মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / দুৰ্যোগ প্ৰশমন আৰু প্ৰাথমিক সাহায্য
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

দুৰ্যোগ প্ৰশমন আৰু প্ৰাথমিক সাহায্য

দুৰ্যোগ প্ৰশমন আৰু প্ৰাথমিক সাহায্যৰ বিসয়ে লিখা হৈছে

 

দুৰ্যোগ মানে কি?

 

হঠাতে সংঘটিত হোৱা কোনো প্ৰাকৃতিক বা মানৱসৃষ্ট অঘটনৰ দ্বাৰা যদি মানুহৰ জীৱন আৰু সম্পত্তিৰ বিস্তৰ হানি হয়, তাকে দুৰ্যোগ বুলি কোৱা হয়।

দুৰ্যোগৰ ধৰণ

১) প্ৰাকৃতিক দুৰ্যোগ :

(ক) বানপানী

(খ) ভূমিকম্প

(গ) ধুমুহা, ঘূৰ্ণী বতাহ

(ঘ) আগ্নেয়গিৰি উদগীৰণ

(ঙ) ভূমিস্খলন

(চ) চুনামি

২) ঔদ্যোগিক দুৰ্যোগ :

(ক) ভয়াবহ অগ্নিকাণ্ড

(খ) বিস্ফোৰণ

(গ) বিষাক্ত গেছ নিৰ্গম

(ঘ) পাৰমাণিৱিক কেন্দ্ৰত হোৱা তেজস্ক্ৰিয় পদাৰ্থৰ নিৰ্গমন।

৩) মানৱসৃষ্ট দুৰ্যোগ :

(ক) বোমা বিস্ফোৰণ

(খ) পশ্চাৎঘাতী কাৰ্যৰদ্বাৰা ঘটোৱা দুৰ্ঘটনা

(গ) গোষ্ঠীগত সংঘৰ্ষ

(ঘ) যুদ্ধ – বিগ্ৰহ

৪) যানবাহনৰ দুৰ্ঘটনা :

(ক) উৰাজাহাজৰ দুৰ্ঘটনা

(খ) ভয়াবহ ৰেল দুৰ্ঘটনা

(গ) জাহাজ ডুবি হোৱা দুৰ্ঘটনা

দুৰ্যোগৰ বিভিন্ন স্তৰ

 

১) সতৰ্কতা স্তৰ : কিছুমান দুৰ্যোগ অহাৰ আগতে আগজাননী পোৱা হয়। উদাহৰণ স্বৰুপে – ধুমুহা, ছুনামি আদিৰ আগজাননী বতৰ বিজ্ঞান বিভাগে প্ৰায়েই শুদ্ধকৈ দিব পাৰে। ভূমিকম্প অহাৰ আগতে জীৱ – জন্তুৱে কিছুমান অদ্ভুত ধৰণৰ আচৰণ কৰি ইয়াৰ আগজাননী দিয়ে।

২) প্ৰকৃত দুৰ্যোগৰ স্তৰ : সুৰ্যোগৰ ধৰণ অনুসৰি এই সময় কম বা বেছি হ’ব পাৰে। বিস্ফোৰণ সংঘটিত হ’বলৈ মাত্ৰ কেইছেকেণ্ডমানহে সময় লাগে; কিন্তু বানপানী, অগ্নিকাণ্ড, ধুমুহা আদি কেইবাঘণ্টা বা কেইবাদিনলৈ হৈ থাকিব পাৰে। এই খিনি সময়তে মানুহৰ প্ৰাণ হানি হ’ব পাৰে।

৩) উদ্ধাৰ অভিযানৰ স্তৰ : দুৰ্যোগ পাৰ হৈ যোৱাৰ ঠিক পাছতে বা কিছুমান দুৰ্যোগ চলি থাকোতে এই স্তৰ আৰম্ভ হয় যেতিয়া লৈকে ভূক্তভূগী সকলক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰা নহয়, ই চলি থাকে। ই কেইবা ঘণ্টা বা কেইবাদিনলৈকে চলি থাকে।

৪) সাহাৰ্য্য বিতৰণৰ স্তৰ : উদ্ধাৰ কৰাৰ পাছতে দুৰ্গত সকলক সাহয্য বিতৰণ আৰম্ভ কৰা হয়। খাদ্য আৰু কাপোৰ – কানি বিতৰণ, অস্থায়ী আশ্ৰয়গৃহ নিৰ্মাণ আৰু চিকিৎসা সাহাৰ্য্য প্ৰদান এই স্তৰতে কৰা হয়। দুৰ্যোগৰ ধৰণ অনুযায়ী স্থানীয়, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সাহাৰ্য্য এই পৰ্যায়তে লাভ কৰে।

৫) পুনৰ সংস্থাপনৰ স্তৰ : এই স্তৰ অতি দীঘলীয়া। দুৰ্যোগৰ ধৰণ আৰু প্ৰাণী আৰু সা – সম্পত্তিৰ ক্ষয় – ক্ষতিৰ পৰিমাণ অনুসৰি এই স্তৰ কেইবামাহৰ পৰা কেইবা বছৰলৈকে চলিব পাৰে। ধ্বংস হোৱা ঘৰ – বাৰী, ৰাস্তা – ঘাট, দলং আদিৰ পুনৰ নিৰ্মাণ; ধন – জন, সা-সম্পত্তিৰ ক্ষয়-ক্ষতি নিৰ্ধাৰণ আৰু ক্ষতিপূৰণ প্ৰদান এই স্তৰতে কৰা হয়। ঔদ্যোগিক দুৰ্যোগ যেনে – বিষাক্ত গেছ নিৰ্গমন বা পাৰমাণৱিক কেন্দ্ৰৰ পৰা তেজস্ক্ৰিয় পদাৰ্থৰ নিৰ্গমনৰ ক্ষেত্ৰত মানৱ শৰীৰত ভৱিষ্যতে হ’ব পৰা প্ৰতক্ৰিয়াৰ যথাযথ বিশ্লেষণ আৰু তাৰ প্ৰতিকাৰৰ উপায় উলিওৱাৰ ব্যৱস্থাও এই স্তৰতে কৰা হয়।

দুৰ্যোগৰ প্ৰশমন পৰিকল্পনা

 

সকলোৱে সজাগ হৈ থাকিলে আৰু ল’ব লগীয়া সাৱধানতা অৱলম্বন কৰিলে, দুৰ্যোগত প্ৰাণ আৰু সম্পত্তি হানি কিছু পৰিমাণে কমাব পৰা হয়। দেশৰ অসামৰিক প্ৰশাসন আৰু ডাঙৰ উদ্যোগবোৰে দুৰ্যোগ প্ৰশমন পৰিকল্পনা লিখিত ৰুপত ৰাখিব লাগে। অকল সেয়ে নহয়, এই পৰিকল্পনাবোৰ মাজে মাজে কাল্পনিক দুৰ্যোগ সৃষ্টি কৰি কাৰ্যকৰীকৰণৰ আখৰা কৰি চোৱা অতি আৱশ্যক। তেতিয়া হ’লে দুৰ্যোগ প্ৰশমন পৰিচালনা সমিতিৰ সদস্য সকলে যথাসময়ত ল’বলগীয়া ভূমিকাৰ বিষয়ে সম্যক জ্ঞান লাভ কৰে আৰু কাৰ্যকৰীকৰণত হ’ব পৰা পৰা সম্ভাব্য ভুল – ক্ৰুটিৰ পৰা শিক্ষা ল’ব পাৰে। দুৰ্যোগৰ সময়ত সাধাৰণ ৰাইজৰ অংশগ্ৰহণ যিহেতু অপৰিহাৰ্য্য, ছাত্ৰ-ছাত্ৰী আৰু কৰ্মঠ লোকক এই বিষয়ে প্ৰশিক্ষণ দি আৰু কাল্পনিক দুৰ্যোগৰ আখৰাত অংশগ্ৰহণ কৰাই তেওঁলোককো সততে সাজু কৰি ৰখাটো অতি আৱশ্যকীয়।

আনহাতে নিৰাপদ আৰু বিজ্ঞানসন্মত ভাৱে গৃহ নিৰ্মাণ কৰা, আহল-বহল ৰাস্তা-ঘাট নিৰ্মাণ, জনবসতিপূৰ্ণ ঠাইত পৰ্যাপ্ত পৰিমাণে মুকলি ঠাই ৰখা আদি দীৰ্ঘকালীন পৰিকল্পনা দুৰ্যোগ প্ৰশমন পৰিকল্পনাৰ অন্তৰ্ভূক্ত হোৱা উচিত। এই ক্ষেত্ৰত চৰকাৰে সদা সতৰ্ক প্ৰশিক্ষণ প্ৰাপ্ত ‘ক্ষিপ্ৰ কৰ্মীৰ দল’ (Rapir Action Force) গঠন কৰি ৰাখিলে নিশ্চয়কৈ দুৰ্যোগ ব্যৱস্থাপনাত সহায়ক হ’ব।

ভূমিকম্প আৰু ল’বলগীয়া সাৱধানতা

 

প্ৰাকৃতিক দুৰ্যোগৰ ভিতৰত ভূমিকম্প এটা সঘনাই হোৱা মাৰাত্মক দুৰ্যোগ। ঘন বসতিপূৰ্ণ আৰু বৃহৎ অট্টালিকা থকা চহৰ অঞ্চলত ইয়াৰ ধ্বংসলীলা ভয়াবহ হয়। ইয়াৰ পৰা প্ৰাণ নাশ হোৱা লোকৰ সংখ্যা কমাবলৈ হ’লে আমি কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগিব।

ক) ভূমিকম্প হোৱাৰ আগতে :

১) পৰিয়ালৰ সকলোৰে উপযোগীকৈ এটা জৰুৰীকালীন পৰিকল্পনা যুগুত কৰক আৰু ইয়াক নিয়মিতভাৱে চৰ্চা কৰক।

২) এজন বাহিৰৰ ব্যক্তিৰ টেলিফোন নম্বৰ সকলোৱে দেখাকৈ লিখি আঁৰি থওক, যাতে আৱশ্যক অনুযায়ী তেওঁৰ লগত যোগাযোগ কৰিব পাৰে।

৩) ঘৰৰ ওচৰতে এখন মুকলি ঠাই চিনাক্ত কৰক, যাতে তালৈ দুৰ্যোগৰ সময়ত পৰিয়ালৰ সকলোৱে যাব পাৰে।

৪) নিজৰ প্ৰয়োজনীয় সামগ্ৰী, যেনে – খাদ্য, পানী, ব্যৱহাৰ কৰি থকা দৰব আদি কমেও তিনি দিনৰ বাবে চলি যোৱাকিউ মজুত কৰাৰ ব্যৱস্থা কৰক।

৫) বিপদৰ সময়ত কামত অহাকৈ এটা জৰুৰীকালীন সামগ্ৰীৰ ভঁৰাল পাতক। এই ভঁৰালৰ শুকান খোৱা খাদ্য, পানী, লাগতিয়াল দৰব আৰু প্ৰাথমিক সাহায্যৰ বাবে প্ৰয়োজনীয় সামগ্ৰী, এটা বেটাৰীৰে চলা ৰেডিঅ’, টৰ্চ লাইট, প্ৰয়োজনীয় কাপোৰ আদি থকা উচিত।

৬) ঘৰৰ ওপৰৰ চাঙত বা ৰেকত গধুৰ ওজনৰ বস্তু নথ’ব। গধুৰ কাঠৰ ফাৰ্নিচাৰবোৰ ভালদৰে বান্ধি ৰখাৰ ব্যৱস্থা কৰক।

৭) নিজৰ ঘৰটো সজাওঁতে ভূমিকম্প প্ৰতিৰোধী প্ৰযুক্তি ব্যৱহাৰ কৰক।

৮) প্ৰাথমিক সাহায্যৰ জ্ঞান আহৰণ কৰাটো প্ৰয়োজনীয়।

খ) ভূমিকম্প অহাৰ সময়ত :

যদি আপুনি ঘৰৰ ভিতৰত আছে :

১) আপুনি যদি ঘৰৰ দুৱাৰমুখতে আছে, ততালিকে বাহিৰলৈ ওলাই আহক। ওলাই আঁহোতে হাত খন মূৰৰ ওপৰত থৈ আহিব, যাতে মূৰৰ ওপৰত কিবা বস্তু পৰিলে হাতেৰে বাধা দিব পাৰে। ওলাই আহি ওখ গছ বা ইলেকট্ৰিক পোষ্ট আদিৰ পৰা আঁতৰত মূকলি ঠাইত আশ্ৰয় লওক।

২) যদি আপুনি দুৱাৰ মুখৰ পৰা দূৰত আছে অথবা ওখ অট্টালিকাৰ ওপৰ মহলাত আছে, ওলাই যাবলৈ চেষ্টা নকৰিব। বিছনা, মেজ বা গধূৰ কাঠৰ ফাৰ্নিচাৰৰ তলত আশ্ৰয় লওক। ভূমিকম্পৰ জোকাৰণিৰ শাম কটাৰ পাছতহে ওলাই আহিব আৰু যিমান পাৰি সোনকালে বাহিৰলৈ ওলাই যাব। ওলাই যাওঁতে ভূলতো লিফ্‌টৰ ব্যৱহাৰ নকৰিব।

যদি আপুনি বাহিৰত আছে :

মুকলি ঠাইত আশ্ৰয় লওক। চাব যাতে ওচৰত ওখ অট্টালিকা, ওখ গছ, ওখ দলং বা উচ্চ ক্ষমতাসম্পন্ন ইলেক্ট্ৰিক তাঁৰ আদি নাথাকে।

যদি আপুনি গাড়ীৰ ভিতৰত আছে : গাড়ীখন ওখ অট্টালিকা বা ইলেক্ট্ৰিক পোষ্ট নথকা মুকলি ঠাইত ৰখাওক। গাড়ীৰ ভিতৰতে ছিটৰ ওপৰ বা তলত শুই দিয়ক। বাহিৰলৈ ওলাই নাযাব। মনত ৰাখিব গাড়ীৰ ভিতৰ খনহে নিৰাপদ ঠাই।

গ) ভূমিকম্প হৈ যোৱাৰ পাছত :

১) জোকাৰণি শেষ হোৱাৰ পাছতো কিছু সময় অপেক্ষা কৰক। জোকাৰণি শেষ হোৱাৰ পাছতো দুই-এপদ গধুৰ বস্তু সৰি পৰিব পাৰে।

২) কিছু সময়ৰ পাছত ওপৰলৈ আৰু আপোনাৰ চাৰিওফালে সতৰ্ক দৃষ্টিৰে লক্ষ্য কৰি লাহে লাহে ওলাই আহক। চাব যাতে ইতিমধ্যে ঢিলা হৈ থকা কোনো বস্তু বা ঘৰৰ টুকুৰা হঠাতে আপোনাৰ ওপৰত সৰি নপৰে।

৩) মুকলিলৈ ওলাই আহি অপোনাৰ শৰীৰত ক’ৰবাত আঘাত পাইছে নেকি চাই ল’ব।

৪) আপোনাৰ ওচৰে-পাঁজৰে কোনোবাই আঘাত পাইছে নেকি চাওক আৰু আৱশ্যক অনুযায়ী প্ৰাথমিক সাহায্য দিয়ক। আন কোনোবা যদি ভগা ঘৰৰ তলত সোমাই আছে, তেওঁক ওলাই অহাত সহায় কৰক।

৫) অতি প্ৰয়োজন নহ’লে ফোন বা ম’বাইল ফোন ব্যৱহাৰ নকৰাই মংগল।

৬) ৰেডিঅ’ বা সম্ভৱ হ’লে স্থানীয় টিভি চেনেলত বাতৰি শুনক বা চাওক। বিপদকালীন সতৰ্কতা বা অন্য কোনো নিৰপত্তা সম্পৰ্কীয় ঘোষণা শুনিবও পাৰে।

৭) গেছ, বিজুলী তাঁৰ, পানীৰ পাইপ আদি পৰীক্ষা কৰক। যদি এইবোৰত কিবা ভগা-ছিগা লক্ষ্য কৰে, ততালিকে মূল লাইনত বিজুলী বন্ধ কৰক। গেছৰ ভালভ সম্ভৱ হ’লে বন্ধ কৰি দিয়ক। যদি এনে কৰাটো সম্ভৱ নহয়, ততালিকে কতৃপক্ষক খবৰ দিয়ক। মনত ৰাখিব গেছ লাইন ফাটি বা উন্মুক্ত বিজুলী তাঁৰে নতুন বিপদ মাতি আনিব পাৰে।

৮) মূল জোকাৰণিৰ পাছতো সৰু-সুৰা জোকাৰণি আহিব পাৰে। সেয়েহে আধা ভগা ঘৰ বা বিজুলী খুটাঁৰ ওচৰত কেতিয়াও নাথাকিব।

৯) মনত ৰাখিব ভূমিকম্পই মানুহৰ প্ৰাণ নাশ নকৰে, কিন্তু আঁসোৱাহপূৰ্ণভাৱে নিৰ্মিত ঘৰ বহুতৰ প্ৰাণ নাশৰ কাৰণ হ’ব পাৰে।

দুৰ্যোগত আঘাতপ্ৰাপ্তক চিকিৎসালয়লৈ স্থানান্তৰ-

 

যিকোনো দুৰ্যোগ হৈ যোৱাৰ পাছত দুটা প্ৰধান সমস্যা আহি পৰে –

(ক) আহত লোকক উদ্ধাৰ আৰু

(খ) আহত সকলক চিকিৎসালয়লৈ স্থানান্তৰ।

উদ্ধাৰ কাৰ্যত প্ৰশিক্ষণ প্ৰাপ্ত উদ্ধাৰকাৰী দলে সহায় কৰিলে বহুতো লোকৰ জীৱন ৰক্ষা কৰিব পৰা হয়। ভগা-ছিগা ঘৰৰ তলত সোমাই থকা লোকক কোনো কোনো সময়ত জীৱন ৰক্ষা কৰিবলৈ হ’লে ঠাইতে অংগ (হাত, ভৰি আদি) কাটিও উলিয়াই আনিব লগীয়া হ’ব পাৰে। এনে ক্ষেত্ৰত চিকিৎসকৰ সহায় অপৰিহাৰ্য্য।

আনহাতে উদ্ধাৰ কৰাৰ পাছত আহত সকলক চিকিৎসালয়লৈ স্থানান্তৰ কৰাৰ ক্ষেত্ৰত বহুতো আহুকাল আহি পৰে। আহত সকলৰ তুলনাত যদি উদ্ধাৰকাৰী দলত মানুহৰ সংখ্যা কম হয়, অথবা এম্বুলেঞ্চ বা তেনে ধৰণৰ যান বাহনৰ সংখ্যা কম থাকে, তেতিয়া আহত সকলৰ কোন জনক প্ৰথমে আৰু কোন জনক পাছত চিকিৎসালয়লৈ স্থানান্তৰ কৰিব, তাকে লৈ সমস্যাৰ উদ্ভৱ হোৱাটো স্বাভাৱিক। এই সমস্যাৰ বৈজ্ঞানিক ভিত্তিত সমাধান কৰা প্ৰথাকে ট্ৰায়েজ (Triage) বোলা হয়। ট্ৰায়েজ মানে আঘাতৰ গুৰুত্ব অনুযায়ী ৰোগীক ভাগ ভাগ কৰা। ৰোগীৰ আঘাত পৰীক্ষা কৰি অভিজ্ঞ চিকিৎসকে এনে ৰোগীক তিনিটা ভাগত ভাগ কৰে।

১) অতি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত (Critical) : এনে ৰোগীক মুহূৰ্তও পলম নকৰাকৈ সহায়ৰ প্ৰয়োজন হয়। যেনে – যি ৰোগীয়ে উশাহ নলীত বাধাপ্ৰাপ্ত হৈ উশাহ ল’ব পৰা নাই, তেনে ৰোগীক প্ৰশিক্ষণ প্ৰাপ্ত চিকিৎসা কৰ্মীয়ে শ্বাস নলীৰ প্ৰতিবন্ধকতা আঁতৰাই কৃত্ৰিম শ্বাস – প্ৰশ্বাস দিয়াৰ ব্যৱস্থা ঠাইতে কৰিব লাগে। ৰোগীৰ অৱস্থা অলপ সুস্থিৰ হ’লেই ততাতৈয়াকৈ চিকিৎসালয়লৈ স্থানান্তৰ কৰিব লাগে।

২) গুৰুতৰ আঘাতপ্ৰাপ্ত (Serious) : পেটত বা বুকুত আঘাত প্ৰাপ্ত, ডাঙৰ হাড় ভগা, ডাঙৰ ঘা থকা আৰু ডাঙৰ তেজবাহী নলীৰ পৰা ৰক্ত ক্ষৰণ হৈ থকা ৰোগীক প্ৰশিক্ষণ প্ৰাপ্ত চিকিৎসা কৰ্মীয়ে প্ৰাথমিক সাহায্য দিয়াৰ পাছত আৰু ৰক্ত ক্ষৰণ বন্ধ হোৱাৰ পাছত অতি সোনকালে চিকিৎসালয়লৈ স্থানান্তৰ কৰিব লাগে।

৩) অপেক্ষা কৰিব পৰা ৰোগী : হাত বা ভৰিৰ হাড় ভগা, থেতেলা খোৱা, সৰু-সুৰা ছাল ছিগা ইত্যাদি ধৰণে আঘাত প্ৰাপ্ত  ৰোগীয়ে কিছু সময় দুৰ্ঘটনা স্থলিতে অপেক্ষা কৰিব পাৰে। এনে ৰোগীক স্থানান্তৰ কঁৰোতে ততাতৈয়াকৈ কৰাৰ আৱশ্যকতা নাই। আনহাতে মৃত বা মুমূৰ্ষ ৰোগীকো (যিসকলে চিকিৎসালয় গৈ পোৱাৰ কোনো নিশ্চয়তা নাই) ততাতৈয়াকৈ স্থানান্তৰ কৰি একো লাভ নাই।

প্ৰাথমিক সাহায্য

দুৰ্ঘটনা স্থলীতে অস্থায়ী চালি দি এটা প্ৰাথমিক সাহায্য কেন্দ্ৰ খুলি লোৱা অতি আৱশ্যকীয়। এই কেন্দ্ৰত যি সকল ৰোগীক সোনকালে চিকিৎসালয়লৈ পঠিয়াব পৰা নাই অথবা যিসকলক হয়তো চিকিৎসালয়লৈ পঠিওৱাৰ প্ৰয়োজন নাই, তেওঁলোকক প্ৰশিক্ষণ প্ৰাপ্ত কৰ্মীৰ দ্বাৰা প্ৰাথমিক সাহাৰ্য্য দিব পাৰি।

প্ৰাথমিক সাহায্যৰ লক্ষ্যবোৰ হ’ল –

 

(ক) দুৰ্ঘটনাগ্ৰস্ত লোকৰ জীৱন ৰক্ষা কৰা

(খ) দুৰ্ঘটনা বা ৰোগৰ পৰা দ্ৰুত উপশম হোৱাত সহায় কৰা

(গ) দুৰ্ঘটনা গ্ৰস্ত লোকৰ অৱস্থাৰ অৱনতি হোৱাৰ পৰা ৰক্ষা কৰা।

প্ৰাথমিক সাহয্যৰ পৰ্যায় :

১) চিনাক্তকৰণ তিনিটা বিশেষ পৰ্যায়ত চিনাক্ত কৰা হয় –

(ক) ৰোগৰ বিষয়ে ৰোগীয়ে বা আত্মীয়ই কোৱা কথা (History)

(খ) ৰোগীয়ে বৰ্ণনা কৰা লক্ষণ (Symptoms) আৰু

(গ) প্ৰাথমিক সাহাৰ্য্য দিওঁতাই দেখা চিনবোৰ (Signs)।

২) সাহাৰ্য্য প্ৰদান

৩) ৰোগীৰ স্থানান্তৰ

প্ৰাথমিক সাহায্য দাতা সকলৰ কৰ্তব্য

১) প্ৰাথমিক সাহায্য দাতাই প্ৰথমে আঘাত প্ৰাপ্ত ৰোগী জনক ভালদৰে পৰীক্ষা কৰি আৰু দুৰ্ঘটনা কেনেকৈ হ’ল আৰু ক’ত দুখ পালে ইত্যাদি কথাবোৰ ভালদৰে জানি লৈ আঘাতৰ এটা থূলমূল আভাস লোৱা উচিত।

২) তাৰ পাছত তেওঁ আঘাত প্ৰাপ্ত জনক উপযুক্ত সাহাৰ্য্য আগবঢ়াব। এই ক্ষেত্ৰত তেওঁ শ্বাস – প্ৰশ্বাস বন্ধ হোৱা বা অত্যধিক ৰক্তক্ষৰণ হোৱা ৰোগীৰ ক্ষেত্ৰত দ্ৰুত ব্যৱস্থা ল’ব লাগিব। যত্তিয়া লৈকে ৰোগীক চিকিৎসক বা চিকিৎসালয়ৰ হাতত অৰ্পণ কৰিব পৰা নহয়, এই সাহায্য অব্যাহত থাকিব লাগিব।

৩) শেষত ৰোগীৰ অৱস্থা অনুযায়ী চিকিৎসালয় বা ঘৰলৈ স্থানান্তৰ কৰাটো অন্যতম গুৰুত্বপূৰ্ণ কাম। ৰোগীক স্থানান্তৰ কৰাৰ সময়ত ৰোগীৰ যাতে ইতিমধ্যে পোৱা আঘাত নাইবা প্ৰাথমিক সাহায্য দিয়াৰ পাছত হোৱা পৰিৱৰ্তিত অৱস্থাৰ কোনো কাৰণতে অৱনতি নহয়, তাৰ প্ৰতি বিশেষ দৃষ্টি ৰখাটো অতি প্ৰয়োজনীয়।

প্ৰাথমিক সাহায্য দিয়াৰ সময়ত সাহায্য দাতাই নজৰ দিব লগীয়া বিষয়বোৰ

দুৰ্ঘটনা হোৱা ঠাই খন উলিয়াই আঘাত প্ৰাপ্ত ৰোগী জনক বাছি উলিয়াওক। তাৰ পাছত খৰখেদা নকৰাকৈয়ে ৰোগী জনক পৰীক্ষা কৰি প্ৰথমে লক্ষ্য কৰক –

(১)

(ক) ৰোগী জনে উশাহ লৈছেনে?

(খ) ক’ৰবাত ৰক্ত ক্ষৰণ হৈ আছে নেকি?

(গ) হৃদপিণ্ডৰ ধপধপনি শুনিছেনে?

এনেয়ে নুশুনিলে কাণ খন বুকুৰ ওপৰত দি শুনিবলৈ চেষ্টা কৰক। অথবা হাতৰ মণিবন্ধৰ ঠিক ওপৰতে আঙুলিৰে পাতলকৈ হেঁচা মাৰি নাড়ীৰ স্পন্দন অনুভৱ কৰিবলৈ চেষ্টা কৰক।

২) যদি ৰোগীয়ে উশাহ লোৱা নাই মুখ আৰু ডিঙিৰ ভিতৰখন ৰুমালেৰে পৰিষ্কাৰ কৰি লৈ, ডিঙিটো পিছলৈ ভাজ কৰি ধৰি ৰোগীৰ মুখৰ ওপৰত আপোনাৰ মুখ লগাই জোৰকৈ ফুৱাই দিয়ক (Mouth to mouth Breathing) এনেদৰে মিনিটত বিশ বাৰ কৰি থাকক।

৩) যদি হৃদপিণ্ডৰ স্পন্দন পোৱা নাই, স্পন্দন ঘূৰাই আনিবলৈ হৃদপিণ্ডৰ ওপৰত মালিচ (Cardiac Massage) দিয়ক। এনে কৰিবলে হ’লে আপুনি ৰোগী জনক ওপৰ মুৱাকৈ শুৱাই লৈ , সোঁফালে আঁঠুকাঢ়ি বহি লৈ এখন হাত আন খনৰ ওপৰত লৈ ৰোগীৰ বুকুৰ ঠিক সোঁমাজতে জোৰকৈ হেঁচা দিয়ক। প্ৰতি মিনিটত ষাঠিবাৰমান এনেদৰে হেঁচা দিলে হৃদপিণ্ডৰ স্পন্দন ঘূৰি আহিব পাৰে।

উশাহ নোলোৱা আৰু হৃদপিণ্ডৰ স্পন্দন বন্ধ হোৱা ৰোগীক এনেদৰে কৃত্ৰিম শ্বাস – প্ৰশ্বাস দিয়া আৰু বুকুত মালিচ দিয়া প্ৰথাক একেলগে হৃদপিণ্ড আৰু হাওঁফাওঁ সঞ্জীৱিতকৰণ (Cardio Pulmonary Resuscitation- CPR) বোলা হয়। এই প্ৰথা ৰোগী জনে উশাহ নোলোৱা পৰ্যন্ত বা হৃদপিণ্ডৰ স্পন্দন ঘূৰি নহা পৰ্যন্ত চলি থাকিব।

৪) ৰক্ত ক্ষৰণ বন্ধ কৰিবলৈ হ’লে ঠাই খিনিত এখন পৰিষ্কাৰ কাপোৰ বা বেণ্ডেজ কাপোৰ থৈ টানকৈ বেণ্ডেজেৰে বান্ধি দিব। তেনে কৰিব নোৱাৰিলে ৰক্ত ক্ষৰণ হৈ থকা ঠাইৰ ওপৰত (সাধাৰণতে হাত হ’লে বাহুত আৰু ভৰিত হ’লে উৰুত) বেণ্ডেজ কাপোৰেৰে টানকৈ গাঠিঁ বান্ধি (Tournuquet) দিব। এনেদৰে বান্ধি দিলে তলৰ ফালে তেজ চলাচল বন্ধ ৰক্ত ক্ষৰণ বন্ধ হয়। পিছে এনে কৰিলে সদায় গাঁঠি বন্ধা সময় লিখি থৈ দিব লাগে। কাৰণ এনেকৈ এঘণ্টাতকৈ বেছি সময় বান্ধি থ’লে হাত বা ভৰি খন ৰক্ত বিহীন হৈ পচি যাব পাৰে। হাত বা ভৰিত ৰক্ত ক্ষৰণ হ’লে ইয়াক লগে লগে উঠাই থ’লেও ৰক্ত ক্ষৰণ বহু খিনি কমি যায়।

৫) যদি ইতিমধ্যে ৰক্ত ক্ষৰণ হোৱাৰ ফলত ৰোগী শেঁতা পৰি গৈছে, বা হাত – ভৰি চেঁচা হৈ গৈছে (তাৰ মানে ৰক্তচাপ নিম্নগামী হৈ শ্বক হৈছে) তৎক্ষণাৎ ৰোগীৰ দুয়োখন ভৰি ৪৫ ডিগ্ৰী ওপৰলৈ ত্তুলি থওক, গালে-মুখে পানী মাৰক আৰু ক্ষিপ্ৰতাৰে চিকিৎসালয়লৈ ৰোগীক স্থানান্তৰ কৰক।

৬) যদি ৰোগী অচেতন হৈ আছে, ৰোগীৰ নাক মুখ পৰিষ্কাৰ কৰি দি লাহেকৈ একাতি কৰি শুৱাই দিয়ক। চাব যাতে ৰোগীৰ মুখৰ লালটি বা তেজ আদি কোনোপধ্যেই উশাহ নলীয়েদি ভিতৰলৈ নাযায়। এনে ৰোগীৰ ৰাজহাড় পৰীক্ষা কৰিবলৈ নাপাহৰিব। যদি ৰাজাহাড়ৰ ওপৰত ফুলি থকা দেখে তেতিয়া হ’লে স্থানান্তৰৰ সময়ত খুব সাৱধান হ’ব। তেনে ৰোগীৰ ৰাজহাড় সন্মুখলৈ বা কাষলৈ বেঁকা নোহোৱাকৈ তিনি বা চাৰি জন লোকে ধৰিহে উঠাব।

৭) যদি ৰোগীৰ হাত বা ভৰিৰ হাড় ভগাৰ লক্ষণ থাকে, তেতিয়া হ’লে হাত বা ভৰি খন বেণ্ডেজ কাপোৰেৰে গাৰ লগত অথবা আন খন ভৰিৰি লগত ভালকৈ বান্ধি দিব।

ঘাৰ ওপৰত প্ৰলেপ সনা, ভগা হাড় টানি পোন কৰিবলৈ চেষ্টা কৰা আদি কামবোৰ কেতিয়াও নকৰিব। মনত ৰাখিব আপুনি এজন প্ৰাথমিক সাহায্য দাতাহে, চিকিৎসক নহয়।

কেতিয়াবা ৰোগীৰ বুকুৰ ওপৰত দ ঘা এটুকুৰা আপুনি দেখিব। ঘা ডোখৰৰ পৰা হিচ হিচ শব্দ কৰি ফেন্সহ বতাহ ওলাই আছে। ৰোগীৰ উশাহ লোৱাত যথেষত কষ্ট দেখিবলৈ পাব। আচলতে এনে ৰোগীৰ এই ঘা টুকুৰা কেৱল বাহিৰতে নাই, ই দকৈ সোমাই হাওঁফাওঁ ফুটাই দিছে। ফলত প্ৰতিবাৰ উশাহ লওঁতে ঘাৰ মাজেদি বাহিৰৰ বতাহ হাওঁফাওঁলৈ সোমাই গৈছে। এইটো বৰ গুৰুতৰ ঘাঁ। বেছি সময় এনেকৈ থাকিলে ৰোগীৰ উশাহ বন্ধ হৈ যাব।

এনে ক্ষেত্ৰত এখন পৰিষ্কাৰ কাপোৰ বা বেণ্ডেজ কাপোৰ ঘাঁৰ ওপৰত থৈ টানকৈ বেণ্ডেজ বান্ধি দিয়ক। বাহিৰৰ পৰা বতাহ সোমাব নোৱাৰিলে ৰোগীৰ শ্বাস – প্ৰশ্বাসৰ কষ্ট নোহোৱা হৈ যাব। ৰোগীক অতি সোনকালে চিকিৎসালয়লৈ স্থানান্তৰ কৰাৰ ব্যৱস্থা কৰিব।

হাড়ভগা (Fracture)

যেতিয়াই হাড়ৰ ওপৰত প্ৰত্যক্ষ বা পৰোক্ষ হেঁচা পৰে, ই ভাগি যায়।

হাড় ভাগিলে –

(ক) ঠাই ডোখৰ উখহি থাকিব।

(খ) ঠাই ডোখৰত হেঁচা দিলে খুব বিষ হয়।

(গ) হেঁচা দিলে ঠাই ডোখৰত কেতিয়াবা কেৰ কেৰ শব্দ শুনিবলৈ পাব।

(ঘ) ভগা ঠাই ডোখৰ লৰচৰ কৰিব নোৱাৰিব।

সাহায্য দাতাই কি কৰিব?

(ক) ভগা ঠাইডোখৰ লৰচৰ হ’ব নোহোৱাকৈ গাৰ লগত বা বিপৰীত ভৰিৰ লগত বেণ্ডেজ কাপোৰেৰে বান্ধি দিব। হাতত কমকৈ আঘাত পালে, এটা বেণ্ডেজেৰে বাগামোচা এখনেৰে ডিঙিত ওলমাই বান্ধি দিবও পাৰি (Collar & Cuff Sling)।

(খ) যদি সম্ভৱ হয়, এটা দীঘল কাঠৰ টুকুৰা (Splint) বা স্কেল ভঙা ঠাই খিনিত বেণ্ডেজেৰে বান্ধি দিব। তাকো নাপালে এখন ডাঠ কাঠবকলা ঠাইত কেইবাটাও ভাঁজ কৰা বাতৰি কাকত ভগা ঠাইত দি বেণ্ডেজেৰে বান্ধি দিব পাৰি।

কিছুমান বিশেষ হাড় ভগাৰ উদাহৰণ

যদিও সকলো হাড়ভগা ৰোগীৰে প্ৰাথমিক সাহায্য একেই, কিছুমান হাড় ভগাৰ ক্ষেত্ৰত জটিলতা অহাৰ সম্ভাৱনা থকা বাবে সাহায্য দাতাই বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগে।

১) লাওখোলাৰ হাড়ভগা (Fracture Skull) :

যিহেতু লাওখোলাটোৰ ভিতৰতে মানুহৰ অত্যাৱশ্যকীয়া অংগ মগজুটো থাকে, লাওখোলাৰ হাড় ভাগিলে মগজুতো আঘাত পাব পাৰে। মগজুত আঘাত পালে সাধাৰণতে ৰোগীয়ে সংজ্ঞা হেৰুৱায়। আঘাতৰ ধৰণ অনুযায়ী কম বা বেছি সময়ৰ বাবে সংজ্ঞা হেৰুৱাব পাৰে। এনে ধৰণে সংজ্ঞা হেৰুৱা বা অচেতন হোৱা ৰোগীক ইতিমধ্যে উল্লেখ কৰা বিশেষ সাৱধানতা অৱলম্বন কৰি অতি সোনকালে চিকিৎসালয়লৈ স্থানান্তৰ কৰিব লাগে।

২) ৰাজহাড় ভগা (Fracture Vertebra) :

আমাৰ ৰাজাহাড় ডালত থকা ৩৩ ডাল সৰু সৰু টুকুৰা হাড়ৰ ভিতৰত সাতডাল ডিঙিত ৰাজহাড় (Cervical Vertebra), বাৰডাল বুকুৰ ৰাজহাড় (Thoracic Vertebra), পাঁচ ডাল পেটৰ পিছ ফালৰ ৰাজহাড় (Lumbarvertebra), পাঁচ ডাল ছেক্ৰেল ৰাজহাড় (Sacral Veebrart) আৰু চাৰিডাল সৰ্বনিম্ন ৰাজহাড় (Coccyx) আছে। ৰাজহাড়ৰ মাজৰ ফুটাটোৱেদি মগজুৰ পৰা ওলাই অহা স্নায়ুৰজ্জু ডাল তপিনালৈ বিস্তাৰিত হৈ থাকে যদিও, ইয়াৰ পৰা ওলাই যোৱা স্নায়ু বোৰে শৰীৰৰ পেশীবোৰ আৰু বিভিন্ন সংবেদনবোৰ (Sensation) নিয়ন্ত্ৰণ কৰি ৰাখে। এইডাল শৰীৰৰ লগত একমাত্ৰ সংযোগী নলী হোৱা হেতুকে ইয়াত আঘাত পালে শৰীৰৰ তলৰ অংশ মগজুৰ পৰা বিচ্ছিন্ন হয় আৰু সেয়েহে অকামিলা (Paralysis) হৈ পৰে। ভগা ৰাজহাড় ডালে দুৰ্ঘটনাৰ সময়ত স্নায়ুৰজ্জুত আঘাত নকৰিলেও, প্ৰাথমিক সাহায্য দিওঁতাৰ অসাৱধানতাৰ বাবে ৰোগীক স্থানান্তৰিত কৰাৰ সময়ত ই আঘাত প্ৰাপ্ত হ’ব পাৰে। সেয়েহে তলত উল্লেখ কৰা সাৱধানতা সাহায্য দাতাই নিশ্চয়কৈ ল’ব লাগিব –

(ক) ৰোগীৰ পিঠি আদি পৰীক্ষা কৰিবলৈ হ’লে অকলে ঘূৰাবলৈ চেষ্টা নকৰিব, তিনি – চাৰিজন লোকক মাতি আনি ৰাজহাড় বেঁকা নকৰাকৈ লাহে লাহে ঘূৰাব।

(খ) ৰোগীক মাটিৰ পৰা ষ্ট্ৰেচাৰত বা এম্বুলেন্সত উঠোৱাৰ সময়ত তিনি জন বা চাৰিজন লোকে একেলগে উঠাব। উঠোৱাৰ সময়ত মূৰ, পিঠি আৰু ভৰিৰ ফালে হাতেৰে ভালদৰে ধৰিব যাতে কোনো কাৰণতে ৰোগীৰ ৰাজহাড় বেঁকা নহয় বা হাত – ভৰি আদি ওলমি নপৰে।

(গ) ষ্ট্ৰেচাৰত তুলি দূৰলৈ নিবলৈ হ’লে ৰোগীৰ গা, হাত আৰু ভৰি বেণ্ডেজ কাপোৰেৰে ভালদৰে ষ্ট্ৰেচাৰৰ লগত বান্ধি দিব লাগে। হাত বা ভৰিত হাড় ভগা থাকিলে কাঠ বা বাঁহৰ মাৰিৰ স্প্লিণ্ট বান্ধিহে ষ্ট্ৰেচাৰত উঠাব লাগে।

৩) বুকুৰ কামিহাড় ভগা (Fracture Ribs) :

বুকুৰ কামিহাড় ভাগিলে কেতিয়াবা ভিতৰত থকা হাওঁফাওঁতো আঘাত পাব পাৰে। কেতিয়াবা এনে ৰোগীৰ হাওঁফাওঁ ফুটি বতাহ ওলাই আহি বুকুৰ ভিতৰত জমা হৈ (Pneumothorax) শ্বাস – প্ৰশ্বাসত কষ্ট দিব পাৰে। আন কিছুমান আকৌ ভগা হাড়ৰ আঘাতত তেজবাহী নলী ফুটি হাওঁফাওঁৰ বাহিৰত তেজ জমা হৈ (Haemothorax) শ্বাস – প্ৰশ্বাসত কষ্ট দিব পাৰে।

সাধাৰণতে কামিহাড় ভগা ক্ষেত্ৰত পকোৱা বেণ্ডেজ বা ত্ৰিভুজাকৃতিৰ বেণ্ডেজেৰে বুকুৰ ওপৰত টানকৈ বান্ধি দিলেই যথেষ্ট। যদিহে বতাহ বা তেজ জমা হোৱাৰ উমান পোৱা হয় আৰু বাহিৰতো বুকুৰ ওপৰত ঘা থাকে, তেতিয়াহ’লে ঘাৰ ওপৰতে এটা সৰু গাৰু বা কেইটামান বেণ্ডেজ একেলগ কৰি ঘাৰ ওপৰত থৈ টানকৈ বান্ধি দিব লাগে। এনে ৰোগীক অৱশ্যে পলম নকৰাকৈ চিকিৎসালয়লৈ স্থানান্তৰিত কৰাতহে গুৰুত্ব দিব লাগে।

৪) নিতম্বৰ হাড় ভগা (Frecture Pelvis):

প্ৰত্যক্ষ আঘাতৰ ফলত এই হাড় সাধাৰণতে ভাগে। এই হাড় ভাগিলে ভিতৰত থকা মূত্ৰস্থলী (Urinary Bladder) আৰু মূত্ৰ বৰ্হিগমন নলী (Urethra) আঘাত প্ৰাপ্ত হ’ব পাৰে। তেনে ক্ষেত্ৰত ৰোগীয়ে পেচাব নকৰিব বা পেচাব কৰোঁতে তেজ ওলাব।

এনে ৰোগীক দীঘলকৈ শুৱাই দিব আৰু পেচাব কৰিবলৈ হাক দিব। ডাঙৰ বেণ্ডেজেৰে কঁকাল, নিতম্ব আৰু উৰুৰ ওপৰত টানকৈ বান্ধি যিমান পাৰি সোনকালে পাৰে চিকিৎসালয়লৈ স্থানান্তৰ কৰাৰ ব্যৱস্থা কৰিব।

জোৰা সোলোকা (Dislocation)

কোনো গাঁঠিৰ পৰা হাড়ৰ এটা মূৰ সোলোকা (Disllocation) বোলা হয়। সাধাৰণতে কান্ধ, কিলাকুটি, মণিবন্ধ, আঁঠু, ভৰিৰ সৰুগাঁঠি আদিত এনে ধৰণে সুলকি যায়। প্ৰত্যক্ষ বা পৰোক্ষ হেঁচাৰ বাবে এনেধৰণৰ আঘাত সংঘটিত হ’ব পাৰে।

লক্ষণ – (১) গাঁঠিৰ ওচৰত ৰোগীয়ে তীব্ৰ বিষ অনুভৱ কৰ।

(২) ঠাই ডোখৰ উখহি উঠে।

(৩) আক্ৰান্ত ঠাই খিনি লৰচৰ কৰিব নোৱাৰা হয়।

(৪) কেতিয়াবা ঠই খিনি দেখিবলৈ বিকৃত হ’ব পাৰে।

প্ৰাথমিক সাহায্য হিচাপে যেনেকৈ আছে তেনেকৈয়ে ৰাখি, লৰচৰ নহ’বলৈ ঠাই ডোখৰ বেণ্ডেজ কাপোৰেৰে বা স্প্লিণ্ট লগাই বান্ধি দিয়ক। নহ’লে ত্ৰিকোণীয়া বেণ্ডেজেৰে ওলমাই স্লিং বান্ধি দিব পাৰে। কেতিয়াও হাড় ডোখৰ টানি যথাস্থানত বহুৱাই দিবলৈ চেষ্টা নকৰিব। তেনে কৰিলে বেছিহে অনিষ্ট হ’ব পাৰে।

মোচোকা খোৱা (Sprain)

হাড়ৰ গাঁঠিৰ চাৰিও ফালে থকা মাংসপেশীকে ধৰি অন্যান্য কলাবোৰত (Tissue) পোৱা আঘাতৰ ফলত যদি কিছুমান আঁহ (Fibre) ছিগি গৈ তেজ আৰু পানী নিৰ্গত হৈ উখহি উঠে তাকে মোচোকা খোৱা বুলি বুলি কোৱা হয়। এই ক্ষেত্ৰত গাঁঠি বা হাড়ত কোনো আঘাত নাথাকে।

লক্ষণ – (১) গাঁঠিৰ ওচৰৰ ঠাই খিনি উখহি উঠে।

(২) তীব্ৰ বিষ অনুভৱ কৰে।

(৩) ঠাই খিনি লৰচৰ কৰিব নোৱাৰা হয়।

এই ক্ষেত্ৰত প্ৰাথমিক সাহায্য হিচাপে –

(১) ঠাই ডোখৰ বেণ্ডেজ কাপোৰেৰে বান্ধি দিয়ক, নহ’লে স্প্লিণ্ট লগাই দিয়ক।

(২) সোনকালে ৰোগীক চিকিৎসালয়লৈ পঠিওৱাৰ ব্যৱস্থা কৰক।

প্ৰাথমিক সাহায্য ব্যৱহাৰ হোৱা বেণ্ডেজ আৰু ইয়াৰ ব্যৱহাৰ

কপাহী সূতাৰে তৈয়াৰী বেণ্ডেজ সহজলভ্য। পিছে যদি সময়ত বেণ্ডেজ পোৱা নহয়, তেতিয়াহ’লে গামোচা, চাদৰ, শাৰী, ৰুমাল আদিৰেও কাম চলাই দিব পাৰি। প্ৰাথমিক সাহায্য বাকচত সাধাৰণতে তলত উল্লেখ কৰা বেণ্ডেজ সমূহ পোৱা যায় –

(ক) পকোৱা বেণ্ডেজ (Roller Bandage) :

২, ৩, ৪, ৬ ইঞ্চি বহলৰ আৰু এক বা ডেৰ মিটাৰ দীঘলৰ এই বিধ বেণ্ডেজ কটা ঘা, হাড়ভগা ঠাই আদিত বন্ধা হয়।

(খ) ত্ৰিকোণীয়া বেণ্ডেজ (Triangular Bandage)

এখন ১০০ ছেণ্টি মিটাৰ বৰ্গাক্ষেত্ৰাকাৰ কাপোৰক দুফাল কৰি দুখন ত্ৰিভূজাকৃতিৰ বেণ্ডেজ পোৱা যায়। এই বেণ্ডেজ পোৱা যায়। এই বেণ্ডেজেৰে হাত ভগা, কামিহাড় ভগা আদিত বন্ধা আৰু ওলমাই স্লিং আকাৰেও ব্যৱহাৰ কৰিব পাৰি।

দুৰ্যোগ যিহেতু অৱশ্যম্ভৱী, ইয়াৰ বাবে সাজু হৈ থকাটোহে বুদ্ধিমানৰ কাম হ’ব। দুৰ্যোগ প্ৰশমনত জনকল্যাণকামী চৰকাৰে সুচিন্তিত পৰিকল্পনাৰে সাজু হৈ আৱশ্যকীয় বুনিয়াদী সুবিধাবোৰ সহজলভ্য কৰাৰ লগতে সৰ্বসাধাৰণ ৰাইজকো বিভিন্ন উপায়ে সততে সজাগ কৰি ৰখাটো অতি প্ৰয়োজনীয়। দুৰ্যোগত প্ৰাণ আৰু সম্পত্তিৰ ক্ষয়-ক্ষতি কমাবলৈ হ’লে সৰ্বসাধাৰণ ৰাইজেও দুৰ্যোগৰ বিষয়ে সম্যক জ্ঞান আৰু প্ৰাথমিক সাহায্যৰ যথাযথ জ্ঞান আহৰণ কৰাটো অপৰিহাৰ্য্য।

 

লেখক : ডাঃ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মা।

উৎস : প্ৰান্তিক।

3.22222222222
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক