মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / দাঁত আৰু সাধাৰণ স্বাস্থ্য
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

দাঁত আৰু সাধাৰণ স্বাস্থ্য

 

শৰীৰৰ গঠন, বিকাশ আৰু চলন-ফুৰণকে ধৰি দৈনন্দিন কাম-কাজ কৰাৰ কাৰণে আমাক শক্তিৰ প্ৰয়োজন হয়।এই শক্তি আমি আহৰণ কৰো খাদ্যৰ জৰিয়তে। আমাৰ দাঁত দুপাৰিয়ে খাদ্যবস্তু কামুৰি চোবাই গুড়ি কৰি খাই হজম ক্ৰিয়াত সহায় কৰে। খাদ্যবস্তুৰ প্ৰকাৰ, খোৱাৰ প্ৰক্ৰিয়া আৰু ধৰণৰ ওপৰত দাঁতৰ আকাৰ আৰু গঠন নিৰ্ভৰ কৰে। মুখগহ্বৰৰ তলে-ওপৰে দুই পাৰি দন্তবিন্যাসৰ ছেদক, কৃন্তক, পুৰু:পেষক আৰু পেষক দাঁতে আমি খোৱা খাদ্যবস্তু সৰু সৰুকৈ কাটি ,কামুৰি, চোবাই, গুড়ি কৰি মিহি অংশলৈ ৰুপান্তৰ কৰে।এই গুড়ি হোৱা খাদ্য মুখৰ থু বা লেলাৱটিৰ লগত মিহলি হৈ জিভা আৰু মুখৰ মাংসপেশীৰ সহায়ত এটা পিণ্ড (bollus)ত পৰিণত হয় আৰু খাদ্যনলীত প্ৰৱেশ কৰি পাকস্থলীলৈ গতি কৰে।দাঁত আৰু মুখৰ স্বাস্থ্য ভালে নাথাকিলে খাদ্যবস্তু চোবাই খোৱা প্ৰক্ৰিয়াৰ বেমেজালি ঘটে ,ফলত খাদ্যবস্তু ভালদৰে হজম নহয়।বদহজমৰ ফলত শৰীৰক লগা প্ৰয়োজনীয় শক্তিৰ তাৰতম্য ঘটে আৰু স্বাস্থ্যৰ অৱনতি ঘটে।সেয়েহে শৰীৰৰ অন্যবোৰ অংগ- প্ৰত্যংগৰ দৰে দুপাৰি সুস্থ-সবল দাঁত ব্যক্তিৰ সাধাৰণ স্বাস্থ্যৰ বাবে অপৰিহাৰ্য আৰু ই ব্যক্তিৰ শাৰীৰিক, মানসিক আৰু সামাজিক স্বাস্থ্য গঠনত বিশেষ ভুমিকা গ্ৰহণ কৰে।

ব্যক্তিৰ মুখ আৰু পেটৰ সম্পৰ্ক ওতপ্ৰোতভাৱে জড়িত-

মুখত দন্তক্ষয় বা ডেণ্টেল কেৰিজ ৰোগৰ দ্বাৰা আক্ৰান্ত বা ভগা-ছিগা দাঁত থাকিলে সঘনাই ডিঙিৰ বেমাৰ (টনছিলাইটিছ)বা নাকৰ বেমাৰ (ছাইনাছাইটিছ)ত ভোগা দেখা যায়। দাঁতৰ অসুখৰ পৰা নাক-কাণ, ডিঙি আৰু মুৰৰ বিষো হ’ব পাৰে। মুখৰ ঊৰ্ধ্ব বা নিম্ন হনুৰ শেষৰ জামি দাঁতটো (তৃতীয় পেষক বা জ্ঞান দাঁত)যদি দন্তক্ষয় ৰোগৰ দ্বাৰা সংক্ৰমিত হয়,যদি শেষ দাঁতটোৰ চাৰিওকাষ আৱৰি ৰখা কলাৰ সংক্ৰমণ হয়,তেতিয়াও বহু সময়ত সেপ ঢুকিলে ডিঙি বিষোৱা, মুৰৰ বিষ নতুবা মুখখন মেলিব নোৱাৰা আদি লক্ষণে দেখা দিয়ে।

আমাৰ মুখগহ্বৰ অসংখ্য জীৱাণুৰ এক ভঁৰাল।এই জীৱাণুবোৰৰ কিছুমানে বেমাৰৰ সৃষ্টি কৰে আৰু কিছুমানে নকৰে। আৰু কিছুমান স্থায়ীভাৱে মুখত থাকে আৰু কিছুমান অস্থায়ীভাৱে থাকি সময়ত নাইকিয়া হয়।সাধাৰণ অৱস্থাত এই সুক্ষ্ম জীৱাণুবোৰে মুখৰ ভিতৰত এটা সৌহাৰ্দ্যপুৰ্ণ পৰিৱেশত মিলাপ্ৰীতিৰে বসবাস কৰে।কিন্তু যেতিয়া প্ৰতিকুল পৰিৱেশত শৰীৰৰ প্ৰতিৰোধ ক্ষমতা কমি যায়, তেতিয়া বেমাৰৰ সৃষ্টি কৰিব পৰা এই জীৱাণুবোৰ সক্ৰিয় হৈ উঠে আৰু এই বীজাণুবোৰ আমি গ্ৰহণ কৰা শৰ্কৰা বা চেনি (carbohydrate)জাতীয় খাদ্যৰ ওপৰত ক্ৰিয়া কৰি দাঁতৰ এনামেলৰ অনিষ্ট সাধন কৰি দন্তক্ষয় ৰোগ (Dental Caries)ৰ সৃষ্টি কৰে।আৰম্ভণিতে চিকিৎসা নকৰিলে পৰ্যায়ক্ৰমে দন্তক্ষয় ৰোগ বাঢ়ি গৈ দাঁতৰ গুৰিত পুঁজৰ সৃষ্টি কৰিব পাৰে আৰু ফলত হাড়ৰ সংক্ৰমণজনিত প্ৰদাহৰ নিচিনা জটিলতাৰ সৃষ্টি কৰিব পাৰে। দন্তক্ষয় ৰোগৰ উপৰি মুখত থকা অনিষ্টকাৰী জীৱাণুবোৰে দাঁতক আৱৰি ধৰি থকা চাৰিওকাষৰ কলা বা আবেষ্টনীক আক্ৰমণ কৰি দাঁতৰ মাৰি বা আলুৰ ৰোগ,যাক আমি ‘পায়েৰিয়া’ বুলি কওঁ,সেই ৰোগৰ সৃষ্টি কৰিব পাৰে।

প্ৰাৰম্ভিক অৱস্থাতে এই ৰোগৰ চিকিৎসা নকৰালে দাঁতক ধৰি ৰখা প্ৰতিপালক অংশ ক্ৰমে নষ্ট হৈ গৈ থাকে আৰু পিছলৈ দাঁত লৰিবলৈ আৰম্ভ কৰে। এটা সময়ত লৰি থকা দাঁতবোৰ আপোনা-আপুনি সৰি পৰে। অকালতে দাঁতকেইটা হেৰুৱাবলগীয়া হ’লে ব্যক্তি এজনে খোৱা-বোৱা আৰু কথা-বতৰা পতাৰ কষ্টকে আদি কৰি বহুধৰণৰ অসুবিধাৰ সন্মুখীন হয়। ইয়াৰোপৰি কেতিয়াবা মুখত বসবাস কৰা অনিষ্টকাৰী জীৱাণুবোৰৰ পৰা ‘একিউট নেক্ৰ’টাইজিং আলচাৰেটিভ জিঞ্জিভাইটিছ (Acute Necrotising Ulcerative Gingivities)ৰ নিচিনা জটিল ৰোগৰ সৃষ্টি হৈ ৰোগীজনক সম্পুৰ্ণৰুপে অচল কৰি পেলায়।

যদি কোনো ব্যক্তিৰ মুখত দন্তক্ষয়ৰ দ্বাৰা আক্ৰান্ত হৈ নতুবা দুৰ্ঘটনাজনিত কাৰণত ভগা দাঁতৰ ধাৰাল জোঙা টুকুৰা থাকে,আৰু ব্যক্তিজনৰ পাণ-তামোল,চাধা-চিগাৰেট,বিড়ি সেৱন আৰু সুৰাপান আদি বদঅভ্যাস থাকে,তেতিয়া এনেধৰণৰ দাঁতৰ ঘঁহনি খাই মুখৰ ভিতৰৰ কোমল শ্লেষ্মা আৱৰণখনত কিছুমান সহজতে নুশুকোৱা কেঁচা ঘাৰ সৃষ্টি হ’ব পাৰে।সময়মতে চিকিৎসা নকৰি অৱহেলা কৰিলে সময়ত এই ঘাবিলাক কৰ্কট ৰোগলৈ ৰুপান্তৰিত হোৱাৰো সম্ভাৱনা থাকে।মন কৰিবলগীয়া কথা যে মুখৰ কৰ্কট ৰোগ আৰম্ভ হোৱা ঠাইতে সীমাবদ্ধ নাথাকি শৰীৰৰ বিভিন্ন অংশলৈ তেজ বা লসিকা (Lymphatics)ৰ সহায়ত প্ৰসাৰিত হয় আৰু শৰীৰৰ আন আন অংশত কৰ্কট ৰোগৰ সৃষ্টি কৰে।কৰ্কট ৰোগ বহুত বেছি পৰিমাণে প্ৰসাৰিত হৈ পৰিলে শল্য চিকিৎসা, ঔষধ আৰু ৰেডিঅ’থেৰাপীৰ নিচিনা বিভিন্ন চিকিৎসা পদ্ধতি প্ৰয়োগৰ পাছতো ৰোগী এজনৰ জীৱন ৰক্ষা কৰাটো কেতিয়াবা অসম্ভৱ হৈ পৰে। মুখত বসবাস কৰা জীৱাণুসমুহে অকল যে মুখৰ ভিতৰতে বিভিন্ন ৰোগৰ সৃষ্টি কৰে এনে নহয়, কেতিয়াবা মুখত কিবা কাৰণত ঘা লাগিলে বা পায়েৰিয়া ৰোগ হ’লে দাঁত উঠোৱাৰ পাছত এই সুক্ষ্ম জীৱাণুবোৰে তৈয়াৰ কৰা এনজাইম বা বিষাক্ত ৰসবোৰ তেজৰ লগত মিহলি হৈ শৰীৰৰ বিভিন্ন অংশলৈ বিয়পি পৰে। আনকি মুখত ৰোগ সঞ্চৰণ হৈ থাকিলে,সাধাৰণ দাঁত ব্ৰাছ কৰা কাৰ্যৰ কাৰণেও জীৱাণুসমুহে শৰীৰত প্ৰৱেশ কৰিব পাৰে।বহু সময়ত এই জীৱাণুসমুহে আমাৰ শৰীৰৰ অতি প্ৰয়োজনীয় অংগ, যেনে-হাওঁফাওঁ, হৃৎপিণ্ড, বৃক্ক ,আনকি মগজুতো ৰোগৰ সৃষ্টি কৰি মানুহক মৃত্যুমুখত পেলাব পাৰে।ইয়াৰোপৰি পায়েৰিয়া ৰোগ হ’লে শৰীৰৰ তেজ গোট মৰা প্ৰক্ৰিয়াৰ কোপ বৃদ্ধি পায়।পায়েৰিয়া ৰোগে তেজৰ ঘনত্ব বঢ়োৱাত অৰিহণা যোগায় আৰু শৰীৰৰ ভিতৰতেই তেজ গোট মৰা প্ৰৱণতা বৃদ্ধি পায়।উল্লেখযোগ্য যে দাঁতৰ মাৰিৰ ৰোগ বা পায়েৰিয়াত ভুগি থকা মহিলাই গৰ্ভধাৰণ কৰিলে কম ওজনৰ সন্তান প্ৰসৱ,আগতীয়া প্ৰসৱ নতুবা মৃত সন্তান প্ৰসৱ কৰাৰ প্ৰাবল্য বাঢ়ি যায়।

শ্বাসতন্ত্ৰৰ ৰোগ সৃষ্টিতো মুখগহ্বৰে এক বিশেষ ভুমিকা গ্ৰহণ কৰে-

বহু সময়ত মুখগহ্বৰত থকা জীৱাণুসমুহ শ্বাসনলীৰ জৰিয়তে হাওঁফাওঁলৈ যায়।আৰু নিউম’নিয়া ৰোগৰ সৃষ্টি কৰে। এই ৰোগ মানৱ জাতিৰ মৃত্যুৰ ষষ্ঠ প্ৰধান কাৰণ। বিভিন্ন গৱেষণাৰ পৰা জানিব পৰা গৈছে যে মুখৰ সুস্বাস্থ্যসম্পন্ন ব্যক্তিৰ তুলনাত অৱহেলিত মুখৰ স্বাস্থ্যৰ ব্যক্তিসকল ৪-৫ গুণ বেছি শ্বাসতন্ত্ৰৰ ৰোগত ভোগে।

দাঁত আৰু বহুমুত্ৰ বা ডায়েবেটিছ ৰোগৰ সম্পৰ্ক অতি ঘনিষ্ঠ।বহুমুত্ৰ ৰোগ শৰীৰৰ বিপাকীয় (Metabolism)প্ৰক্ৰিয়াৰ এবিধ বিকাৰ।

এই ৰোগত শৰ্কৰা জাতীয় খাদ্যৰ বিপাক অস্বাভাৱিক হয়।শৰীৰত কোনো ৰোগৰ সংক্ৰমণ হৈ থাকিলে,বিশেষ কিছুমান কোষত গ্লুক’জ সোমাব নোৱাৰে। লগতে ইনছুলিনৰ প্ৰতিকোষবিলাকৰ ৰোধকতা( Resistance) বাঢ়ি যায়, ফলস্বৰুপে বহুমুত্ৰ ৰোগৰ প্ৰকোপ (Severity) আৰু বৃদ্ধি পায়। বহুতো বিজ্ঞানসন্মত গৱেষণাৰ পৰা জানিব পৰা গৈছে যে বহুমুত্ৰ ৰোগত ভোগা ৰোগী এজনৰ দাঁতৰ আলু ফুলা, তেজ-পুঁজ ওলোৱাকে আদি কৰি পায়েৰিয়াৰ লক্ষণসমুহ খুব সঘনে হোৱা দেখা যায়।এই লক্ষণসমুহৰ চিকিৎসা কৰাৰ পিছত বহুমুত্ৰ ৰোগৰ প্ৰকোপ কমি যোৱা পৰিলক্ষিত হয়।

আমাৰ মুখগহ্বৰ শৰীৰটোৰ দাপোণস্বৰুপ। মুখৰ পৰা যিদৰে শৰীৰৰ বিভিন্ন অংশত বিভিন্ন ৰোগ হ’ব পাৰে,সেইদৰে শৰীৰৰ বিভিন্ন ঠাইত হোৱা ৰোগৰ লক্ষণো মুখত প্ৰতিফলিত হয়। মৃগী ৰোগ (Epilepsy)ৰ চিকিৎসাৰ কাৰণে ব্যৱহৃত ‘ফেনীটাইন’, ছডিয়াম , উচ্চ ৰক্তচাপৰ কাৰণে ব্যৱহৃত ‘নিফেডিপিন’(Nifedipine)আৰু অংগ সংৰোপণৰ পিছত ব্যৱহৃত ‘চাইক্ল’স্পৰিন-এ’ (Cyclosporin-A) ঔষধৰ কাৰণে দাঁতৰ আলু ফুলি উঠা দেখা যায়। কেতিয়াবা কেতিয়াবা এই আলুবিলাক ইমান বেছিকৈ ফুলি উঠে যে মুখগহ্বৰত দাঁতবিলাক সম্পুৰ্ণৰুপে নেদেখা হৈ পৰে। ইয়াৰোপৰি কিছুমান ভিটামিন বা পৰিপুষ্টিৰ অভাৱতো মুখগহ্বৰত বিভিন্ন ৰোগ হোৱা দেখা যায়।খাদ্যপ্ৰাণ-খৰ (Vitamin B)অভাৱত ওঁঠৰ কোণ দুটাত এংগুলাৰ কিল’ছিছ (Angular Cheilosis)নামৰ ৰোগ হয়। খাদ্যপ্ৰাণ –গৰ (Vitamin C) অভাৱত হোৱা স্কাৰ্ভী (Scurvy)ৰোগতো দাঁতৰ আলু ফুলা আৰু আলুৰ পৰা সঘনে নিজে নিজে নতুবা দাঁত ব্ৰাছ কৰাৰ সময়ত তেজ ওলোৱা দেখা যায়।খাদ্যপ্ৰাণ-ঘৰ (Vitamin D)অভাৱত হোৱা পয়ালগা (Rickett)বেমাৰত অন্য হাড়ৰ দৰেই হনুৰ হাড় আৰু দাঁতৰ গঠন পুৰঠ নহয়।ফলস্বৰুপে হনু আৰু দাঁতৰ আকৃতিৰ অনুপাতৰ সামঞ্জস্য নাথাকে আৰু দাঁতবোৰ বেঁকা-বেঁকিকৈ গজি বেৰীয়া দাঁতৰ সৃষ্টি হয়।

যক্ষ্মা, গৰ্মী আদি ৰোগতো মুখৰ ভিতৰত বিশেষ আকৃতিৰ ঘাৰ সৃষ্টি হোৱা দেখা যায়।শৰীৰত সৰু বা মাজু আয়ে দেখা দিলে গালৰ ভিতৰ ফালে শ্লেষ্মা আৱৰণত পানীজোলা ওলোৱা পৰিলক্ষিত হয়। হিউমেন ইমিউন’ডেফিচিয়েন্সী ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হ’লে দাঁতৰ আলু আৰু তালুত এক বিশেষ ধৰণৰ ৰঙাৰ পৰা নীলা বৰণৰ কাপ’ছি ছাৰক’মা (Kaposi Carcoma)নামৰ ঘা হোৱা দেখা যায়।

ঠিক সেইদৰে তেজত হোৱা বিভিন্ন ৰোগ, যেনে- লিউকিমিয়া (Leukaemia),হিম’ফিলিয়া (Haemophillia),এনিমিয়া আদিত দাঁতৰ আলুৰ গুৰিৰ পৰা নিজে নিজে তেজ ওলায়। কেতিয়াবা কিছু কিছু ক্ষেত্ৰত দাঁতৰ গুৰিৰ পৰা ওলোৱা তেজ বন্ধ কৰাটো কঠিন হৈ পৰে আৰু ৰোগী মৃত্যুমুখত পৰাৰ উদাহৰণো বিৰল নহয়।

লেখিকা: ডা: ৰুবী কটকী (জি এনআৰচি স্বাস্থ্য)

 

2.79166666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top