অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

দীপাৱলীৰ সুৰক্ষা :

দীপাৱলীৰ সুৰক্ষাৰ বিষয়ে লিখা হৈছে ।

 

দীপাৱলী আকৌ আহিল। চাকি জ্বলোৱা আৰু ফটকা ফুটোৱাৰ সময়ত অলপ অসাৱধানতা হ’লেই দীপাৱলীৰ চাকিৰ জুই, ফটকা, আতছবাজী, কলগছ, ৰকেট আৰু হিলৈ আদিয়ে নানা দুৰ্ঘটনা সংঘটিত কৰাৰ উপৰি নানা স্বাস্থ্যজনিত আৰু অন্যান্য সমস্যাৰ সৃষ্টি কৰিব পাৰে।

অলপ সাৱধানতা অৱলম্বন কৰিলেই কেইবোৰ নোহোৱা কৰি দীপাৱলীৰ আনন্দ উপভোগ কৰিব পাৰি।

ইয়াত সাধাৰণতে দীপাৱলীত সংঘটিত হোৱা দুৰ্ঘটনা, স্বাস্থ্যজনিত আৰু অন্যান্য সমস্যাৰ লগতে এইবোৰ নহ’বলৈ ল’বলগীয়া সাৱধানতা সম্পৰ্কে চমুকৈ আলোচনা কৰা হৈছে।

দীপাৱলীত সংঘটিত হোৱা দুৰ্ঘটনা -

দীপাৱলীৰ সময়ত সংঘটিত হোৱা দুৰ্ঘটনাবোৰৰ ভিতৰত জুয়ে পোৰা দুৰ্ঘটনা প্ৰধান। চাকিৰ জুই ফটকাৰপৰা ছিটিকি অহা সফূলিংগ, হিলৈৰ অগ্নিশিখা আদিৰ জুয়েই অধিক পোৰে। জুয়ে পোৰাৰ উপৰি ইলেক্ট্ৰিকেল আৰু ৰাসায়নিক বাৰ্ণ হোৱা দেখা যায়।

দীপাৱলীৰ সময়ত সংঘটিত হোৱা অন্য এক দুৰ্ঘটনা হ’ল অগ্নিৰ সফুলিংগ, ফটকাৰ টুকুৰা আদি পৰি চকুত আঘাত পোৱা। এইবোৰ চকুত পৰাৰ পিছত চকু মোহাৰিলে চকুত ঘা হৈ অন্ধতা পৰ্যন্ত নামি আহিব পাৰে।

দীপাৱলীৰ সময়ত ফুটোৱা ৰকেট আদিয়ে কেতিয়াবা শৰীৰৰ আন অংশতো আঘাত কৰা দেখা যায়। দীপাৱলীৰ সময়ত হোৱা অন্য এক দুৰ্ঘটনা হ’ল দীপাৱলীৰ জুয়ে কেতিয়াবা ঘৰ-বাসস্থান আদিও পুৰি শেষ কৰে।

সাৱধানতা -

অভিভাৱকৰ তত্ত্বাৱধানৰ অভাৱত সাধাৰণতে সৰু ল’ৰা-ছোৱালী অধিক অগ্নিদগ্ধ হোৱা দেখা যায়। সেয়েহে সৰু ল’ৰা-ছোৱালীয়ে সদায় অভিভাৱকৰ তত্ত্বাৱধান ফটকা ফুটাব লাগে। মজিয়াত জ্বলোৱা চাকিৰ জুয়ে অজানিতে পিন্ধা কাপোৰত জুই লগাব পাৰে, সেয়েহে চাকি মজিয়াত নজ্বলাই ওখ ঠাইত জ্বলাব লাগে। ফটকা হাতত ফুটি অথবা ফুটা ফটকা পুনৰ ফুটাবলৈ গ’লে ই ফুটি আমাৰ শৰীৰত জুই লগাব পাৰে।

সেয়েহে ফটকা, কলগছ আদি হাতত লৈ ফুটাব নালাগে, ফটকা ফুটুৱা সময়ত একেবাৰে ওচৰত থাকিব নালাগে, এবাৰত নজ্বলা ফটকা পুনৰ ফুটাবলৈ যাব নালাগে। ফটকা ফুটুৱা ঠাইৰ ওচৰত কোনো দাহ্য বস্তু(কেৰাচিন, পেট্ৰ’ল আদি) থাকিব নালাগে।

এনেবোৰ পদাৰ্থত জুই লাগি মানুহৰ লগতে বাসস্থান আদিতো জুই লগাব পাৰে। ফটকা ঘৰৰ ভিতৰত ফুটালে ঘৰ জ্বলাব পাৰে, সেয়েহে সদায় মুকলি ঠাইত ফুটাব লাগে। ফুলজাৰি আদি মূৰৰ ওপৰেৰে ঘূৰাই জ্বলাব নালাগে।

এনে কৰিলে ক’ব নোৱৰাকৈয়ে জুইৰ ছিটিকনি গাত পৰি দুৰ্ঘটনা ঘটাব পাৰে। সুৰা বা আন ৰাগিয়াল বস্তু সেৱন কৰি চাকি জ্বলোৱা বা ফটকা ফুটালে অগ্নিদগ্ধ হোৱা, চকুত বা শৰীৰৰ আন অংশত আঘাত পোৱাৰ আশংকা অধিক থাকে বাবে এইবোৰ খাই দীপাৱলী পাতিব নালাগে।

ফটকা জ্বলোৱা ঠাইৰ কাষতে সৰহকৈ পানী ৰাখিব লাগে। কিবা কাৰণত গাত জুই লাগিলে জুই নুমুৱাবলৈ অগ্নিদগ্ধ মানুহজনৰ গাত দূৰৈৰপৰা পানী মাৰিব লাগে। এনে কৰিলে পানী মৰা মানুহজনৰ গাত জুই লাগিব নোৱাৰে আৰু অগ্নিদগ্ধ ব্যক্তিজনৰ গাৰ কাপোৰবোৰ তিতি জুই সোনকালে নুমুৱাত সহায় কৰে।

জ্বলা ঠাইত যথেষ্ট পানী ঢালিব লাগে আৰু পাৰিলে ঠাইখিনি কিছু সময় পানীত ডুবাই ৰাখিব লাগে। পানী নাথাকিলে গাত জুই লাগিলে মাটিত বাগৰি জুই নুমাব লাগে। দৌৰিব নালাগে। দৌৰিলে বতাহ লাগি জুই বেছিকৈ জ্বলে। বেছি পুৰিলে ততালিকে চিকিৎসকৰ ওচৰলৈ নি চিকিৎসা কৰাব লাগে।

স্বাস্থ্যজনিত সমস্যা -

আতছবাজী, ফটকা ফুলজাৰি আদিৰ ৰাসায়নিক পদাৰ্থ আৰু ধোঁৱাই চকুৰ এলাৰ্জী আৰু সংক্ৰমণ কৰি কনজাংটিভাইটিছ ৰোগৰ সৃষ্টি কৰিব পাৰে। এইবোৰত থকা ৰাসায়নিক পদাৰ্থৰ বাবে-

*ছালৰ এলাৰ্জী হৈ খজুৱতি,

*ৰঙা পৰা,

*ফুলি উঠা আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে।

চকুৰ গুৰিত খজুৱতি হৈ চলি সৰিব পাৰে। এইবোৰ লাৰি খাদ্য খালে খাদ্যতন্ত্ৰৰ এলাৰ্জী আৰু সংক্ৰমণ হৈ

*বমি,

*পায়খানা,

*পেটফুলা,

*পেটৰ বিষ আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে।

শ্বাসতন্ত্ৰৰ এলাৰ্জী সৃষ্টি কৰি উশাহ-নিশাহ লোৱাত কষ্ট দিব পাৰে। দীপাৱলীৰ ফটকা আৰু হিলৈৰ কাণ তালমৰা শব্দই শব্দ প্ৰদূষণ কৰে। ইয়াৰ ফলত কাণৰ পৰ্দা ফাটি চিৰদিনৰ বাবে কাণেৰে নুশুনা হোৱাৰ উপৰি উচ্চ ৰক্তচাপ হোৱা, মানসিক উদ্বিগ্নতা বৃদ্ধি আদি চিকিৎসাজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে।

ল’বলগা সাৱধানতা -

ফটকা, ফুলজাৰি আদি হাতেৰে চুৱাৰ পিছত হাত ধুইহে চকু লাৰিব লাগে। এইবোৰ লাৰি গা আৰু মূৰ চুই থাকিব নালাগে। ফটকা আদি ফুটালে নাক, শ্বাসতন্ত্ৰ আদিৰ এলাৰ্জী কম হয়। শ্বাসতন্ত্ৰৰ সমস্যা থকা আৰু এলাৰ্জীৰ সমস্যা থকা আৰু হৃদৰোগ থকা ব্যক্তিৰ ওচৰত ফটকা ফুটাব নালাগে। কম শব্দযুক্ত উচ্চমানৰ ফটকা ফুটাব লাগে। ফটকা ফুটাওতে কাণত কপাহ আদিৰে কাণৰ ফুটা বন্ধ কৰি ল’ব লাগে। ফটকা মুকলি ঠাইত ফুটাব লাগে।

অন্যান্য সমস্যা -

দীপাৱলীৰ ফটকাৰ উচ্চ শব্দ, ধোঁৱা, অতিমাত্ৰা পোহৰ আৰু ৰাসায়নিক পদাৰ্থই বায়ুমণ্ডল প্ৰদূষিত কৰি পৰিৱেশৰ ভাৰসাম্য ধ্বংস কৰাৰ লগতে প্ৰকৃতি প্ৰচুৰ ক্ষতি কৰি গছ-লতা, চৰাই-চিৰিকটি আৰু অন্য প্ৰাণীৰ দৈনন্দিন জীৱন যাত্ৰাত ব্যাঘাত জন্মায়। যথেষ্ট পোক-পতংগ, চৰাই-চিৰিকটি আৰু পক্ষী আদি জুই অথবা ফটকাত পৰি মৰে। সুৰা বা আন ৰাগিয়াল বস্তু সেৱন কৰি দীপাৱলী পাতিলে হাই-কাজিয়া, হতা-হতি আৰু অন্যান্য দুৰ্ঘটনা অধিক হোৱা দেখা যায়।

সাৱধানতা:

জীৱ-জন্তু, চৰাই-চিৰিকটি আৰু স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ যাতে অন্যায় আৰু ক্ষতি নহয়, নজৰ দিব লাগে। বহু দিন ধৰি ফটকা ফুটাই আনন্দ কৰি পৰিৱেশ বিনষ্ট কৰাতকৈ এদিনীয়াকৈ সীমিত সময়ৰ বাবে দীপাৱলী পালন কৰিব লাগে। সুৰা আৰু আন ৰাগিয়াল বস্তু আদি সেৱন কৰি দীপাৱলী পাতিব নালাগে।

লেখক: ডাঃ ধৰ্মকান্ত কুম্ভকাৰ(দৈনিক অসম)

3.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top