অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

দাঁতৰ স্কেলিং

দাঁতৰ স্কেলিংৰ বিষয়ে লিখা হৈছে

স্বাস্থ্য পৰম সম্পদ।সুস্বাস্থ্যইহে মানুহক উন্নতিৰ জখলাত বগুৱাবলৈ সাহস আৰু শক্তি যোগায়।শৰীৰৰ প্ৰয়োজনীয় অংগসমুহৰ ভিতৰত দাঁত দুপৰিৰ ভুমিকা অন্যতম।খাদ্যবস্তু চোবাই গুড়ি কৰি খাই,খোৱাৰ মজা আৰু সোৱাদ লোৱাৰ উপৰি দাঁত দুপাৰিয়ে সাধাৰণ স্বাস্থ্য আৰু সৌন্দৰ্য ৰক্ষাত প্ৰভুত অৰিহণা যোগায়।দুপাৰি সুস্থ,সবল,সুগঠিত চিকচিকীয়া বগা নিৰোধী দাঁতৰ গৰাকী হ’ব পৰাটো সঁচাকৈ সৌভাগ্যজনক।

দাঁত মুখৰ ৰোগৰ প্ৰধান কাৰণ অসচেতনতা আৰু অপৰিষ্কাৰ মুখগহ্বৰ।অপৰিষ্কাৰ মুখগহ্বৰে বেমাৰ সৃষ্টি কৰাৰ উপৰি সৌন্দৰ্য হানি কৰে।

দাঁত-মুখৰ ৰোগৰ পৰা হাত সাৰি থকাৰ অতি সাধাৰণ আৰু সহজ উপায়টো হৈছে নিয়মিত দুবাৰকৈ,পুৱা শোৱাৰ পৰা উঠি আৰু নিশা শেষ আহাৰ গ্ৰহণ কৰি শুবলৈ যোৱাৰ আগতে সঠিক পদ্ধতিৰে দাঁত ব্ৰাছ কৰাটো।কিন্তু যেতিয়া দাঁতৰ গুৰিত দীৰ্ঘ্ম্যাদী বেক্টেৰিয়েল প্লাক বা কেলকুলাছ জমা হয়,তেতিয়া সাধাৰণ ব্ৰাছ কৰা পদ্ধতিৰে দাঁত ব্ৰাছ কৰিলে এই আঠালেতীয়া ডেণ্টেল প্লাক বা কেলকুলাছৰ দৰে কঠিন পদাৰ্থবোৰ দাঁতৰ গুৰিৰ পৰা আঁতৰাব নোৱাৰি।তেনে ক্ষেত্ৰত বিশেষ আহিলা-পাতিৰদ্বাৰা,সঠিক পদ্ধতিৰে দাঁতৰ গুৰিবোৰ পৰিষ্কাৰ কৰাৰ প্ৰয়োজন হৈ পৰে।বিশেষ আহিলা- পাতি বা স্কেলাৰ ,যি সৰঞ্জাম ব্যৱহাৰ কৰি দাঁত চাফা কৰা হয়,সেই পদ্ধতিক ‘স্কেলিং’কৰা বোলে।এই পদ্ধতিৰ দ্বাৰা দাঁতৰ গুৰিত জমা হোৱা ডেণ্টেল প্লাক,কেলকুলাছ আৰু দাঁতৰ পৃষ্ঠত সাধাৰণতে লগা চাহ,কফি ,তামোল-পাণ,বিড়ি-চিগাৰেট,ধঁপাত আদিৰ ৰঙৰ দাগবোৰ আঁতৰ কৰা হয়।দাঁতৰ গুৰি বা পৃষ্ঠত জমা হোৱা ষ্টেইনছ বা কেলকুলাছবোৰে দাঁতবোৰ খহটা আৰু ডাঠ কৰি তোলে।খহটা পৃষ্ঠত ডেণ্টেল প্লাকবোৰ সহজতে লাগি ধৰে বা দ্ৰুত গতিত গঠন হয় আৰু সাধাৰণ ব্ৰাছ কৰা পদ্ধতিৰে সেইবোৰ আঁতৰ কৰিব নোৱাৰি।ফলত দাঁতৰ পাৰি বা আলুত সোনকালে সংক্ৰমণ হয়।স্কেলিং আৰু পলিছিঙৰ সহায়ত ষ্টেইনছ আৰু কেলকুলাছ আদি কাৰকবোৰ আঁতৰাই দাঁতৰ পৃষ্ঠ মসৃণ কৰি তোলা হয়,যাতে ডেণ্টেল প্লাক গঠন হ’ব নোৱাৰে আৰু হ’লেও তাক ব্ৰাছৰ সহায়ত সহজতে আঁতৰ কৰিব পৰা যায়।

স্কেলিং দুই প্ৰকাৰে কৰিব পাৰি-বিশেষ আহিলাৰ সহায়ত হাতেৰে নতুবা বিদ্যুৎ চালিত যন্ত্ৰৰ সহায়ত মৃদু কম্পনৰ দ্বাৰা,যাক ‘আল্ট্ৰাছ’নিক স্কেলিং’বোলা হয়।ৰোগৰ প্ৰসাৰণ,পাৰি বা আলুৰ অৱস্থা,সময়,খৰচ ইত্যাদিৰ ওপৰত নিৰ্ভৰ কৰি ‘হেণ্ড স্কেলাৰ’বা আল্ট্ৰাছ’নিক স্কেলাৰৰ প্ৰয়োজনীয়তা ঠাৱৰ কৰা হয়।দন্ত চিকিৎসকৰ পৰামৰ্শ মতে প্ৰতি ছমাহৰ মুৰে মুৰে স্কেলিং কৰাব লাগে।নোৱাৰিলে অন্তত:বছৰত এবাৰ স্কেলিং কৰাটো প্ৰয়োজনীয়।বিশেষকৈ হাৰ্ট আৰু শ্বাস-প্ৰশ্বাসত ভোগা ৰোগী,ডায়েবেটিছ ৰোগী,মুখৰ লালটি গ্ৰন্থিৰ ৰোগত ভোগা ৰোগী,কেন্সাৰ ৰোগত ‘ৰেডিয়েচন থেৰাপী’লোৱা ৰোগী আৰু বিশেষকৈ শাৰীৰিক আৰু মানসিকভাৱে বাধাগ্ৰস্ত ৰোগীসকলৰ মুখগহ্বৰ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাটো অতীব প্ৰয়োজনীয়।আজিকালি গৰ্ভাৱস্থাত মুখগহ্বৰ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাত যথেষ্ট গুৰুত্ব আৰোপ কৰা হয়।কিয়নো,দাঁতৰ পাৰি বা আলুৰ ৰোগত আক্ৰান্ত মাতৃসকলে সময়তকৈ আগতে কম ওজনৰ সন্তান জন্ম দিয়ে বুলি সমীক্ষাত প্ৰতিপন্ন হৈছে।ধুমপান কৰা লোকসকলে বছৰত অন্তত: তিনিবাৰ স্কেলিং কৰোৱাটো উচিত।

দাঁতৰ গুৰিত যেতিয়া কেলকুলাছ জমা হয়,তেতিয়া দাঁতটো আৱৰি থকা হনুৰ হাড় লাহে  লাহে ধ্বংস হয় বা ক্ষয়প্ৰাপ্ত হয়।দাঁতৰ গুৰিৰ পৰা এই অনিষ্টকাৰী পদাৰ্থবোৰ আঁতৰাই নিদিলে দাঁতক আৱৰি ৰখা কলাৰ সংক্ৰমণ ঘটি দাঁতবোৰ ঢিলা হৈ লৰিবলৈ ধৰে আৰু বেমাৰ পুৰণি হ’লে কেতিয়াবা দাঁতবোৰ আপোনা-আপুনি সৰি যোৱাও দেখা যায়।স্কেলিং কৰাৰ ফলত দাঁতবোৰ ঢিলা হৈ যোৱাটো এটা ভ্ৰান্ত ধাৰণা।দাঁতবোৰ ঢিলা হয় হনুৰ হাড় ক্ষয় হোৱা আৰু কলাৰ সংক্ৰমণৰ ফলতহে।স্কেলিঙৰ দ্বাৰা শিলৰ দৰে কঠিন পদাৰ্থবোৰ আঁতৰাই দিলে দাঁতবোৰ পাতল লাগে।দাঁতৰ ৰুট বা শিপা অংশ যিটো মুখৰ হনুৰ ভিতৰত সোমাই থাকে,সেই অংশ ডেণ্টিন আৰু চিমেণ্টাম নামৰ কিছু পৰিমাণৰ সংবেদনশীল কলাৰে গঠিত।স্কেলিং কৰি পাথৰবোৰ গুচাই দিয়াৰ ফলত দাঁতৰ গুৰিবোৰ কিছু পৰিমাণে সাময়িকভাৱে ওলাই যায় বা উদং হৈ পৰে।তেতিয়া গৰম বা ঠাণ্ডা খালে সিৰসিৰায় বা কিছু সময়ৰ বাবে অসুবিধা অনুভৱ কৰে।কিন্তু এইটো খন্তেকীয়া,সাময়িক।স্কেলিং কৰাৰ কিছুদিন পিছতে দাঁতৰ পাৰি বা দাঁতক আৱৰি ৰখা কলা সম্পুৰ্ণ ৰোগমুক্ত হৈ দাঁতত আকৌ লিপিত খাই লাগি ধৰে।তেতিয়া এই অসুবিধাবোৰ আপোনা-আপুনি নাইকিয়া হৈ পৰে।অভিজ্ঞ দন্ত চিকিৎসকৰ দ্বাৰা স্কেলিং পদ্ধতিৰে দাঁত পৰিষ্কাৰ কৰাটো এটা পাৰ্শ্বপ্ৰতিক্ৰিয়াহীন সম্পুৰ্ণ বিজ্ঞানসন্মত ব্যৱস্থা।

লেখিকা:ডা:ৰুবী কটকী (জি এন আৰচি স্বাস্থ্য)

2.84210526316
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top