মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / ডিঙিৰ বিষ, কাৰণ আৰু প্ৰতিকাৰ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ডিঙিৰ বিষ, কাৰণ আৰু প্ৰতিকাৰ :

ডিঙিৰ বিষ, কাৰণ আৰু প্ৰতিকাৰৰ বিষয়ে লিখা হৈছে ।

 


কৰ্মব্যস্ত জীৱনত আমি সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ ভিতৰত এটা অন্যতম সমস্যা তথা ৰোগ হৈছে ডিঙিৰ বিষ অৰ্থাত Cervical problem (Cervical spondylitis or spondylosis)।
আমাৰ ৰাজহাড়ডাল(Vertebral Column) সৰ্বমুঠ ৩৩ টুকুৰা হাড়ৰ সমষ্টি,যিডাল লাওখোলাটোৰ ঠিক তলৰপৰা ককালৰ নিম্নাংশলৈ বিস্তৃত | ৰাজহাড়ডালে এডাল স্প্ৰিঙৰ লেখীয়া যিডালে আমাক আগফালে, পিছফালে অথবা কাষলৈ হলা মেলাত সহায় কৰে ।
এই ৩৩ টুকুৰা হাড়(Vertebra) ৰ ভিতৰত ৭টুকুৰা হাড়েৰে আমাৰ ডিঙিটো গঠিত, যিকেইটুকুৰাক Cervical spine বা Vertebra বোলা হয়, ক্ৰমে C1,C2,C3,C4,C5,C6,C7 নামেৰে জনা যায় আৰু প্ৰতিডাল হাড়ে একোযোৰকৈ স্নায়ু(Cervical nerve) বহন কৰে।
এই হাড়বোৰ এডালৰ ওপৰত আন এডাল শৃংখলাবদ্ধভাৱে সজ্জিত হৈ থাকে | হাড়বোৰৰ প্ৰত্যেক দুডালৰ মাজত একোখনকে ডিস্ক বা প্লেট থাকে,যাক Intervertebral Disk বোলা হয় |
Cervical Spondilitis/ spondylosis ৰোগত এই ডিস্কবোৰৰ স্হানচ্যুতি(Displacement), অথবা দুই হাড়ৰ মাজৰ ঠাইখিনিৰ হ্ৰাস(Reduced inter-vertebral disk space),বয়স সম্বন্ধীত অস্হিক্ষয় আদিৰ ফলত স্নায়ুবোৰৰ ওপৰত চাপৰ সৃষ্টি হয় |


লক্ষণ:
অধিকাংশৰ ক্ষেত্ৰতে ডিঙিৰ পিছফালে বিষ,ডিঙি ঘুৰাব নোৱাৰা অৱস্হা হয়, লগতে নিম্নলিখিত লক্ষণবোৰো দেখা যায়।
1)মুৰ ঘুৰণি, বমি ভাৱ
2)কেতিয়াবা ডিঙিৰ বিষ নাথাকে;তাৰ পৰিবৰ্তে কান্ধত,বুকুত,বাহুৰ অংশ বিশেষত অথবা হাতৰ কোনোবা বিশেষ আঙুলিত বিষ ,জিনজিননি হব পাৰে,যিটোক Referred pain বুলি কোৱা হয় | উদাহৰণস্বৰূপে যদি C7 স্নায়ুডাল চেপা খায় তেতিয়া তৰ্জনী অথবা বুঢ়া আঙুলীত বিষ বা জিনজিননি অনুভূত হয় | বহুসময়ত বহু চিকিত্সকে এই লক্ষণবোৰকে হৃদৰোগ হিচাপে চিকিৎসা কৰা পৰিলক্ষিত হয় |
ৰোগৰ কাৰণ(চমুকৈ)
1)দূৰ্ঘটনাজনিত কাৰণত ডিঙিত আঘাত পালে
2) সামৰ্থ্যৰ বাহিৰত ওজন বস্ত ডঙা মেলা কৰিলে
3) অত্যধিক সময় কম্পিউটাৰ, লেপটপ ব্যৱহাৰ কৰিলে
4)টোপনিৰ সময়ত অৱস্থানৰ বিসংগতি
5)বয়সজনিত ইত্যাদি 
সুচাৰুৰূপে চিকিত্সা নকৰিলে ইয়াৰ ফলত সম্পূৰ্ণৰূপে ডিঙি ঘুৰাব নোৱাৰা,হাত দাঙিব নোৱাৰা, নিদ্ৰাহিনতা আদি বিভিন্ন আনুসংগিক সমস্যাই দেখা দিব পাৰে |
চিকিৎসা:
আধুনিক পদ্ধতিত বিভিন্ন ধৰণৰ বিষ নিৰাময়ক,নিউৰো ভিটামিন দিয়া হয় আৰু নিৰাময় নহলে অস্ত্ৰোপচাৰৰ বিধান আছে |
আয়ুৰ্বেদ শাস্ত্ৰত চিকিৎসা:
এইধৰণৰ ৰোগৰ চিকিত্সা আয়ুৰ্বেদিক পদ্ধতিত নিশ্চয়তাপূৰ্বক কৰিব পাৰি । আয়ুৰ্বেদিক চিকিত্সাত পঞ্চকৰ্ম(a specific treatment comprising 5 different processes) আৰু বিশেষ ঔষধিৰ সহায়ত চিকিত্সা কৰা হয় | পঞ্চকৰ্মৰ ভিতৰত গ্ৰীৱাবস্তি, নাড়ীস্বেদ আদি দিয়া হয়(বৰ্ণনাৰ বাহুল্যতাৰ বাবে পদ্ধতিবোৰ আলোচনা কৰা নহ'ব) |
ঔষধিৰ ভিতৰত Kaishore guggulu, Mahavatvidhansa Ras, Trayodasanga guggulu, Lakshadi guggulu, Mahayograj guggulu, Maharasnadi kwath ইত্যাদি(আৰু বহুতো আছে)...বাহ্য ব্যৱহাৰৰ বাবে Mahanarayan oil, Mahavisagarbha oil, Rumalaya oil, Ruma oil ইত্যাদি |


লেখিকা: ডাঃ মেদিণী বৰ্মণ

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

3.26315789474
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top