মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / ডেংগু আতংক নহয় সজাগতাইহে বচাব জীৱন:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ডেংগু আতংক নহয় সজাগতাইহে বচাব জীৱন:

 

এশ-এবুৰি সমস্যাই জনজীৱনক ভাৰাক্ৰান্ত কৰি ৰখাৰ সময়মতে ডেংগু নামৰ ৰোগটিয়ে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো আতংক নমাইছে। গুৱাহাটীত ইতিমধ্যে একাধিক লোকে প্ৰাণ হেৰুৱাইছে, আক্ৰান্ত হৈছে বহুজন।

বিগত বছৰকেইটাত এই ৰোগবিধে মাথোঁ আমাৰ ৰাজ্যখনতেই নহয়, দেশৰ বিভিন্ন অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰিছে। এনে পৰিপ্ৰেক্ষিতত ডেংগুৰ লক্ষণ, চিকিৎসা, সৰ্বোপৰি প্ৰতিৰোধ ব্যৱস্থা সম্পৰ্কে সচেতন হোৱাটো জৰুৰী হৈ পৰিছে। ডেংগুক লৈ আতংকিত হৈ থাকিলেই আমি ৰক্ষা নপৰো, সজাগতা আৰু সমুচিত প্ৰতিবিধানেহে মানুহৰ অমূল্য প্ৰাণ বচাব পাৰে। চিকিৎসা বিজ্ঞানৰ সংজ্ঞা অনুযায়ী ডেংগু হৈছে হঠাতে উদ্ভৱ হোৱা ভাইৰাছজনিত ৰোগ, যাৰ উপশম আপোনা-আপুনি(Self Limiting)ঘটে। চাৰিত্ৰিক বৈশিষ্ট্যবোৰ লক্ষ্য কৰি ইয়াৰ অন্যবোৰ নাম হৈছে অস্থিভংগ(Break Bone) ৰোগ বা ডেণ্ডি(Dandy)ৰোগ। ফ্লেভি ভাইৰাছ প্ৰজাতিভুক্ত আৰ্বো(Arbo) ভাইৰাছৰ জৰিয়তে এই ৰোগ বিয়পে। এই ভাইৰাছৰ চাৰিটা উপশ্ৰেণী আছে-

Den-1, Den-2, Den-3 আৰু Den-4। এইবোৰৰ মাজত ব্যাপক সাদৃশ্য জৈৱিক তথা ৰাসায়নিক দিশৰ পৰা পৰিলক্ষিত হ’লেও অন্যান্য ক্ষেত্ৰত ইমানেই প্ৰভেদ আছে যে টিকাকৰণ বা ছিটা প্ৰয়োগ কৰিলে মাথোঁ কেইটামান মাহৰ বাবেহে সংশ্লিষ্ট ব্যক্তিগৰাকী ভৱিষ্যৎ আক্ৰমণৰ বিপক্ষে সুৰক্ষা লাভ কৰিব পাৰে। গতিকেই পৰীক্ষাগাৰত গৱেষণাৰ অধীনত থকা ছিটাৰ সীমাবদ্ধতা লক্ষ্য কৰা হৈছে।

এইডছ প্ৰজাতিৰ মাইকী মহে কামুৰিলে ৰোগ সৃষ্টিকাৰী ভাইৰাছ সুস্থ ব্যক্তিৰ শৰীৰত প্ৰৱেশ কৰে। দিনৰ সময়তেই এনেধৰণৰ মহে মানুহক কামোৰে। (সূৰ্যোদয়ৰ দুঘন্টামান পিছৰ পৰা সূৰ্যাস্তৰ কিছু সময়ৰ আগলৈকে)। মানুহে নিৰ্মাণ বা তৈয়াৰ কৰি উলিওৱা নানাধৰণৰ পাত্ৰত(Container) পানী থাকিলে এনে মহে কণী পাৰিবলৈ সুচল হয়। নিচেই যৎসামান্য পানীতেই মহে কণী পাৰিব পাৰে। প্ৰায় এবছৰলৈকে এইডছ ইজিপ্টি মহৰ কণীবোৰ পানী অবিহনেই সক্ৰিয় হৈ থাকিব পাৰে।

মানুহৰ বাদেও অন্যান্য ইতৰ জীৱকো এই মহে কামূৰি ৰোগৰ সৃষ্টি কৰিব পাৰে যদিও ভাৰতত ঘাইকৈ মানৱকুলহে আক্ৰান্ত হয়।

উপসৰ্গৰ তীব্ৰতা বা অন্যান্য বৈশিষ্ট্য অনুযায়ী ৰোগবিধক তিনিটা স্তৰত ভগোৱা হৈছে। সেইবোৰ হ’ল-

 

  • জ্বৰযুক্ত স্তৰ:

জ্বৰ হঠাতে উঠি দিনটোত দুবাৰ উঠা-নমা কৰে। গতিকেই এনেধৰণৰ জ্বৰক Biphasic বা অশ্বপৃষ্ঠ(Saddle-Shaped) ধৰণৰ বোলে। ২-৭ দিনলৈকে শৰীৰত জ্বৰ থাকিব পাৰে। আনুষংগিকভাৱে মূৰৰ বিষৰ উপৰি সৰ্বশৰীৰত বিষ অনুভূত হয়। দেহাৰ বিভিন্ন স্থানত ৰঙচুৱা দাগৰ সৃষ্টি হয়। জ্বৰৰ আৰম্ভণিৰ তিনি-চাৰি দিনৰ পিছতে এনেধৰনৰ দাগ দেখা দিয়ে। চকুৰ চৌদিশে অত্যন্ত বেছিকৈ বিষ অনুভৱ হয়।

  • সংকটজনক স্তৰ(ৰক্তৰস বহিঃগমন):

জ্বৰৰ আৰম্ভণিৰ তিনি-চাৰি দিনৰ ভিতৰত ডেংগু ৰক্তস্ৰাৱজনিত জ্বৰ(DHF) হ’লে অৱস্থাৰ অৱনতি ঘটি এটি পৰ্যায়ৰ সৃষ্টি হয়। ৰক্তৰস(Plasma) বহিঃগমন ঘটাৰ হেতুকে হাওঁফাওঁৰ চৌদিশে থকা প্লুৰা আৰু উদৰত থকা ইপেৰিটনিয়াম নামৰ গহ্বৰত ৰস জমা হৈ মাৰাত্মক অৱস্থাৰ সৃষ্টি কৰাৰ উপৰি ৰোগীজন শ্ব’কত(Shock) যাব পাৰে। এই শ্বক নামৰ অৱস্থাটিৰ বৈশিষ্ট্য হৈছে- নিম্নগামী ৰক্তচাপ, দ্ৰুততৰ গতিযুক্ত আৰু দুৰ্বল ধৰণৰ নাড়ীৰ স্পন্দন(Pulse), অত্যধিক ঘাম নিৰ্গমন আৰু চেতন অৱস্থাৰ অৱনতি। এই স্তৰটি ৩৬-৪৮ ঘন্টালৈকে থাকিব পাৰে আৰু উপযুক্ত চিকিৎসাৰ জৰিয়তেহে ৰোগীৰ অৱস্থা উন্নত হয়ু।

  • আৰোগ্য অৱস্থা:

জ্বৰৰ আৰম্ভণিৰ ছয়-সাত দিনৰ পিছতহে উপযুক্ত চিকিৎসাৰ জৰিয়তে এনে অৱস্থা প্ৰাপ্তি আশা কৰিব পাৰি। দুই-তিনি দিনলৈকে ৰোগী এই অৱস্থাত থাকিব পাৰে। পিছে শ্বকৰ মাত্ৰা তীব্ৰতৰ হ’লে পৰ্যায়টি দীঘলীয়া হ’ব পাৰে।

চমুকৈ চিকিৎসা প্ৰণালীৰ বিষয়ে উল্লেখ কৰা হৈছে-

 

  • ৰোগীক শয্যাগত অৱস্থাত জিৰণি দিব লাগে।
  • দৈহিক উত্তাপ ৩৮.৫° ছেন্টিগ্ৰেডতকৈ কমাবলৈ নিয়মীয়াভাৱে স্পঞ্জিং কৰিব লাগে।
  • পেৰাচিটামল টেবলেট চিকিৎসকৰ পৰামৰ্শ অনুযায়ী ব্যৱহাৰ কৰিব লাগে।
  • অ’.আৰ.এছ. আৰু মৌখিক তৰল দ্ৰব্যৰ প্ৰয়োগ কৰিব লাগে, যদিহে অত্যধিক ঘাম নিঃসৰিত আৰু বমি হয়।

যদিহে সক্ৰিয় ৰক্তক্ষৰণৰ লগতে প্লেটলেটৰ মাত্ৰা টুটি যায়, তেনেহ’লে ৰক্ত সংচৰণ বা প্লেটলেট সংচৰণৰ প্ৰয়োজনীয়তা উপলব্ধ হয়। পিছে এই বিষয়টি লৈ বিশেষভাৱে আতংকিত হোৱাৰ কাৰণ এইবাবেই নাই যে প্ৰতি মি.লি. তেজত প্লেটলেটৰ মাত্ৰা ৫০ হেজাৰতকৈ কমি গ’লেহে সংচৰণৰ দৰকাৰ হয়।

আৰম্ভণিতে উল্লেখ কৰা তথা পৰীক্ষামূলক স্তৰত থকা ছিটা ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা অনুমোদিত হৈছে আৰু পাঁচখন দেশত ব্যৱহাৰ হৈছে। ০/৬/১২ মাহত তিনি পালি ছিটা দিয়া হয়। অমিতাৰ পাত আৰু ৰস তথা ধঁতুৰাৰ দৰে বনৌষধিৰ ভূমিকা এতিয়াও বিতৰ্কৰ আৱৰ্তত আছে আৰু সৰ্বগ্ৰহণযোগ্য হৈ উঠা নাই।

প্ৰতিষেধকমূলক ব্যৱস্থা:

 

মহৰ কামোৰৰ পৰা ব্যক্তিগৰাকীক সুৰক্ষা প্ৰদান কৰাই হৈছে সৰ্বেত্তম উপায়। এনেধৰণৰ উপায়ৰ জৰিয়তে উদ্দেশ্য সাধিত হয়-

  • দিনৰ সময়তো বন্ধ কোঠালিত মহ খেদোৱা কইল বা অন্য উপায়ৰ(গুড নাইট আদি) ব্যৱহাৰ।
  • শোৱাৰ সময়ত আঁঠুৱাৰ ব্যৱহাৰ।
  • শৰীৰত অ’ডম’ছ জাতীয় মলমৰ প্ৰয়োগ।
  • যিসকল ব্যক্তি জ্বৰত আক্ৰান্ত হৈছে, তেওঁলোক এনে পৰিৱেশত সময় কটোৱা অনুচিত য’ত মহৰ কামোৰ বেছিকৈ খাবলগীয়া হয়।

মহৰ পৰিৱেশজনিত নিয়ন্ত্ৰণ বা ব্যৱস্থাপনা:

 

  • মহে যিবোৰ ঠাইত কণী পাৰে(বন্ধ হৈ থকা পানী) তেনেবোৰ ঠাই পৰিষ্কাৰ কৰিব লাগে আৰু পানী জমা হৈ নাথাকে(নলা-নৰ্দমাকে ধৰি) তাৰ ব্যৱস্থা কৰিব লাগে।
  • ডি.ডি.টি. ছটিয়াব লাগে বা মহনাশক গেছ নিয়মীয়াভাৱে প্ৰয়োগ কৰিব লাগে।
  • মহৰ কণীনাশক(Larvicidal) দৰব প্ৰয়োগ কৰিব পৰা যায়। এনে দৰব দীৰ্ঘম্যাদী ধৰণৰ(Long Acting) হ’ব লাগে।
  • গেম্বুবাছী নামৰ মাছবিধ বন্ধ পানীত এৰি দিলে এনেধৰণৰ মাছে কণীবোৰ খায়।
  • মহৰ বৈশিষ্ট্যৰ দ্বাৰা(পখৰা ধৰণৰ) চিনাক্তকৰণ কৰিব পাৰি। সজাগতা তথা সাৱধানতা হৈছে ডেংগুৰ পৰা ৰক্ষা কৰাৰ অন্যতম উপায়।

ডেংগুৰ পৰা বাচি থকাৰ উপায়:
সকলো পঢ়ুৱৈয়ে জানিছেই যে, ডেংগু জ্বৰৰ ভাইৰাচ মহে কামোৰাৰ ফলত বিয়পে। ডেংগু একপ্ৰকাৰৰ সংক্ৰামক ৰোগ আৰু কিছুমান পৰিস্থিতিত এই ৰোগ মাৰাত্মকো হ’ব পাৰে। ডেংগুৰ পৰা সুৰক্ষিত হৈ থাকিবলৈ সকলো প্ৰকাৰৰ উপায় অৱলম্বন কৰিব লাগে। এই ৰোগৰ পৰা হাত সাৰি থাকিবলৈ একমাত্ৰ উপায় হৈছে মহৰ কামোৰণিৰ পৰা বাচি থকা।

  • ৰোগত পীড়িত ৰোগীক তৎক্ষণাত চিকিৎসা আৰম্ভ কৰাওক আৰু বেছি জ্বৰ উঠিলে পেৰাচিটামল খুৱাওকি। এছপিৰিণ বা ডায়ক্লোফেনিকৰ দৰে অন্য বিষনাশক ঔষধ নিদিব।
  • ডেংগুত পীড়িত ব্যক্তিক পুনৰ মহে কামোৰাৰ পৰা বচাই ৰাখক। তাৰোপৰি পীড়িত ব্যক্তিৰ ঘৰৰ সকলো সদস্যকে মহৰ কামোৰৰ পৰা আঁতৰত ৰাখক।
  • জাবৰ-জোথৰ পেলোৱা পাত্ৰ বা ঠাইত জাবৰ গোট খোৱা যেন দেখিলেই তৎক্ষণাত খালী কৰাওক। কাৰণ লেতেৰা পৰিৱেশত জমা হোৱা পানী মহে কণী পৰাৰ উপযুক্ত ঠাই হিচাপে বাছি লয়। তাৰোপৰি তেনে ধৰণৰ ঠাইত যাতে মহে আশ্ৰয় ল’ব নোৱাৰে, সেয়ে ঠাইডোখৰ ঢাকি ৰাখক।
  • বাৰিষা বৰষুণৰ পানী ওলাই যাব পৰা নলা, পুৰণা ভগা-ছিগা যিকোনো পাত্ৰ, পুৰণা টায়াৰ, ভগা অব্যৱহৃত বাল্টি, টাব, প্লাষ্টিকৰ কভাৰ, খেলনা বা টেমা আদিত পানী জমা হ’বলৈ নিদিব।
  • দিনত বা সন্ধিয়া, যেতিয়াই নোশুৱক লাগে, আঁঠুৱা ব্যৱহাৰ কৰক। যিবোৰ অঞ্চলত ডেংগু ৰোগৰ প্ৰাদুৰ্ভাৱ আৰম্ভ হৈছে, সেইবিলাক ঠাইত ল’ৰা-ছোৱালী অথবা ডাঙৰেও পুৱা, দুপৰীয়া আৰু আবেলি সময়ত মহৰ আক্ৰমণৰ পৰা বাচিবলৈ সকলো ধৰণৰ উপায় অৱলম্বন কৰক।

মহ ধ্বংস কৰাৰ কেইটিমান ঘৰুৱা দিহা:

 

আগৰ দিনত অসমত কেৱল গৰমৰ দিনতহে মহৰ উপদ্ৰৱ বেছি আছিল। ঠাণ্ডাৰ দিনত মহ দুটা-চাৰিটা ওলাইছিল যদিও, সেইকেইটা মহৰ পৰা মানুহে বৰ বেছি আমনি পোৱা নাছিল। কিন্তু যোৱা কিছু বছৰৰ পৰা গৰম-ঠাণ্ডা সকলো ঋতুতেই মহৰ উপদ্ৰৱ প্ৰায় সমানে হ’বলৈ ধৰিছে আৰু ঠাণ্ডাৰ দিনত গ্ৰামাঞ্চলতকৈ চহৰাঞ্চলত মহৰ উপদ্ৰৱ বেছি হোৱাহে দেখা গৈছে। মহৰ বংশবৃদ্ধি বাৰিষা-খৰালি সকলো দিনতে চহৰাঞ্চলত প্ৰায় সমানে থকাৰ কাৰণ হৈছে, চহৰৰ নলা-নৰ্দমা আৰু দ ঠাইবিলাকত খৰালিও পানী জমা হৈ থাকে আৰু সেই পানীত মহে কণী পাৰি বংশবৃদ্ধি কৰে। সেয়ে মহৰ আক্ৰমণ খৰালিও সমানে অব্যাহত থাকে। গাওঁ অঞ্চলত দ ঠাই আৰু সৰু সৰু পুখুৰী, খাল আদিত খৰালিও পানী জমা হৈ থাকে যদিও গাঁৱত পালন কৰা হাঁহে সেই পানীত থকা মহৰ কণী আৰু পেলুবোৰ ধ্বংস কৰি থাকে বাবে মহৰ বংশবৃদ্ধি বেছিকৈ হ’ব নোৱাৰে। অৱশ্যে আজিকালি গাঁওবিলাকতো হাঁহ পালন কৰিবলৈ প্ৰায় এৰাৰ নিচিনাই হ’ল আৰু সেয়ে মহৰ উপদ্ৰবো গোটেই বছৰ ধৰি চলি থকা হৈছে। হাঁহ পোহাৰ লগত মহৰ বংশবৃদ্ধিৰ বিষয়টো জড়িত হৈ থকাৰ কথাটো সঁচা হ’লেও বহু লোকে কথাটো মানি ল’ব নোখোজে। কিন্তু এই কথাৰ সত্যতা স্বীকাৰ কৰি গ্ৰামাঞ্চলৰ প্ৰতিঘৰ লোকে হাঁহ পালন কৰিবলৈ ল’লে মহৰ সংখ্যা নিশ্চয় কমি আহিব আৰু পৰোক্ষভাৱে গৃহস্থঘৰো আৰ্থিকভাৱে উপকৃত হ’ব।

অসমত বাৰিষা অ’ত-ত’ত পানী জমা হোৱাটো বন্ধ কৰিব নোৱাৰি আৰু অনিবাৰ্যভাৱে তেনে ধৰণৰ ডোঙাৰ মহৰ বংশবৃদ্ধিত বাধা দিবও নোৱাৰি। তথাপি সকলো লোক এই ক্ষেত্ৰত অকণমান সাৱধান হ’লে বা সজাগ হৈ থাকিলে মহৰ বংশবৃদ্ধি কিছু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পাৰিব। মহৰ সংখ্যা নিয়ন্ত্ৰণলৈ আহিলে মহে বিয়পোৱা ৰোগ, ডেংগু, মেলেৰিয়া আৰু এনকেফেলাইটিছ আদিৰ বিস্তৃতিও বহুগুণে নিয়ন্ত্ৰণলৈ আহিব।

মহৰ বংশবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ কেইটিমান সহজে আৰু ফলপ্ৰসূ উপায় তলত দিয়া হ’ল। এই দিহাকেইটা মানি চলিলে মহৰ উপদ্ৰব বহু পৰিমাণিএ কমাব পাৰিব। এতিয়াৰ পৰা আৰু আপোনাৰ কেমিকেলযুক্ত তৰল মহ নিয়ন্ত্ৰক বা বিষাক্ত ধোঁৱা ব্যৱহাৰ কৰি ঘৰৰ শিশুহঁতৰ লগতে ডাঙৰৰো স্বাস্থ্য সমস্যাৰ সৃষ্টি নকৰিলেও হ’ব। ৰাসায়নিক দ্ৰব্যৰ সলনি আপুনি দুবিধমান জৈৱিক আৰু ভেষজ দ্ৰব্য ব্যৱহাৰ কৰি ঘৰৰ পৰিৱেশ প্ৰদূষণমুক্ত কৰি ৰাখক।

দুবিধ জৈৱিক দ্ৰব্য সংগ্ৰহ কৰি লওক:

 

  • আপুনি বজাৰৰ পৰা(আয়ুৰ্বেদিক ঔষধৰ দোকানৰ পৰা) ১০০ মিঃলিঃ নিম তেল এবটল আৰু ২৫-৩০ গ্ৰাম কৰ্পূৰ কিনি আনক।

প্ৰস্তুত প্ৰণালী:

‘গুড নাইট’ বা ‘অলআউট’ৰ তৰল মহ খেদা খালী বটল এটাও সংগ্ৰহ কৰি লওক। এতিয়া এই খালী বটলটোত প্ৰায় চাৰি ভাগৰ তিনিভাগ নিমৰ তেল ভৰাওক। ওপিছত এই তেলত অকণমান কৰ্পূৰো ভৰাই দিয়ক। ইয়াৰ পিছত বটলটো গুড নাইট বা অলআউটৰ বটল লগাই থোৱা মেচিনত লগাই ৰাতি মেচিনটো চলাই ৰাখিব। ঘৰখনত এটাও মহ নেথাকিব।

প্ৰাকৃতিক উপাদানেৰে প্ৰস্তুত কৰা মহ খেদোৱা সঁজুলি এটা এনেধৰণেৰে প্ৰস্তুত কৰি লওক। এনেদৰে বিষাক্ত ৰাসায়নিক পেষ্টিচাইড ব্যৱহাৰ নকৰাকৈ একমাত্ৰ ভেষজ দ্ৰব্য প্ৰয়োগ কৰি পমহৰ আশ্ৰয় শেষ কৰিব পাৰিলে আমাৰ পৰিৱেশ নিৰ্মল হৈ থাকিব।

পেষ্টিডাইল ব্যৱহাৰৰ উপৰি মহ খেদোৱা ‘কইল’ জ্বলায়ো মহ খেদিব পাৰি। কিন্তু এনেধৰণৰ কইল যথেষ্ট বিষাক্ত আৰু এই ধোঁৱা একেৰাহে উশাহৰ লগত শৰীৰৰ ভিতৰলৈ প্ৰৱেশ কৰিবলৈ দিয়াটো অতি স্বাস্থ্যহানিকাৰক ব্যৱস্থা। এডাল কইলৰ পৰা এশডাল চিগাৰেট জ্বলোৱাৰ সমান ধোঁৱা নিৰ্গত হয়। ইমানবোৰ ধোঁৱা ঘৰখনৰ শিশুৰ পৰা বৃদ্ধলৈকে লৈ থকাটো নিতান্তই স্বাস্থ্যহানিকাৰক। মহ খেদোৱা কম খৰচী আৰু ফলপ্ৰসূ উপায় অৱলম্বন কৰি ধন আৰু স্বাস্থ্য দুয়োটাই ৰাহি কৰক। নিম তেল এক লিটাৰৰ দাম মাত্ৰ ২৫০ৰ পৰা ৩০০ টকা আৰু এশ গ্ৰাম কৰ্পূৰৰ দাম মাত্ৰ এশ টকা। এই পৰিমাণৰ নিমতেল আৰু কৰ্পূৰেৰে ২৫টা খালী গুডনাইট ৰিলিফ ভৰাব পাৰি।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন(ডাঃ মিহিৰ কুমাৰ গোস্বামী)

2.96428571429
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top