মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী কুঁহিয়াৰৰ ৰস
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী কুঁহিয়াৰৰ ৰস

ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী কুঁহিয়াৰৰ ৰসৰ কথা

শীত নাইবা গ্ৰীষ্ম দুয়োটা ঋতুত পোৱা যায় কুঁহিয়াৰ?তাৎক্ষণিক শক্তি লাভ আৰু তৃষ্ণা নিবাৰণৰ অতি ভাল উৎস কুঁহিয়াৰৰ ৰসত খনিজ পদাৰ্থ,সামান্য পৰিমাণে প্ৰটিন,কেলচিয়াম,ফছফৰাছ,আইৰন,ভিটামিন আদি নানা ধৰণৰ উপাদান পোৱা যায়,যিবোৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী।এগিলাচ কুঁহিয়াৰৰ ৰসে দুৰ কৰে শৰীৰৰ ক্লান্তি।এইবাবেই কুঁহিয়াৰৰ ৰসক প্ৰাকৃতিক এনাৰ্জী ড্ৰিংক বুলিও কোৱা হয়।কেৱল ক্লান্তি দুৰ কৰাতেই নহয়,ছালৰ বাবেও অতি উপকাৰী।খাবলৈ মিঠা হ’লেও ডায়েবেটিছ ৰোগীৰ পথ্য এই কুঁহিয়াৰৰ ৰস।শৰীৰৰ ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰতো গুৰুত্বপুৰ্ণ ভুমিকা আছে কুঁহিয়াৰৰ ৰসৰ।কুঁহিয়াৰৰ ৰসত থকা সাধাৰণ ছুগাৰ নাইবা ছুক্ৰ’জ তেজৰ সৈতে মিলি যোৱাৰ ফলত হ্ৰাস পোৱা শক্তি ঘুৰাই পোৱা যায়।কুঁহিয়াৰৰ ৰসত জি আই-এৰ পৰিমাণ অতি কম হোৱাৰ বাবে ডায়েবেটিছ ৰোগীয়ে  নিতৌ খাব পাৰে এইবিধ পানীয়।একেদৰে প্ৰচুৰ পৰিমাণে আঁহ থকা বাবে ওজন হ্ৰাসত গুৰুত্বপুৰ্ণ ভুমিকা পালন কৰে কুঁহিয়াৰৰ ৰসে।আনকি কলেষ্টেৰলৰ পৰিমাণো হ্ৰাস কৰাত ভুমিকা আছে ইয়াৰ।এইবোৰৰ উপৰি এইবিধ পানীয়ত থকা প্ৰচুৰ পৰিমাণৰ কেলচিয়াম,মেগনেছিয়াম,পটাছিয়াম,আইৰন,মেংগানিজে স্তন কৰ্কট আৰু প্ৰষ্টেট কৰ্কট ৰোগ প্ৰতিৰোধত সহায় কৰে।সেয়ে কৰ্কট ৰোগৰ পৰা হাত সাৰিবলৈ কুঁহিয়াৰৰ ৰস নিতৌ খোৱাটো জৰুৰী।পৰ্যাপ্ত পৰিমাণৰ পতাছিয়াম আৰু আঁহ থকা বাবে কোষ্ঠকাঠিন্য দুৰ হোৱাৰ উপৰি হজম শক্তি বৃদ্ধি কৰাত কুঁহিয়াৰৰ ৰসে সহায় কৰাৰ উপৰি শৰীৰৰ বেয়া কলেষ্টেৰল নি:সৰণ হ্ৰাস কৰাতো গুৰুতগ্বপুৰ্ণ ভুমিকা পালন কৰে।

উৎস : নিয়মীয়া বাৰ্তা

3.125
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top