মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / ডেভেলপমেন্টেল ডিজেবিলিটী আৰু অকুপেচনেল থেৰাপীৰ ভূমিকা:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ডেভেলপমেন্টেল ডিজেবিলিটী আৰু অকুপেচনেল থেৰাপীৰ ভূমিকা:

ডেভেলপমেন্টেল ডিজেবিলিটী আৰু অকুপেচনেল থেৰাপীৰ ভূমিকাৰ বিষয়ে লিখা হৈছে

 

থেৰাপী কি:

 

অকুপেচনেল থেৰাপী এটা পেৰামেডিকেল প্ৰফেছন, যাৰ লক্ষ্য হৈছে এজন ৰোগীক শাৰীৰিক, মানসিক, বৌদ্ধিক আদি সকলো দিশত সবল কৰি তোলা। ব্যক্তিজনে যাতে নিজৰ দৈনন্দিন সকলো কৰ্ম নিজে স্বকীয়ভাৱে সমাপন কৰিব পাৰে আৰু আন কাৰো ওপৰত নিৰ্ভৰ কৰিবলগীয়া নহয়।

এজন ব্যক্তি বা এটি শিশুৰ পৰিচয় হয় তাৰ কৰ্মৰ দ্বাৰা। যেতিয়া কোনো ৰোগ বা আকস্মিক দুৰ্ঘটনাৰ সন্মুখীন হৈ কোনো লোকে নিজৰ দৈনন্দিন কৰ্মসূচীৰ কাৰণে আনৰ ওপৰত নিৰ্ভৰশীল হ’বলগীয়া হয়, তেতিয়া সেই শিশুটি বা লোকজন এটা সময়ত হৈ পৰে পৰিয়ালটোৰ কাৰণে এটা বোজা। শাৰীৰিকভাৱে অক্ষম ৰোগীজনক এই পৰিস্থিতিয়ে মানসিকভাৱেও দুৰ্বল কৰি তোলে। তদুপৰি তেওঁৰ সামাজিক তথা সাংসাৰিক জীৱনৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰে।

অকুপেচনেল থেৰাপী দিয়া ব্যক্তিসকলে যেতিয়া এজন ৰোগীক চিকিৎসা কৰে, তেতিয়া তেওঁলোকে কেৱল ৰোগটোৱে কি শাৰীৰিক সমস্যাৰ সৃষ্টি কৰিছে প্ৰথমে সেইটো লক্ষ্য কৰে। তাৰ পিছত উপশম তথা চিকিৎসাৰ সীমাতে সীমিত নাথাকি তাৰ লগত সৃষ্টি হোৱা আনুষংগিক মানসিক, দৈনন্দিন কৰ্মৰাজি সমাপন কৰাত গুৰুত্ব দিয়ে। প্ৰকৃততে ৰোগীৰ সমস্যাৰাজি তথা সেই ৰোগীজনৰ বয়স অনুযায়ী যি কৰ্ম তাক সমাপন কৰাত কি অসুবিধা হৈছে সকলোখিনি লক্ষ্য  ৰাখি চিকিৎসা প্ৰদান কৰে।

আজিৰ সমাজত সঘনে দেখিবলৈ পোৱা এনে এটা সমস্যা তথা বিকাৰ হৈছে বিকাশৰ অক্ষমতা তথা জন্মগত অক্ষমতা। সঘনে শুনিবলৈ পোৱা চেৰিব্ৰেল পালছী, অটিজম, লাৰ্নিং ডিজেবিলিটী, ডাউনছ ছিণ্ড্ৰম, কিছুমান বংশগত দোষ ইয়াৰ অধীনত আহে। আজিৰ যুগৰ খাদ্যাভ্যাস তথা নানান ধৰণৰ বিকিৰণযুক্ত সামগ্ৰীৰ ব্যৱহাৰৰ বাবে এনে ৰোগৰ প্ৰাসংগিকতা বৃদ্ধি হোৱা বুলি বিভিন্ন গৱেষণাত পোৱা গৈছে।

এটা শিশুৰ যেতিয়া জন্ম হয় তাৰ ৪-৫ মাহৰ পাছত যেতিয়া শিশুটিয়ে স্বাভাৱিকভাৱে মূৰ তুলিব নোৱাৰে, ইফাল-সিফাল হ’ব নোৱাৰে, তেতিয়া অভিভাৱকসকলে গম পায় যে এনে শিশুসকলক যিমান সোনকালে প্ৰয়োজনীয় চিকিৎসা কৰিব পৰা যায় সিমান সোনকালে শিশুটিক সাধাৰণ জীৱনশৈলী এটা দিব পৰা যায়। এনে শিশুসকলৰ চিকিৎসাৰ ক্ষেত্ৰত অতিকে প্ৰয়োজনীয় হয় অকুপেচনেল থেৰাপী।

চেৰিব্ৰেল পালছী নাইবা চি পি কেইবা ধৰণৰ আছে-

 

সিঁহতৰ মাজত Spastic, Flaccid, Athetoid, Mixed আদি বেলেগ বেলেগ প্ৰকাৰ থাকে আৰু সকলোৰে চিকিৎসা বেলেগ বেলেগ। প্ৰথমে জন্ম হোৱা শিশু এটাৰ মাজত বহুত শাৰীৰিক, মানসিক প্ৰভাৱে কাম কৰে, যাৰ জন্মৰ পাছতে শিশুটিয়ে মাকৰ গাখীৰ খাবলৈ শিকে। এই সকলোৰে এটা নিৰ্দিষ্ট সময় থাকে। যিটো কাম শিশুটিয়ে নিজে ইচ্ছা অনুযায়ী কৰিব পৰা হয়, যাক কোৱা হয় Reflex integration C.P। শিশুৰ ক্ষেত্ৰত কামসমূহ নিৰ্ধাৰিত সময়ত সম্পন্ন হ’ব নোৱাৰে, যাৰ ফলত শিশুটিয়ে উচিত সময়ত মূৰ তোলা, উবুৰি খোৱা, বহা, থিয় হোৱা আদি পৰ্যায়সমূহ সম্পূৰ্ণ কৰিব নোৱাৰে। যিমানে পলম হয় তেই ৰিফ্লেক্সসমূহ সম্পন্ন হোৱাত, সিমানে সমস্যাৰাজি বাঢ়ি গৈ থাকে আৰু সি এটা স্থায়ী অক্ষমতাৰ ফালে শিশুটিক ঠেলি দিয়ে।

কেৱল সাধাৰণ ব্যায়াম বা ষ্ট্ৰেচিং ব্যায়াম দিলেই এই সমস্যাৰ উপশম নঘটে, যাৰ ফলত বহুদিন ব্যায়াম দিয়াৰ পাছতো এনে শিশুসকল উবুৰি খাব, বহিব বা থিয় দিব নোৱাৰে।

অকুপেচনেল থেৰাপীয়ে এইক্ষেত্ৰত এটা সুপৰিকল্পিত তথা নিখুঁত পৰ্যায় অনুসৰি চিকিৎসা আগবঢ়ায়, য’ত Reflex inhibition Therapy আৰু থেৰাপীৰ যোগেদি পৰ্যায় অনুযায়ী শিশুটিক সকলো ধৰণৰ চিকিৎসা প্ৰদান কৰা হয়। শিশুটিক অকুপেচনেল থেৰাকীৰ যোগেদি সেই সকলো পৰ্যায়ৰ মাজেদি লৈ যোৱা হয়, যিসমূহ এটা সাধাৰণ শিশুৱে উচিত সময়ত নিজে পাৰ কৰে, যেনে প্ৰথমে মূৰ তোলা, উবুৰি খোৱা, বহা, ঘোঁৰা হোৱা বা Crowling, আঁঠুৰ ওপৰত থিয় হোৱা বা Kneeling আৰু শেষত থিয় হোৱা। ইয়াৰ লগতে আনুষংগিক সমস্যাসমূহ, যেনে পঢ়া-লিখা, নিজৰ যাৱতীয় কামসমূহ কৰা, যেনে- খোৱা, গা ধোৱা, কাপোৰ পিন্ধা, খেলা আদি কামসমূহতো শিশুটিক ভালদৰে পৰীক্ষা কৰি য’ত সহায়ৰ প্ৰয়োজন তাত সম্পূৰ্ণ বিজ্ঞানসন্মত পদ্ধতিৰে এছাৰটিভ এডপ্টিভ ডিভাইচ তৈয়াৰ কৰি শিশুটিৰ আত্মনিৰ্ভৰশীল কৰিবলৈ যত্ন কৰে।

আজিকালি সঘনে দেখিবলৈ পোৱা আন কেইটামান বিকাৰ হৈছে শিকনৰ অক্ষমতা, অৰ্থাৎ পঢ়া-লিখাৰ অসুবিধা আৰু অটিজম। এই দুয়োবিধ ক্ষেত্ৰতে শিশুটিৰ শাৰীৰিকভাৱে কোনো বিশেষ অসুবিধা নাথাকে। সময়মতে সিহঁতৰ উবুৰি খোৱা, বহা, খোজ কঢ়া আদি সকলো স্তৰ সাধাৰণ শিশুৰ দৰেই পাৰ হয়। বিকাৰসমূহ ধৰা পৰে প্ৰায় ১৮ মাহৰ পাছত। যেতিয়া শিশুটিয়ে সাধাৰণ শিশুৰ দৰে আনৰ লগত খেলা-ধূলা নকৰে, সামাজিক পৰিৱেশত মিলিব নোৱাৰে, চকুলৈ চাই কথা নকয়ু, খেলা সামগ্ৰীৰ লগত সাধাৰণ শিশুৰ দৰে নেখেলি কিছুমান বিশেষ অংশতহে গুৰুত্ব দিয়ে। যেনে- ঘূৰি থকা চকা, উৰি থকা কপাহ, সূতা বন্ধা বেলুন আদি অনবৰতে ঘূৰি ফুৰে, কোনো কথা মনত ৰাখিব নোৱাৰে, সাধাৰণ শিশুৰ দৰে খেলা-ধূলাত বা লিখাত হাতৰ ব্যৱহাৰ কৰিব নোৱাৰে।

এই সকলো ধৰণৰ বিকাৰৰ চিকিৎসা পদ্ধতি হৈছে Sensory Integration Therapy, যিটো অকুপেচনেল থেৰাপীৰ এটা অংশ। অকুপেচনেল থেৰাপিষ্ট হৈছে এজন অৰ্হতাসম্পন্ন চিকিৎসক, এই Sensory Integration Therapy দিয়াৰ ক্ষেত্ৰত।

মানুহে সাধাৰণতে পঞ্চ ইন্দ্ৰিয়ৰ দ্বাৰা সকলো বস্তুৰ বুজ ল’বলৈ চেষ্টা কৰে। এই পঞ্চ ইন্দ্ৰিয়ৰ বাহিৰে আৰু দুটা ছেন্স আছে, যাক কোৱা হয় শাৰীৰিক সচেতনতা আৰু চলা-ফুৰা এই পাৰচেপচন ছেন্সটো আমাৰ সঠিক শাৰীৰিক গতিবিধিৰ কাৰণে দায়ী আৰু Vestibylar Senseটো দায়ী আমাৰ মস্তিষ্কক জনোৱাৰ বাবে যে শৰীৰৰ কোনটো অংশ কেনে পৰিস্থিতিত আছে। Sensory Processing বিকাৰ থকা শিশুসকলে এই সকলো ইন্দ্ৰিয়ই দিয়া তথ্যসমূহ সঠিকভাৱে পৰিচালিত কৰিব নোৱাৰে। যাৰ ফলত হয়তো তেওঁলোকে অভাৰ ৰিয়েক্ট কৰে, যাক কোৱা হয় হাইপাৰছেনচিভিটী আৰু কম ক্ৰিয়া কৰে, যাক কোৱা হয় হাইপোছেনচিভিটী। এটা হাইপাৰছেনচিভিটী শিশুৱে কোনো কামত মন দিব নোৱাৰে। কাৰণ তেওঁলোকে বেলেগ বেলেগ ইন্দ্ৰিয়সমূহে পঠোৱা তথ্যসমূহ একে সময়ত পৰিচালিত কৰিব নোৱাৰে। যাৰ ফলত তেওঁলোকে স্কুলত বা খেলা-ধূলাৰ সময়ত সাধাৰণ শিশুৰ দৰে ব্যৱহাৰ নকৰে। আনহাতে কম ছেনচিটিভ শিশুসকলে নিজৰ প্ৰয়োজনীয় শাৰীৰিক অনুভূতিখিনি নাপায় কাৰণে সকলো সময়ত দৌৰি ফুৰা, সকলো বস্তু চুই থকা, মানুহ বা জীৱ-জন্তু দেখিলেই গৈ সাবটি ধৰা আদি কৰা দেখা যায়।

এনে ধৰণৰ শিশুৰ চিকিৎসাৰ বাবে আটাইতকৈ প্ৰয়োজনীয় হৈছে অকুপেচনেল থেৰাপী, য’ত ছেনছ’ৰী ইন্টিগ্ৰেচন থেৰাপী প্ৰণালী ব্যৱহাৰ কৰি শিশুসকলক সামাজিকভাৱে যোগ্য কৰিবলৈ যত্ন কৰা হয়। এই পদ্ধতিত শিশুসকলক লক্ষণ অনুযায়ী কিছুমান ষ্টিমুলেচন দিয়া হয়, যাৰ ফলত লাহে লাহে শিশুসকলৰ ইন্দ্ৰিয়সমূহ সুচাৰুৰূপে পৰিচালিত হ’বলৈ ধৰে। যিমান কম বয়সত এই চিকিৎসা আৰম্ভ কৰা হয় সিমানেই শিশুটিৰ ভাল হোৱাৰ সম্ভাৱনা বেছি থাকে আৰু শিশুটিক সাধাৰণ শিশুৰ লগত একে ধৰণৰ শিক্ষা দিয়াটো সম্ভৱ হৈ উঠে।

Early detection & early intervention সেয়েহে উপৰিউক্ত ৰোগসমূহৰ ক্ষেত্ৰত অতিকে আৱশ্যকীয়, গতিকে যিমান সোনকালে উপৰিউক্ত লক্ষণসমূহ ধৰা পেলাই চিকিৎসা আৰম্ভ কৰা হয় সিমান সোনকালে শিশুটিক এটা সুস্থ আত্মনিৰ্ভৰশীল জীৱন দিয়াটো সম্ভৱ হয়।

উৎস: জিএনআৰচি স্বাস্থ্য(ডাঃ সংগীতা শৰ্মা)

 

2.95652173913
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top