অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

তৈলাক্ত চুলিৰ যতন :

তৈলাক্ত চুলিৰ যতনৰ বিষয়ে লিখা হৈছে ।

 

তৈলাক্ত চুলিৰ যত্ন ল’বলৈ ঘৰতে কিছুমান ব্যৱস্থা গ্ৰহণ কৰিব পাৰে । এই ব্যৱস্থাসমূহ হ’ল-

১) তৈলাক্ত চুলি ধুবলৈ কোমল বা বেবী ছেম্পু ব্যৱহাৰ কৰিব পাৰি ।

২) চুলি প্ৰত্যেক দিনাই নুধুব । ছেম্পু মূৰৰ ছালত লগাই ঘঁহি দিয়াৰ ভুল নকৰিব ।

৩) চুলি সদায় ঠাণ্ডা বা কুহুমীয়া পানীৰে ধুব । গৰম পানী ব্যৱহাৰ কৰিলে মূৰৰ ছালৰ পৰা অধিক তেল ওলায় । ফলত চুলিত আঠাৰ সৃষ্টি হয় ।

৪) কণ্ডিচনাৰ ব্যৱহাৰ নকৰিব । যদি নলগালেই নহয় , তেন্তে কম পৰিমাণেহে লগাব ।

৫) চুলি কেতিয়াও ব্ল’ডাই নকৰিব । যদি নকৰিলেই নহয়, তেন্তে ৫-৬ ইঞ্চি দূৰত্বৰ পৰাহে ড্ৰায়াৰ ব্যৱহাৰ কৰিব ।

এচামুচ মৌত দুচামুচ নেমুৰ ৰস মিহলাই চুলিৰ গুৰিত লাহে লাহে ঘঁহিব আৰু আধা ঘণ্টাৰ পিছত ধুব । এনেদৰে নিয়মীয়াকৈ কৰিলে চুলিৰ সমস্যা দূৰ হয় আৰু চুলি দীঘল আৰু ডাঠ হয়।

নেমুৰ ৰসত আমলখিৰ গুড়ি মিহলাই চুলিৰ গুৰিত লগালে চুলি সোনকালে বাঢ়ে।

আমৰ বাকলিৰ লগত আমলখি পিহি শোৱাৰ সময়ত চুলিত লেপন দি পুৱা ধুই পেলাব । চুলি দীঘল, ক’লা আৰু কোমল হ’ব ।

উৎস:- দেওবৰীয়া সুকন্যা

 

3.28571428571
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top