মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / দাঁতৰ তত্ত্বাৱধায়ক চুইংগাম
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

দাঁতৰ তত্ত্বাৱধায়ক চুইংগাম

দাঁতৰ তত্ত্বাৱধায়ক চুইংগামৰ বিষয়ে আলোচনা কৰা হৈছে

বহু সময়ত সৰু সৰু ল’ৰা-ছোৱালীৰ হাতে হাতে চুইংগাম দেখিবলৈ পোৱা যায় আৰু চুইংগাম মুখত লৈয়ে লগৰীয়াৰ সৈতে কথা পাতি থাকে। ইতিহাসৰ পাত লুটিয়াই চালেই দেখা যায় যে ১৮৯৬ চনত আমেৰিকাৰ আইঅ’ৰ দন্ত চিকিৎসক উইলিয়াম ছেপলে(William F Seple) প্ৰথন চুইংগাম পেটেন্ট কৰিছিল। বিশ্বৰ তেৱেঁই প্ৰথম দন্ত চিকিৎসক, যিজনে গৱেষণা কৰি কৈছিল যে চুইংগাম অকল মিঠাইজাতীয় বস্তুৱেই নহয়, দাঁত সুৰক্ষা আৰু দাঁতৰ পৰিষ্কাৰণত প্ৰধান ভূমিকা লয়। বহুতে ভাবে মিঠাইজাতীয় বস্তুৱে দাঁতৰ অনিষ্ট কৰে আৰু অৱশেষত দাঁত পেচাই পেলায়। কথাষাৰ অশুদ্ধ নহয়। কিন্তু মিঠা হ’লেও চুইংগামে দাঁতৰ কোনো অনিষ্ট নকৰে।

১৯৩০ চনত কলম্বিয়াৰ অধ্যাপক হলিংৱৰ্থে(L Hollingworth) প্ৰকাশ কৰিছিল যে মুখত চুইংগাম চুহি থাকিলে মাংসপেশীৰ বিষ-বেদনা কমি আহে। খেল চলি থকাৰ সময়ত খেলুৱৈ আৰু দৰ্শকে চুইংগাম চুহি চুহি খেল উপভোগ কৰে। যেন দুগুণ উদ্যমেৰে খেলুৱৈয়ে খেলি থাকে আৰু দৰ্শকেও উপভোগ কৰি আমনি নাপায়।

বহু বিশেষজ্ঞৰ মতে, দুপৰীয়াৰ আহাৰ আৰু ৰাতিৰ আহাৰৰ কুৰি মিনিটমান পিছত চুইংগাম চুহিলে যথেষ্ট উপকৃত হ’ব পাৰি। তেওঁলোকৰ মতে, চুইংগাম চুহি থাকোঁতে অকল লালটি(Saliva) য়েই যে উত্তেজিত হয় এনে নহয়, লালটিৰ অম্লতাও নাইকিয়া কৰে।

দাঁত চাফা কৰাৰ পিছতেই দাঁতত পাতল আৱৰণ বা পাথৰ হোৱা গম পোৱা যায়। ইয়াকেই কোৱা হয় ডেন্টেল প্লেক(Dental plaque)। এই আৱৰণতেই হেজাৰ হেজাৰ বেক্টেৰিয়াই বাহ লয় আৰু দাঁতৰ চাৰিওফালে এচিডৰ সৃষ্টি কৰে। এই এচিডসমূহৰ ভিতৰত লেক্টিন এচিড, বিউটৰিক এচিড আদিয়ে দাঁতৰ কঠিন অংশ আৰু দাঁতৰ আলুত লাগি ধৰে আৰু দাঁতৰ অনিষ্ট কৰিবলৈ আৰম্ভ কৰে। এয়াই হ’ল ডেন্টেল কেৰিজ(dental Caries) বা দাঁতৰ পচন(dental decay)। ইংলেণ্ডৰ এটা প্ৰদৰ্শনীত এড্ডী(M Addy), পেৰিয়াম(E Perriam) আৰু ষ্টেৰীয়ে(A Sterry) দেখুৱাইছে যে চুইংগামে ডেন্টেল প্লেক বৃদ্ধিত বাধা দিয়ে আৰু দাঁতৰপৰা পাথৰসমূহ আঁতৰায়। এই কথা প্ৰকাশ কৰিছে ‘I Clin Periodontal’ নামৰ গৱেষণা পত্ৰিকাৰ ১৯৮২ চনৰ নৱম সংখ্যাত। চেনিযুক্ত অথবা ছৰ্বিটলযুক্ত(Sorbitol Containing) চুইংগামৰ ক্ষেত্ৰতো একে ধৰণৰ লক্ষণ দেখা যায়।

১৯৯১ চনত কে কে পাৰ্ক আৰু তেওঁৰ সহযোগী গৱেষকসকলে আমেৰিকাৰ এখন পত্ৰিকাত মত প্ৰকাশ কৰিছে যে যেতিয়া চেনিযুক্ত অথবা চেনিযুক্ত অৰ্থাৎ কৃত্ৰিম মিঠাযুক্ত চুইংগাম কুৰি মিনিটৰ বাবে চোবাই থকা হয়, তেতিয়া ডেন্টেল প্লেক নোহোৱা হয় আৰু লালটিৰ অম্লতা হ্ৰাস কৰে। অৱশ্যে চেনিমুক্ত চুইংগাম চেনিযুক্ত চুইংগামতকৈ অতি উত্তম। দুয়োবিধ চুইংগামে লালটি নিঃসৰণ কৰে, দাঁত পৰিষ্কাৰ কৰে আৰু বেক্টেৰিয়াসমূহক প্ৰতিহত কৰে অথবা বাধা দিয়ে।

গৱেষকৰ মতে, দাঁত পৰিষ্কাৰ কৰিবলৈ বহুবিধ পৰিশোধক থাকিলেও চুইংগামে বেছি ভাল কাম কৰে। সেয়ে চুইংগাম প্ৰস্তুত কৰোঁতে লগত ফ্ল’ৰাইড, এনজাইম, পেনিচিলিন, এছকৰবিক এচিড, কাৰ্বাইড ক্লৰহেক্সিডাইন(Carbide chorohexidine), মাইক’নেজল(Miconazole) আৰু কেলছিয়াম ফছফেট গামৰ লগত মিশ্ৰণ কৰা হয় যাতে দাঁতৰ পচন, দাঁতৰ আলুৰ ৰোগ আৰু অন্যান্য মুখগহ্বৰত দেখা দিয়া ৰোগসমূহক প্ৰতিহত কৰিব পাৰে। অতি ধূমপায়ীসকলেও চুইংগাম খাবলৈ ল’লে ধূমপান পৰিহাৰ কৰিবলৈও বাধা হয়।

সেয়ে গৱেষকসকলে মত প্ৰকাশ কৰিছে যে যদি সৰু সৰু ল’ৰা-ছোৱালীয়ে চুইংগাম খাবলৈ বিচাৰে তেনেহ’লে চুইংগাম খাবলৈ দিয়াটো অত্যন্ত প্ৰয়োজন। নিজে ভালদৰে দাঁত ব্ৰাছ কৰিবলৈ নিশিকে যদিও চুইংগামে দাঁত চাফা কৰি ৰাখিব আৰু দাঁতৰ বেমাৰৰ কবলৰপৰা ৰক্ষা কৰিব।

উৎস: দৈনিক অসম(ড° পবিত্ৰ কুমাৰ পাটোৱাৰী)

2.83333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top