মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / দাঁত আৰু আপোনাৰ মোহনীয় হাঁহিটো -
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

দাঁত আৰু আপোনাৰ মোহনীয় হাঁহিটো -

দাঁত আৰু আপোনাৰ মোহনীয় হাঁহিটোৰ বিষয়ে লিখা হৈছে ।

 

কচুপাতৰ পানীয় দৰে খন্তেকীয়া জীৱনৰ অমুল্য সময়ছোৱাত মানুহ এনে এক যন্ত্ৰত পৰিণত হৈ পৰিছে যে মানুহে হাঁহিবলৈ পাহৰি গৈছে। সমাজ জিনিব পৰা এটা মিঠা হাঁহিৰ অভাৱে মানুহক কৰি তুলিছে নি:স্ব। যাৰ ফলত এটি অসুখী জীৱন-যাপনেৰে মানুহৰ মন ভাৰাক্ৰান্ত হৈ পৰিছে। সুখ, আনন্দ আৰু সুস্থতাৰ প্ৰতীক হাঁহি। প্ৰতিজন মানুহেই কোনো শব্দ প্ৰয়োগ নকৰাকৈ এটা অৰ্থপুৰ্ণ হাঁহিৰে অচিনাকিজনৰ লগতো মনৰ ভাব প্ৰকাশ কৰাৰ লগতে ব্যক্তিত্ব তথা বন্ধুত্ববোধ জগাই তুলিব পাৰে। এটা হাঁহিৰ মাধ্যমেৰেই এজন ব্যক্তিয়ে আন এজন ব্যক্তিৰ মনস্তাত্ত্বিক আৰু আৱেগিক দিশৰ ছবিখন বিচাৰি পাব পাৰে। হাঁহিৰে আয়ুস বৃদ্ধি কৰিব পাৰে বুলি এষাৰ কথা থকাৰ পাছতো এনে কিছু ব্যক্তিক কেতিয়াবা লগ পোৱা যায়-যি হাঁহো বুলিও হাঁহি এটা মাৰিব নোৱাৰে। এটা হাঁহিৰ বাবে উদ্বাউল হৈ থকাৰ পাছতো এক হীনমানসিকতাই তেওঁলোকক এনেভাৱে গ্ৰাস কৰি থাকে যে মুখ খুলি হাঁহিব পৰাকৈ তেওঁলোকৰ দাঁতৰ গঠন চকুত লগা বিধৰ নহয়। সৰুৰে পৰাই দাঁতৰ যতন কিদৰে ল’ব লাগে বা দাঁতনো কি এই সম্পৰ্কে এটা বহল ধাৰণা নথকাৰ কাৰণেই বহু সময়ত বহল দাঁতৰ অধিকাৰী ব্যক্তি এজনেও সময়ত এটা খোলা হাঁহিৰ পৰা বঞ্চিত হ’ব লগা হয়।

মানৱ শৰীৰৰ ৭৯ টা প্ৰধান অংগৰ ভিতৰত এটা অংগ হৈছে দাঁত। এই দাঁতৰ সহায়ত আমি খোৱা খাদ্যসমুহক ক্ষুদ্ৰ অৱস্থালৈ ৰুপান্তৰিত কৰোঁ-যাতে খাদ্যসমুহ সহজে পাকস্থলীয়ে হজম কৰিব পাৰে। কিয়নো খাদ্যসমুহ গোটা অৱস্থাত গিলি খালে শৰীৰে বিচৰা আৱশ্যকীয় পুষ্টিখিনি খাদ্যৰ পৰা আহৰণ কৰিব নোৱাৰে। ফলত বদহজমী, গেষ্টিক, পুষ্টিহীনতা, এনিমিয়া, দুৰ্বলতাৰ লগতে আনুষংগিক ৰোগসমুহৰ সৃষ্টি হ’ব পাৰে। সেয়েহে দাঁতক আমি সুস্থৰুপে ৰখাটো অতি প্ৰয়োজন। বিশ্বৰ অন্যান্য দেশৰ নাগৰিসকলৰ দাঁতৰ প্ৰতি বহু সচেতন আৰু তেওঁলোকে দাঁতৰ যত্ন লোৱা দেখা যায়। বৰ্তমান ভাৰততো ইয়াৰ সজাগতা বৃদ্ধি পাইছে।

মানুহৰ দাঁতৰ প্ৰকাৰ চাৰিবিধ। যেনে-আগদাঁত বা কৃন্তক দাঁত, কুকুৰ দাঁত বা ছেদক দাঁত, অগ্ৰগামী দাঁত বা পুৰপেষক দাঁত, পেষক বা জামী দাঁত। এই দাঁতসমুহৰ নিৰ্দিষ্ট কাৰ্য থাকে।

আগদাঁতে খাদ্যবোৰ সৰু সৰু টুকুৰালৈ ৰুপান্তৰিত কৰে। কুকুৰ দাঁতে খাদ্যবোৰ ছিঙে আৰু বাকী দুই প্ৰকাৰৰ দাঁতে খাদ্যবোৰ ছিঙে আৰু বাকী দুই প্ৰকাৰৰ দাঁতে খাদ্যবোৰ গুড়ি কৰে। এই দাঁতসমুহৰ শিপাবোৰৰ ওপৰত পাৰিক (মেক জিলা) সোলাও সোমাই থাকে আৰু তলৰ পাৰি মেনডিবোলত সোমাই থাকে।

এটা দাঁতত বিভিন্ন প্ৰকাৰৰ তৰপ থাকে। সেইসমুহক বিশেষতে তিনি প্ৰকাৰত বিভক্ত কৰিব পাৰি। যেনে-

ক) (Crown) মুখৰ ভিতৰত আমি সহজতে দেখা পোৱা দাঁতসমুহ।

খ) (Neck) দেখা পোৱা আৰু দেখা নোপোৱা দাঁতৰ মাজৰ ভাগ।

গ) (Root) আলুৰ ভিতৰত সোমাই থকা আমি চকুৰে নেদেখা অংশ।

Crownৰ একে ওপৰৰ অংশক Cramel  বুলি কোৱা হয়। যিটো মানৱ শৰীৰৰ আটাইতকৈ টান সম্পদ। এনেস্থলত পাছত ক্ৰমান্বয়ে  Dentin, Cemntum, Dentel pulp   ।

মানৱ শৰীৰত দুই ধৰণৰ দাঁত দেখা যায়। তাৰে এটা হ’ল গাখীৰ খোৱা দাঁত (Deciduous)। কিছুসংখ্যক নৱজাতকৰ ক্ষেত্ৰত ছমাহৰ ভিতৰত যি দাঁত গজা দেখা যায় তাক Natalteet  বুলি কোৱা হয়। দৰাচলতে শিশুৰ ছমাহ পাৰ হোৱাৰ পাছতহে গাখীৰ খোৱা দাঁতবোৰ গজিবলৈ আৰম্ভ কৰে আৰু এই কালছোৱাত কণমানিসকলৰ এটা মৃদু বিষৰ অনুভৱ হয়। ওপৰৰ ১০ টা আৰু তলৰ ১০ টা দাঁতৰ সৈতে ২০ টা দাঁত ভৱিষ্যতে যেতিয়া দাঁত সৰিবলৈ ধৰে তাৰ পাছত সেই ঠাইতে আকৌ নতুন দাঁত গজে। ইয়াকে স্থায়ী দাঁত বোলে (Permanent Teeth)।

স্থায়ী দাঁত ওপৰৰ পাৰিত ষোল্লটা আৰু তলৰ পাৰিত ষোল্লটা মুঠতে ৩২ টা  দাঁত গজে। কোনো কোনো লোকৰ ক্ষেত্ৰত ইয়াৰ ব্যতিক্ৰমো দেখা পোৱা যায়। যদি ৩২ টাতকৈ বেছি দাঁত হয় তেতিয়া তাক Hyperdontia  বুলি কোৱা হয় আৰু যদি কম দাঁত থাকে তেতিয়া তাক Hypodontia  বুলি কোৱা হয়।

উক্ত বৰ্ণনাখিনি দাঁতৰ বিষয়ত এটা সুক্ষ্ম আভাসহে দিয়া হ’ল। কোনো ধৰণৰ দাঁতৰ ৰোগ হোৱা বুলি জানিলে সাধাৰণ ব্যক্তি হিচাপে আমি বিশেষজ্ঞৰ পৰা সু-পৰামৰ্শ আৰু সু-চিকিৎসা লোৱাৰ উপৰি দৈনন্দিন জীৱনত দাঁতৰ যত্ন ল’বলগীয়া শৈলী দুটামান আহৰণ কৰা অতি আৱশ্যকীয়। মুলতে মুখৰ ভিতৰখন পৰিষ্কাৰ কৰি ৰখা আৰু দৈনন্দিন দুবাৰকৈ দাঁত মজা উচিত। এবাৰ ৰাতিপুৱা আৰু এবাৰ ৰাতি আহাৰ গ্ৰহণ কৰাৰ পাছত। যিকোনো ধৰণৰ লিকটিয়া বা মিঠা বস্তু খোৱাৰ পাছত মুখখন ভালকৈ ধুব লাগে যাতে দাঁতৰ ফাঁকত কোনো ধৰণৰ খাদ্যবস্তু সোমাই নাথাকে।  Dental Flossing ৰ নিতান্ত প্ৰয়োজন। আঁহ বা ফাইবাৰযুক্ত আহাৰ খোৱাটো বাঞ্চনীয়। টেঙা (ভিটামিন চি) জাতীয়  খাদ্য আৰু লগতে কেলচিয়ামযুক্ত আহাৰ খোৱাটো প্ৰয়োজনীয়। কিন্তু ভিটামিন চি আৰু কেলচিয়াম একেলগে সেৱন কৰিব নালাগে। প্ৰয়োজন সাপেক্ষে দাঁতৰ বিশেষজ্ঞৰ লগত কমেও বছৰি এবাৰকৈ দন্ত পৰীক্ষা (Oral Check Up) কৰোৱাৰ প্ৰয়োজন। এজন সুস্থ মুখৰ আৰু দাঁতৰগৰাকীয়ে নিজকে বহু ৰোগৰ পৰা বচাই ৰখাৰ লগতে জগত জিনিব পৰা এটা হাঁহিৰ অধিকাৰী হ’ব পাৰে।

গতিকে যদি এই সাধাৰণ বিধিসমুহ পালন কৰি দাঁতৰ যত্ন ল’ব নোৱাৰোঁ, তেনেহ’লে আমি বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। যেনে-দাঁতৰ গুৰিৰ পৰা তেজ ওলোৱা, মুখৰ দুৰ্গন্ধ , দাঁতৰ সিৰসিৰনি, আলু ক্ষয় যোৱা, আলু ফোলা আৰু আলুত পাথৰ জমা হোৱাকে ধৰি বিভিন্ন সমস্যাই দেখা দিব পাৰে। এই গোটেইখিনিকে পায়েৰীয়া (peridontis)বোলা হয়।

দ্বিতীয়তে, Caries  (Cavities) বা দাঁতত ফুটা হোৱাৰ লগতে দাঁতৰ বিষ হোৱা দেখা যায়। ইয়াৰ লগতে দাঁত গজাৰ সময়ত হোৱা কিছু তাৰতম্যৰ বাবে দাঁতৰ এনামেল ক্ষয় হোৱা, দাঁতৰ ৰং সলনি হোৱা দাঁতৰ কিছু অংশ ক্ষয় হোৱা, দাঁতৰ গঠন আৰু দাঁতৰ আকৃতিত কিছুমান অস্বাভাৱিক পৰিৱৰ্তন দেখা যায়।

ইয়াৰ উপৰি আমাৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু সজাগতাৰ অভাৱত বহুতো সমস্যাই অদঁত অৰু মুখমণ্ডলত দেখা দিয়ে। এই শিতানত অতি সাধাৰণভাৱে উল্লেখ কৰা বিধিসমুহ পালন কৰি আপো নালোকক উপকৃত হ’ব বুলি আশা কৰিছোঁ। তাৰ প্ৰতি লক্ষ্য ৰাখি অনুভৱ কৰিছোঁ দাঁত আৰু মুখৰ বিভিন্ন সমস্যা  সম্পৰ্কে সজাগতা সৃষ্টি কৰাৰ লগতে তাৰ প্ৰতিকাৰ সম্পৰ্কেও আলোচনা কৰাৰ সময় আহি পৰিছে। মনৰ আনন্দক প্ৰতিৰোধ কৰিব নোৱাৰাকৈ আমি যাতে হাঁহিৰ মাজেৰে এটা সুন্দৰ জীৱন যাপন কৰিব পাৰোঁ।

লেখিকা:  ডা: জয়শ্ৰী পাঠক (দেওবৰীয়া সুকন্যা )

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top