মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / দীপাৱলীত স্বাস্থ্যৰ ক্ষতি নকৰিব
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

দীপাৱলীত স্বাস্থ্যৰ ক্ষতি নকৰিব

দীপাৱলীত স্বাস্থ্যৰ ক্ষতি নকৰিব, সেই বিষয়ে লিখা হৈছে ।

 

দীপাৱলী পোহৰৰ উৎসৱ। দীপাৱলী সুখ-শান্তি আৰু সমৃদ্ধিৰ প্ৰতীক যদিও বস্তু, কাপোৰ, মিঠাই, চাকি, সোণ-ৰূপৰ গহনা আদি ক্ৰয় কৰাটো দীপাৱলীৰ প্ৰচলিত নিয়ম। কিন্তু আজিকালি ফটকা ফুটাই এই উৎসৱ পালন কৰাত মানুহে বেছি গুৰুত্ব দিছে। ফলত ফটকা আৰু ব’মৰ কাণ তাল পৰা শব্দও বাঢ়ি গৈছে।

কিন্তু আটাইতকৈ দুখৰ বিষয় হ’ল ফটকাই-

*মানুহৰ দেহৰ,

*প্ৰাকৃতিক পৰিৱেশ আৰু জীৱ-জন্তুৰ যে কিমান ক্ষতি কৰে, সেই কথা বহুত মানুহে নাজানে বা উপলব্ধি নকৰে।

ফটকা বিশেষকৈ জ্যেষ্ঠ নাগৰিক আৰু শিশুৰ বাবে বিশেষ ক্ষতিকাৰক।

ফটকাৰ পৰা নিৰ্গত হোৱা বিষাক্ত গেছবোৰে বায়ুমণ্ডল দূষিত কৰে আৰু বায়ুমণ্ডলত বহুত দিন ধৰি থাকি যায়। এই বিষাক্ত গেছবোৰে গোলকীয় উষ্ণতাও বৃদ্ধি কৰে।

প্ৰতিবছৰে বাঢ়ি অহা ফটকা ব্যৱহাৰৰ পৰা অনুমান কৰিব পাৰি যে এই বিষয়ে জনসাধাৰণৰ মাজত সজাগতাৰ যথেষ্ট অভাৱ। এই লেখাৰ জৰিয়তে ফটকা যে আমাৰ কাৰণে কিমান ভয়ানক হ’ব পাৰে তাক উল্লেখ কৰা হ’ল।

ফটকাই স্বাস্থ্যৰ যথেষ্ট ক্ষতি কৰে -

১)দীপাৱলীৰ নিশা বহু লোক ফটকাৰ দ্বাৰা পুৰি চিকিৎসালয়ত ভৰ্তি হ’বলগা হয়। তাৰ ভিতৰত ল’ৰা-ছোৱালীৰ সংখ্যা প্ৰাপ্তবয়স্কতকৈও ১১ গুণ বেছি। ২০১৫ চনত দিল্লেত দীপাৱলীৰ নিশা ৫০০ লোক চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হয়। তাৰে ভিতৰত কিছুমানৰ পোৰা খুবেই গুৰুতৰ আছিল।

২)ব’মৰ কাণ তাল মৰা শব্দই কাণৰ যথেষ্ট ক্ষতি কৰে।

*শব্দ নোহোৱাকৈ কাণেৰে শব্দ শুনি থকা(টিনিটাছ),

*কাণৰ ভিতৰত ৰক্তক্ষৰণ,

*কাণৰ পৰ্দা ফাটি যোৱা,

*আনকি কাণেৰে নুশুনা পৰ্যন্ত হ’ব পাৰে।

কাণ তাল মাৰি যোৱা শব্দই ৩০ শতাংশ হৃদ ৰোগীৰ হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি কৰে বুলি এটা সমীক্ষাত কোৱা হোৱা হৈছে। ৪ মিটাৰ দূৰত্বৰ পৰা ১৪০ ডেচিবল শব্দ হোৱা ফটকা বা ব’ম আদি বিক্ৰী কৰা আজিকালি বজাৰত নিষিদ্ধ। কাৰণ মানুহৰ কাণে ৮৫ ডেচিবেলৰ শব্দহে সহ্য কৰিব পাৰে। তাতকৈ ওপৰৰ শব্দই শ্ৰৱণ যন্ত্ৰণা স্থায়ী ক্ষতি কৰিব পাৰে।

৩)ফটকাৰ বিষাক্ত গেছৰ ফলত বহু লোকে শ্বাস-প্ৰশ্বাসজনিত ৰোগত ভুগিব পাৰে। হাপানী বা এজমা ৰোগীৰ বাবে এই ধোঁৱা খুব ক্ষতিকাৰক। নিৰোগী মানুহেও এই ধোঁৱাৰ ফলত-

*নাকৰ এলাৰ্জী,

*হাপানী,

*ব্ৰংকাইটিছ আদি ৰোগত ভুগিব পাৰে।

দীপাৱলীৰ পাছত চিকিৎসালয়বোৰত এইবোৰ ৰোগত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা হঠাৎ বাঢ়ি যায়।

৪)মৃগী বা এপিলেপেচীৰ ৰোগীৰ ক্ষেত্ৰত ফটকাই ঘনে ঘনে কঁপনি বা চিজাৰ আনিব পাৰে।

৫)ফটকাই বিশেষকৈ ৰকেট ব্যৱহাৰে চকুৰ জখম কৰে।

৬)তিৰবিৰাই জ্বলা ফটকা যেনে- ফুলজাৰি, গছ আদিয়ে পিন্ধা কাপোৰ আৰু চুলিত জুই লগাব পাৰে।

৭)কেঁচুৱা, গৰ্ভৱতী মহিলা, ৰোগী, বৃদ্ধ আৰু হৃদযন্ত্ৰৰ ৰোগত ভুগি থকা ব্যক্তিৰ বাবে ফটকাৰ শব্দ বিশেষ ক্ষতিকাৰক। ৰক্তচাপ বৃদ্ধি কৰে আৰু উৎকন্ঠা বঢ়ায়।

ফটকা সমাজৰ বাবেওঁ ক্ষতিকাৰক -

১)ফটকা বনোৱা কাৰখানাসমূহত শিশু শ্ৰমিক নিয়োগ কৰে। এই শিশু শ্ৰমিকসকলৰ অৱস্থা খুব দুখলগা। বিষাক্ত দ্ৰব্য আৰু খাৰ-বাৰুদ ব্যৱহাৰ কৰি এই শিশুবিলাক নানা ৰোগত আক্ৰান্ত হয় আৰু বহুতে মৃত্যুবৰণ কৰে।

২)এই কাৰখানাবোৰত প্ৰায়ে জুই লাগে আৰু বহুত শ্ৰমিক মৃত্যুমুখত পৰে অথবা বিকলাংগ হয়।

৩)ৰকেট কোনফালে গতি কৰে তাৰ কোনো নিশ্চয়তা নাই কাৰণে ই ঘৰৰ ওপৰতো পৰিব পাৰে আৰু তাৰ পৰা জুই লাগিব পাৰে। বিশেষকৈ খেৰী ঘৰত।

ফটকাই প্ৰাকৃতিক পৰিৱেশ ধ্বংস কৰে -

১)ফটকাই পোহৰ, শব্দ আৰু বতাহ প্ৰদূষণ কৰে।

২)দীপাৱলীৰ পাছত সৃষ্টি হোৱা বহুত পৰিমাণৰ আৱৰ্জনা বা ৱেইষ্টত কিছুমান ৰাসায়নিক দ্ৰব্য মিহলি হৈ থাকে, যিবোৰ মানুহ, জীৱ-জন্তু, উদ্ভিদ আৰু জলাশয়ৰ কাৰণে বিশেষ ক্ষতিকাৰক। এই ৰাসায়নিক দ্ৰব্য মাটি আৰু পানীত মিহলি হৈ শাক-পাচলিৰ দ্বাৰা মানুহৰ শৰীৰত প্ৰৱেশ কৰি নানা পথ দুৰ্ঘটনা সংঘটিত হয়।

ফটকাই জীৱ-জন্তুৰ ক্ষতি কৰে -

১)ফটকাৰ শব্দত জীৱ-জন্তুৱে খুব ভয় খায়। জীৱ-জন্তুৰ কাণ খুব সংবেদনশীল বাবে ফটকাৰ শব্দই শ্ৰৱণ যন্ত্ৰৰ স্থায়ী ক্ষতি কৰিব পাৰে।

২)কুকুৰবিলাকে ফটকাৰ শব্দক খুব ভয় কৰে আৰু ভীতিগ্ৰস্থ হৈ দৌৰ মৰাৰ ফলত চলন্ত গাড়ীৰ আগত পৰি মৃত্যু হ’ব পাৰে।

৩)চৰায়ে ফটকাৰ শব্দত গছৰ পৰা উৰি যায় আৰু কেতিয়াবা অট্টালিকাত খুন্দা মাৰি আঘাতপ্ৰাপ্ত হয়।

৪)দীপাৱলীৰ পাছত কুকুৰাই কণী পৰাৰ মাত্ৰা বহু পৰিমাণে হ্ৰাস হয়।

গতিকে সকলো সচেতন নাগৰিকে আলোকসজ্জা, মিঠাই বিতৰণ, পৰিয়াল আৰু বন্ধু-বান্ধৱৰ লগত এসাঁজ খোৱা, আল্পনা ৰংগোলী আঁকি আৰু ফটকা বৰ্জন কৰি দীপাৱলীৰ আনন্দ উপভোগ কৰা উচিত। নিজৰ কষ্টৰে ঘটা ধন ফটকাত খৰচ নকৰি কোনো সামাজিক কামত ব্যৱহাৰ কৰক। দৰিদ্ৰ লোকক এসাঁজ ভালকৈ খাবলৈ দি, বৃদ্ধাশ্ৰম বা অনাথ আশ্ৰমত ফটকা কিনিবলৈ থোৱা ধনখিনি দান দি মনৰ যি সুখ আৰু শান্তি পাব পাৰি, তাক হাজাৰটকীয়া ফটকায়ো দিব নোৱাৰে। বিৰাট শব্দৰ ফটকা ফুটাই নিজে আনন্দ লোৱাৰ সময়ত ওচৰ-চুবুৰীয়াৰ ঘৰত থকা কেঁচুৱা, গৰ্ভৱতী মহিলা, বৃদ্ধ, হৃদৰোগী, পৰীক্ষাৰ্থীৰ যে কিমান ক্ষতি কৰিব পাৰে, সেই বিষয়ে এবাৰ হ’লেও চিন্তা কৰক।

লেখক: ডাঃ চন্দন বৰুৱা(নিয়মীয়া বাৰ্তা)

2.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top