অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ডিটাৰজেন্ট পাওদাৰৰে মূৰ ধোৱাৰ আমেজ

ডিটাৰজেন্ট পাওদাৰৰে মূৰ ধোৱাৰ আমেজ


এতিয়া পূজা উপলক্ষে যুৱতী আৰু মহিলা সকলে নতুন সাজ-পাৰ , আ-অলঙ্কাৰ লোৱাৰ উপৰিও কেশবিন্যাশ কৰি মনৰ চখ পুৰণ কৰে । সেয়েহে ভাল আৰু দামী হাৰ্বেল বা আয়ুৰ্বেদিক শ্বেম্পুৰে মুৰ ধোৱাৰ ইচ্ছা প্ৰকাশ কৰে। কিন্তু শ্বেম্পুৰ পৰিৱৰ্তে কাপোৰ ধূবলৈ অনা ডিটাৰজেন্ট পাওদাৰৰে মূৰ ধোৱাৰ আমেজ আৰু বেছি। আপুনি হয়তো নাজানে দামী শ্বেম্পূ আৰু ডিটাৰজেন্ট পাওদাৰ একেটা বস্তু । চ'ডিয়াম ড'ডিচাইল বেঞ্জিন চালফ'নেত (Sodium Dodecyl Benzene Sulphonate) নামৰ ৰাসায়নিক পদাৰ্থ ( C18H29NaO3S ) সমূহ সংমিশ্ৰণ কৰি বনোৱা পাওদাৰ আমি কাপোৰ-কানী ধোৱা তথা চাফাই কৰা কামত ব্যৱহাৰ কৰো। এই পাওদাৰকে জুলীয়া ৰূপত কচমেটিক দোকানত বিক্ৰী কৰে আপোনাৰ প্ৰিয় প্ৰ'ভিটামিনযুক্ত , অথবা হাৰ্বেল বা আয়ুৰ্বেদিক শ্বেম্পু । কম দামতে পোৱা ডিটাৰজেন্ট পাওদাৰ অত্যাধিক মূল্যত কিনি ব্যৱহাৰৰ কৰি মনত কেৱল আত্মতৃপ্তিহে পোৱা যায়।


শ্বেম্পুৰ অপকাৰীতা -



চুলিৰ অংশ দুটা , বাহিৰৰ অংশক কিউটিকল (Cuticle) আৰু ভিতৰৰ অংশক কৰ্টেক্স (Cortex) বোলা হয় । বেছিকৈ শ্বেম্পূ ব্যৱহাৰ কৰিলে কিউটিকল অংশ ক্ষয়প্ৰাপ্ত হৈ কৰ্টেক্স অংশহে থাকেগৈ। এনে অৱস্থাত মূৰ ফনিয়াওতে কেৱল কৰ্টেক্স অংশ থকা দূৰ্বল চুলি সৰি যায় । লাহে লাহে তপামূৰীয়া হয়গৈ। তাৰোপৰি মূৰৰ খোলাত সৰু সৰু টৈমুনা উঠি পিছলৈ ব্ৰেইন কেঞ্চাৰ পৰ্যন্ত হোৱাৰ সম্ভাৱনা থাকে।

লেখক: ডা:মনোজ কুমাৰ শইকীয়া
ফোন নং: 9435209704

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

শেহতীয়া উন্নীতকৰণ: : 2/9/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate