মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / ডায়েবেটিছ ৰোগীৰ ছালৰ সমস্যা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ডায়েবেটিছ ৰোগীৰ ছালৰ সমস্যা :

ডায়েবেটিছ ৰোগীৰ ছালৰ সমস্যাৰ বিষয়ে লিখা হৈছে ।

 

ডায়েবেটিছ বা মধুমেহ ৰোগত আক্ৰান্ত প্ৰায়ভাগ ব্যক্তিৰে চৰ্মৰোগ হোৱা দেখা যায়। এই ৰোগত আক্ৰান্ত ব্যক্তিৰ ছালত গ্লাইকোজেনৰ পৰিমাণ কমি গ্লুক’জৰ পৰিমাণ অধিক হয়। অধিক গ্লুক’জ থকাৰ বাবে ছালখন বহুবোৰ বেক্টেৰিয়া আৰু ভেঁকুৰৰ বাবে উপযুক্ত প্ৰজনন ক্ষেত্ৰ হৈ পৰে। এই বেক্টেৰিয়া আৰু ভেঁকুৰবোৰে ছালখন সংক্ৰমিত কৰি ছালৰ প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰে। ৰক্ত সঞ্চালন দুৰ্বল হোৱাৰ বাবে শৰীৰে এনে ক্ষতিকাৰক বেক্টেৰিয়া আৰু ভেঁকুৰবোৰক ধ্বংস কৰিবলৈ সক্ষম হয়। ছালৰ খজুৱতি, একজিমা, শুকান আৰু খহটা ছাল, ছাল সৰা আদি মুখ্য সমস্যা। উচ্চ পৰিমাণৰ গ্লুক’জে শৰীৰত ডিহাইড্ৰেচনৰ সৃষ্টি কৰে, ফলত ছাল শুকান আৰু খহটা হৈ পৰে। মহিলাসকলৰ জননাংগৰ চাৰিওফালে খজুৱতি হোৱাৰ লগতে গুটি গুটি ওলায়। পুৰুষৰ যৌনাংগৰ আগডোখৰ খজুৱতি হয়। নিয়মীয়াকৈ ছাল পৰ্যবেক্ষণ কৰি ছালৰ ৰং, আকৃতি, ছাল ডাঠ বা পাতল হ’লে, কোনো ঘাঁ বা ফোঁহা হ’লে, বেক্টেৰিয়াৰ সংক্ৰমণৰ প্ৰাথমিক স্তৰ (যেণে- ৰঙা পৰা, উখহি উঠা , টেমুনা আৰু ছালৰ অংশবিশেষ চুলে গৰম অনুভৱ কৰা)কৰঙনৰ চুক, যৌনাংগ আৰু মলদ্বাৰৰ অঞ্চল, কাষলতি, স্তন আৰু ভৰিৰ আঙুলিৰ ফাঁকত খজুৱালে আৰু কোনো ঘাঁ বহুদিনলৈ ভাল নহ’লে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। ডায়েবেটিছ থকা ৰোগীয়ে ছালৰ যত্ন লোৱাটো অতি  প্ৰয়োজনীয় কথা। সদায় মৃদু চাবোন বা কুহুমীয়া পানীৰে গা ধুব লাগে। বেছি গৰম পানীৰে গা ধুব নালাগে। গা ধোৱাৰ পিছত ভালদৰে শুকানকৈ গা মচিব লাগে। বিশেষকৈ ভৰিৰ আঙুলিৰ ফাঁক, কৰঙনৰ চুকত যাতে পানী লাগি নাথাকে তালৈ চকু ৰাখিব লাগে। এনে অঞ্চল সেমেকি থাকিলে ভেঁকুৰ সংক্ৰমণ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। ছাল শুকাই যাবলৈ দিব নালাগে। ছাল শুকালে খজুৱতি হয় আৰু খজুৱালে ছাল ফাটি যোৱাৰ ফলত বেক্টেৰিয়াৰ সংক্ৰমণ হ’বলৈ সুবিধা পায়। ছাল শুকাই নাযাবলৈ যথেষ্ট পৰিমাণৰ জুলীয়া পদাৰ্থ পান কৰিব লাগে। এমেগা-৩ যুক্ত ফেটি এচিড খাব লাগে। এয়া সাগৰীয় মাছ, মাছৰ তেল, চয়াবিন, চীনা বাদাম আদিত পোৱা যায়।

ডায়েবেটিছ ৰোগীয়ে অতি ক্ষুদ্ৰ কটা-ছিঙাতো যাতে সংক্ৰমণ হ’ব নোৱাৰে তাৰ বাবে যত্ন লোৱা দৰকাৰ। সৰু সুৰা ঘা বা কটা-ছিঙাও সঠিকভাৱে চিকিৎসা কৰিব লাগে। কটাৰ লগে লগে চাবোন আৰু কুহুমীয়া পানীৰে ধুই পেলাব লাগে। এলকহল বা আয়’ডিন থকা এণ্টিচেপটিক লগাব নালাগে। এইবোৰ ছালে সহ্য কৰিব নোৱাৰে। কেৱল চিকিৎসকৰ পৰামৰ্শমতেহে এণ্টিবায়’টিক মলম ব্যৱহাৰ কৰিব লাগে। বীজাণুনাশক বেণ্ডেজ কাপোৰ, বেণ্ডএইড আদিৰে ঘাঁডোখৰ ঢাকি দিব লাগে। যদিহে অতি সাংঘাতিকভাৱে কাটে বা পোৰে, ৰঙা পৰা, উখহি উঠা, পুঁজ জমা হোৱা, বিষোৱা আদি বেক্টেৰিয়াৰ সংক্ৰমণৰ লক্ষণ যদি শৰীৰৰ যিকোনো ঠাইত দেখা দিয়ে, শীঘ্ৰে চিকিৎসকক দেখুৱাব লাগে।

লেখক: ডা: ধৰ্মকান্ত কুম্ভকাৰ (নিয়মীয়া বাৰ্তা)

 

 

3.125
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top