মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / থলুৱা পদ্ধতিৰে চুলিৰ যতন :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

থলুৱা পদ্ধতিৰে চুলিৰ যতন :

থলুৱা পদ্ধতিৰে চুলিৰ যতনৰ বিষয়ে লিখা হৈছে ।

 

একোচা ঘন, উজ্জ্বল, ক'লা চুলিয়ে এগৰাকী নাৰীৰ সৌন্দৰ্য্য বৃদ্ধি কৰে। সেয়েহে অতি প্ৰাচীন কালৰে পৰা নাৰীয়ে বিভিন্ন প্ৰাকৃতিক উপায়েৰে নিজৰ চুলিকোচাৰ যত্ন লৈ আহিছে। পুৰুষ সকলো এইক্ষেত্ৰত পিছ পৰা থকা নাছিল। চুলিৰ পৰিচৰ্যাত বিভিন্ন প্ৰকাৰৰ বনৌষধিৰ প্ৰয়োগ হৈছিল।

এই বনৌষধিসমূহে চুলিৰ সৌন্দৰ্য্য বৰ্ধন কৰাৰ উপৰিও চুলিৰ বিভিন্ন সমস্যা নিৰ্মূল কৰিছিল। কোনো কৃত্ৰিম দ্ৰব্যৰ প্ৰয়োগ নাছিল বাবে সেই সময়ত চুলিৰ সমস্যাও কম আছিল।

চুলিত হেনা বা জেতুকাৰ পাত লগাইছিল, মনিছালৰ বাকলিৰে চুলি ধুইছিল নাইবা ঔটেঙা বীজ বা কল খাৰণিৰে চুলি ধুইছিল।

চাউল ধোৱা পানীখিনিৰেও চুলিৰ যত্ন লৈছিল। জবাফুল বা পাত পিচি লগাইছিল যাৰ বাবে চুলিৰ সৌন্দৰ্য্য বৃদ্ধি হৈছিল।

যুগৰ পৰিৱৰ্তন হ'লেও নাৰীৰ এই সৌন্দৰ্য্য চৰ্চাৰ স্পৃহা কিন্তু এতিয়াও আছে, মাত্ৰ সাধন সমূহহে সলনি হ'ল। বনৌষধিৰ ঠাইত স্থান ললে বিভিন্ন প্ৰকাৰৰ শ্বেম্পু, কণ্ডিচনাৰ, চেৰাম আদিয়ে। লগতে ফেশ্যন গঢ়ি উঠিল হেয়াৰ ষ্ট্ৰেইটেনিং, হেয়াৰ কালাৰিং আদিয়ে। এইবোৰ প্ৰয়োগ কৰাৰ পিছত চুলিৰ বিশেষ ধৰণে যত্ন ল'ব লগীয়া হয় যিটো বহুতে কৰিব নোৱাৰে।

তাৰ ফলত চুলি সৰিবলৈ ধৰে। তদুপৰি কম বয়সীয়া যুৱতী সকলে টিভিত দেখুৱা বিজ্ঞাপনত ভোল গৈ নানা ধৰণৰ কেমিকেল বা কৃত্ৰিম সামগ্ৰীৰে তৈয়াৰী শ্বেম্পু, কণ্ডিচনাৰ ব্যৱহাৰ কৰে। এইবোৰ সৌন্দৰ্য চৰ্চাৰ সাধনে চুলিৰ ক্ষতি কৰিছে যাৰ বাবে আজিকালি চুলি সৰা, অকালপক্কতা আদি সমস্যা বৃদ্ধি হৈছে।

এবাৰ যেতিয়া সমস্যা আৰম্ভ হয় তেতিয়াহে আমাৰ থলুৱা পদ্ধতিৰ সহায় বিচাৰি হাবাথুৰি খাওঁ নহয়নে?

অৱশ্যে বিউটি পাৰ্লাৰ সমূহত উপলব্ধ কিছুমান প্ৰাকৃতিক পদ্ধতি যেনে হেয়াৰ স্পা আদিৰ চমৎকাৰীতাও নোহোৱা নহয়। কিন্তু সম্পূৰ্ণ তথ্যৰ জ্ঞান নোহোৱা বাবে চুলিৰ সঠিক পৰিচৰ্যা নহয়গৈ।

আচলতে চুলিৰ প্ৰকাৰ, সমস্যা অনুসৰি ইয়াৰ পৰিচৰ্যাও বেলেগ বেলেগ। আজিও সৌন্দৰ্য সচেতন বহুলোকে প্ৰাকৃতিক উপায়েৰে চুলিৰ যতন লয়।

সেয়েহে বিভিন্ন প্ৰকাৰৰ হাৰ্বেল বা ভেষজ সামগ্ৰীয়ে এতিয়াও বজাৰ দখল কৰি আছে। কিন্তু যিমানেই যি নহওক কিয় আমি চুলিৰ যতন ঘৰতে যদি প্ৰাকৃতিক উপায়েৰে কৰো তেতিয়া বেছি সুফল পোৱা যায়। ঘৰতে উপলব্ধ সহজলভ্য সামগ্ৰীৰে চুলিৰ পৰিচৰ্যা কৰিব পাৰি। প্ৰকৃতিৰ এই নিভাঁজ বনৌষধিসমূহ আমাৰ বাবে বৰদান স্বৰূপ।

চুলিৰ পৰিচৰ্যাত ব্যৱহাৰ হোৱা কেতবোৰ প্ৰাকৃতিক উপাদান আৰু সেইবোৰৰ প্ৰয়োগ, উপকাৰীতা সম্পৰ্কে কিছু জানোচোন আহক:-

জেতুকা বা হেনা -

অতি প্ৰাচীন কালৰে পৰা চুলিৰ পৰিচৰ্যাত জেতুকাৰ ব্যৱহাৰ হৈ আহিছে। মাহেকত এবাৰ জেতুকাৰ গুৰি লগোৱাতো প্ৰায়বোৰ মহিলাৰ সৌন্দৰ্য্য চৰ্চাৰ এটা অংশ। ইয়াৰ বৈজ্ঞানিক নাম Lawsonia inermis।

চুলিত এটা ধুনীয়া কফি ৰঙ দিয়াৰ উপৰিও চুলিৰ কণ্ডিচনাৰ হিচাবে কাম কৰে, চুলিৰ PH ভাৰসাম্য ৰক্ষা কৰে। লগতে উফি, চুলি সৰা, অকালপক্কতা আদি সমস্যাতো সুফল দিয়ে। জেতুকাই চুলিৰ গুৰি মজবুত কৰে আৰু নতুন চুলি গজাত সহায় কৰে। বজাৰত উপলব্ধ সকলো হেনা বিশুদ্ধ নহয়।

চুলিৰ ৰং গাঢ় কৰিবলৈ সেইবোৰত কিছুমান কৃত্ৰিম সামগ্ৰী মিহলায় যিবোৰ চুলিৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। সেয়েহে নিৰ্ভৰযোগ্য ভেষজ হেনা ব্যৱহাৰ কৰিব লাগে।

নাইবা ঘৰতেই অতি সহজে হেনা তৈয়াৰ কৰিব পাৰি। জেতুকাৰ পাত ৰ'দত শুকুৱাই গুৰি কৰি বটলত ভৰাই ৰাখি ব্যৱহাৰ কৰিব পাৰি। সমস্যা থকা চুলিৰ বাবে প্ৰয়োজনসাপেক্ষে এই জেতুকাৰ গুৰিৰ লগত আমলখি, কণী আদিও দিব পাৰি।

আমলখি -

প্ৰচুৰ পৰিমাণে ভিটামিন C, এন্টিঅক্সিডেন্ট, ফ্লেৱনইডছ (flavonoids)যুক্ত আমলখি চুলিৰ বাবে অতি উপকাৰী। আমলখিয়ে চুলিৰ গুৰি মজবুত কৰে, চুলি ঘন আৰু গাঢ় কৰে, অকালপক্কতা, উফিৰ সমস্যা দূৰ কৰে।

আমলখিৰ পৰা বিভিন্ন শ্বেম্পু, তেল বনোৱা হয় যেনে আমলা হেয়াৰ অইল, আমলা শ্বেম্পু। চুলিত কেনেকৈ প্ৰাকৃতিক ভাৱে আমলখিৰ ব্যৱহাৰ কৰিব পাৰি তাৰ দুটামান দিহা হৈছে:-

*আমলখি শুকুৱাই গুৰি কৰি বটলত ৰাখি লওক। মাজে মাজে সেই গুৰি হেনাৰ লগত মিহলাই চুলিত ব্যৱহাৰ কৰিব পাৰে।

*আমলখিৰ গুৰি এচামুছ নাৰিকল তেলৰ লগত মিহলাই গৰম কৰি সেই তেল কুহুমীয়া হোৱাৰ পাছত চুলিৰ গুৰিত মালিচ কৰক। তাৰ পিছত আধা ঘণ্টা মান ৰাখি কোমল শ্বেম্পুৰে চুলি ধোৱক।

*সমপৰিমানৰ আমলখি আৰু মেথিৰ গুৰি কুহুমীয়া পানীৰ লগত মিহলাই এটা পাত্ৰত গোটেই ৰাতি তিয়াই থওক। ৰাতিপুৱা চুলিৰ গুৰিত লাহে লাহে মালিচ কৰক কিছু সময়। 20 মিনিট পাছত কোমল শ্বেম্পুৰে ধুই পেলাওক। এই মিশ্ৰণে নতুন চুলি গজাত সহায় কৰে।

*সম পৰিমাণে আমলখিৰ ৰস আৰু নেমুৰ ৰস মিহলাই চুলিৰ গুৰিত মালিচ কৰি 15 মিনিট মান সময়ৰ পিছত ধুই পেলাওক। ই উফিৰ সমস্যা নিৰ্মূল কৰে।

*আমলখিৰ ৰস নাৰিকল তেলৰ লগত একেবাৰে কম জুইত ১৫ মিনিট মান সিজাওক। ঠাণ্ডা হোৱাৰ পিছত চুলিৰ গুৰিত মালিচ কৰি আধা ঘণ্টাৰ পিছত চুলিখিনি শ্বেম্পুৰে ধোৱক।

*সম পৰিমাণৰ আমলখিৰ ৰস আৰু আলমণ্ড তেল চুলিৰ গুৰিত মালিচ কৰি গোটেই ৰাতিৰ বাবে লগাই থওক। পিছদিনা শ্বেম্পুৰে ধুই পেলাওক। ই অকালপক্কতা ৰোধ কৰে।

জবাফুল -

প্রাচীন কালৰে পৰা পৰম্পৰাগত চিকিৎসা পদ্ধতি আৰু সৌন্দৰ্য্য চর্চাত জবাফুলৰ পাত , ফুল ব্যৱহাৰ হৈ আহিছে।

জবাফুলে চুলিৰ গঠন সুন্দৰ কৰে, নতুন চুলি গজাত সহায় কৰে আৰু বহুতো সমস্যা নিৰ্মূল কৰে। এই জবাফুলৰ পৰা বিভিন্ন হাৰ্বেল শ্বেম্পু বনোৱা হয়। ইয়াক ব্যৱহাৰ কৰা দিহা কেইটামান হৈছে:-

*জবাফুলৰ পাত আৰু ফুল একেলগে পিচি তিলতেলৰ লগত উতলাই ঠাণ্ডা হোৱাৰ পাছত চুলিৰ গুৰিত মালিচ কৰক। এঘণ্টাৰ পিছত ধুই পেলাওক।

*জবাফুল আৰু আমলখি পিচি চুলিৰ গুৰিত লগাওঁক। আধা ঘণ্টাৰ পিছত শ্বেম্পুৰে ধুই পেলাওক।

*জবাফুল কেইপাহমান নাৰিকল তেলৰ লগত ভালকৈ সিজাই চেকণিৰে চেকি বটলত ভৰাই থওক।

*সপ্তাহত দুদিনকৈ চুলিৰ গুৰিত মালিচ কৰি এঘণ্টাৰ পিছত শ্বেম্পুৰে ধুই পেলাওক।

*জবাফুল আৰু জেতুকাৰ পাত একেলগে পিচি চুলিৰ গুৰিত মালিচ কৰি এঘণ্টাৰ পিছত ধুই পেলাওক।

মনিছাল  -

মনিছালৰ গুটিৰ বাকলি গৰম পানীত তিয়াই থলে শ্বেম্পুৰ দৰে ফেন ওলায়। সেয়েহে আমাৰ পূৰ্বপুৰুষসকলে এই মনিছালৰ বাকলি শ্বেম্পুৰ দৰে ব্যৱহাৰ কৰিছিল। উফিৰ সমস্যাত মনিছালৰ বাকলি অতি উত্তম।

ইয়াৰ উপৰিও ই শুকান, ৰুক্ষ চুলিৰ উজ্জ্বলতা বৃদ্ধি কৰে, ওকণীৰ সমস্যা নিৰাময় কৰে। ইংৰাজীত ইয়াক চিকাকাই(shikakai) বুলিও কোৱা হয়। আমি ব্যৱহাৰ কৰি থকা হাৰ্বেল শ্বেম্পু সমূহত থকা এই চিকাকাই আচলতে মনিছালৰ গুটিৰ বাকলি।

শ্বেম্পুৰ সলনি ইয়াক অতি সহজেই ব্যৱহাৰ কৰিব পাৰি। ইয়াক লগোৱাৰ বিধি সমূহ হৈছে:-

*শুকান আমলখি কেইটামান আৰু মনিছালৰ বাকলি একেলগে পানীত সিজাওক কিছু সময়। তাৰ পিছত চেকণিৰে চেকি শ্বেম্পুৰ দৰে ব্যৱহাৰ কৰক।

*মনিছালৰ গুটিৰ বাকলি খুন্দি গৰম পানীত তিয়াই ৰাখক কিছু সময়। তাৰ পিছত চেকণিৰে চেকি শ্বেম্পুৰ দৰে ব্যৱহাৰ কৰক।

মেথিগুটি -

উৎকৃষ্ট গুনেৰে ভৰপূৰ মচলা ঔষধি মেথিগুটি বিভিন্ন ৰোগত উপকাৰী। খোৱাৰ উপৰিও বাহ্যিক ভাবে ব্যৱহাৰ কৰিলেও ই আমাক বিভিন্ন ধৰণে সহায় কৰে। বিশেষকৈ চুলিৰ গঠন মজবুত কৰাত আৰু চুলিৰ ভিন ভিন সমস্যা নিৰ্মূল কৰাত মেথিগুটি উপকাৰী।

ইয়াত থকা ভিটামিন A, B, C, K, প্ৰটিন, কেলচিয়াম, আইৰণ আদি থকাৰ বাবে ইয়াৰ গুণাগুণ বেছি। মেথিগুটি ব্যৱহাৰ কৰা পদ্ধতি কেইটামান হ'ল-

*মেথিগুটি আৰু নাৰিকলৰ তেল একেলগে পেষ্ট হিচাবে বনাই চুলিৰ গুৰিত সানক। ই চুলি মজবুত কৰে।

*মেথিগুটি কেইচামুছমান পানীত তিয়াই কোমল কৰি লওক আৰু পেষ্ট বনাই লওক। দৈৰ লগত পেক হিচাবে চুলিৰ গুৰিত লগাওঁক আৰু এঘণ্টাৰ পিছত ধুই পেলাওক। এই পেক উফিৰ সমস্যাত উপকাৰী।

*মেথিগুটিৰ পেষ্ট চুলিৰ গুৰিত লগাই এঘণ্টাৰ পিছত ধুই পেলাওক। ই চুলিৰ কণ্ডিচনাৰ হিচাবে কাম কৰে।

পিয়াজ -

বৰ্তমান সময়ত চুলি সৰা সমস্যাতো এক প্ৰধান সমস্যা হৈ পৰিছে প্ৰায়বোৰ মানুহৰে । এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ বজাৰত বিভিন্ন সামগ্ৰী বিচাৰি হাবাথুৰি খায়। কিন্তু কেতিয়াবা হিতে বিপৰীত হয় এইবোৰ সামগ্ৰী ব্যৱহাৰ কৰিলে।

এইক্ষেত্ৰত কেঁচা পিয়াজৰ ব্যৱহাৰে বহুত পৰিমাণে সহায় কৰে। বিশেষকৈ নতুন চুলি গজাত কেঁচা পিয়াঁজৰ ৰসৰ ব্যৱহাৰ সুফলদায়ক। চুলিৰ পৰিচৰ্যাত পিয়াজ কেনেকৈ ব্যৱহাৰ কৰিব পাৰি তাৰ দুটামান দিহা হৈছে:-

*এটা কেঁচা পিয়াজৰ ৰস, চুলিৰ পৰিমাণ অনুযায়ী কেষ্টৰ অইল বা অলিভ অইল চুলিৰ গুৰিত মালিচ কৰি আধা ঘণ্টাৰ পিছত কোমল শ্বেম্পুৰে ধুই পেলাওক।

*কেইটামান মেথিগুটিৰ গুৰি পিয়াজ এটাৰ ৰসৰ লগত মিহলাই চুলিৰ গুৰিত সানক। আধা ঘণ্টাৰ পাছত ধুই পেলাওক।

কেহেৰাজ বন -

অতীতৰ পৰা কেহেৰাজ বিভিন্ন ৰোগ নিৰাময় আৰু সৌন্দৰ্য্য চর্চাত ব্যৱহাৰ হৈ আহিছে। সংস্কৃত নাম ভৃঙ্গৰাজ।

এই ভৃঙ্গৰাজৰ পৰা চুলিত ঘঁহা বিভিন্ন হাৰ্বেল তেল বনোৱা হয়। চুলিৰ বিভিন্ন সমস্যাত কেহেৰাজ উপকাৰী। বিশেষকৈ চুলি সৰা, অকালপক্কতা ৰোধ কৰাত কেহেৰাজে সহায় কৰে। কেহাৰাজ প্ৰয়োগ কৰা দিহাকেইটা হৈছে:-

*নাৰিকল তেল গৰম কৰি চুলিৰ গুৰিত মালিচ কৰি গোটেই ৰাতিৰ বাবে লগাই থওক। পিছদিনা কেহেৰাজ বনৰ ৰস আৰু কেঁচা পিয়াঁজৰ ৰস একেলগে মিহলাই চুলিৰ গুৰিত এঘন্টা লগাওক। তাৰ পিছত শ্বেম্পুৰে চুলি ধোৱক।

*কেহেৰাজ পাত শুকুৱাই গুৰি কৰি লওক। তাৰ পিছত নাৰিকল তেলৰ লগত উতলাই ঠাণ্ডা হোৱাৰ পাছত বটলত ভৰাই ৰাখক। চুলি ধোৱাৰ আগদিনা সেই তেলেৰে চুলিৰ গুৰিত মালিচ কৰি শুই থাকক। পিছদিনা শ্বেম্পু কৰক।

ঔটেঙা বীজ -

অতীতত ঔটেঙাৰ বীজ শ্বেম্পুৰ দৰে ব্যৱহাৰ হৈছিল। চুলিৰ গঠন মজবুত কৰাৰ উপৰিও চুলিৰ উজ্জ্বলতা বৃদ্ধি কৰে। আচলতে ই প্ৰাকৃতিক কণ্ডিচনাৰ হিচাবে কাম কৰে। চুলিত ইয়াক প্ৰয়োগ কৰাও সহজ।

ঔটেঙাৰ বীজ থেতেলাই লৈ তাৰ বিজলুৱা অংশ চুলিৰ গুৰিত ঘঁহক। এঘণ্টাৰ পাছত শ্বেম্পুৰে ভালকৈ ধুই পেলাওক। ইচ্ছা কৰিলে হেনাৰ লগতো ইয়াক ব্যৱহাৰ কৰিব পাৰি।

ছালকুঁৱৰী বা এল'ভেৰা -

ছালকুঁৱৰী অতি উৎকৃষ্ট প্ৰাকৃতিক ঔষধি যিয়ে স্বাস্থ্য ৰক্ষা আৰু সৌন্দৰ্য্য বৰ্ধনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। চুলিৰ গুৰিৰ মৰা কোষ আঁতৰোৱা (dead skin cells on the scalp), উফিৰ সমস্যা নিৰ্মূল কৰাত ই সহায় কৰে। তদুপৰি ই কণ্ডিচনাৰ হিচাবেও কাম কৰে। প্ৰয়োগ বিধিও অতি সহজ।

*ছালকুঁৱৰীৰ ভিতৰৰ সাহখিনি বা জেল খিনি উলিয়াই চুলিৰ গুৰিত মালিচ কৰক। এঘণ্টাৰ পিছত চুলিকোচা ধুই পেলাওক। নাইবা পিয়াজৰ ৰসৰ লগত ছালকুঁৱৰীৰ ৰস লগাবও পাৰে।

*জবাফুল পিচি ছালকুঁৱৰীৰ জেলৰ লগত একেদৰে ব্যৱহাৰ কৰক।

*নেমুৰ ৰস আৰু এলভেৰা জেল একেলগে মিহলাই ব্যৱহাৰ কৰিলেও সুফল পোৱা যায়।

*হেনাৰ লগত ব্যৱহাৰ কৰিলেও সুফল পোৱা যায়।

বৰ্তমান প্ৰায়বোৰ ব্যক্তিয়েই প্ৰাকৃতিক উপায়েৰে নিজৰ ছাল চুলিৰ যত্ন লবলৈ বিচাৰে। আমাৰ পূৰ্বপুৰুষ সকলে তেওঁলোকৰ ব্যৱহাৰিক জ্ঞানেৰে যি সৌন্দৰ্য্য চৰ্চা কৰিছিল আমি তাকেই অনুকৰণ কৰা উচিত। প্ৰকৃতিৰ বুকুতে আছে নিভাঁজ থলুৱা সামগ্ৰী, মাথো প্ৰয়োজন সিহঁতক আদৰি লোৱাটোহে।

বি:দ্ৰ:-

চুলিৰ যত্ন লোৱাৰ লগে লগে সুষম খাদ্যভ্যাস আৰু সুনিদ্ৰাৰো প্ৰয়োজন। চুলিৰ বিভিন্ন সমস্যাৰ কাৰণসমূহো ভিন ভিন।

হ'ৰমন জনীত সমস্যা বা কোনো গুৰুতৰ সমস্যাৰ বাবে চুলি সৰিলে চিকিৎসকৰ পৰামৰ্শ লোৱাটো বাঞ্চনীয়।

লেখিকা: ডাঃ ৰেইনী দেৱী( আয়ুৰ্বেদিক চিকিৎসক)

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ফোন নং: 7399114617


3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top