মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / ডেংগুৰ পৰা আগতীয়াকৈ সাৱধান হওক :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ডেংগুৰ পৰা আগতীয়াকৈ সাৱধান হওক :

ডেংগুৰ পৰা আগতীয়াকৈ সাৱধান হোৱাৰ বিষয়ে লিখা হৈছে ।

ডেংগু ৰোগৰ লক্ষণসমূহ -

*অতিপাত জ্বৰ,

*গাঁঠিৰ বিষ,

*মূৰৰ বিষ,

*মাংস পেশীৰ বিষ,

*চকুৰ পিছফালে বিষোৱা,

*চকু ৰঙা পৰা,

*জটিল অৱস্থাত নাক, মুখ, দাঁতৰ আলুৰ পৰা তেজ ওলোৱা,

*শৰীৰত ৰঙা ৰঙা দাগ বা ঘামচি সদৃশ লক্ষণ আদি।

ডেংগু ৰোগৰ পৰা ৰক্ষা পাবলৈ ল’বলগীয়া সাৱধানতাসমূহ -

*অলাগতিয়াল বাচন-বৰ্তন(কাগজৰ কাপ-প্লেট), টায়াৰ, নাৰিকলৰ খোলা, খালি টাব আদিত জমা হোৱা পানীত ডেংগু মহে(এডিছ) কণী পাৰে। সেয়ে ঘৰৰ কোনো মুকলি পাত্ৰত পানী জমা হ’বলৈ নিদিব আৰু এনে মহৰ বংশবৃদ্ধি প্ৰতিৰোধ কৰক।

*ডেংগু মহে দিনত কামোৰে সেয়েহে দিনত শোৱাৰ সময়তো আঁঠুৱা(LLIN) ব্যৱহাৰ কৰক।

*শৰীৰ সম্পূৰ্ণ ঢাকি ৰখা বস্ত্ৰ পৰিধান কৰক।

*জ্বৰ হ’লেই তৎক্ষণাৎ ৰোগীক উপযুক্ত চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়লৈ লৈ যাওক। চিকিৎসকৰ পৰামৰ্শ অবিহনে কোনো ঔষধ সেৱন নকৰিব।

ঘৰৰ বাহিৰে ভিতৰে মহৰ বংশ বৃদ্ধি ৰোধ, ডেংগুৰ পৰা ৰক্ষা পাওঁক।

সকলো জিলা, সদৰ চিকিৎসালয় আৰু চৰকাৰী চিকিৎসা মহাবিদ্যালয়সমূহত এই ৰোগৰ বিনামূলীয়া পৰীক্ষা উপলব্ধ।

উৎস: নিয়মীয়া বাৰ্তা

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top