মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / দেহ মনৰ সুস্থ্যতাৰ বাবে যোগ প্ৰাণায়ামৰ আৱশ্যকতা:- (প্ৰথম খণ্ড)
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

দেহ মনৰ সুস্থ্যতাৰ বাবে যোগ প্ৰাণায়ামৰ আৱশ্যকতা:- (প্ৰথম খণ্ড)

দেহ মনৰ সুস্থ্যতাৰ বাবে যোগ প্ৰাণায়ামৰ আৱশ্যকতা:- (প্ৰথম খণ্ড)ৰ বিষয়ে লিখা হৈছে ।

 

মানুহৰ ধন ঐশ্বৰ্য,সা-সম্পত্তি,মান-যশ,আত্মীয়-কুটুম্ব যিমানেই নাথাকক কিয় নিজৰ দেহ-মন ৰোগগ্ৰস্থ হলে মনৰ সুখ শান্তি আনন্দ ষ্ফুৰ্তি প্ৰাপ্তিৰ উপলব্ধি কৰাতো অসম্ভৱ । হয় ! যাৰ দেহ সুস্থ্য নহয়, শৰীৰৰ ৰক্ত সঞ্চালন , অংগ প্ৰত্যঙ্গ ,শিৰা ধমনী, স্নায়ু,তন্ত্ৰসমুহৰ প্ৰক্ৰিয়া সঠিক ভাৱে নহয়, যাৰ দেহৰ উত্তেজনা, ইচ্ছাশক্তি, মস্তিষ্কৰ চেতনাবোধ নাই , মন দুখ দুৰ্দশা অশান্তি হতাশা নিৰাশাৰে জৰ্জৰিত তেওঁৰ জীৱনটো এটা দুৰ্বিবহ বোজা হৈ পৰে ।
সংসাৰত ধন জন টকা পইচা , মিত্ৰ কুটুম্বৰ লগতে এটি সুখী জীৱনৰ বাবে সুস্থ্য দেহ আৰু এটি সুস্থ্য মনৰো আৱশ্যক। সেয়ে প্ৰাচীন কালৰে পৰা বিভিন্ন মনিষী সকলে সুস্থ্য মন আৰু স্বাস্থ্য সুৰক্ষাৰ অহৰহ চৰ্চা কৰি আহিছে । গৌৰৱৰ বিষয় এয়ে যে হেজাৰ হেজাৰ বছৰ আগতেই ভাৰতীয় যোগী ঋষিসকলে মানৱ মংগলৰ বাবে দি থৈ যোৱা যোগ সাধনাৰ প্ৰক্ৰিয়া (যোগবিদ্যা) বিশ্বৰ সকলো শৰীৰচৰ্চা সাধনাতকৈ শ্ৰেস্থ্য ।
যোগ চৰ্চাত দেহ বা ৰোগ নিৰাময়ৰ বাবে ব্যায়াম ,আসন মুদ্ৰাৰ লগতে মন সুস্থ্য আৰু সুদৃঢ় কৰিবলৈ আটাইতকৈ আৱশ্যকীয় ক্ৰিয়া হ'ল -
প্ৰাণায়াম + প্ৰাণ + আয়াম=প্ৰাণায়াম
প্ৰাণ অৱিহনে জীৱ জীয়াই থকাতো অসম্ভৱ । প্ৰাণক সুকলমে নিয়ন্ত্ৰন অৰ্থাত আয়াম দিলেহে আমি সুস্থ্য দেহ মনৰ অধিকাৰী হব পাৰো ।
বায়ু নহলে প্ৰাণৰ অস্তিত্ব নাই । বায়ু গ্ৰহনৰ পথ হল নাসিকা । জন্মৰে পৰা মৃত্যুলৈ প্ৰাকৃতিক নিয়মেৰে নাকেৰে আমি যি বায়ু গ্ৰহন কৰো - অৰ্থাত শ্বাস লোৱা - "পুৰক" স্বাস বন্ধ কৰা-" কুম্ভক" আৰু শ্বাস এৰা~" ৰেচক " গতানুগতিক এই তিনি প্ৰক্ৰিয়াক এক বিশেষ প্ৰক্ৰিয়ালৈ ৰুপান্তৰ কৰা কাৰ্যকে প্ৰাণায়াম বোলে 
সৰল অৰ্থত দীঘল আৰু গম্ভীৰ ভাৱে পুৰক ,কুম্ভক আৰু ৰেচক ( উশাহ নিশ্বাস লোৱা) কাৰ্যই হল প্ৰাণায়াম ।
মানুহ বা অইন জীৱয়ো অজানিতে প্ৰাকৃতিকভাৱে দিনটোৰ কোনোবা নহয় কোনো সময়ত কৰি আহিছো । যেনে শুই উঠিলে বা ভাগৰ লগা বা যিকোনো সময়ত দীঘলকৈ উশাহ লোৱাটোও এক প্ৰাণায়ামৰ অংশ । ইয়াক শুদ্ধ আৰু বিধিগত নিয়মেৰে কৰিলেহে সথিক ফল পাব পাৰো ।
আমি নাকেৰে যি বায়ু আহৰন কৰো তাত ভাল বেয়া বিভিন্ন বায়ুৰ পৰা আৱশকীয় অক্সিজেন বায়ুভাগৰ শোধন প্ৰক্ৰিয়া ফুচফুচেৰে কৰা হয় । স্পঞ্জ সদৃশ মানুহৰ ফুচফুচৰ ছিদ্ৰ সংখ্যা ৭ কোটি ৩০ লাখ ।
আমি স্বাভাৱিক পাতল শ্বাস লওতে প্ৰায় ২ কোটি ছিদ্ৰ ব্যৱহাৰ হয় বাকী ৫কোটি ৩০ লাখ ছিদ্ৰ নিষ্ক্ৰিয় হৈ থাকে আৰু সেইবোৰত প্ৰকৃতিৰ মলি বা অন্য বিজাতীয় দ্ৰব্য জমা হব পাৰে ।
আধুনিক যান্ত্ৰিক আৰু ব্যস্ত যুগত ধুলিময় প্ৰদুষিত বায়ু নাকেৰে দেহত অনৰ্গল প্ৰৱেশ কৰি আমাক ৰুগীয়া কৰি আহিছে । ইয়াক পৰিস্কাৰ কৰাৰ একমাত্ৰ উপায়--দীঘল উশাহ বা #প্ৰাণায়াম কৰা ।
শাৰীৰিক ভাৱে পৰিশ্ৰম ,ব্যায়াম নাইবা এজন যোগচৰ্চা কাৰীয়ে যিমানেই আসন ,মুদ্ৰা,ব্যায়াম আদি নকৰক #প্ৰাণায়াম অবিহনে কোনো যোগসাধনা সম্পুৰ্ন নহয় ।  সেয়ে দেহ আৰু মনৰ সুস্থ্যতাৰ বাবে   প্ৰাণায়াম অতিকে প্ৰয়োজনীয় ।

লেখক – যতীন দাস

3.42857142857
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top