মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / থিটা থেৰাপিৰে প্ৰশান্ত কৰক মন আৰু মগজু :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

থিটা থেৰাপিৰে প্ৰশান্ত কৰক মন আৰু মগজু :

থিটা থেৰাপিৰে প্ৰশান্ত কৰক মন আৰু মগজু, সেই বিষয়ে লিখা হৈছে ।

 

এটা সঠনমূলক আৰু সৃষ্টিশীল কামৰ বাবে প্ৰয়োজন এটা সুস্থ মন। সুস্থ মন আৰু মগজুৰেহে কোনো কামৰ বাবে কোনো সুস্থিৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰি। মন আৰু মগজুৰ সুস্থতাৰ ওপৰতে নিৰ্ভৰ কৰে কামৰ গভীৰতা আৰু মনোযোগীতা। মন-মগজু সুস্থ কৰি ৰাখি কোনো কাম কৰিলে তাত কৃতকাৰ্যতা অৱধাৰিত। মন-মগজুক সুস্থ কৰি ৰাখিবলৈ প্ৰথমতেই প্ৰয়োজন হয় গভীৰ ধ্যানৰ। গভীৰ ধ্যানত মগ্ন হৈ নিজকে পাৰ্থিৱ জগতৰ সকলো চিন্তাৰ পৰা মুক্ত কৰি ৰাখিব পাৰিলে মনত উদয় হয় একাধিক শুভ চিন্তাৰ। মনক দুঃশ্চিন্তা মুক্ত আৰু ক্ৰিয়াশীল কৰি ৰাখিবলৈ আমি নিতান্তই দৰকাৰ। নিয়মিত যোগাসন আৰু সহজ প্ৰাণায়ামে মনক ক্ৰিয়াশীল কৰাৰ লগতে একেবাৰে শান্ত-সমাহিত কৰি ৰাখে। ইয়াৰ উপৰিও নিয়মিত যোগাসনে ব্যক্তিক নিৰোগী কৰি ৰখাৰ লগতে মনে-প্ৰাণে উৎফুল্লিত কৰি ৰাখে। যোগাসনৰ লেখীয়াই ‘থিটা থেৰাপি’ এনে এক প্ৰক্ৰিয়া যিয়ে মগজুৰ স্নায়ুতন্ত্ৰবোৰ সুশীতল  আৰু কাৰ্যক্ষম কৰি ৰাখিব পাৰে। তদুপৰি নিয়মিত ‘থিটা থেৰাপি’ত অভ্যস্ত ব্যক্তিয়ে বাৰ্ধক্যকো দূৰত ৰাখিব পাৰে। ইয়াৰ উপৰিও ‘থিটা থেৰাপি’য়ে মনৰ পৰা হতাশাবোধ আদি নাইকিয়া কৰি মনক স্বচ্ছ আৰু প্ৰাণৱন্ত কৰি তোলে।

থিটা থেৰাপি কি -

‘থিটা থেৰাপি’ মানুহৰ মগজুত সংঘটিত এক ধ্যানৰ নিচিনা প্ৰক্ৰিয়া। ‘থিটা’ শব্দটো গ্ৰীক শব্দ। ইয়াৰ অৰ্থ হ’ল- ‘আত্মা’(Soul)। ‘থিটা থেৰাপি’ৰে মন-মগজুৰ বিভিন্ন উন্নতি সাধন কৰি পাৰে। মানুহৰ মগজুত বিভিন্ন সময়ত স্বাভাৱিকতে পাঁচটা তৰংগৰ সৃষ্টি হৈ থাকে। বিভিন্ন সময়ত বিভিন্ন ক্ৰিয়াৰত অৱস্থাত মগজুত সৃষ্টি হৈ থকা এই পাঁচটা তৰংগ হ’ল- আলফা, বিটা, গামা, ডেল্টা আৰু থিটা। থিটা থেৰাপিত অভ্যস্ত হৈ পৰিলে ই মানুহক সৃষ্টিকৰ্তাৰ লগত এক দৈৱিক সম্পৰ্ক সংস্থাপিত কৰাই দিয়ে। যাৰ ফলত ব্যক্তিগৰাকী তাৎক্ষণিকভাৱে এক অতি উচ্চ চিন্তাধাৰাত মগ্ন হ’ব পাৰে আৰু শাৰীৰিক, আৱেগিক, মানসিক আৰু দৈৱিক পৰ্যায়ত এক বিস্ময়কৰ সাফল্য লাভ কৰিবলৈ সক্ষম হয়।

‘থিটা থেৰাপি’য়ে মগজুৰ DNA ত এক বিশেষ সুপ্ৰভাৱ পেলাবলৈ সক্ষম হয়। শৰীৰৰ যিকোনো ৰোগ নিৰাময়ৰ ক্ষেত্ৰত মানুহে তাৎক্ষণিক প্ৰতিক্ৰিয়া বিচাৰে আৰু ‘থিটা থেৰাপি’য়ে মানুহৰ মনৰ চেতন আৰু অৱচেতন দুয়োটা অৱস্থাকে সুস্থ আৰু ক্ৰিয়াশীল কৰি ৰাখে।

মানুহৰে মগজুৰ ভিতৰত কাম কৰি থকা আলফা, বিটা, গামা, ডেল্টা আৰু থিটা- এই পাঁচটা কম্পনে বিভিন্ন সময়ত মগজুৰ ভিতৰত বিভিন্ন ক্ৰিয়া-কলাপ কৰি থাকে।

আপুনি যে এই প্ৰৱন্ধটো পঢ়ি আছে এই মুহূৰ্তত আপোনাৰ মগজুটোত বিটা কম্পানাংকই কাম কৰি আছে অৰ্থাৎ মগজুত বিটা তৰংগৰ সৃষ্টি হৈ আছে। এনেদৰে অধ্যয়ন কৰি থকা অৱস্থা, এনেয়ে থকা, গীত গাই থকা আৰু খোজকাঢ়ি থকা- এই ধৰণৰ প্ৰক্ৰিয়াবোৰ সংঘটিত হৈ থাকোতে মগজটোত বিটা তৰংগই কাম কৰি থাকে। গীৰ্জা বা মন্দিৰত মন্ত্ৰপাঠ কৰি থাকোতে আৰু গভীৰ ধ্যানমগ্ন কৰি থাকোতে মগজুটোত আলফা তৰংগই কাম কৰি থাকে। ঠিক তেনেদৰে আপুনি যেতিয়া গভীৰ নিদ্ৰাৰত অৱস্থাত থাকে, তেতিয়া মগজুত ডেল্টা তৰংগই কাম কৰি থাকে।

‘থিটা থেৰাপি’ হ’ল মগজুৰ স্নায়ুবোৰৰ একেবাৰে শেষ শীৰ্ষত কাম কৰা এক পৰ্যায়। আপুনি যেতিয়া টোপনিত লালকাল হৈ থাকে, ঠিক সেই মুহূৰ্তত যেতিয়া আপোনাৰ অবচেতন মন-মগজুৱে কাম কৰি থাকে, সেই পৰ্যায়টো হৈ থিটা পৰ্যায়। মনৰ অবচেতন অৱস্থাতো থিটা পৰ্যায়ত মগজুৱে কাম কৰি থাকে। মগজুৰ থিটা পৰ্যায়টো অতি শক্তিশালী পৰ্যায়। থিটা পৰ্যায়ে মগজুটোৰ স্নায়ুবোৰ একেবাৰে ক্ৰিয়াশীল, প্ৰেৰণাময়ী আৰু দৈৱিক শক্তিৰ অধিকাৰী কৰি তোলে। ইয়াৰ উপৰিও ই শৰীৰক এক বিশেষ আৰাম আৰু প্ৰশান্তি প্ৰদান কৰে। যেনে- ধৰি লওক আপুনি যেতিয়া শুই থাকে, তেতিয়া আপোনাৰ মগজুৱে আপোনাৰ অজ্ঞাতে বহু কাম কৰি থাকে(টোপনিত বাগৰ সলোৱা, হাত-ভৰি লৰচৰ কৰা, নাক-কাণ মোহাৰি থকা ইত্যাদি)। আপোনাৰ অবচেতন অৱস্থাত মগজুৰ স্নায়োবোৰক এইদৰে নিৰ্দেশ কৰি থাকে মগজুৰ স্নায়ুকেন্দ্ৰই। সেই সময়ত মগজুটোত থিটা তৰংগই কাম কৰি থাকে। মগজুটো যেতিয়া থিটা অৱস্থাত থাকে, তেতিয়া মানুহে বহুতো বিস্ময়কৰ আৰু সাংঘাতিক ধৰণৰ কাম কৰিব পাৰে। যোগীসকলে যোগাসাধনাৰ বলত নিজকে থিটা অৱস্থালৈ লৈ যাব পাৰে। সেয়েহে ৰোগীসকলে কেতিয়াবা কেতিয়াবা জুইৰ ওপৰেৰে নতুবা পানী ওপৰেৰেও খোজকাঢ়ি যাবলৈ সক্ষম হয়। যোগ সাধনাৰ বলত যোগীসকলে কঠোৰ আত্মসংযমী হ’বলৈ সক্ষম হয়। ফলত, তেওঁলোকে নিজৰ শৰীৰ আৰু মনক সম্পূৰ্ণ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। মগজুটো যেতিয়া থিটা পৰ্যায়ত থাকে তেতিয়া মানুহে মনটোক পাৰ্থিৱ সকলো বস্তুৰ পৰা দূৰত ৰাখিব পাৰে। মগজুটোত সক্ৰিয় হৈ থকা গামা তৰংগৰ বিষয়ে অৱশ্যে এতিয়ালৈকে বিশেষ একো জানিব পৰা হোৱা নাই। থিটা অৱস্থাত মানুহে পৰমাত্মাৰ লগতো সংযোগ স্থাপন কৰা যেন এক অনুভৱ কৰিব পাৰে।

থিটা পৰ্যায়ত গৈ আপুনি ভগৱানক প্ৰাৰ্থনা কৰক, গভীৰভাৱে ধ্যান কৰক, তেতিয়া আপুনি বহুতো ৰোগৰ পৰা মুক্ত হৈ থাকিব পাৰিব। থিটা পৰ্যায়টো হ’ল ভগৱানৰ প্ৰতি ধ্যান কৰা আৰু বিশেষ সাৱধানতাৰে ভগৱানক ধ্যান-তপস্যা কৰা পৰ্যায়। থিটা পৰ্যায়ত গৈ ভগৱানক প্ৰাৰ্থনা কৰিলে ৰোগীয়ে বহুতো ডাঙৰ ৰোগৰ পৰা আৰোগ্য লাভ কৰিব পাৰে।

‘থিটা থেৰাপি’ৰ এক বিশেষ উপকাৰিতা হ’ল- এই পৰ্যায়ত উপনীত হ’ব পাৰিলে শৰীৰৰ হাড় ভগা বা আন কোনো গুৰুতৰ সমস্যাও সোনকালে নিৰাময় কৰি দিব পাৰে। ‘থিটা থেৰাপি’ৰ জৰিয়তে মগজুৰ স্নায়ুবোৰেৰে শৰীৰৰ বিভিন্ন অংগলৈ সংকেত প্ৰেৰণ কৰিব পাৰি। ই মগজুত নতুন নতুন সংকেতৰ সৃষ্টি কৰিব পাৰে। ভগা হাড় পুনৰ মেৰামতিতো ই ডাঙৰ সাহয় কৰে। থিটা পৰ্যায়ত মগজুৰ স্নায়ুবোৰ একেবাৰে সতৰ্ক হৈ থাকে আৰু ই মগজুৰ কোষবোৰক সাংঘাতিকধৰণে জাগ্ৰত কৰি ৰাখে। মগজুৰ পুৰণি চিন্তা-ধাৰণাবোৰ আঁতৰাই মগজুত নতুন ধ্যান-ধাৰণা সুমুৱাই ৰাখিব নোৱাৰা বা শৰীৰত ৰোগৰ বীজাণু বহন কৰি অন্য জিনবোৰ দূৰ কৰাতো থিটা থেৰাপীয়ে সহায় কৰে। ‘থিটা থেৰাপি’এ মনলৈ এক নতুন গতি আনে, যাৰ ফলত আপুনি এক নৱজীৱন লাভ কৰাৰ দৰে অনুভৱ কৰিব পাৰে।

‘থিটা থেৰাপি’ কেনেকৈ কৰিব -

১)প্ৰথমতে আপুনি চকু দুটা মুদি দিয়ক।

২)হৃদয়ৰ অভ্যন্তৰত এটা গোলাকৃতিৰ জ্যোতি ওলমি থকা বুলি অনুভৱ কৰক।

৩)হৃদয়ৰ ভিতৰত ওলমি থকা এই গোলাকৃতিৰ জ্যোতিটো বুকুৰ ভিতৰতে লৰচৰ কৰি থকা যেন অনুভৱ কৰক আৰু ই ক্ৰমান্বয়ে মূৰৰ ওপৰলৈ উঠি অহা বুলি ভাবি লওক।

৪)মনটো স্থিৰ কৰি মনে মনে ভগৱানৰ নাম লওক। মা-দেউতাৰ নাম লওক। এই প্ৰক্ৰিয়াটোৱে আপোনাক একেবাৰে আধ্যাত্মিকতাৰ উচ্চ শিখৰলৈ লৈ যাব আৰু তেতিয়া আপুনি মনৰ থিটা অৱস্থা পাবলৈ।

৫)এই অৱস্থাত অভ্যস্ত ব্যক্তিসকলে নিজৰ পুৰণি চিন্তা-চেতনাক পৰিশোধন কৰিব পাৰে আৰু শৰীৰৰ পৰা বিভিন্ন ৰোগো দূৰ কৰিব পাৰে।

৬)থিটা অৱস্থাটো একেবাৰে শান্তিময় আৰু বিস্ময়কৰ। সকলো মানুহে ৰাতি শোৱাৰ আগতে বা ৰাতিপুৱা শুই উঠিয়েই এই অভ্যাস কৰিব লাগে।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

3.14285714286
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top