মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / দেহৰ ওজন হ্ৰাস কৰিবলৈ সৰল উপায় ২য় ভাগ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

দেহৰ ওজন হ্ৰাস কৰিবলৈ সৰল উপায় ২য় ভাগ

দেহৰ ওজন হ্ৰাস কৰিবলৈ সৰল উপায় ২য় ভাগৰ বিষয়ে লিখা হৈছে ।


এটি স্বাভাৱিক সুস্থ্য সৱল আতিল দেহৰ বীপৰীতে এজন লোক ক্ষীন বা অতি শকত বা শৰীৰৰ ওজন অতিকে বৃদ্ধি হৈ থকাতো বহুতেই কামনা নকৰে । বিভিন্ন ক্ষেত্ৰত অতি চৰ্বিযুক্ত শকত দেহৰ লোক নানা অসুবিধাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতাও কমিবলৈ ধৰে ।
আহাৰ খোৱাৰ ৰুচি, পদ্ধতি , জীৱন শৈলী,কোনো ৰোগ, পাৰ্শ্বক্ৰিয়া , বংশগত , মানসিক বা অইন নানা কাৰনত এজন লোক শকত বা ক্ষীন হব পাৰে । যাৰ বাবে দৈনন্দিন জীৱন যাপনত যথেস্থ অসুবিধাৰ সন্মুখীন হয় । বহুতে নানা চেষ্টা , ঔষধ পাতি, বহুত টকা পইচা খৰছ কৰিও সফল হব পৰা নাই । তলত শৰীৰৰ অতিৰিক্ত চৰ্বি তথা ওজন হ্ৰাসৰ বাবে কিছু সহজসাধ্য নিৰ্ভৰযোগ্য সৰল পদ্ধতি বৰ্ননা কৰা হল -
সুন্দৰ ,সুঠাম,আতিল আৰু এটি নিৰোগী দেহ-মনৰ অধিকাৰী হবলৈ একমাত্ৰ সহজ আৰু উৎকৃষ্ট উপায় হল -

যোগাভ্যাস । নিয়মিত বিধিসন্মত ভাৱে কৰা যোগাভ্যাসে দেহ আৰু মনৰ সকলো প্ৰকাৰ সমস্যা সমাধান কৰিব পাৰে । ইয়াৰ বাবে আগ্ৰহী সকলো লোক বিশেষকৈ ওজন হ্ৰাসৰ বাবে কিছু যোগাসন ব্যায়াম আদিৰ উল্লেখ কৰিলো -- সুৰ্য্য প্ৰণাম , শলভাসন, বজ্ৰাসন , ধনুৰাসন, কুৰ্মাসন,নৌকাসন,ভুজঙ্গাসন,উষ্ট্ৰাসন,মৎসাসন,হলাসন,পশ্চিমোত্তান, পদহস্তাসন ইত্যাদিৰ লগতে কপালভাতি, ভস্ত্ৰিকা,উজ্জায়ী,ভ্ৰামৰী আদি প্ৰাণায়াম । ( কোনো যোগসাধক বা পুস্তিকা যোগে শিকি সথিক নিয়ম মতে অভ্যাস কৰিব । (ৰুগীয়া ব্যক্তিয়ে সাধকৰ পৰামৰ্শমতেহে অভ্যাস কৰিব )
যোগভ্যাসৰ অনিহা, অসুবিধা, বা আগ্ৰহী নহলেও অতিৰিক্ত ওজন বা চৰ্বি কমোৱাৰ বাবে ৰাতিপুৱা সোনকালে উঠা , খোজ কঢ়া , উঠা বহা, সুক্ষ্ম ব্যায়াম,কছৰত ,চিৰি বগোৱা , সৰুসুৰা খেল , ব্যক্তিগত ঘৰুৱা কাম আদিত নিজকে ব্যস্ত আৰু কৰ্মঠ activeকৰি ৰখাতো ভাল ।
দ্বিতীয়তে আহাৰ পদ্ধতি,, ৰুচি , ভোজনশৈলীৰ লগতে খাদ্যৰ নিয়ন্ত্ৰনহীনতাও বহুতৰ বাবে শকত বা মেদবহূলতাৰ কাৰন হব পাৰে । সেয়ে অতিভোজন, অভোকত খোৱা, অধিক কেলৰী, কাৰ্বোহাইড্ৰেত বা অধিক তৈল নাইবা চৰ্বিযুক্ত আহাৰ , অধিক মাছমাংস, মিঠাই ,ফাষ্ট ফুড,কোলড্ৰিংক আদি নিয়ন্ত্ৰন কৰাৰ লগতে চিকিত্সকৰ পৰামৰ্শমতে আহাৰ্য সামগ্ৰী বাচনী কৰা একান্ত প্ৰয়োজন । এই ক্ষেত্ৰত নিজেও সজাগ হোৱাতো বাঞ্চনীয় ।
সহজে উপকৃত হবলৈ ঘৰুৱা উপায়-
১। ১গিলাচ পানীত এটা বিলাহীৰ ৰস, আধাকাপ দৈ, জালুকৰ গুড়ি আধা চামুচ, শুকান আদাৰ গুড়ি আধা চামুচ বা কেচা আদা এদোখৰ আৰু আন্দাজমতে নিমখ মিহলাই দিনে এবাৰকৈ ৰাতিপুৱা বা দিনৰ আহাৰ খোৱাৰ এঘন্টা পিচত খাব ।
২। ৰাতিপুৱা খালিপেটত ২চামুচ মৌ ( বা গুড় এদোখৰ)আৰু ১চামুচ ত্ৰিফলা চুৰ্ন অলপ কুহুমীয়া গৰম পানী মিহলাই খাব পাৰে । নিয়মিত আমলখি খোৱাতো ভাল। বা একাপ কুহুমীয়া গৰম পানীত ২চামুচ মৌ মিহলাই খাব ।
৩। দৈনিক দুগিলাচ সাধাৰন গৰম পানীত এফাল নেমু আৰু নিমখৰ চৰবত খালিপেটত খালে অতিৰিক্ত চৰ্বি , কেলৰি আৰু ওজন কমে ।
৪) ২চামুচ এলোবিৰা (ঘৃতকুমাৰী) জেল ,১চা: মৌ, এদোখৰ আদা , এফাল নেমু এগিলাচ পানীত মিহলাই দৈনিক ১-২ বাৰ খালে ওজন কমে ।
৫। এড়া গছৰ ডাল পাত পোৰা ছাই আধাচামুচ আৰু আধা গ্ৰাম খোৱা হিং মিহলাই পানীত ১ঘন্টা তিয়াই থব আৰু চেকনিৰে চেকি আহাৰ খোৱাৰ পিচত খাব ।
৬। জীয়াই থাকিবলৈ নিয়মিত আহাৰ খাবই লাগিব । তথাপি সপ্তাহত এদিন উপৱাস কৰাটো খুবেই ভাল । সেইদিনা পানী বেচিকৈ খাব । অসুবিধা পালে ফলাহাৰ বা লঘু আহাৰ কৰিব পাৰে।
অভোকত নাখাব বা অধিক ভোজন , চাহ আৰু গুৰুপাক আহাৰ নাখাব । পাৰিলে ৰাতিৰ আহাৰ সম্পুৰ্ন পেট পুৰাই নাখাব ।
দৈনিক যথোচিত মাত্ৰাত পানী সেৱন কৰিব-
দৈ , নেমু , বিলাহী ৰস , আদা , জালুক,=, ক'লা নিমখ, জনীগুটি(অজইন) ) ত্ৰিফলা , আমলখি ,শিলিখা আদি সুপথ্য ।
দেহত অন্যান্য কোনো ৰোগ থাকিলে        চিকিৎসকৰ পৰামৰ্শ লৈ ওপৰোক্ত দিহা ব্যৱহাৰ কৰিব) ।  
আয়ুৰ্বেদিক দৰৱ
মেদোহৰ বটি দিনে ১বা ২টা বড়ি খাব পাৰে । ( পতঞ্জলি ফাৰ্মাচিত পাব ) নাইবা Ayurslim_capsule দুটাকৈ ২বা ৩ বাৰ খাব।(যিকোনো ফাৰ্মাচিত পাব) ।
এনে বড়ি বা কেপচুল লৰাছোৱালীক নুখুৱাব । অস্বাভাৱিক ওজন বা চৰ্বি বৃদ্ধি যি কাৰনতেই নহওক ই এক ৰোগ । সেয়ে নিজৰ উপলব্ধি , ঐকান্তিক চেষ্টা , আহাৰ নিয়ন্ত্ৰন , আৰু উল্লেখিত দিহা নিয়মিত পালন কৰিলে নিশ্চয় উপকৃত হব ।

লেখক- যতীন দাস

2.85714285714
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top