মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / দীৰ্ঘজীৱন লাভত তাও জ্ঞানৰ ভূমিকা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

দীৰ্ঘজীৱন লাভত তাও জ্ঞানৰ ভূমিকা

দীৰ্ঘজীৱন লাভত তাও জ্ঞানৰ ভূমিকাৰ বিষয়ে আলোচনা কৰা হৈছে

জীৱন কেনেদৰে পৰিচালিত হ’ব লাগে, সেই জ্ঞান লাভ কৰিব পাৰিলে এজন মানুহে জীৱনটোক সফল কৰি দীৰ্ঘায়ু লাভ কৰিব পাৰে। জীৱনৰ মাজত লুকাই থকা বিচিত্ৰ ৰূপৰেখাবোৰ মহাজাগতিক শক্তিৰ লগত সংযোগ কৰিব পাৰিলে এটা স্বাস্থ্যবান আৰু দীৰ্ঘ জীৱন পাব পাৰে। তাওবাদী শিক্ষাত মানুহৰ জীৱনৰ শুদ্ধ পথৰ আচৰণবোৰ সন্নিৱিষ্ট হৈ আছে। অসমত গৰিষ্ঠসংখ্যক মানুহৰ কাৰণে ‘তাও’ শব্দটো অপৰিচিত। ‘তাও’ শব্দটোৰ কেইবাটাও অৰ্থ আছে- শূণ্য, শুদ্ধ পথ, অসীম শক্তি, অসীম জ্ঞান। তাও দৰ্শন মতে সকলো বস্তু শূণ্যৰ পৰাই সৃষ্টি হয়, বিশ্বখনো শূণ্যৰ পৰাই সৃষ্টি হৈছে। প্ৰকৃতিয়ে যি পথত চলে, সেয়াই শুদ্ধ পথ। শূণ্যৰ অসীম শক্তি আছে। শূণ্যৰ পৰা লাভ কৰা জ্ঞানৰ সীমা নাই। তাও অস্তিত্বহীন, অৰ্থাৎ শূণ্য।

তাও জ্ঞানৰ বিকাশ হৈছিল পূব এচিয়াত। পূব এচিয়া হৈছে মংগোলীয় জাতিৰ আদিভূমি। অসমত বসবাস কৰা তাই আহোমকে ধৰি মংগোলীয় জনগোষ্ঠীবোৰৰ জীৱন প্ৰণালী তাও জ্ঞানৰ আধাৰত পৰিচালিত। অসমত তাও শাস্ত্ৰবোৰৰ চৰ্চা খুব কম। পশ্চিমীয়া দেশবোৰত তাও শাস্ত্ৰবোৰৰ চৰ্চা যথেষ্ট পৰিমাণে হৈছে আৰু সেইবোৰ দেশৰ জনসাধাৰণে তাও জ্ঞানৰ সুফল লাভ কৰিছে।

তাও শাস্ত্ৰবোৰ প্ৰাকৃতিক গতিপথক লৈ ৰচিত। তাও শাস্ত্ৰত অন্তৰ্ভুক্ত মূল বিষয়বস্তু হৈছে উচ্চাকাংক্ষা এৰাই চলি ন্যূনতম প্ৰয়োজনীয়তাখিনিক লৈ চাপমুক্ত সৰল জীৱন-যাপনেৰে নিৰাপদ দীৰ্ঘ জীৱন লাভ কৰা। সৌভাগ্য লাভৰ বাবে শুদ্ধ পথেদি যাত্ৰা কৰা। তাওবাদীসকলৰ মূল লক্ষ্য হৈছে অমৰত্ব লাভ কৰা।

অমৰ জীৱন লাভ কৰিবলৈ প্ৰাচীন কালত তাওবাদীসকলে সুস্থ খাদ্য (সুষম খাদ্য) খোৱা, শোধিত ধাতু ব্যৱহাৰ কৰা, বনৌষধি চিকিৎসা গ্ৰহণ কৰাৰ লগতে দৈহিক অনুশীলন কৰিছিল। আত্মৰক্ষাৰ বাবে সমৰ কলাৰ চৰ্চা কৰিছিল। জনসাধাৰণক শত্ৰুৰ কবলৰ পৰা সুৰক্ষিত কৰি ৰাখিবলৈ নিৰাপত্তা ব্যৱস্থা উন্নীতকৰণৰ কাৰ্যত ব্ৰতী আছিল। এই লেখাত তাওবাদীসকলে দীৰ্ঘ জীৱন নিৰ্বাহৰ বাবে অনুশীলন কৰা কিছুমান পদ্ধতি সংক্ষিপ্ত ৰূপত দাঙি ধৰা হৈছে।

তাওবাদী অনুশীলনৰ এটা গুৰুত্বপূৰ্ণ নীতি হৈছে ধ্যান। দেহত শক্তিৰ আপেক্ষিক অৱস্থান নিয়ন্ত্ৰণ, সমতা ৰক্ষা আৰু উন্নীত কৰিবলৈ মধ্যাহ্ন ধ্যান ব্যৱহাৰ কৰা হয়। ধ্যানৰ্ দ্বাৰা আহৰণ কৰা দেহৰ শক্তিৰ দ্বাৰা এজন ব্যক্তিয়ে সমুখৰ ফালে শক্তিৰ প্ৰৱাহ অনুভৱ কৰিবলৈ সমৰ্থ হয় আৰু দেহৰ ভিতৰত শক্তিবোৰৰ ভাৰসাম্য ৰক্ষা কৰে। মন, দেহ আৰু আত্মাক সম্পূৰ্ণ একত্ৰিত কৰে আৰু ব্যক্তিজনক সম্পূৰ্ণ প্ৰাণৱন্ত কৰে।

মধ্যাহ্ন ধ্যানৰ পৰা উদ্ভূত হোৱা আকুপাংচাৰ আৰু আকুপ্ৰেছাৰ কৌশলবোৰ প্ৰয়োগ কৰি নিজৰ লগতে পৰিয়াল তথা প্ৰতিবেশী লোকক সহায় কৰা হয়। যেতিয়া মধ্যাহ্ন ধ্যান এজনৰ ৰোগ নিৰাময় কৰিবলৈ ব্যৱহাৰ কৰা হয় তেতিয়া শ্বাসশক্তি কৌশলবোৰেৰে সম্বন্ধ স্থাপন কৰা হয়। শ্বাসশক্তি ব্যক্তিৰ ৰোগ নিৰাময়ৰ এটা জীৱন দায়িনী খোজ আৰু মহাবিশ্বইদি সৰকি অহা শক্তিৰ সৈতে এটা অবিভাজ্য যোগসূত্ৰৰ মাধ্যম।

তাও জ্ঞানত ফেংছুইৰ ভূমিকা:

 

ফেংছুই হৈছে এটা আপোনাৰ বাসস্থানৰ বাহিৰে-ভিতৰে সকলো বস্তু শৃংখলাবদ্ধ কৰি ৰখাৰ লগতে শক্তিৰ ভাৰসাম্য ৰক্ষা কৰা এটা পদ্ধতি। ইয়াৰ ব্যৱহাৰিক দিশ হ’ল ঘৰখনৰ প্ৰয়োজনীয় বয়-বস্তু মজুত ৰখাৰ এটা শিল্প আৰু সৌন্দৰ্য ৰক্ষাৰ সংস্কৃতি। পুৰণি কালৰ পৰা শাসক বৰ্গ আৰু অভিজাত লোকসকল সুখী হোৱাৰ লগতে ফেংছুইৰ জ্ঞান আহৰণ আৰু ব্যৱহাৰিক প্ৰয়োগৰ দ্বাৰা। ফেংছুইৰ অনুশীলনে দীৰ্ঘ জীৱন লাভ কৰাতো সহায় কৰিছিল।

‘শুদ্ধভাৱে প্ৰয়োগ কৰা ফেংছুইয়ে এটা পৰিয়ালৰ লোকসকলৰ মাজত আনন্দময়, গভীৰ সম্বন্ধ স্থাপন হোৱাত সহায় কৰে। স্বাস্থ্য ভালে ৰখাত, ঐশ্বৰ্যশালী কৰাত, ধনে-ধানে উভৈনদী কৰাত, সমাজত প্ৰতিষ্ঠা লাভ কৰোতে সহায় কৰে। ইয়াৰ উপৰিও শিক্ষা, সন্তান, গুৰুজনাৰ সহায় আদি পোৱা ক্ষেত্ৰতো ফেংছুইয়ে আশ্চৰ্যজনকভাৱে সহায় কৰিব পাৰে। আকৌ, ব্যৱসায়ৰ ক্ষেত্ৰতো ফেংছুইৰ নিয়ম পালন কৰিলে ব্যৱসায়িক উন্নতি আৰু প্ৰতিপত্তি লাভ কৰাত সহায় হয়। শুদ্ধ ফেংছুইয়ে ভাল গ্ৰাহক অনাৰ পৰা লাভৰ পৰিমাণ বৃদ্ধি কৰালৈকে এজন ব্যৱসায়ীক সহায় কৰিব পাৰে।

মাটি এটুকুৰা ভাল নে বেয়া, এই মাটি টুকুৰাত সজা ঘৰটো কেনেকুৱা হ’লে ঘৰটোত বাস কৰিবলগীয়া ব্যক্তিসকলৰ সৰ্বতোপ্ৰকাৰৰ উন্নতি সম্ভৱ হ’ব, ঘৰটোৰ ভিতৰত নক্সা আৰু সাজ-সজ্জা, ৰং আদি কেনেকুৱা বৈশিষ্ট্য থকা হ’লে ব্যক্তিসকলে জীৱনৰ অপায়-অমংগলবোৰৰ পৰা হাত সাৰিব পাৰিব, এনে কথাবোৰৰ উপায় দিনটোৱেই হৈছে এই ৰহস্যময় কলবিধৰ প্ৰদান কাম।

আচৰিত কথাটো হ’ল, ফেংছুই মানৱ জীৱনৰ প্ৰায় প্ৰতিটো ঘটনা পৰিঘটনাৰে বিশ্লেষণ কৰিব পৰা ক্ষমতাৰ সমষ্টি। এই পদ্ধতি অনুসৰণ কৰিলে আপুনি বিশেষ ভাল ফল পাব। ফেংছুইৰ আন এটা বৈশিষ্ট্য হৈছে- এটা বিশেষ পৰিৱেশ বা ব্যৱস্থাই ব্যক্তি এজনৰ জীৱনত নিৰ্দিষ্ট ধৰণৰ প্ৰভাৱ পেলায়। আমি যদি এই পৰিৱেশটো ফেংছুইৰ নিয়মমতে আমাৰ প্ৰয়োজনীয়ভাৱে সজাই-পৰাই ল’ব পাৰো, তেন্তে আমাৰ জীৱনটো তুলনামূলকভাৱে অধিক সম্পূৰ্ণ, অধিক আকৰ্ষণীয়, অধিক সফলতাপূৰ্ণ হৈ উঠিব। আৰু এয়া সম্ভাৱনাৰ কথা নহয়, একেবাৰে নিশ্চিত কথা।

অধিকসংখ্যক তাওবাদীৰ এটা অতি সাধাৰণ আৰু প্ৰধান লক্ষ্য হৈছে মৃত্যুৰ পিছৰ জীৱনত প্ৰৱেশ কৰাতকৈ অমৰত্ব লাভ কৰাত সফল হোৱা। এই লক্ষ্যত উপনীত হোৱাটো সহজ নহয় আৰু বিভিন্ন নিৰূপিত কাম আছে, সেইবিলাক সমগ্ৰ জীৱনকাল জুৰি সমাধান কৰিব পাৰিলে অমৰ হোৱাৰ অৰ্হতা লাভ হ’ব।

অমৰত্বৰ বাবে আভ্যন্তৰীণ ৰসায়ন শাস্ত্ৰ আৰু বহিঃস্থ ৰসায়ন শাস্ত্ৰক লৈ অৰ্হতাৰ দুটা পৃথক শ্ৰেণী আছে। তাওবাদী ৰসায়ন শাস্ত্ৰবিদসকলে আৱিষ্কাৰ কৰিছে যে, দৈনন্দিন জীৱনত সন্মুখীন হোৱা আঘাতবোৰ অৱহেলা নকৰি এক নিৰ্দিষ্ট স্তৰলৈ নিব পাৰিলে এজন মানুহৰ অংগ জ্যোতি(বা ব্যক্তিগত ‘চী’)ৰ পৰিৱৰ্তন সাধন হ’ব পাৰে। যেতিয়া এই পদ্ধতিটো এজন শক্তিশালী তাওবাদী শিক্ষকে(সমৰ কলা বিদ) প্ৰস্তুত কৰিছিল। এই কাৰ্য প্ৰণালীটোৱে বিশ্বজনীন বা মহাজাগতিক শক্তি(চী)ক কেন্দ্ৰীভূত কৰি আটক কৰি ৰাখে। ৰসায়ন শাস্ত্ৰবিদসকল হৈছে এনে জনসমষ্টি, যিসকলে সকলো বস্তু আৰু ঘটনাক কিছুমান মূল্যৱান অৱস্থালৈ পৰিৱৰ্তন কৰিব বিচাৰে। তেওঁলোকে সীহক সোণলৈ পৰিৱৰ্তন কৰিব বিচাৰিছিল। তাওবাদী ৰসায়ন শাস্ত্ৰবিদসকলে মানৱীয় দোষ-গুণবিলাক চৰিত্ৰগত পৰিৱৰ্তন ঘটাই মানৱক দীৰ্ঘ জীৱন দিব পৰাকৈ আৰু তাওৰ সৈতে বেছি ওচৰ চপাব পৰাকৈ সক্ষম কৰি তোলে।

আভ্যন্তৰীণ ৰসায়ন শাস্ত্ৰত জটিল অন্তঃদৰ্শন, নিখুঁত খাদ্যাভাস, নিৰ্দিষ্ট যৌন অনুশীলন আৰু আত্মসংযম অন্তৰ্ভূক্ত কৰিছে। এবিধ নিখুঁট খাদ্যক দেহৰ ভিতৰত থজা অশুভ শক্তিবিলাক ধ্বংস কৰিবলৈ আৰু শক্তিৰ সক্ৰিয়তা অব্যাহত ৰখাৰ দায়িত্ব ন্যস্ত কৰা হৈছিল। জেদ পাথৰ বা সোণৰ দৰে পৰিশোধিত পদাৰ্থ ভোগকৰণৰ দ্বাৰা দেহটো শোধন কৰা হয়।

বহিঃস্থ ৰসায়ন শাস্ত্ৰই বিশেষ শ্বাস কৌশলবোৰ, যৌন ৰীতিবিলাক, শাৰীৰিক অনুশীলনবোৰ, শোধিত ধাতুবোৰ প্ৰতিক্ৰিয়া অধিক শক্তিশালী কৰাৰ চেষ্টা কৰিছিল। জটিল যৌগবোৰৰ সক্ৰিয়তা, চিকিৎসা সম্পৰ্কীয় নৈপুণ্যবোৰ বৃদ্ধি কৰি অমৰত্ব প্ৰদানৰ বাবে এবিধ সঞ্জীৱনী কৌশল উৎপাদন কৰিবলৈ চেষ্টা কৰিছিল।

তাওবাদত এজনৰ আত্মা বা শক্তি জীৱন দায়িনী শক্তিৰ সৈতে দৃঢ়ভাৱে লগ লাগিব পাৰে বুলি ভবা হয়। অপশক্তিবিলাকৰ পৰা আঁতৰত থাকি আপুনি এটা নীতিপৰায়ণ, সৎ আৰু সুস্থ-সবল জীৱন আগবঢ়াই নিব পাৰিব। তাওবাদে পিছৰ জীৱনক মনোযোগ নিদিয়ে। স্বাস্থ্যৰ ওপৰতি আৰু এটা সৰল জীৱন-যাপনৰ দ্বাৰা দীৰ্ঘ জীৱন আৰু আভ্যন্তৰীণ শক্তিৰ প্ৰতিহে মনোযোগ দিয়ে।

‘য়িন’ আৰু ‘য়াঙ’ৰ আপেক্ষিকতা আৰু এই দুয়োটা অৱস্থাৰ মিলা-মিচাই হৈছে তাওবাদত চিন্তা আৰু অভিব্যক্তিৰ ভিত্তি। য়িন আৰু য়াঙৰ মাজত এটা ভাৰসাম্য অব্যাহত থাকিলে দেহ, মন আৰু আত্মাৰ নিখঁত স্বাস্থ্য লাভ হয়। এটা মন চিৰকাল টিকি থাকিব নোৱাৰে। স্মৃতিবোৰ মলিন হৈ যায়। জীৱনযাত্ৰাত এজন মানুহে বহুতো ঘাত-প্ৰতিঘাতৰ অভিজ্ঞতাৰ মাজেদি অতিক্ৰম কৰে। নিজৰ বয়স বৃদ্ধি হৈ পৰিৱৰ্তনৰ প্ৰক্ৰিয়াই মনৰো দিশ সলনি কৰে।

এজন ব্যক্তিৰ আত্মপ্ৰকৃতিৰ এটা মৌলিক কেন্দ্ৰ থকা উচিত। নিজকে আধ্যাত্মিকভাৱে মহাজাগতিক শক্তিবোৰৰ পদানুসৰণ কৰি আধ্যাত্মিক যাত্ৰাবোৰ সক্ষম কৰি তোলে। এই ধাৰণাবিলাকেই তাওবাদৰ শ্ৰেষ্ঠ ৰূপৰ মৌলিক অংগ বুলি কোৱা হয়। Tao Te Ching গ্ৰন্থত অকামিলা, শূণ্য, উদাসীন, গ্ৰহণ ক্ষমতা, স্বতঃসফূৰ্ততা, কোমলতাৰ শক্তি, মানৱীয় গুণবোৰে এটা দীৰ্ঘ জীৱন লাভ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

‘পাঁচ হেজাৰ বছৰৰ পুৰণি তাও দৰ্শনৰ মূল কথা হৈছে সহজভাৱে জীৱন-যাপন কৰা, দেহক অনিৰ্বচনীয় শক্তিৰ অধিকাৰী কৰা তথা জৰা, ব্যাধি, মৃত্যুৰ পৰা মুক্ত কৰা। তাও দৰ্শনৰ স্বীকৃত, সৰ্বোৎকৃষ্ট গ্ৰনোথ ‘তাও চে চিং’ত থকা পদ তথা বাণীবোৰ তৰপে তৰপে লুকাই থকা অৰ্থেৰে ব্যঞ্জনাময়। বাইবেলৰ দৰেই এই গ্ৰন্থৰ অনুবাদ পৃথিৱীৰ সকলো ভাষাতে হৈছে।

তাওবাদী খাদ্যবোৰ বছৰৰ ঋতু অনুযায়ী নিৰ্দিষ্ট কৰি থোৱা হৈছে। দৰ্শনটো হৈছে, বতৰৰ ফল আৰু শাক-পাচলি, অক্ষত গুটি আৰু বীজ আৰু বাদামৰ সৈতে একেলগে খোৱাটোৱে দেহ আৰু মন ভাৰসাম্য ৰক্ষা কৰে। তাওবাদী খাদ্যই শ্বতসাৰ, চৰ্বি বা মাংসসাৰৰ ওপৰত কেলৰিৰ হিচাপ নকৰে। তাৰ পৰিৱৰ্তে ই সক্ৰিয় উষ্ণতা, সোৱাদ আৰু পৰিপুষ্টিৰ শ্ৰেণীবিভাজন কৰে আৰু মনটো শান্ত কৰাৰ লগে লগে সবল কৰে আৰু অস্থিৰতা হ্ৰাস কৰে। কেইবাহাজাৰ বছৰৰ আগতে তাওবাদীসকলে নিৰ্দিষ্ট খাদ্যবোৰ আৰু বনৌষধিবোৰৰ সম্বন্ধে অধ্যয়ন কৰিছিল।

যদি আমি অধিক শক্তিশালী খাদ্য খাওঁ, আমি নিজে অধিক শক্তিশালী হ’ব পাৰো। যদি আমি উচ্চতৰ মান বিশিষ্ট খাদ্যবোৰ খাওঁ, আমাৰ স্বাস্থ্য উন্নত হয়। কিন্তু যদি আমি দুৰ্বল খাদ্যবোৰ খাওঁ, আমি অধিক বেমাৰত ভোগো। তেওঁলোকে বিচাৰি পাইছিল যে বহুতৰে শক্তিশালী ৰোগ নাশক আৰু সুৰক্ষাদায়ক গুণ আছে। তেওঁলোকে বিশ্বাস কৰিছিল যে নিশ্চিত খাদ্যবোৰৰ নিৰ্বাচনে সুষমাৰ বিলুপ্তিক আঁতৰ কৰিব পাৰে, ৰোগক বাধা দিব পাৰে আৰু হিত সাধন হোৱাত সহায় কৰিব পাৰে। যেতিয়া মানুহৰ তেজত বনৌষধিৰ পোষক দ্ৰব্যবোৰ সম্পূৰ্ণ বিয়পি যায়, দেহত থকা বীজাণুবোৰ লাহে লাহে ধ্বংস হয় আৰু মানৱ দেহ প্ৰাকৃতিকভাৱে পৰিষ্কাৰ আৰু পবিত্ৰ হয়।

তাওবাদী খাদ্যৰ চাৰিবিধ উষ্ণতা হৈছে- তপত, কুহুমীয়া, জুৰ আৰু চেঁচা। পাঁচবিধ সোৱাদ হৈছে- মিঠা, টেঙা, চোকা, তিতা আৰু লুণীয়া। প্ৰতিবিধ খাদ্যৰ এটা প্ৰাকৃতিক গুণ আছে। তাওবাদী খাদ্যবোৰ হৈছে বিশুদ্ধ সংবেদনশীল আৰু স্বাস্থ্যক সক্ৰিয় কৰি ৰখাৰ বাবে উপযোগী। তাওবাদীসকলে এজন ব্যক্তিৰ দেহৰ প্ৰকাৰ আৰু স্বাস্থ্যৰ অৱস্থা নিৰ্ণয় কৰিব পাৰে। তেওঁলোকৰ চিন্তাধাৰা প্ৰাকৃতিক আৰু এনেকৈ দেহ আৰু মনক সহায় কৰে।

ধৰ্মটোৰ অভিপ্ৰায় হৈছে নিৰাপদ দীৰ্ঘ জীৱন বা এক ধৰণৰ অমৰত্বত উপনীত হোৱা। চিকিৎসা পদ্ধতি, শ্বাস কৌশল, ধ্যান, শৰীৰ চৰ্চা আদিৰ জৰিয়তে দেহক অমৰত্ব প্ৰদান কৰিব পাৰে। তাওবাদীসকলে চিকিৎসা শাস্ত্ৰত বিশেষ জ্ঞান লাভ কৰিছিল। তেওঁলোকে তেওঁলোকৰ নিজৰ ৰহস্যময়তা আৱিষ্কাৰ কৰিছিল, সেইটো হৈছে- কিছুমান নিৰ্দিষ্ট ঔষধ সেৱন কৰি দীৰ্ঘজীৱন লাভ কৰিব পাৰিছিল।

‘বিশিষ্ট বুদ্ধিজীৱী, শক্তি-পদাৰ্থ বিজ্ঞানৰ অধ্যাপক ফ্ৰিটজফ কাপ্ৰাই তেওঁৰ “Tao of Physics” আৰু “Turning Point” নামৰ দুখন বহুপঠিত চাঞ্চল্য সৃষ্টিকাৰী গ্ৰন্থত কোৱান্টাম বলবিদ্যা আৰু আপেক্ষিকতা সূত্ৰৰ(Quantum Mechanics and Theory of Relativity) আলোকত মত পোষণ কৰিছে যে, পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ বিজ্ঞানসন্মত ধৰ্ম হ’ল তাও ধৰ্মহে।

তাই জাতিৰ আদিকালৰ ৰজাসকলে আৰু তেওঁলোকৰ প্ৰশাসনে বনৌষধিবোৰ আৰু মানৱ জাতিৰ লগত এইবিলাকৰ সম্বন্ধৰ গুণবোৰৰ ওপৰত গৱেষণা কৰিছিল। আদি কালৰ তাই জাতিৰ দ্বিতীয়জন স্বৰ্গ ৰজা ছেন নুঙৰ ৰাজত্বকাল(২,৭৩৭-২,৬৯৯ খ্ৰীষ্টপূৰ্ব)ৰ পৰা হেজাৰ হেজাৰ পৃথক বনৌষধি গৱেষণা কৰা হৈছিল আৰু শ শ সূত্ৰ বিকশিত হৈছিল।

জ্ঞানী ৰজা ছেন নুঙক কৃষিৰ মৌলিক কৌশলবোৰ উদ্ভাৱকৰূপে স্বীকৃতি দিয়া হয়। তেওঁ জনসাধাৰণক পাঁচ প্ৰকাৰৰ শস্যৰ গুটি- ধান, দুবিধ কণীধান, ঘেঁহু আৰু মাহ সিঁচিবলৈ শিকাইছিল। স্বৰ্গ ৰজা ছেন নুঙক পৃথিৱীৰ প্ৰথম ধান খেতিয়ক(ধান খেতিৰ আৱিষ্কাৰক) ৰূপে স্বীকৃতি দিয়া হয়। মানুহক তেওঁ অসুখ আৰু বিহৰ পীড়া দেখুৱাছিল। তেওঁ ব্যক্তিগতভাৱে ১,০০০ বনৌষধিৰ অনুসন্ধান কৰিছিল। বনৌষধি চাহ আৰু বনৌষধিৰে প্ৰস্তুত কৰা ‘লুক লাও’ তেওঁৰ দ্বাৰা আৱিষ্কৃত দ্ৰব্য। ইয়াৰোপৰি কোনবোৰ ৰোগ-চিকিৎসা-বিষয়ক আৰু কোনবোৰ বিষাক্ত দ্ৰব্যু, সেই কথা জনসাধাৰণক জানিবলৈ দিছিল। বিহবোৰ আৰু প্ৰতিকাৰবোৰৰ সৈতে তেওঁৰ সম্পৰীক্ষাবোৰত, এদিনত ৭০ বিধ পৰ্যন্ত বেলেগ বেলেগ বিষ লৈ পৰীক্ষা কৰিছিল। বনৌষধি চিকিৎসা শাস্ত্ৰত বহুতো প্ৰতিকাৰ উদ্ভাৱন কৰি চিকিৎসা শাস্ত্ৰৰ গৱেষণালৈ নিস্বাৰ্থ অনুৰাগৰ এটা সুন্দৰ দৃষ্টান্ত ৰাখি ছেন নুঙে প্ৰথম বৃহৎ সাফল্য অৰ্জন কৰিছিল আৰু পিছত এটা বিফল সম্পৰীক্ষাত তেওঁৰ মৃত্যু হৈছিল।

তাওবাদীসকলে বনৌষধিবোৰৰ ৰোগ নিৰাময় কৰাৰ বিন্যাস পুংখানুপুংখভাৱে অধ্যয়ন কৰিছিল আৰু বনৌষধিবোৰৰ ব্যৱহাৰত অধিক মাত্ৰাত দক্ষতা অৰ্জন কৰিছিল। উদাহৰণ স্বৰূপে কেইবা হাজাৰ বছৰৰ পূৰ্বে শল্য চিকিৎসকসকলে তেওঁলোকৰ ৰোগীসকলক মাত্ৰ এবিধ বনৌষধি চাহ ব্যৱহাৰ কৰি কোনো পাৰ্শ্বক্ৰিয়া নোহোৱাকৈ ৬ ঘন্টাৰ বাবে বশীভূত(Anesthetize) কৰি ৰাখিবলৈ সক্ষম হৈছিল। তাওবাদীসকলে হেজাৰ হেজাৰ বছৰ ধৰি তেওঁলোকে ব্যৱহাৰ কৰা বনৌষধিবোৰ আৰু সেইবোৰৰ সম্পৰীক্ষাবোৰৰ লিখিত নথি তেওঁলোকৰ লগত ৰাখিছিল। বনৌষধি সংযোজনবিলাকৰ ভূলৰ বাবে হ’ব পৰা ক্ষয়-ক্ষতি প্ৰতিৰোধৰ ব্যৱস্থাও তেওঁলোকৰ মাজত প্ৰচলন আছে। সেইবিলাকৰ লিখিত নথিও তেওঁলোকৰ মাজত সংৰক্ষিত হৈ আছে। সম্ভাব্য সূত্ৰাৱলী তৈয়াৰ কৰিবলৈ তাওবাদীদ্বনৌষধি তত্ত্বৰ সূত্ৰবোৰ আৰু নীতিবোৰ বিকাশ হৈছিল। এই লেখাবিলাকে বনৌষধি কেঁচা উপাদানবিলাকক কেনেকৈ বিক্ৰিয়া ঘটোৱা উচিত আৰু ন্যূনতম অপচয় কৰি সৰ্বাধিক পৰিমাণৰ আৰোগ্য লাভ কৰিবলৈ প্ৰস্তুত কৰা উচিত তাৰো বাখ্যা কৰিছে।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন(প্ৰদীপ ম’ছাম ফুকন)

 

2.9
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top