অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ডিঙিৰ বিষত ব্যায়াম :

ডিঙিৰ বিষত ব্যায়াম, সেই বিষয়ে লিখা হৈছে ।

 

পদ্ধতি -

কাঠৰ চকী এখনত ৰাজহাড় পোনকৈ বহক(ড্ৰেচিং আইনাৰ সম্মুখত বহিব,যাতে অবস্থানৰ বিসংগতি নহয়),হাতদুখন দুই আঠুৰ ওপৰত ৰাখক, এতিয়া
১)মূৰটো লাহে পিছলৈ হেলনীয়া কৰক, চাব যাতে ৰাজহাড় পোন হৈ থাকে | এনেদৰে যিমানলৈ ডিঙিত দুখ অনুভৱ নহয় তালৈকে হেলনীয়া কৰক | য'ত বিষ অনুভৱ কৰিছে ৰৈ যাব | এনেদৰে ১০ ৰ পৰা ১৫ ছেকেণ্ড ৰাখক, লাহে আগৰ অৱস্থালৈ আহক।
২)এইবাৰ থুতুৰিটো বুকুত লগাবলৈ চাব, বেছি জোৰ নিদিব, ১০-১৫ ছেকেণ্ড ৰাখক 
৩)এইবাৰ এখন হাতৰ তলুৱাৰে মুৰৰ কাষত(কুমত) ৰাখক | হাত আৰু শৰীৰটো একে ৰেখাত থাকিব লাগিব | এতিয়া হাতেৰে মুৰটো আৰু মুৰেৰে হাতখন ঠেলক, সমান প্ৰেচাৰ দিব | একেদৰে এইখন হাতেৰেও কৰক |
৪)হাতদুখন লগলগাই মুৰৰ পিছফালে ৰাখি হাতেৰে মুৰটো আগফালে আৰু মুৰেৰে পিছফালে ঠেলক,সমান প্ৰেচাৰ দিব। 
এইদৰে কৰোতে প্ৰতিটো অৱস্থানতে ৰাজহাড় পোন ৰাখিব | দিনটোৰ ভিতৰত ৫-৬ বাৰ কৰক ৫০-৬০% আৰাম পাব | সামৰ্থ্য অনুযায়ী সময় বঢ়াই যাব |

লেখক: ডাঃ মেদিণী বৰ্মণ

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top