ছাল আৰু চুলিৰ বাবে তিল অতি উপকাৰী। ই ভিটামিন ‘ই’ যুক্ত। নিতৌ ব্যৱহাৰ কৰিলে বয়সৰ চাপ কমি থাকে। ই ফেটি এচিডযুক্ত। ওমেগা ৬, ৩ আৰু ৯ থাকে। ই ছাল-চুলিত পুষ্টি যোগায়।
যিসকলৰ শৰীৰত দাগ থাকে, তেওঁলোকে ৰাতি শোৱাৰ আগেয়ে দাগসমূহত লগাই পিছদিনা পুৱা ধুই দিলে ক্ৰমান্বয়ে দাগসমূহ কমি যায়। তিল তেলত কমলাৰ বাকলি সিজাই ১০-১৫ দিন থৈ দিয়াৰ পাছত নিয়মিত লগালে ভাল ফল পাব।
এইদৰে নিয়মিত ব্যৱহাৰ কৰিলে ছালৰ পৰা ট’ক্সিন আঁতৰিব আৰু ছাল কোমল, মিহি হ’ব। ফলত বয়সৰ চাপ সহজে নপৰে। শুকান দেখনিয়াৰ হ’ব। দৈৰ পানীত বাতিটো তিল তিয়াই পিছদিনা বটি লৈ গা ধোৱাৰ আগেয়ে শৰীৰত আৰু মুখখন ২০ মিনিটৰ বাবে লগাই ধুই দিলে ছালৰ ৰং বগা হ’ব। ৰ’দে পোৰাৰ পৰা ৰক্ষা পাব। দাগবিহীন হ’ব, বগা হ’ব।
তিল তেলত ভিটামিব ‘ই’, পুষ্টিকাৰক আৰু মিনাৰেল থাকে, গতিকে ছালক মিহি কৰিব। ছাল শুকান নহয়।
নিয়মিত চুলিত ব্যৱহাৰ কৰিলে চুলি সোনকালে দীঘল, ক’লা আৰু ঘন হ’ব।
তিলত জিং থাকে। গতিকে তিল আৰু মিথি গুটি সমানে মিহলাই ধুই ল’ব। কিছু সময় পানীত তিয়াই বটিব। নাৰিকলৰ গাখীৰ বা দৈ মিহলাই নিয়মিত লগালে ছালৰ কমনীয়তা বাঢ়িব। এনে কৰিলে শালমইনাও কমি যাব।
তিল তেল নিয়মীয়াকৈ খাদ্যৰ লগত খালে আৰু ব্যৱহাৰ কৰিলে মানসিক আৰু শাৰীৰিক হেঁচা কমে।
তিল তেল আৰু আপেল চিদাৰ ভিনেগাৰ সমানে মিহলাই লগালে ছালৰ ওপৰত পৰা দাগ নাইকিয়া কৰিব পাৰি আৰু চুলিৰ গুৰিত ব্যৱহাৰ কৰিলে উফি নাইকিয়া কৰিব পাৰি। চুলিৰ মসৃণতা আৰু উজ্জ্বলতাও বাঢ়ে আৰু ছালৰ বহল কোষসমূহ সৰু হয় আৰু বয়সৰ চাপ কমি যায়। ৰাতি শোৱাৰ আগেয়ে তিল তেল আৰু নাৰিকলৰ তেল সমানে মিহলাই ক্লীনাৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰো।
তিল আৰু দৈ সমানে বটি কণীৰ কুহুম দুটা মিহলাই ২০ মিনিটৰ বাবে চুলিত লগাই শ্বেম্পু কৰিলে চুলিৰ মসৃণতা বাঢ়িব। চুলি সৰাটো কমি যাব। চুলিৰ স্বাস্থ্যও ভাল হ’ব। নিয়মিত কেইদিনমান কৰাৰ পাছত নিজেই অনুমান কৰিব।
তিল আৰু কেঁচা হালধি বটি ছালত পুৰণি কালৰ পৰাই লগাই আহিছিল। সেইবাবে আমাৰ আইতাহঁতৰ ছাল বগা, মিহি আৰু স্বাস্থ্যৱান আছিল। এনে প্ৰলেপ ব্যৱহাৰ কৰাৰ ফলত ছালৰ একজিমা, খজুৱতি, খৰ, শুকান ছাল নহৈছিল।
তিল তেল আৰু লেভেণ্ডাৰৰ তেল গাজৰৰ ৰসৰ লগত মিহলাই লগালে ছালৰ ৰং বগা আৰু মিহি হয়।
নিয়মিত যদি আমি তিল এমুঠিকৈ খাওঁ, তেন্তে চুলি সৰা বন্ধ হ’ব আৰু চুলিৰ স্বাস্থ্য ভাল হ’ব। ছালত শালমইনাও নহয়। কাৰণ তিলত জিং আৰু আইৰণ থাকে।
প্ৰসাধন ব্যৱহাৰ কৰাৰ আগেয়ে, শুকান ছাল হ’লে, তিল তেল আৰু গোলাপ অইল বা গোলাপৰ পানী সমানে মিহলাই লগাই ল’ব। এনে কৰিলে প্ৰসাধনখিনি ছালত সমানে লাগি যাব আৰু বহু সময় ধৰি প্ৰসাধনখিনি ভালেই থাকিব। আৰু প্ৰসাধনে ছালৰ ক্ষতি কৰিব নোৱাৰে।
মাটিমাহ আৰু তিল সমানে বটি চাবোনৰ সলনি শৰীৰত ব্যৱহাৰ কৰিলে ছালত থকা মৃত কোষসমূহ পৰিষ্কাৰ হ’ব। ছালৰ ৰং বগা আৰু মিহিও হ’ব।
পদিনাৰ পাত আৰু তিল বটি ছালত ২৫ মিনিটৰ বাবে লগাই ধুই দিব। প্ৰায় ১৫ দিন সদায় দুবাৰকৈ লগালে শালমইনা নাইকিয়া হ’ব আৰু দাগো নাশ হ’ব। দাগবিহীন ছালৰ অধিকাৰী হ’ব পাৰিব।
তিল তেল আমি খাদ্য তৈয়াৰ কৰোতেও ব্যৱহাৰ কৰিব পাৰো।
ইয়াৰ ফলত আমাৰ উচ্চ ৰক্তচাপ কমায়, এজমা কমায়, টোপনি ভাল হয়, বাত বিষ ভাল কৰে। থাইলেণ্ডত বেছিভাগ খাদ্যত তিল আৰু তেলৰ ব্যৱহাৰ কৰে।
এইদৰে তিল ব্যৱহাৰ কৰি আমি স্বাস্থ্যৱান হৈ থাকিব পাৰো।
লেখক: ভানু শৰ্মা(অসম বাণী)
শেহতীয়া উন্নীতকৰণ: : 1/17/2023