মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / দীৰ্ঘ জীৱনৰ বাবে ছুপাৰঅক্সাইড নিয়ন্ত্ৰণ-
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

দীৰ্ঘ জীৱনৰ বাবে ছুপাৰঅক্সাইড নিয়ন্ত্ৰণ-

অক্সিজেন হল জীৱকুলৰ জীয়াই থকাৰ প্ৰধান অৱলম্বন।আমি কেইবাদিনো আহাৰ আৰু পানী নোখোৱাকৈ থাকিব পাৰোঁ,কিন্তু মাত্ৰ কেইটামান মুহুৰ্ত আমাৰ শৰীৰে অক্সিজেন নোপোৱালৈ থাকিলেই প্ৰাণৰ সংশয় আহি পৰে।আমি শ্বাস গ্ৰহণৰ জৰিয়তে আন কেতবোৰ গেছৰ সৈতে অক্সিজেন হাঁওফাঁওত সুমুৱাই লওঁ।হাঁওফাঁওত প্ৰৱেশ কৰা গেছৰ পৰা অক্সিজেন অংশটো তেজৰ লোহিত ৰক্ত কণা (Haemoglobin)ই শোষণ কৰি লয়।

ছুপাৰঅক্সাইড কি-

অক্সিজেন হল জীৱকুলৰ জীয়াই থকাৰ প্ৰধান অৱলম্বন।আমি কেইবাদিনো আহাৰ আৰু পানী নোখোৱাকৈ থাকিব পাৰোঁ,কিন্তু মাত্ৰ কেইটামান মুহুৰ্ত আমাৰ শৰীৰে অক্সিজেন নোপোৱালৈ থাকিলেই প্ৰাণৰ সংশয় আহি পৰে।আমি শ্বাস গ্ৰহণৰ জৰিয়তে আন কেতবোৰ গেছৰ সৈতে অক্সিজেন হাঁওফাঁওত সুমুৱাই লওঁ।হাঁওফাঁওত প্ৰৱেশ কৰা গেছৰ পৰা অক্সিজেন অংশটো তেজৰ লোহিত ৰক্ত কণা (Haemoglobin)ই শোষণ কৰি লয়।এই অক্সিজেনযুক্ত তেজ (Oxygenated haemoglobin) হৃৎপিণ্ডই শৰীৰৰ সকলো কোষলৈ প্ৰেৰণ কৰে।কোষবোৰত সঞ্চয় আৰু ব্যৱহাৰৰ বাবে অক্সিজেন মায়’গ্ল’বিন(Myoglobin)লৈ পৰিবাহিত হয়।কোষীয় পৰ্যায়ত শক্তি উৎপাদন হোৱা প্ৰক্ৰিয়াত ইলেক্টন আৰু প্ৰ’ট’ন গ্ৰহন কৰি অক্সিজেন পানীলৈ ৰূপান্তৰ হয়।এনেদৰে উৎপাদিত শক্তি ‘এ টি পি’ মৌলৰ ৰূপত সঞ্চিত হৈ থাকে আৰু যেতিয়াই শক্তিৰ প্ৰয়োজন হয়,এই এ টি পি মৌলবোৰে পানীৰ সৈতে প্ৰতিক্ৰিয়া কৰে।জীৱকোষবোৰলৈ নিৰৱচ্ছিন্নভাৱে শক্তিৰ সৰবৰাহ হৈ থাকিলেহে সেইবোৰ জীৱাই থাকে আৰু সেইবাবেই আমি প্ৰতি মুহুৰ্ততে উশাহৰ জৰিয়তে অক্সিজেন গ্ৰহন কৰি থাকিব লগা হয়।

কোষীয় পৰ্যায়ত অক্সিজেন পানীলৈ ৰূপান্তৰ হোৱা প্ৰক্ৰিয়াটোত অক্সিজেনৰ এটা ক্ষুদ্ৰ অংশ ছুপাৰঅক্সাইড (Superoxide)লৈ ৰূপান্তৰ হয়।ছুপাৰঅক্সাইড হল একোটা অতিৰিক্ত ইলেক্ট্ৰনযুক্ত অক্সিজেন মৌল আৰু সেয়েহে এইবোৰ ঋণাত্মক আধানযুক্ত।আকৌ ঋণাত্মক আধানযুক্ত হোৱা বাব ছুপাৰঅক্সাইডবোৰ অত্যন্ত প্ৰতিক্ৰিয়াশীল,ইয়াৰ পৰিপ্ৰেক্ষিতত ছুপাৰঅক্সাইডবোৰৰ দ্বাৰা আক্ৰান্ত হৈ শৰীৰৰ বাবে গুৰুত্বপূৰ্ণ ডি এন এ,আৰ এন এ,লিপিড(Lipid)আদি মৌলৰ গুৰুতৰ ক্ষতি হব পাৰে।ডি এন এ আৰু আৰ এন এ ছুপাৰঅক্সাইডৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱাৰ অন্তিম পৰিনতি স্বৰূপ কেন্সাৰ উদ্ৰেক হোৱাৰ আশংকা থাকে।আনহাতে,ছুপাৰঅক্সাইডবোৰৰ ক্ষতিকাৰক চৰিত্ৰৰ বাবেই মানুহ আৰু অন্যান্য প্ৰানীৰ ভাটী বয়সত শাৰীৰিক অৱক্ষয় হবলৈ ধৰে বুলি ভবা হৈছে।এছ অ’ ডি (Superoxide dismutase)নামৰ এক শ্ৰেনীৰ উৎসেচকে ছুপাৰঅক্সাইডবোৰ বহুলাংশে ধ্বংশ কৰে।কিন্তু এছ অ’ ডিয়ে ছুপাৰঅক্সাইডবোৰ সম্পুৰ্ণৰূপে নিৰ্মুল কৰিব নোৱাৰে আৰু সেয়েহে অত্যন্ত সুস্বাস্থ্যৰ অধিকাৰী মানুহ এজনো কালক্ৰমত বুঢ়া হয় আৰু মৃত্যুমুখত পৰে।এতেকে কব পাৰি যে যি অক্সিজেনে আমাক জীয়াই ৰাখে,সেই অক্সিজেনৰ পৰা উদ্ভুত ছুপাৰঅক্সাইডেই আমাৰ মৃত্যুৰ বাবে দায়ী।অৰ্থাৎ এটা দৃষ্টিকোণৰপৰা অক্সিজেনক বিষাক্ত পদাৰ্থ বুলি কব পাৰি।

কেইবাটাও পৰীক্ষাসিদ্ধ প্ৰমাণে অক্সিজেন বিষাক্ত পদাৰ্থ বুলি প্ৰতিপন্ন কৰিছে।তেনে কেইটামান প্ৰমাণ হল-

 

  • -অত্যাধিক অক্সিজেন থকা কৃত্ৰিম পৰিৱেশত উদ্ভিদৰ বিকাশ হবলৈ দিলে,সেই উদ্ভিদৰ বিকাশ,স্বাভাৱিক পৰিৱেশত হোৱা বিকাশৰ তুলনাত কমকৈ হয়।
  • -এজন মানুহে কমপক্ষেও 50 শতাংশ অক্সিজেন থকা বায়ু সেৱন কৰিলে,প্ৰথমে তেওঁ ডিঙিত যন্ত্ৰণা অনুভৱ কৰিব,তাৰ পিছত তেওঁৰ বমি হব আৰু অবশেষত তেওঁ অত্যন্ত দুৰ্বল লৈ মূৰ্চ্ছিতপ্ৰায় অৱস্থা হব পাৰে।
  • -গৰল লগা ঘা আৰু বিষোৱা দাঁত সুস্থ কৰি তুলিবলৈ পূৰ্ণ শতাংশ বিশুদ্ধ অক্সিজেন প্ৰৱাহিত কৰি,সেইবোৰত থিতাপি লৈ থকা বেক্টেৰিয়াবোৰ নাশ হব পাৰে।
  • -সমীক্ষাৰপৰা জানিব পৰা গৈছে যে ওখ স্থানত-যত অক্সিজেনৰ মাত্ৰা আপেক্ষিকভাৱে কম,তাত বাস কৰা লোকসকল দীৰ্ঘায়ু হয়।

উল্লিখিত বিৱৰণৰপৰা এইটো বোধগম্য হয় যে আমাৰ শৰীৰত ছুপাৰঅক্সাইডৰ মাত্ৰা কমাই ৰাখিব পাৰিলে,কেন্সাৰে আমাক সহজে আক্ৰমণ কৰিব নোৱাৰিব আৰু আমাৰ আয়ুসো বৃদ্ধি পাব।শৰীৰত ছুপাৰঅক্সাইডৰ মাত্ৰা কমাই ৰখাৰ এটা উপায় হল বিলাহী,গাজৰ আৰু বীট ছালাড হিচাপে নিয়মিত খাই থকাটো।এই পাচলিবোৰত থকা কেতবোৰ মৌলই আমাৰ শৰীৰত উৎপন্ন হোৱা ছুপাৰঅক্সাইডবোৰ ধ্বংস কৰিব পাৰে।শৰীৰত ছুপাৰঅক্সাইডৰ মাত্ৰা হ্যাস কৰি ৰখাৰ আন এটা উপায় হল উশাহৰ জৰিয়তে অক্সিজেন পৰিমিত মাত্ৰাত গ্ৰহণ কৰাটো।সেইবাবে অত্যাধিক শাৰীৰিক পৰিশ্ৰম বা ব্যায়াম কৰা উচিত নহয়,অত্যাধিক শাৰীৰিক পৰিশ্ৰম বা ব্যায়াম কৰাৰ অৰ্থ হল শৰীৰত অতিমাত্ৰা অক্সিজেন প্ৰৱেশ কৰোৱ আৰু শৰীৰত অতিমাত্ৰা অক্সিজেন প্ৰৱেশ কৰাৰ ফলত ছুপাৰঅক্সাইডো অধিক মাত্ৰাত উৎপন্ন হব।পৰিমিত মাত্ৰাত শ্বাস-প্ৰশ্বাস ক্ৰিয়া কাৰ্য্য চলাই থকাৰ অভ্যাস গঢ়ি তোলাৰ সৰ্ব্বশ্ৰেষ্ঠ উপায় হল প্ৰাণায়াম কৰা।যিবোৰ প্ৰজাতিৰ প্ৰাণীয়ে দ্ৰুতগতিত শ্বাস-প্ৰশ্বাস ক্ৰিয়া সম্পাদন কৰে,সেইবাবে প্ৰজাতিৰ প্ৰানীৰ তুলনাত ধীৰ গতিত শ্বাস-প্ৰশ্বাস ক্ৰিয়া কৰা প্ৰজাতিৰ প্ৰাণীবোৰ বেছিদিন জীয়াই থাকে।উদাহৰণস্বৰূপে,কাছই প্ৰতি মিনিটত মাত্ৰ চাৰি বা পাচঁবাৰহে শ্বাস-প্ৰশ্বাস ক্ৰিয়া কৰাৰ বিপৰীতে এন্দুৰে প্ৰতি মিনিটত 100 বাৰ শ্বাস-প্ৰশ্বাস ক্ৰিয়া কৰে,কাছ 300 বছৰ পৰ্যন্ত জীয়াই থকাৰ বিপৰীতে এন্দুৰ সৰ্বাধিক দুবছৰহে জীয়াই থাকে।কেন্সাৰত আক্ৰান্ত হোৱাৰ আশাংকা হ্যাস কৰিবলৈ আৰু দীৰ্ঘজীৱী হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰিবলৈ হলে অত্যাধিক ব্যায়াম কৰাৰপৰা বিৰত থকা আৰু প্ৰাণায়ামৰ অনুশীলনৰ জৰিয়তে ধীৰ গতিত শ্বাস-প্ৰশ্বাস ক্ৰিয়া কৰাৰ অভ্যাস অৰ্জন কৰাটো নিতান্ত প্ৰয়োজনীয়।

 

উৎস:-দৈনিক অসম

3.03225806452
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top