মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / দুই মিনিটত বিষ নিৰাময় কৰাৰ উপায়
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

দুই মিনিটত বিষ নিৰাময় কৰাৰ উপায়

দুই মিনিটত বিষ নিৰাময় কৰাৰ উপায়ৰ বিষয়ে লিখা হৈছে ।

 

শৰীৰৰ যিকোনো অংগতে যি কোনো মুহূৰ্ততে বিষ হ’ব পাৰে। বিষ হোৱাৰ কাৰণো ভিন ভিন হ’ব পাৰে। ক’ৰবাত খুন্দা-খুন্দলি খাই, ভৰি-হাতত মোচোকা খাই বা দুৰ্ঘটনাত অকস্মাতে আঘাত পালে যিকোনো অংগতে বিষ হ’ব পাৰে। কেতিয়াবা মূৰৰ বিষ, দাঁত, কাণ আৰু ডিঙিৰ বিষৰ লগতে পেটতো হঠাৎ বিষ হ’ব পাৰে। বয়স বৃদ্ধিৰ লগে লগে পুৰুষ-মহিলা উভয়ৰে ভৰিৰ গাঁঠি, আঁঠু বা কঁকালতো বিষ হ’ব পাৰে।

কাৰণ যিয়েই নহওক লাগে, শৰীৰৰ যিকোনো অংগতে হোৱা বিষে কিন্তু বৰ যন্ত্ৰণা দিয়ে। সেই যন্ত্ৰণাৰ কথা কেৱল ভুক্তভোগীয়েহে অনুভৱ কৰিব পাৰে।শৰীৰত দেখা দিয়া এনেধৰণৰ যন্ত্ৰণাদায়ক বিষ কম সময়ৰ ভিতৰতে নিৰাময় কৰিবৰ কাৰণে এটি সহজে আৰু কম খৰচী দিহা এই চুটি লেখাটিৰ যোগেদি আপোনালৈ দিব খুজিছো।

এই দিহা মানি চলিলে আপুনি যিকোনো ধৰণৰ বিষ-যন্ত্ৰণাৰ পৰা কম সময়ৰ ভিতৰতে হাত সাৰিব পাৰিব।এই চিকিৎসাৰ প্ৰধান উপাদান হৈছে জায়ফল। জায়ফলৰ বিষয়ে নিশ্চয় আপোনালোকেও শুনিছে আৰু এইবিধ শুকান ফল যিকোনো খাদ্য আৰু ফলমূলৰ দোকানত কিনিবলৈ পোৱা যায়। এই জায়ফল কিনি আনি ওপৰৰ টান বাকলিখন গুচাই ভিতৰৰ শাহটো বটি লৈ গুড়ি কৰি লওক। প্ৰতিদিনে এই গুড়িৰ আধা চামুচ পৰিমাণত দিনে দুবাৰকৈ সামান্য পানীৰ লগত খাই থাকিলে শৰীৰৰ যিকোনো অংশত, যিকোনো কাৰণত হোৱা বিষ তেনেই কম সময়তে নিৰাময় হয়। এই ব্যৱস্থা গাঁঠিৰ বিষ(সন্ধিবাত), আঁঠুৰ বিষ, কঁকালৰ বিষ আদিতো বিশেষ ফলপ্ৰসূ।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

 

 

2.3
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top