পানী আমাৰ শৰীৰৰ এটি অত্যন্ত গুৰুত্বপুৰ্ণ উপাদান। মানুহৰ শৰীৰত মুঠ ওজনৰ প্ৰায় শতকৰা ৭৫ ভাগেই পানী। এই পানীভাগৰ বেছি অংশই কোষৰ ভিতৰত থকে আৰু বাকী অংশ কোষৰ বাহিৰত তেজৰ নলিকা, লিম্ফ নলিকা, কোষবপৰৰ মাজৰ খালী ঠাই আদিত থাকে। শৰীৰৰ পৰা ওলাই যোৱা পানীৰ পৰিমাণতকৈ শৰীৰৰ ভিতৰলৈ অহা পানীৰ পৰিমাণ কম হ’লে শৰীৰত জলাল্পতা বা ডিহাইড্ৰেচন (Dehydration)অৱস্থা হয়। প্ৰস্ৰাৱ, শৌচ, বমি আদিৰ ৰুপত সচেতনভাৱে আৰু উশাহ-নিশাহ , ঘাম বা কথা কওঁতে অৱচেতনভাৱে পানীভাগ শৰীৰৰ পৰা নিৰন্তৰ ওলাই গৈ আছে। স্বাভাৱিকতেই গৰম বেছি হোৱাৰ লগে লগে ঘামৰ ৰুপত পানী ওলাই যোৱাৰ পৰিমাণ বাঢ়ে আৰু তাৰ ফলস্বৰুপে জলাল্পতা বা ডিহাইড্ৰেচনত আক্ৰান্ত হোৱাৰ সম্ভাৱনাও বেছি হয়। স্বাভাৱিক অৱস্থাত, প্ৰতি তিনিৰ পৰা পাঁচ ঘণ্টা সময়ত এবাৰকৈ ভালদৰে প্ৰায় বৰণহীন প্ৰস্ৰাৱ হব লাগে, ইয়াৰ ব্যতিক্ৰম হ’লে বিশেষকৈ গ্ৰীষ্মকালি আমি জলাল্পতাৰ কথা মনলৈ আনিব লাগে।
শৰীৰৰ পানীভাগ ২ শতাংশ বা ততোধিক কমিলে ডিহাইড্ৰেচনৰ লক্ষণবোৰ দেখা দিব আৰম্ভ কৰে যদিও শৰীৰে প্ৰয়োজনীয় পানীৰ পৰিমাণ ৩ ৰ পৰা ৪ শতাংশ হ্ৰাস হোৱালৈ সহ্য কৰিব পাৰে। ৫ ৰ পৰা ৮ শতাংশ হ্ৰাস হ’লে দুৰ্বলতা আৰু অলস ভাব আহে। পানীৰ পৰিমাণ ৮ শতাংশতকৈ বেছি কমিলে শৰীৰ গঠনকাৰী কোষবোৰৰ ভিতৰত পানীৰ অভাৱ হ’বলৈ ধৰে আৰু তেতিয়া বিভিন্ন শাৰীৰিক আৰু মানসিক অস্বাভাৱিকতা দেখা দিবলৈ ধৰে। ব্যক্তি আৰু পৰিৱেশভেদে শৰীৰৰ পানীভাগ ১৫ ৰ পৰা ২৫ শতাংশ কমিলে ব্যক্তিগৰাকী নিশ্চিতভাৱে মৃত্যুমুখত পৰে। প্ৰথম অৱস্থাত ব্যক্তিগৰাকীৰ অস্বস্তি ভাব হয় আৰু পিয়াহ লাগে। মুৰৰ বিষ, কামোৰণি বা মুৰ ঘুৰণি হ’ব পাৰে। সময়ৰ লগে লগে তৃষ্ণা বাঢ়িবলৈ ধৰে, ছাল শুকান হয় আৰু খোৱাৰ ৰুচি কমি আহে। প্ৰস্ৰাৱৰ পৰিমাণ কমি আহে অৰু ৰঙচুৱা হ’ব ধৰে। ভাগৰুৱা আৰু অলস লাগে। ৰক্তচাপ জুখিলে কমি যোৱা পোৱা যাব। এনে অৱস্থাত চকুৰে জলক-তবক দেখাৰ লগতে থিয় হ’লে মুৰ ঘুৰাই পৰি যাবও পাৰে। গুৰুতৰ জলাল্পতাত অতিপাত পিয়াহ লাগে, মুখ আৰু জিভা শুকাই আহে, চকু গাঁতত সোমায় তথা ব্যৱহাৰ খিংখিঙীয়া হয়। টোপনি টোপনি লাগি থাকে যদিও টোপনি ভালদৰে নাহিব পাৰে। মাংসপেশী দুৰ্বল হয় আৰু সময়ত কোঁচ খাই ধৰে, বুকুৰ ধপধপনি বাঢ়ে। এনে অৱস্থাত তেজ পৰীক্ষা কৰালে তেজত ইউৰিয়া আৰু ছ’ডিয়াম অধিক মাত্ৰাত পোৱা যায়।
শিশু, বৃদ্ধ, মধুমেহ ৰোগী আৰু হতাশাগ্ৰস্ততাত ভোগা লোকৰ ডিহাইড্ৰেচনত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক হয়। বমি, জ্বৰ, কলেৰা বা ডায়েৰীয়াজনিত পনীয়া শৌচ, জ্বলা বা পোৰা আঘাত, এম্ফিটামিন জাতেয় ঔষধৰ ব্যৱহাৰ, উপবাস আদিয়ে জলাল্পতা কৰিব পাৰে বা সম্ভাৱনা বঢ়ায়। শিশুকালত পিয়াহ লগা বা পানী কমি যোৱাৰ লক্ষণবোৰ সম্পৰ্কে অসচেতন হয় আৰু সক্ৰিয়তা অধিক হয়। আনহাতে ৫০ বছৰৰ পৰা শৰীৰৰ তৃষ্ণা-চেতনা লাহে লাহে কমি গৈ ৬৫ বছৰৰ পিছত ই বহুখিনি হ্ৰাস পায়। সেইবাবে এই দুই অৱস্থাত জলাল্পতাই হঠাতে গুৰুতৰ ৰুপ ল’ব পাৰে।
ডিহাইড্ৰেচনত ভোগা বুলি জানিলে উপযুক্ত হাৰত অ’ আৰ এছ (অ’ৰেল ৰিহাইড্ৰেচন ছলুচন) অৰু পানী খাব লাগে। অ’ আৰ এছ নোহোৱাকৈ অকল পানী খালে তৃষ্ণা দুৰ হ’ব যদিও ইতিমধ্যে শৰীৰে হেৰুওৱা খনিজ পদাৰ্থ বা লৱণ ভাগ পুৰ নহ’ব। সাগৰীয় পানী, প্ৰস্ৰাৱ বা সুৰা আদি পনীয়া যদিও ইবোৰে তৃষ্ণা দুৰ কৰাৰ সলনি সমস্যা অধিক জটিলহে কৰি তোলে। জৰুৰী অৱস্থাত ৰক্তসিৰা ফুটাই নলীৰে (ইণ্ট্ৰা ভেনাছ) পানী আৰু খনিজ পদাৰ্থভাগ শৰীৰক যোগান ধৰিব লাগে।
জলাল্পতা বা ডিহাইড্ৰেচন ৰোধ কৰাৰ সহজ উপায় হ’ল নিয়মিত সময়ৰ ব্যৱধানত উপযুক্ত পৰিমাণে পানী খোৱা। ইয়াৰ বাবে আমি আটায়েই সকলো সময়তে খোৱাপানীৰ বটল এটা লগত ৰখা উচিত। এবাৰতে বহুত পানী খোৱাৰ সলনি কম কমকৈ ঘনাই খাই থকাহে যুগুত। প্ৰয়োজনতকৈ অকণমান বেছি পানী খোৱা গ’লেও বৰ বিশেষ অনিষ্ট নহয়, কিয়নো অতিৰিক্ত পানীভাগ আমাৰ বৃক্ক বা কিডনীয়ে প্ৰস্ৰাৱৰ ৰুপত বাহিৰ কৰি দিয়ে। স্বাভাৱিক পৰিৱেশত মানুহৰ শৰীৰৰ পৰা আগতে কৈ অহা ধৰণবোৰেৰে দৈনিক প্ৰায় আঢ়ৈ লিটাৰ পানী ওলাই যায়। গ্ৰীষ্মকালি উত্তাপ বঢ়াৰ লগে লগে এই পৰিমাণ দহ গুণমানলৈ বৃদ্ধি হ’ব পাৰে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি খোৱাপানীৰ পৰিমাণ উপযুক্ত হাৰত বঢ়াব লাগে। পানী খোৱাৰ বাবে পিয়াহ লাগিছে মানে শৰীৰত ইতিমধ্যে কিছু পৰিমাণৰ জলাল্পতা বা ডিহাইড্ৰেচন হৈছে। ‘পানীয়ে প্ৰাণীৰ প্ৰাণ’। এই আপ্ত বাক্যশাৰীৰ মনত ৰাখি সমাগত গৰম দিনবোৰৰ মুখামুখি হওঁ আহক।
লেখক: ডা: ৰমেন কুমাৰ কাকতি (নিয়মীয়া বাৰ্তা)
শেহতীয়া উন্নীতকৰণ: : 12/1/2023