মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / ডিঙিৰ বিষ মানেই কেন্সাৰ নহয় :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ডিঙিৰ বিষ মানেই কেন্সাৰ নহয় :

ডিঙিৰ বিষ মানেই কেন্সাৰ নহয়,সেই বিষয়ে লিখা হৈছে ।

 

দুমাহমান আগতে ইমাৰজেন্সী ডিউটিৰ সময়ত এগৰাকী ২৫ বছৰীয়া মহিলা স্বামীৰ সৈতে আহিছিল ; অসুবিধা ডিঙিৰ বিষ | লক্ষ্য কৰিলো মহিলাগৰাকী যথেষ্ট মানসিক চাপত আছে | সুধি পুচি গ'ম পালো যোৱা দুমাহত ইতিমধ্য কোচবিহাৰৰ বহুকেইজন প্ৰখ্যাত চিকিত্সক (ENT specialist) ৰ ওচৰত চিকিত্সা কৰি আহিছে | কিন্তু ৰোগ সম্পূৰ্ণ নিৰাময় হোৱা নাই ,মাথো ইটোৰ পিছত সিটো সলাই2 ঔষধ দিছে | বুকুৰ X-ray, CT scan, কফ পৰীক্ষা ইত্যাদি প্ৰায়বোৰ পৰীক্ষাই কৰিছে | কোনোটো পৰীক্ষাতে একো অসুবিধা ধৰা পৰা নাই | ৰোগী হতাশ,মনে মনে ভাৱ কেন্সাৰেই হৈছে | এইবোৰ চাই মেলি মই নিজেও চিন্তিত হ'লো | কিন্তু মোৰ মনলৈ আহিল ছাত্ৰাৱস্হাত কেছ হিষ্ট'ৰি লোৱাৰ সময়ত ডাঃ অৰুপ কু. কুণ্ডুৰ Bed side Clinics কিতাপখনৰ এষাৰ কথা "Never think anything uncommon ; if you think uncommon then it becomes uncommonly common" মই মোৰ ধৰণে চিকিত্সা আৰম্ভ কৰিলো | প্ৰায় ১০ মিনিটমান সময় ছবি আকি বুজালো,ডিঙিৰ ভিতৰৰ অৱয়ববোৰ আঁকি দেখুৱালো,কেন্সাৰৰ বাহিৰেও Tonsillitis, pharyngitis ইত্যাদি আৰু হাজাৰটা বেমাৰ যে হ'ব পাৰে বুজালোঁ | লক্ষ্য কৰিলো ৰোগীৰ মনত কিছু আশাৰ সঞ্চাৰ হৈছে,যিটো চিকিত্সাৰ আশানুৰুপ ফলাফলৰ বাবে খুবেই প্ৰয়োজনীয় | 
অইন চিকিৎসকে দিয়া নাছিল,দুটামান ঔষধ লিখি মই দিলো Throat swab culture and sensitivity test কৰিবলৈ , লগতে ৰোগীক মৃদু ধমকি দিলো ৰিপ'ৰ্ট অনাৰ দিনাখন মন মাৰি আহিলে মেডিকেল কলেজ ৰেফাৰ কৰিম | "হ'ব দিয়ক চাৰ" মৃদু হাঁহি মাৰি ৰোগীয়ে বিদায় ল'লে|
তিনিদিনমান পিছত ৰিপ'ৰ্ট চালো, বেক্টেৰিয়া সংক্ৰমণ আছিল, চাই মেলি ঔষধ দিলো আৰু দুসপ্তাহ পিছত আহিব দিলো | ঠিক দুসপ্তাহ পিছতে ৰোগীগৰাকী আহিছিল,এক চিন্তামুক্ত মন লৈ | ৰোগৰ কথা সুধিলো,ক'লে চাৰ কোনো অসুবিধা নাই | সেইদিনাখন আটাইতকৈ বেছি সুখী হৈছিলো মই |
ওপৰোক্ত ৰোগী গৰাকীৰ দৰে বহুতে হয়তো এইধৰণৰ সমস্যাত ভুগি আহিছে আৰু বহুতেই কেন্সাৰৰ ভয়ত খাৱন~শোৱণ বাদ দিয়াও দেখা যায় | কিন্তু হতাশ নহৈ উপযুক্ত পৰীক্ষা আৰু চিকিত্সা কৰিলে ৰোগৰ উপশম নিশ্চয় হ'ব |

লেখক: ডাঃ মেদিণী বৰ্মণ, স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top