অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

দন্তক্ষয়ঃ

দাঁতৰ এনামেল আৰু ডেনটাইন অংশ লাহে লাহে কোমল হোৱাৰ ফলত দাঁত ক্ষয় হ’বলৈ ধৰে। দাঁতৰ গুৰিত লাগি থকা খাদ্যৰ চেনীভাগৰ ওপৰত বেক্টেৰিয়াই কৰা ক্ৰিয়াৰ ফলত উৎপন্ন হোৱা অম্লই নৰম আৰু লৱণমুক্ত কৰি দিয়ে।

দন্তক্ষয়ঃ

 

দাঁতৰ এনামেল আৰু ডেনটাইন অংশ লাহে লাহে কোমল হোৱাৰ ফলত দাঁত ক্ষয় হ’বলৈ ধৰে। দাঁতৰ গুৰিত লাগি থকা খাদ্যৰ চেনীভাগৰ ওপৰত বেক্টেৰিয়াই কৰা ক্ৰিয়াৰ ফলত উৎপন্ন হোৱা অম্লই নৰম আৰু লৱণমুক্ত কৰি দিয়ে। ফলত দাঁতৰ ক্ষয় হ’বলৈ ধৰে। বেক্টেৰিয়াৰ কোষবোৰ আৰু দাঁতত লাগি থকা খাদ্যৰ কাণাবোৰ লগ লাগি দাঁতৰ গুৰিত তাঁতৰি বান্ধে। তাঁতৰিয়ে ঢাকি ৰখাৰ বাবে লালটি দাঁতৰ স্পৰ্শত নাহে আৰু সেয়ে লালটি ভাগ দাঁতৰ গুৰিত নপৰাৰ ফলত এছিডক সম্পূৰ্ণভাৱে প্ৰশমিত কৰিব নোৱাৰে। সেইকাৰণে খোৱাৰ পাছত বেক্টেৰিয়াৰ ক্ৰিয়াৰ আগতে দাঁত ব্ৰাছ কৰি চাফা কৰিব লাগে। যদি চিকিৎসা কৰা নাযায় তেতিয়া বেক্টেৰিয়া দাঁতৰ আলুত সোমাই যায় আৰু তাৰ ফলত ই সংক্ৰমণ আৰম্ভ কৰে।

ৰেচনঃ

 

আন জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াত উৎপন্ন হোৱা নাইট্ৰ’জেন জাতীয় উপজাত পদাৰ্থবোৰ দেহৰ পৰা নিষ্কাশন কৰাৰ প্ৰয়োজন। জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াবোৰে এই উপজাত পদাৰ্থবোৰ দেহৰ পৰা বৰ্জন কৰা প্ৰক্ৰিয়াটোক ৰেচন বুলি কোৱা হয়। বেলেগ বেলেগ জীৱই বিভিন্ন কৌশল অৱলম্বন কৰি এনে পদাৰ্থ দেহৰ পৰা বৰ্জন কৰিবলগা হয়। বহুতো এককোষী জীৱই সাধাৰণ ব্যাপন প্ৰক্ৰিয়াৰে কোষাবৰণৰ মাজেদি উপজাত পদাৰ্থ দেহৰ পৰা পাৰিপাৰ্শ্বিকৰ পানীত বৰ্জন কৰে। কিন্তু সচৰাচৰ দেখা বহুকোষী জীৱসমূহৰ ক্ষেত্ৰত এনে কাৰ্যৰ কাৰণে বিশেষ কিছুমান অংগৰ সৃষ্টি হয়।

মানুহৰ ৰেচনঃ

 

মানুহৰ ৰেচন তন্ত্ৰটো এযোৰ বৃক্ক, এযোৰ মূত্ৰনলী, এটা মূত্ৰথলী আৰু এটা মূত্ৰ নিষ্কাশন নলীৰ দ্বাৰা গঠিত। দেহৰ উদৰ অংশত মেৰুদণ্ডৰ দুয়োকাষে বৃক্ক দুটা অৱস্থিত। এই বৃক্ক দুটাত উৎপন্ন হোৱা মূত্ৰ মূত্ৰবাহী নলীয়েদি আহি মূত্ৰথলীত জমা হয় আৰু মূত্ৰথলীৰ পৰা নিৰ্দিষ্ট সময়ে সময়ে মূত্ৰ নিষ্কাশন নলীয়েদি দেহৰ পৰা বাহিৰ কৰি দিয়ে।

মূত্ৰ উৎপন্ন কেনেকৈ হয় ?

 

মূত্ৰ উৎপন্নৰ উদ্দেশ্য তেজৰ পৰা উপজাত পদাৰ্থবোৰ চেকী বাহিৰ কৰা। হাঁওফাঁওৰ তেজৰ পৰা কাৰ্বন-ডাই-অক্সাইড বাহিৰ কৰাৰ দৰে নাইট্ৰ’জেন জাতীয় উপজাত পদাৰ্থ যেনে, ইউৰিয়া, ইউৰিক এছিড আদি বৃক্কৰ তেজৰ পৰা আঁতৰ কৰা হয়। হাঁওফাঁওৰ যিদৰে অসংখ্য সৰু সৰু ৰক্তজালিকা থাকে তেনেদৰে বৃক্কতো অসংখ্য পাতল বেৰৰ ৰক্তজালিকা থাকে। এই ৰক্তজালিকাবোৰ বৃক্কত লগ লাগি কাপ সদৃশ নলীকা গঠন হয়। এনে নলীকাবোৰে তেজ চেকাত সহায় কৰে। প্ৰতিটো বৃক্কত এনেধৰণৰ অসংখ্য নলীকাৰ একক থাকে। এইবোৰক নেফ্ৰ’ন বোলে। এই নেফ্ৰ’নবোৰ ইটো সিটোৰ লগত সংঘবদ্ধ হৈ থাকে। নেফ্ৰ’নবোৰ প্ৰাথমিক অৱস্থাত গ্লুক’জ, এমিন’ এছিড, লৱণ আৰু প্ৰচুৰ পৰিমাণৰ পানী চেকি লোৱাৰ পাছত পাছৰ নলীকা অংশত অধিশোষণ কৰি লয়। দেহত কিছুমান অতিৰিক্ত পানী থাকে আৰু কিমান পৰিমাণৰ দ্ৰৱীভূত বৰ্জিত পদাৰ্থ তেজত থাকে তাৰ ওপৰত নিৰ্ভৰ কৰি পানীভাগ অধিশোষণ কৰি লয়। প্ৰতিটো বৃক্কত উৎপন্ন হোৱা মূত্ৰ নেফ্ৰনৰ দীঘল নলীকা মূত্ৰনলীলৈ সোমাই আহে। মূত্ৰনলীয়ে বৃক্ক দুটা মূত্ৰথলীৰ লগত সংযুক্ত কৰি ৰাখে। মূত্ৰ মূত্ৰথলীত জমা হৈ থাকে। মূত্ৰথলীৰ চাপৰ ফলত মূত্ৰনলীৰে মূত্ৰ বাহিৰ ওলাই আহে। মূত্ৰথলীটো পেশীযুক্ত আৰু সেইকাৰণে ই স্নায়ুৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। সেইবাবে আমি প্ৰস্ৰাৱ কৰা তাড়নাক নিয়ন্ত্ৰণ কৰিব পাৰোঁ।

কৃত্ৰিম বৃক্কঃ

 

জীয়াই থাকিবৰ কাৰণে বৃক্ক হৈছে প্ৰধান অংগ। বিভিন্ন কাৰক যেনে বৃক্কৰ আঘাট, সংক্ৰমন আদিয়ে বৃক্কৰ ক্ৰিয়াকলাপ হ্ৰাস কৰি আনে। ফলত দেহত কিছুমান বিষাক্ত পদাৰ্থ জমা হয় আৰু প্ৰাণী মৃত্যু মুখত পৰে। যেতিয়া বৃক্ক কেইটা কাৰ্যক্ষমহীন হৈ পৰে তেতিয়া কৃত্ৰিম বৃক্ক দেহত ৰোপন কৰিব লগা হয়। কৃত্ৰিম বৃক্কৰ সহায়ত নাইট্ৰ’জেন জাতীয় উপজাত বৰ্জিত পদাৰ্থবোৰ ডায়েলাইচিছ কৰি তেজৰ পৰা বাহিৰ কৰা হয়।

অৰ্ধভেদ্য আৱৰণযুক্ত কিছুমান নলীকাৰে গঠিত কৃত্ৰিম বৃক্ক পাত্ৰ এটাত ভ্ৰমঝেলি দ্ৰৱত ডুবাই ৰখা হয়। এনে দ্ৰৱ আৰু তেজৰ আসৃতি চাপ একে হয় কিন্তু ইয়াত নাইট্ৰ’জেন জাতীয় বৰ্জিত পদাৰ্থ নাথাকে। কৃত্ৰিম বৃক্কৰ নলীকাবোৰৰ মাজেৰে ৰোগীৰ তেজ যাবলৈ দিয়া হয়। এনে কৰাত ৰোগীৰ তেজত উৎপন্ন হোৱা বৰ্জিত পদাৰ্থবোৰ ব্যাপন প্ৰক্ৰিয়াৰে ভ্ৰমঝেলীত সোমাই পৰে। শোধন হোৱা তেজখিনি পাম্পৰ সহায়ত ৰোগীৰ দেহলৈ ওভতাই পঠিওৱা হয়। এনে ক্ৰিয়া আৰু সাধাৰণ বৃক্কৰ ক্ৰিয়া একেধৰণৰ হয় কিন্তু ইয়াত অধিশোষণ নহয়। সাধাৰণতে এজন সুস্থ মানুহৰ বৃক্কই ১৮০L তেজ চেকীব পাৰে। কিন্তু মাত্ৰ এক লিটাৰ বা দুই লিটাৰ মানহে ৰেচন ক্ৰিয়াত বৰ্জন কৰে। বাকী অংশ বৃক্ক নলীকাত অধিশোষণ হয়।

মানুহৰ মস্তিষ্কঃ

 

স্নায়ুৰজ্জুৰ কাৰ্য মাত্ৰ ক্ৰিয়াইনে ?

 

ই কেতিয়াও নহয় কাৰণ আমি চিন্তাশীল প্ৰাণী। চিন্তা কৰিব পৰা বাৰ্তা বহন কৰা স্নায়ুৰ দ্বাৰা স্নায়ুৰজ্জু গঠিত হৈছে। চিন্তা কৰিব পৰা কাৰ্যটো এটা জটিল প্ৰক্ৰিয়া আৰু ই এক স্নায়বিক সমন্বয়। এই ক্ৰিয়া দেহৰ মুখ্য সমন্বয় কেন্দ্ৰ মস্তিষ্কত কেন্দ্ৰীভূত। মস্তিষ্ক আৰু স্নায়ুৰজ্জু লগ লাগি কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ গঠিত হৈছে। দেহৰ সকলো অংশৰ পৰা ই বাৰ্তা গ্ৰহণ কৰি একত্ৰিত কৰি ৰাখে।

আমি আমাৰ বিভিন্ন কাৰ্য সম্পৰ্কে চিন্তা কৰো। বিভিন্ন কাৰ্য যেনে- লিখি থকা, কথা-বাৰ্তা, চকীখন ঘূৰাই থকা, সভাৰ শেষত হাত চাপৰি মৰা আদি আমাৰ ঐচ্ছিক কাৰ্যৰ উদাহৰণ। গতিকে মস্তিষ্কৰ পৰা পেশীলৈ বাৰ্তা প্ৰেৰণ হ’ব লাগিব। স্নায়ুতন্ত্ৰৰ লগত পেশীৰ লগত যোগাযোগৰ ই দ্বিতীয় পৰ্যায়ৰ পথ। কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ আৰু দেহৰ বিভিন্ন অংশৰ লগত সংযোগ স্থাপনৰ কাৰণে অন্য এক প্ৰকাৰৰ স্নায়ুতন্ত্ৰ গঠিত হৈছে। ইয়াক প্ৰান্তীয় স্নায়ুতন্ত্ৰ বোলে। মস্তিষ্কৰ পৰা ওলোৱা ক্ৰেনিয়েল স্নায়ু আৰু স্নায়ুৰজ্জুৰ পৰা উৎপত্তি হোৱা অসংখ্য স্নায়ুসমূহক লৈ ই গঠিত হৈছে। এনেকৈ মস্তিষ্কই আমাক চিন্তা কৰাত সহায় কৰে আৰু চিন্তাৰ ওপৰত ভিত্তি কৰি আমি আমাৰ কাৰ্য সম্পাদন কৰো। মস্তিষ্কৰ বিভিন্ন অংশৰ দ্বাৰা পৰিচালিত দেহৰ বিভিন্ন বাহ্যিক আৰু আভ্যন্তৰীণ কাৰ্যৰ সমন্বয় ৰক্ষা কৰাৰ লগত জড়িত এই তন্ত্ৰটো অতি জটিল। আমাৰ মস্তিষ্কৰ বিভিন্ন অংশসমূহ হ’ল প্ৰমস্তিষ্ক, মধ্যমস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্ক।

প্ৰমস্তিষ্ক হ’ল মস্তিষ্কৰ মুখ্য চিন্তা-ভাৱনাৰ অংগ। ইয়াৰ অংশই শৰীৰৰ বিভিন্ন সংগ্ৰাহী ইন্দ্ৰিয়ৰ পৰা অহা সংবেদী স্নায়ু প্ৰেৰণা গ্ৰহণ কৰে। ইয়াৰ উপৰি বিভিন্ন স্থান যেনে- শ্ৰৱণ, ঘ্ৰাণ, দৃষ্টি আদি এলেকা থাকে। বিভিন্ন সংবেদী ইন্দ্ৰিয়ৰ পৰা অহা স্নায়ু প্ৰেৰণা আৰু মস্তিষ্কত ইতিমধ্যে সঞ্চিত হৈ থকা বাৰ্তাসমূহ বিশ্লেষণ কৰাৰ বাবে মস্তিষ্কত নিৰ্দিষ্ট কিছুমান স্থান থাকে। এই সকলোবিলাকৰ ওপৰত ভিত্তি কৰি বাৰ্তাসমূহৰ বিপৰীতে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰি আৰু তাৰ প্ৰেৰণা ঐচ্ছিক পেশীৰ দ্বাৰা আমাৰ দেহৰ নিৰ্দিষ্ট অংশ যেনে আমাৰ ভৰিৰ পেশীসমূহলৈ আজ্ঞাবাহী বাৰ্তা প্ৰেৰণ কৰে। কিছুমান অনুভূতি যেনে দৰ্শন অথবা শ্ৰৱণ অনুভূতিতকৈ আন কিছুমান অনুভূতি যেনে আমি অধিক খোৱা বুলি হোৱা অনুভূতি সম্পূৰ্ণ নিৰ্দিষ্ট। ইয়াৰ কাৰণে ভোক অনুভূতিৰ কাৰণে প্ৰমস্তিষ্কত এটা সুকীয়া স্থান আছে।

স্বতঃফুৰ্তভাৱে আহাৰ দেখিলে আমাৰ লালটি ওলায়, হৃদস্পন্দনৰ কথা নাভাবিলেও ইয়াৰ স্পন্দন হৈ থাকে। এনেধৰণৰ কাৰ্য আমি ইচ্ছা কৰিলেও নিয়ন্ত্ৰণ কৰিব নোৱাৰো। উশাহ ল’বলৈ বা আহাৰ পাচন হোৱাৰ কথা ভাবিব পাৰিবনে ? সাধাৰণ প্ৰতীপ ক্ৰিয়া যেনে- চকুৰমণিৰ আকাৰ সলনি কৰা, চকীখন ঘূৰাই দিওঁতে চিন্তাৰ অনুভূতি আদি কাৰ্যত আন এবিধ পেশী চিন্তা নকৰাকৈ চালিত হৈ থাকে। এনেধৰণৰ অনৈচ্ছিক কাৰ্য মধ্য মস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্কই নিয়ন্ত্ৰণ কৰি থাকে।

মানুহৰ প্ৰজননঃ

 

আমি সকলোৱে জানো যে বয়স বাঢ়ি অহাৰ লগে লগে আমাৰ দেহৰ পৰিৱৰ্তন ঘটে। শিশু অৱস্থাত আমাৰ গাখীৰ দাঁত গঁজে আৰু ডাঙৰ হোৱাৰ লগে লগে এই দাঁত সৰি স্থায়ী দাঁত ওলায়। এনেধৰণৰ পৰিৱৰ্তনবোৰ দেহৰ সাধাৰণ বৃদ্ধিৰ ভিতৰত পৰে। কিন্তু কৈশোৰ অৱস্থাত সামগ্ৰীকভাৱে যিবোৰ পৰিৱৰ্তন হয় সেইবোৰক কেৱল দৈহিক বৃদ্ধি বুলি ব্যাখ্যা কৰিব নোৱাৰি। বৰঞ্চ দেহৰ পৰিৱৰ্তন ঘটে, আকৃতিগত পৰিৱৰ্তন ঘটে, নতুন চাৰিত্ৰিক বৈশিষ্ট্যই দেখা দিয়ে, লগতে নতুন অনুভূতিও জাগে।

কৈশোৰ কালত ল’ৰা আৰু ছোৱালীৰ দুয়োৰে ক্ষেত্ৰত কিছুমান একেধৰণৰ পৰিৱৰ্তন দেখা যায়। এই সময়ছোৱাত কাষলতি আৰু কৰঙনত, যৌনাংগৰ কাষত চুলি গঁজা দেখিবলৈ পোৱা যায়। ইয়াৰ ফলত এই অংশ ক’লা বৰণৰ হয়। ভৰি আৰু হাতত পাতল নোম হোৱাৰ লগতে মুখমণ্ডলত পাতল চুলি গঁজে। মুখৰ ছাল তেলেতীয়া হয় আৰু ফলত এই অংশত শালমইনা উঠে। এই সময়ত আমি আমাৰ দেহৰ উপৰিও আনৰ দেহৰ বিষয়ে নতুনকৈ সচেতন আৰু সজাগ হ’বলৈ আৰম্ভ কৰো।

ইয়াৰোপৰি ল’ৰা আৰু ছোৱালীবিলাকৰ কিছুমান বেলেগ বেলেগ পৰিৱৰ্তন দেখা পোৱা যায়। ছোৱালীবিলাকৰ স্তন যুগলৰ আকাৰ বাঢ়িবলৈ ধৰে আৰু স্তনাগ্ৰৰ ছালখন ক’লা হয়। এই সময়ত ছোৱালীবোৰৰ ঋতুচক্ৰ আৰম্ভ হয়। ইয়াৰ বিপৰীতে ল’ৰাবিলাকৰ মুখমণ্ডলত দাড়ি গঁজিবলৈ আৰম্ভ কৰে। মাতটো গলগলীয়া হোৱাৰ লগতে ভাঙি যায়। ইয়াৰোপৰি, লিংগটো ডাঙৰ হয় আৰু দিন বা ৰাতি যিকোনো মুহূৰ্তত থিয় টান হয়।

এই সকলোবিলাক পৰিৱৰ্তন লাহে লাহে সংঘটিত হয়, মাহ-বছৰৰ মূৰত। একেজন ব্যক্তিৰ ক্ষেত্ৰত এনে পৰিৱৰ্তন একে সময়ত বা নিৰ্দিষ্ট বয়সত নহ’বও পাৰে। কোনো ব্যক্তিৰ ক্ষেত্ৰত কিছু আগতীয়াকৈ আৰু খৰতকীয়াকৈ হয় আৰু কিছুমান ব্যক্তিৰ ক্ষেত্ৰত পলমকৈ আৰু লেহেম গতিত হয়। কোনো এটা পৰিৱৰ্তন সম্পূৰ্ণভাৱে বা খৰতকীয়াকৈ সম্পন্ন নহয়। উদাহৰণস্বৰূপে, ল’ৰাবোৰৰ মুখমণ্ডলত দেখা ঘন দাড়ি প্ৰথম অৱস্থাত পাতলীয়াকৈ গঁজে আৰু লাহে লাহে একেধৰণৰ হয়গৈ। সকলো মানুহৰ ক্ষেত্ৰত এই সকলোবিলাক পৰিৱৰ্তন বেলেগ বেলেগ দেখা যায়। যেনেদৰে সকলো মানুহৰ নাকৰ আকৃতি আৰু আঙুলিৰ গঠন ভিন্ন হয়। বিভিন্ন জনৰ চুলিৰ গঠন, স্তন, লিংগৰ আকাৰ আৰু আকৃতি আদি ভিন্ন হয়। এই সকলোবিলাক যৌন পূৰ্ণতা প্ৰাপ্তিৰ বিভিন্ন দিশ।

এই নিৰ্দিষ্ট বয়সত দেহত যৌন পূৰ্ণতা প্ৰাপ্তই কিয় দেখা দিয়ে ?

 

উদ্ভিদে যৌন প্ৰজননৰ কাৰণে কিছুমান বিশেষ কোষ আৰু কলা সৃষ্টি কৰে। প্ৰাণীসমূহে যৌন প্ৰজননৰ কাৰণে কিছুমান জনন কোষ সৃষ্টি কৰে। মানুহৰ ক্ষেত্ৰতো বিশেষ কলাৰ বিকাশ হয়। এনেদৰে যেতিয়া এটা নিৰ্দিষ্ট প্ৰাণীৰ দেহ বিভিন্ন অংগ বৃদ্ধি হৈ পূৰ্ণতা লাভ কৰে তেতিয়া ইয়াৰ দেহৰ সম্পদে পূৰ্ণ বিকাশৰ বাবে অৰিহণা যোগায়। এই প্ৰক্ৰিয়া যেতিয়া চলি থাকে তেতিয়া প্ৰজনন কলাৰ পূৰ্ণতা প্ৰাপ্তিয়েই সৰ্বাধিক গুৰুত্ব দিবলগীয়া বিষয় নহয়। এনেকৈ দেহৰ সাধাৰণ বৃদ্ধি প্ৰক্ৰিয়া যেতিয়া লাহে লাহে কমি আহে তেতিয়া প্ৰজনন কলাসমূহে পূৰ্ণতা লাভ কৰে। কৈশোৰ কালৰ এই সময়ছোৱাক যৌৱন কাল বা কন্যাকাল বোলে।

যৌন প্ৰজনন প্ৰক্ৰিয়া মানে দুটা দুটা বেলেগ বেলেগ জীৱৰ জনন কোষৰ পৰস্পৰ মিলন প্ৰ্ৰক্ৰিয়া। ফুল ফুলা উদ্ভিদৰ দৰে এই ক্ষেত্ৰতো জীৱ দেহৰ পৰা জনন কোষবিলাক বাহ্যিকভাৱে দেহৰ পৰা মুক্ত হয় নতুবা জনন কোষ আভ্যন্তৰীণভাৱে স্থানান্তৰ হ’বলৈ দুটা প্ৰাণীদেহৰ পৰস্পৰ মিলন হ’ব লাগিব যিটো বহুতো প্ৰাণীৰ ক্ষেত্ৰত হয়। দুটা বেলেগ প্ৰাণীৰ পৰস্পৰ মিলন হ’লে আন ব্যক্তিয়ে বুজিব লাগিব যে ইহঁত যৌন পূৰ্ণতা প্ৰাপ্ত। যৌৱন কালত বিভিন্ন পৰিৱৰ্তন দেখা যায় যেনে দেহত নতুন চুলি গঠন হোৱাটোৱে যৌন পূৰ্ণতা প্ৰাপ্ত হোৱাৰো পৰিচয় দিয়ে।

অন্যহাতেদি দুজন ব্যক্তিৰ দেহৰ পৰা জনন কোষৰ স্থানান্তৰৰ ক্ষেত্ৰত যৌন ক্ৰিয়াৰ বাবে বিশেষ অংগৰ প্ৰয়োজন হয়। যেনেকৈ পুৰুষৰ লিংগ উত্থিত কৰিলেহে পুংজনন কোষ বিদাৰন কৰিব পাৰি। যেনেকৈ স্তন্যপায়ী প্ৰাণী যেনে মানুহৰ ক্ষেত্ৰত মাতৃ গৰাকীয়ে বহুদিন ধৰি কেঁচুৱা গৰ্ভত ধাৰণ কৰে আৰু পিছলৈ ইয়াক দুগ্ধ পান কৰায়। ইয়াৰ কাৰণে স্ত্ৰীজনন অংগ আৰু স্তন যুগল পূৰ্ণতা প্ৰাপ্ত হ’ব লাগিব। এতিয়া আমি যৌন প্ৰজনন প্ৰক্ৰিয়াৰ প্ৰজনন তন্ত্ৰৰ বিষয়ে আলোচনা কৰিম।

পুংজনন তন্ত্ৰঃ

 

মানুহৰ পুংজনন তন্ত্ৰ একাধিক অংগৰে গঠিত। জনন কোষ সৃষ্টি কৰা অংগ আৰু জনন কোষবোৰক নিষেচন ক্ষেত্ৰলৈ স্থানান্তৰ কৰিব পৰা অংগসমূহক লৈ পুংজনন তন্ত্ৰটো গঠিত হৈছে। শুক্ৰাশয়ত পুংজনন কোষ বা শুক্ৰাণু গঠন হয়। পুৰুষ মানুহৰ উদৰাংশৰ পশ্চাৎ ভাগত শুক্ৰাশয়যোৰ অৱস্থিত। শুক্ৰাশয়যোৰ উদৰ অঞ্চলৰ পৰা নামি আহি শৰীৰৰ বাহিৰত থকা এটা শুক্ৰাশয় থলীত অৱস্থান লয়। শুক্ৰাণু গঠন হ’বৰ বাবে দেহৰ সাধাৰণ উষ্ণতাতকৈ কম উষ্ণতাৰ প্ৰয়োজন হয়। সেইকাৰণে শুক্ৰাশয়যোৰ শৰীৰৰ বাহিৰত অৱস্থান কৰে। শুক্ৰাণু গঠনৰ উপৰিও টেষ্ট’ষ্টেৰণে ল’ৰাৰ ক্ষেত্ৰত যৌৱন কালত বিভিন্ন পৰিৱৰ্তন আনে।

শুক্ৰাশয়ত উৎপন্ন হোৱা শুক্ৰাণু শুক্ৰবাহী নলীয়েদি কঢ়িয়াই আনে। শুক্ৰবাহী নলীডাল মূত্ৰাশয়ৰ পৰা অহা মূত্ৰবাহী নলীৰ লগত লগ লাগিছে। এনেকৈ মূত্ৰনলীডালে শুক্ৰ আৰু মূত্ৰ বহন কৰে। শুক্ৰবাহী নলীৰ ৰাস্তাত প্ৰষ্টেট গ্ৰন্থি আৰু শুক্ৰধাৰৰ পৰা নিঃসৰিত ক্ষাৰকীয় ৰস লগ লাগি শুক্ৰাণুৰ গতিপথত সহায় কৰে আৰু সিহঁতক পুষ্টিৰ যোগান ধৰে। শুক্ৰাণুসমূহ এবিধ ক্ষুদ্ৰকোষ প্ৰধানকৈ বংশগতি গুণবিশিষ্ট পদাৰ্থৰে গঠিত। ইয়াৰ এডাল দীঘল নেজ থাকে যাৰবাবে স্ত্ৰীজনন কোষৰ অভিমুখে গতি কৰিব পাৰে। শুক্ৰাণুত বহুতো বংশগতি গুণ নিহিত হৈ থাকে।

স্ত্ৰীজনন তন্ত্ৰঃ

 

স্ত্ৰীজনন কোষ বা ডিম্বকোষ ডিম্বাশয়ত উৎপন্ন হয়। ইয়াৰ উপৰি ডিম্বাশয়ৰ পৰা কিছুমান হৰম’ন নিঃসৰিত হয়। স্ত্ৰীজনন তন্ত্ৰটো স্ত্ৰীজনন নলীৰ দ্বাৰা গঠিত।

জন্মৰ সময়ত এগৰাকী ছোৱালীৰ ডিম্বাশয়ত অসংখ্য অপৰিপক্ক ডিম্বকোষ থাকে। কন্যাকাল আৰম্ভ হোৱাৰ লগে লগে কিছুমান ডিম্বকোষে পূৰ্ণতা প্ৰাপ্ত লাভ কৰে। ডিম্বাশয়যোৰৰ যিকোনো এটা ডিম্বাশয়ত প্ৰতি মাহত এটাকৈ ডিম্বকোষৰ পূৰ্ণতা প্ৰাপ্ত হয়। এই পূৰ্ণতা প্ৰাপ্ত ডিম্বকোষ ডিম্বনলী বা ফেল’পিয়ান টিউবৰ মাজেদি আহি গৰ্ভাশয়ত থিতাপি লয়। দুয়োডাল ডিম্বনলী একেলগ হৈ ডাঠ পেশী বহুল মোনা সদৃশ অংগৰ সৃষ্টি কৰে। ইয়াক জৰায়ু বোলে। জৰায়ুৰ দুটা অংশ থাকে, জৰায়ুৰ দেহ আৰু জৰায়ু গ্ৰীবা। জৰায়ুৰ দুই পাৰ্শ্বীয় কোণ দুটাত দুকাষৰ পৰা অহা ডিম্ববাহী নলী দুডাল প্ৰবেশ কৰে আৰু গ্ৰীবা অংশ তলফালে যোনিপথত মুকলি হয়।

সংগমৰ সময়ত শুক্ৰকোষ যোনি পথেদি সোমাই আহে। ইয়াৰ পৰা শুক্ৰকোষ উৰ্ধমুখী গতিৰে ডিম্ববাহী নলীত থিতাপি লয়। ইয়াত ডিম্বকোষ আৰু শুক্ৰকোষৰ মিলন ঘটে। এই ডিম্বকোষ নিষেচিত হৈ যোজন কোষৰ সৃষ্টি হয়। ইয়াৰ পাছত যোজন কোষ ডিম্বনলীৰ পৰা জৰায়ুত থিতাপি লয় আৰু ইয়াত ভেদন আৰু বৰ্ধন আৰম্ভ হয়। মাতৃ এগৰাকীৰ দেহৰ আভ্যন্তৰণটো এটা শিশু বৰ্ধন হ’ব পৰাকৈ গঠিত হৈছে। সেইকাৰণে প্ৰতিমাহতে স্ত্ৰীৰ গৰ্ভাশয়টোৱে একোটা ভ্ৰূণ বৃদ্ধি আৰু বৰ্ধন হ’ব পৰাকৈ প্ৰস্তুত কৰে। ইয়াৰ বাবে জৰায়ুৰ আৱৰণীখন ডাঠ হয় আৰু ৰক্তকেশিকাৰে গঠিত জালিকাৰ দ্বাৰা আৱেষ্টিত হৈ থাকে। জৰায়ুত ভ্ৰূণাৱস্থাৰ শিশুটোৰ বৰ্ধন আৰু পোষণ হয়।

গৰ্ভাৱস্থাত ভ্ৰূণটো আন্তঃআচ্ছাদনৰ লগত এবিধ বিশেষ কলাৰ দ্বাৰা বান্ধ খাই থাকে। ইয়াক অমৰা বা প্লেচেণ্টা বোলে। এই প্লেচেণ্টাৰ দ্বাৰা মাতৃদেহৰ তেজৰ যোগেদি ভ্ৰূণটোৱে পুষ্টি লাভ কৰে। প্লেচেণ্টাটো কাঁহী সদৃশ আৰু গৰ্ভাশয়ৰ বেৰত পোত খাই থাকে। ইয়াৰ পৰা কিছুমান ভিলাই ভ্ৰূণটোৰ ফালে বিয়পি থাকে। গৰ্ভাশয়ৰ আন্তঃআচ্ছাদনৰ ফালে ৰক্ত জালিকা থকাৰ কাৰণে মাতৃদেহৰ পৰা গ্লুক’জ আৰু অক্সিজেন ভ্ৰূণটোলৈ সৰবৰাহ হৈ থাকে। ভ্ৰূণটোৱে সৃষ্টি কৰা ৰেচন পদাৰ্থবোৰ প্লেচেণ্টাৰ মাধ্যমেদি মাতৃদেহত এৰি দিয়ে। এনেকৈ মাতৃদেহত ভ্ৰূণটো সম্পূৰ্ণ হ’বলৈ প্ৰায় ন মাহ আৱশ্যক হয়। গৰ্ভাশয়ৰ পেশীৰ নিৰ্দিষ্ট লয়ৰ সংকোচনৰ ফলত এটা শিশুৰ জন্ম হয়।

নিষেচন নহ’লে ডিম্বকোষটোৰ কি হয় ?

 

নিষেচন নোহোৱা ডিম্বকোষটো প্ৰায় এদিন জীৱিত অৱস্থাত থাকে। যেনেকৈ ডিম্বাশয়ে প্ৰতি মাহতে এটাকৈ ডিম্বকোষ সৃষ্টি কৰে, তেনেদৰে গৰ্ভাশয়টোৱে প্ৰতি মাহতে একোটা নিষেচিত ডিম্ব পালন কৰিবলৈ নিজকে প্ৰস্তুত কৰি ৰাখে। সেয়ে ডিম্বাশয়ৰ অন্তঃআচ্ছাদক কোমল আৰু ডাঠ হয়। নিষেচনৰ পৰা ভ্ৰূণ হ’লে ইয়াক এই আন্তঃআচ্ছাদকখনে পোষণ যোগান ধৰাৰ প্ৰয়োজন হয়। যদি নিষেচন নহয় তেতিয়া আচ্ছাদকখন ভাঙি যায় আৰু ৰক্ত আৰু শ্লেষ্মা হিচাপে যোনি পথেদি বাহিৰ হৈ যায়। প্ৰতি মাহে এইটো চক্ৰাকাৰে চলি থাকে। ইয়াক ঋতুচক্ৰ বোলে।

জনন স্বাস্থ্যঃ

 

যৌন পূৰ্ণতা প্ৰাপ্তি হঠাতে হোৱা পৰিঘটনা নহয়। দেহৰ বৃদ্ধি আৰু বৰ্ধনৰ লগে লগে ই চলি থাকে। গতিকে কিছু যৌন পূৰ্ণতা প্ৰাপ্ত হোৱাৰ অৰ্থ এইটো নহয় যে দেহ আৰু মন যৌন ক্ৰিয়াত লিপ্ত হ’ব পৰাকৈ আৰু সন্তান জন্ম দিবৰ বাবে সুস্থ কাৰ্যক্ষম হৈ উঠে। দেহ আৰু মন সুস্থ কাৰ্যক্ষম হৈছেনে নাই আমি কেনেকৈ জানিম ? এনে প্ৰেক্ষাপটত আমাৰ সকলোৱে কিছুমান হেঁচাৰ সন্মুখীন হ’ব লগা হয়। আমি বিচাৰো বা নিবিচাৰো বিভিন্ন প্ৰকাৰৰ কাৰ্যকলাপত লিপ্ত হ’বলৈ বন্ধুবৰ্গৰ পৰা হেঁচা আহে। কেতিয়াবা পৰিয়ালৰ পৰা বিয়া কৰাবৰ বাবে বা সন্তানৰ বাবে হেঁচা আহি পৰে। কেতিয়াবা চৰকাৰী সংস্থাৰ পৰা সন্তান জন্ম নিদিয়াৰ বাবে হেঁচা প্ৰয়োগ কৰা দেখা যায়। এই পৰিস্থিতিত কোনো এটা সিদ্ধান্তত উপনীত হোৱাটো জটিল হৈ পৰে।

আমি এই ক্ষেত্ৰত সম্ভাৱ্য যৌন স্বাস্থ্য সম্পৰ্কে কিছু বিবেচনা কৰিব লাগিব। এজন ব্যক্তিৰ পৰা আন ব্যক্তিৰ দেহলৈ বিভিন্ন প্ৰথাৰে ৰোগ বিয়পিব পাৰে। যৌন ক্ৰিয়া এটা অতি নিবিড় স্পৰ্শকাৰক প্ৰক্ৰিয়া আৰু সেইকাৰণে এই ক্ৰিয়াৰ যোগেদি বহুতো যৌন ৰোগ বিয়পিব পাৰে। এনেধৰণৰ যৌন ৰোগৰ ভিতৰত বেক্টেৰিয়াৰ দ্বাৰা আক্ৰমণ হোৱা ৰোগ যেনে- গণ’ৰিয়া আৰু চিফিলিচ আদি। ভাইৰাছৰ দ্বাৰা হ’ব পৰা ৰোগ যেনে- এইচ আই ভি, এইডছ। এনেধৰণৰ ৰোগবোৰ যৌন ক্ৰিয়াৰ সহায়ত সংক্ৰমণ ৰোধ কৰিব পাৰিনে ? গৰ্ভনিৰোধক সামগ্ৰী যেনে কনডম পুংজনন অংগত পিন্ধি ল’লে যৌন ক্ৰিয়াৰ সময়ত সংক্ৰমিত হোৱা ৰোগক ৰোধ কৰিব পাৰি।

যৌন ক্ৰিয়াৰ দ্বাৰা গৰ্ভধাৰণ হয়। এগৰাকী মহিলাৰ গৰ্ভধাৰণ সম্পূৰ্ণভাৱে নিৰ্ভৰ কৰে তেখেতৰ দৈহিক আৰু মানসিক অৱস্থাৰ ওপৰত। যদি মহিলা গৰাকী গৰ্ভধাৰণৰ বাবে প্ৰস্তুত নাথাকে তেতিয়া তেওঁৰ স্বাস্থ্যৰ যথেষ্ট ক্ষতি হ’ব। বিভিন্ন কৌশল অৱলম্বণ কৰি গৰ্ভধাৰণ ৰোধ কৰিব পাৰি। ইয়াৰ বাবে বহুতো গৰ্ভনিৰোধ পদ্ধতি আছে। এনে এবিধ গৰ্ভনিৰোধ পদ্ধতি হ’ল কাৰিকৰী প্ৰতিবন্ধক যাৰ সহায়ত শুক্ৰাণুবোৰ ডিম্বাণু কোষৰ লগত মিলন নোহোৱাকৈ আৱদ্ধ কৰি ৰাখিব পাৰি। এই পদ্ধতিত পুংজনন অংগত কনডম পিন্ধি লোৱা হয়। স্ত্ৰী ব্যক্তিৰ ক্ষেত্ৰত তেনেধৰণৰ আৱৰণী যোনি পথত সংস্থাপিত কৰা হয়। আন এবিধ গৰ্ভনিৰোধক পদ্ধতিত দেহত হৰম’নৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি ডিম্বক্ষৰণ বন্ধ কৰা হয়। ইয়াৰ ফলত নিষেচন হ’ব নোৱাৰে। এনে প্ৰক্ৰিয়াত সাধাৰণতে ব্যৱহৃত ঔষধবোৰ পিল বা বড়ি আকাৰে পোৱা যায়। এনেধৰণৰ ঔষধবোৰে হৰম’নৰ ক্ৰিয়া নিয়ন্ত্ৰণ কৰি ৰাখে কিন্তু ইয়াৰ কিছুমান পাৰ্শ্বক্ৰিয়া থাকে। ইয়াক অ’ৰেল কণ্ট্ৰাচেপ্টিভ বোলে। অন্য এবিধ গৰ্ভনিৰোধক পদ্ধতি হ’ল কপাৰ-টি। ইয়াক গৰ্ভাশয়ত সংস্থাপন কৰি গৰ্ভধাৰণ বন্ধ কৰা হয়। আকৌ এইবিলাকে গৰ্ভাশয়ৰ প্ৰবাহৰ বাবে কিছুমান পাৰ্শ্বক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে। পুৰুষ ব্যক্তিৰ শুক্ৰবাহী নলী বন্ধ কৰি শুক্ৰ সৰবৰাহ বন্ধ কৰিব পাৰি। একেদৰে স্ত্ৰী ব্যক্তিৰ ডিম্ববাহী নলী বন্ধ কৰি ৰাখিলে ডিম্ব গৰ্ভাশয়ত অৱস্থান কৰিব নোৱাৰে। এই দুয়োটা পদ্ধতিত নিষেচন হ’ব নোৱাৰে। বন্ধ্যাকৰণ পদ্ধতিৰে এনে ক্ৰিয়া সম্ভৱ হয়। যদিও বন্ধ্যাকৰণ পদ্ধতি দীৰ্ঘম্যাদীৰ কাৰণে নিৰাপদ তথাপি অস্ত্ৰোপচাৰ ভালদৰে নহ’লে ইয়াৰ পৰা কিছুমান সংক্ৰমণ আৰু অন্যান্য সমস্যাৰ আশংকা থাকে। অস্ত্ৰোপচাৰৰ দ্বাৰা অপ্ৰত্যাশিত গৰ্ভধাৰণ নষ্ট কৰিব পাৰি। কেতিয়াবা কিছুমান মানুহে ইয়াক অপব্যৱহাৰ কৰা দেখা যায়। যেনে কন্যা ভ্ৰূণ ধ্বংস কৰা। ই এক অপৰাধ। সুস্থ সমাজৰ বাবে কন্যা সন্তান আৰু ল’ৰা সন্তানৰ অনুপাত অটুত থকাটো প্ৰয়োজন। জন্মৰ আগতে লিংগ নিৰ্ণয় প্ৰক্ৰিয়াটো আইনৰ দ্বাৰা নিষিদ্ধ কৰা হৈছে যদিও বিবেচনাহীনভাৱে কন্যাভ্ৰূণ ধ্বংস কৰাৰ বাবে আমাৰ সমাজৰ কিছুমান ঠাইত কন্যা সন্তানৰ অনুপাত কমি আহিছে।

আমি জানো যে প্ৰজনন প্ৰক্ৰিয়াৰ দ্বাৰাই জীৱই সিহঁতৰ বংশ বৃদ্ধি কৰে। জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰৰ দ্বাৰা কোনো এটা আবাদীৰ আকাৰ নিৰ্ভৰ কৰে। বৰ্ধিত জনসংখ্যা এটা সমস্যা। জনসংখ্যা বাঢ়ি গ’লে উন্নত মানদণ্ডৰ জীৱন ধাৰণ প্ৰণালী গঢ়ি তুলিবলৈ কষ্টকৰ হয়। যি কি নহওক, সমাজৰ বৈষম্যতাৰ বাবে দৰিদ্ৰতাই যদি মূল কাৰণ তুলনামূলকভাৱে আবাদীৰ আকাৰ গুৰুত্বহীন। যদি আমাৰ পাৰিপাৰ্শ্বিকৰ চাৰিওফালে লক্ষ্য কৰোঁ তেতিয়া দৰিদ্ৰতাৰ মূল কাৰণ কি বুলি চিনাক্ত কৰিম ?

(উৎসঃ ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, প্ৰকাশনঃ অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেড)।

3.09523809524
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক