথাকিব।

ডায়েবেটিছ হৈ আছে বুলি কেনেকৈ জানিব?

 

বিভিন্ন পৰীক্ষাৰ সহায়ত ডায়েবেটিছ হৈ আছেনে নাই জানিব পাৰিব।

  • তেজৰ শৰ্কৰা(Blood Glucose Testing):

ফাষ্টিং ব্লাড গ্লুকোজ(অৰ্থাৎ FBG/আহাৰৰ আগত) পুৱা চাহ বা ব্ৰেকফাষ্ট(জলপান) খোৱাৰ আগতে তেজৰ নমুনা সংগ্ৰহ কৰিব লাগে। এই নমুনা পৰীক্ষা কৰিলে গ্ৰহণযোগ্য তেজৰ শৰ্কৰাৰ মাত্ৰা হ’ব লাগে প্ৰতি ডেঃ লিটাৰত ৯০ৰ পৰা ১৩০ মিলিগ্ৰাম।

  • পোষ্ট প্ৰাণ্ডিয়েল ব্লাড গ্লুকোজ(পি, পি, বি, জি, অৰ্থাৎ খোৱাৰ পিছত):

৩০০ মিলিলিটাৰ পানীত ৭৫ গ্ৰাম গ্লুকোজ গুলি খুৱাই ২ ঘন্টাৰ পিছত তেজৰ নমুনা সংগ্ৰহ কৰা হয়। বিকল্পভাৱে, আহাৰ খোৱাৰ ২ ঘন্টাৰ পিছত তেজৰ নমুনা সংগ্ৰ্হ কৰিব পাৰি। পি, পি, ব্লাড গ্লুকোজৰ গ্ৰহণযোগ্য মাত্ৰা হ’ল- প্ৰতি ডেঃ লিটাৰত ১৮০ মিলিগ্ৰাম।

  • গ্লাইকোচাইলেটেড হিমোগ্লোবিন টেষ্ট(HbA1C):

এইবিধ পৰীক্ষাৰ যোগেদি আগৰ ২-৩ মাহৰ ব্লাড-চুগাৰ কিমান আছিল সেই কথা জানিব পাৰি। ৭%ৰ তলত হ’লে সঠিক মাত্ৰাত ব্লাড চুগাৰ নিয়ন্ত্ৰণ থকাট্যো বুজায়।

প্ৰস্ৰাৱ পৰীক্ষা:

 

চুগাৰৰ কাৰণে প্ৰস্ৰাৱ কৰাটোত ৰোগ নিৰ্ণয়ৰ ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ নহয়ু। তথাপি কিটো-এচিডোচিচ(টাইপ-১ ডায়েবেটিছৰ এক অতি গুৰুতৰ জটিলতা) নিৰ্ণয়ৰ বাবে কিটোন ধৰা পেলাবলৈ প্ৰস্ৰাৱ পৰীক্ষাই একমাত্ৰ উপায়।

অন্যান্য গুৰুৰ্বপূৰ্ণ পৰীক্ষাবিলাক:

 

আপোনাৰ ডাক্তৰে শৰীৰৰ বিভিন্ন অংগত ডায়েবেটিছৰ ক্ষতিকৰ প্ৰভাৱ নিৰ্ধাৰণ কৰিবৰ কাৰণে তলত উল্লেখ কৰা পৰীক্ষাবিলাক কৰিবলৈ পৰামৰ্শ দিব পাৰে। প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰিব পৰাকৈ আপোনাৰ সম্ভাব্য সমস্যাবোৰ আগতীয়াকৈ ধৰা পেলোৱাত এই পৰীক্ষাবিলাকে আপোনাক সহায় কৰিব।

লিপিড প্ৰোফাইল:

 

কৰোণাৰি হাৰ্ট ডিজিজ(এঞ্জাইনা), ষ্ট্ৰোক আৰু শৰীৰৰ নিম্নাংগত(অৰ্থাৎ ভৰি আৰু ভৰিৰ পতাত), ৰক্তনলীবোৰৰ ৰোগৰ আশংকা নিশ্চিত কৰিবলৈ অস্বাভাৱিক কলেষ্টেৰল’ৰ মাত্ৰা নিৰ্ধাৰণৰ কাৰণে এই পৰীক্ষা কৰাটো অতি দৰকাৰী। এই পৰীক্ষাৰ ভিতৰত আছে টোটেল চিৰাম কলেষ্টেৰল, এল ডি এল কলেষ্টেৰল, এইচ ডি এল কলেষ্টেৰল, ভি এল ডি এল কলেষ্টেৰল আৰু ট্ৰাই গ্লিচাৰাইডচ।

ই.চি.জি./ইকো আৰু টি.এম.টি. :

 

ডায়েবেটিছ ৰোগীৰ কৰোণাৰী হাৰ্ট ডিজিজ হোৱাৰ সম্ভাৱনা খুব বেছি। এই পৰীক্ষাবিলাকৰ দ্বাৰা এই সম্ভাৱনা নিৰ্ধাৰণ কৰা হয়।

মাইক্ৰ’এলবুমিনুৰিয়াৰ কাৰণে প্ৰস্ৰাৱ পৰীক্ষা:

প্ৰস্ৰাৱত সামান্য পৰিমাণে এলবুমিনৰ(এবিধ প্ৰোটিন) উপস্থিতি ডায়েবেটিছত কিডনি ক্ষতিগ্ৰস্ত হোৱাৰ প্ৰাথমিক লক্ষণ। সেয়ে ডায়েবেটিছ ৰোগীয়ে এই পৰীক্ষাটো মাজে সময়ে কৰাই ডাক্তৰৰ পৰামৰ্শ লোৱা উচিত।

চেৰাম ক্ৰিয়েটিনিন:

অনিয়ন্ত্ৰিত ডায়েবেটিছে কিডনিৰ কাৰ্যক্ষমতাৰ ওপৰত মাৰাত্মক প্ৰভাৱ পেলাব পাৰী। কিডনিৰ সঠিক কাৰ্যক্ষমতা নিৰ্ধাৰণৰ কাৰণে ‘চিৰাম ক্ৰিয়েটিনিন’ পৰীক্ষা কৰোৱা হয়। বিস্তাৰিত বিশ্লেষণৰ বাবে আপোনাৰ ডাক্তৰে কিডনি(বা ৰেনাল) ফাংচন পৰীক্ষা কৰাৰ পৰামৰ্শ দিব পাৰে।

ফাণ্ডোস্ক’পি(চকু পৰীক্ষা):

অনিয়ন্ত্ৰিত ডায়েবেটিছে চকুৰ আভ্যন্তৰীণ স্তৰৰ(ৰেটিনা) ক্ষতি কৰিব পাৰে। ডায়েবেটিছ ৰোগীয়ে ‘ৰেটিনেল ডেমেজ’(ৰেটিনোপেথি) নিৰ্ধাৰণৰ বাবে বছৰত অন্ততঃ এবাৰ চকু পৰীক্ষা কৰোৱা দৰকাৰ।

পৰীক্ষাবিলাকৰ নিয়মীয়া ৰেকৰ্ড ৰাখি থওক:

আপোনাৰ ডায়েবেটিছ ৰোগ সম্পৰ্কীয় সকলো ৰেকৰ্ডেই খুব গুৰুত্বপূৰ্ণ। আপোনাৰ ব্লাড গ্লুকোজৰ মাত্ৰা আৰু সংশ্লিষ্ট জটিলতাবিলাকেই ভৱিষ্যতে সহায় কৰিব।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন(নীলিম ফুকন)

2.91666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top