মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / থাইৰয়ড ৰোগীয়ে কি খাব?
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

থাইৰয়ড ৰোগীয়ে কি খাব?

থাইৰয়ড ৰোগীয়ে কি খাব? সেই বিষয়ে লিখা হৈছে ।

 

থাইৰয়ডৰ ৰোগীৰ বাবে ভিটামিন ‘বি’ৰ খুব দৰকাৰ। এনে ভিটামিন গাখীৰ, মাছ, মটৰ, শাক আদিত পোৱা যায়।

ইয়াৰ উপৰি থাইৰয়ডত আক্ৰান্তসকলৰ বাবে ফ’লিক এচিডৰো প্ৰয়োজন আৰু ইয়াক কমলা, নেমু, আঙুৰৰ যোগেদি আহৰণ কৰিব পাৰি।

ব্যস্ত জীৱনশৈলীৰ হেতু আমাৰ সকলোৰে মানসিক চাপ বাঢ়ি গৈ আছে, যি কাৰণত বেছিভাগ ব্যক্তিৰ মাজত থাইৰয়ডৰ সমস্যাটো দ্ৰুতগতিত বাঢ়িব ধৰিছে।

এনেস্থলত নিজৰ খাদ্য তালিকাখনত কেনে আহাৰ অন্তৰ্ভুক্ত কৰা উচিত হ’ব- এই বিষয়ে জনা আৱশ্যক।

থাইৰয়ড আমাৰ শৰীৰৰ সবাতোকৈ বৃহৎ গ্ৰন্থি। ই প্ৰয়োজনতকৈ বেছি অথবা কম সক্ৰিয় হ’লে উভয় স্থিতিয়ে ৰোগৰ কাৰণ হৈ পৰে।

থাইৰয়ড গ্ৰন্থিয়ে শৰীৰৰ তাপমান আৰু কলেষ্টেৰ’ল স্তৰ নিয়ন্ত্ৰণত ৰখাত সহায় কৰে। থাইৰয়ডত আমাৰ খোৱা-বোৱাৰ যথেষ্ট প্ৰভাৱ পৰে।

যদি পৰীক্ষা কৰাৰ পিছত আপোনাৰ শৰীৰত থাইৰয়ডৰ অস্বাভাৱিকতাৰ উমান পায়, তেন্তে কিছুমান বিশেষ খাদ্যবস্তুক নিজৰ আহাৰৰ তালিকাত অৰ্ন্তভুক্ত কৰি থাইৰয়ডৰ কাৰ্যপ্ৰণালী স্বাভাৱিক কৰি তুলিব পাৰে।

থাইৰয়ড কিমান প্ৰকাৰৰ -

মুখ্যতঃ থাইৰয়ড দুই প্ৰকাৰৰ- হাইপো থাইৰয়ডিজম- ই তেতিয়া হয়, যেতিয়া থাইৰয়ড গ্ৰন্থিয়ে পৰ্যাপ্ত হৰম’নৰ নিঃসৰণ কৰিব নোৱাৰে।

দ্বিতীয়টো হৈছে- হাইপাৰ থাইৰয়ডিজম- হৰম’নৰ অধিক নিঃসৰণৰ ফলত এনে স্থিতিৰ উদ্ভৱ হয়।

থাইৰয়ডত আক্ৰান্ত ৰোগীৰ বাবে আহাৰ -

থাইৰয়ডৰ ৰোগীৰ বাবে এনেকুৱা কিছুমান খাদ্য আছে, যিবোৰ খোৱা উচিত নহয়। আনহাতে কেতবোৰ এনে বস্তু আছে, যিবোৰক নিজৰ দৈনিক আহাৰত অৱশ্যেই অৰ্ন্তভুক্ত কৰা উচিত, কিয়নো ভুল খাদ্য পদ্ধতি আৰু জীৱনশৈলীৰ হেতু থাইৰয়ডৰ সমস্যাটো গম্ভীৰ হৈ পৰে।

আঁহযুক্ত খাদ্যক প্ৰাধান্য দিয়ক -

থাইৰয়ডৰ ৰোগীয়ে অধিক ফাইবাৰ অৰ্থাৎ আঁহযুক্ত খাদ্য খোৱাৰ চেষ্টা কৰা উচিত। ই হৃৎপিণ্ডৰ স্বাস্থ্য অটুট ৰখাতো সহায় কৰে। কলেষ্টেৰ’ল হ্ৰাস কৰাতো উত্তম ভূমিকা লয়।

ভিটামিন ‘চি’ প্ৰচুৰ পৰিমাণে খাওক:

চেষ্টা কৰিব যাতে নিজৰ দুয়োবেলাৰ আহাৰত ভিটামিন ‘চি’ আৰু এন্টি অক্সিডেন্ট পোৱা যায়। সানমিহলি তৰকাৰী আদি সৰহকৈ খাওক। কিন্তু পাচলিৰ নিৰ্বাচন চাইচিতি কৰিব।

আয়’ডিনযুক্ত খাদ্য খাব -

থাইৰয়ডৰ ৰোগীৰ কাৰণে আয়’ডিনযুক্ত খাদ্যৰ অতি আৱশ্যক। নিৰামিষ ভোজীসকলে-

*সেউজীয়া শাক-পাচলি,

*আদা,

*বিলাহী,

*সেউজীয়া মটৰ,

*পানীলাউ আদি খাব পাৰে।

ফ’লিক এচিডৰ আৱশ্যক:

থাইৰয়ডৰ ৰোগীৰ বাবে ভিটামিন ‘বি’ৰ খুব দৰকাৰ। এনে ভিটামিন-

*গাখীৰ,

*মাছ,

*মটৰ,

*শাক আদিত পোৱা যায়।

ইয়াৰ উপৰি থাইৰয়ডত আক্ৰান্তসকলৰ বাবে ফ’লিক এচিডৰো প্ৰয়োজন আৰু ইয়াক-

*কমলা,

*নেমু,

*আঙুৰৰ যোগেদি আহৰণ কৰিব পাৰি।

এইবোৰ নাখাব:

থাইৰয়ডৰ ৰোগীয়ে নিম্নোলিখিত খাদ্যসমূহ খোৱা অনুচিত।

চৰ্বিযুক্ত খাদ্য:

*ব্ৰকলি,

*ফুলকবি,

*বন্ধাকবি,

*চয়াবিনৰ লগতে মাখন,

*ঘিঁউ,

*ক্ৰীমযুক্ত যিকোনো দ্ৰব্য,

*ছাগলীৰ মাংস ইত্যাদি।

পেকেটত থকা খাদ্য বৰ্জন কৰক:

বন্ধ পেকেটত ৰখা খাদ্য নোখোৱাই ভাল, কাৰণ এইসমূহ ছডিয়াম অধিক মাত্ৰাত থাকে যাৰ ফলত থাইৰয়ডৰ কাৰ্য প্ৰণালীত দুষ্প্ৰভাৱ পৰিব পাৰে।

জীৱনশৈলীত এইসমূহকো অৰ্ন্তভুক্ত কৰক:

ধ্যান ৰাখিব, খোৱা-বোৱাৰ লগতে নিজৰ দৈনিক কাৰ্যক্ৰমণিকাও সঠিক হোৱা প্ৰয়োজন। যেনে- পাতলীয়া ব্যায়াম, খোজ কঢ়া আৰু আসন নিয়মীয়াকৈ কৰক। আহাৰ খোৱাৰ পিছত অলপ খোজ কাঢ়ক আৰু এলাহ বৰ্জন কৰক।

আনুষংগিক কিছু কথা পানী সৰহকৈ খাব:

স্বাভাৱিকতেই পানী খোৱাটো সকলোৰে বাবে দৰকাৰী। কিন্তু থাইৰয়ডৰ ৰোগীয়ে বিশেষকৈ পানী খোৱাৰ প্ৰতি খুব গুৰুত্ব দিব লাগে। দিনটোত অন্ততঃ তিনি লিটাৰ পানী অৱশ্যেই পিব।

সতেজ ফল খাওক -

আমি প্ৰত্যেকেই ফল খাব লাগে। কিন্তু থাইৰয়ডৰ ৰোগীৰ ক্ষেত্ৰত ফলৰ সঠিক নিৰ্বাচন আৱশ্যক। যেনে-

*কল,

*মিঠা আলু,

*আঙুৰ,

*আম,

*অমিতা,

*গাজৰ,

*আনাৰস,

*বেল আৰু

*ৰঙালাও,

*কেঁচা জলকীয়া আদি এন্টি-অক্সিডেন্টযুক্ত আৰু পুষ্টিকৰ তত্বৰে ভৰপূৰ ফল খোৱা উচিত।

এনেবোৰ ফল নিয়মিত খালে হৃদৰোগৰ সম্ভাৱনাও নুই কৰা সম্ভৱ হয়।

লেখিকা: ডাঃ ৰীণা দেৱী(নিয়মীয়া বাৰ্তা)

2.33333333333
ভাস্কৰ জোতি মহন্ত Feb 28, 2019 02:24 PM

নমস্কাৰ আপোনাৰ লিখনি খুব ভাল লাগিল ..মোৰ থাইৰয়ডৰ সমস্যা আছে..আপোনাৰ লিখনিৰ পৰা উপকৃত হলো..ধন্যবাদ

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top