অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

দৌৰ এক অভ্যাস :

দৌৰ এক অভ্যাসৰ বিষয়ে লিখা হৈছে ।

 

হঠাৎ দৌৰিবলৈ মন যোৱাৰ অপ্ৰতিৰোধ্য অনুভূতিয়ে মোক হেঁচা দি থকা হৈছে। খোজকঢ়া অভ্যাস এটা থকাৰ পাচটো দৌৰিবলৈ মন কেতিয়াবা গৈছিল যদিও সেই মনটো এক নিয়ন্ত্ৰণত আছিল। কিন্তু আজি বেছ কিছুদিনৰ পৰা বাতৰিকাকত, বিভিন্ন টিভি চেনেল আদিত ৰঙীন টি চাৰ্ট, ট্ৰেকচ্যুট পিন্ধি বিভিন্ন বয়সৰ মানুহৰ সমূহীয়া দৌৰ দেখি হয়তো ময়ো ‘দৌৰিবলে মন যোৱা’ স্থিতিত উপনীত হ’লো। মাৰাথন, ৱাকাথন, পিংকাখন, ভাগ নৰ্থ ইষ্ট ভাগ ইত্যাদি নামেৰে দৌৰ নামৰ কাৰ্যটো সকলোৰে বাবে পৰিচিত হৈ উঠিছে। যদিও শৈশৱ কালত খোজ কঢ়াতকৈ দৌৰি ফুৰিয়েই ভাল পাইছিলো, তথাপি আজিৰ সময়ত ‘দৌৰ’ নামৰ কাৰ্যটোক বিভিন্ন নামেৰে অলংকৃত কৰাত সৰুতে দৌৰি যোৱা, দৌৰ খেলত অংশগ্ৰহণ কৰা বিষয়বোৰ সাধাৰণ যেন লাগিলেও এতিয়া সেই ‘দৌৰ’ কাৰ্যটোকে এক বিশেষ ‘উত্তেজনা(?)’ পূৰ্ণ কাৰ্য যেন লগা হ’ল। এক ধৰণৰ ৰোমাঞ্চকৰ পৰিঘটনা!

দৌৰ মাৰা কাৰ্যটো সংঘটিত হোৱাত শৰীৰৰ বিভিন্ন মাংসপেশী, হাড়ৰ গাঁঠিৰ জোৰা, অস্থৰ্বন্ধনীৰ সমাহিত চামিলৰ প্ৰয়োজন। খাদ্যৰ সন্ধানত আমাৰ পূৰ্বপুৰুষে ২.৬ মিলিয়ন বছৰৰ আগতেই বহুযোজন দৌৰিছিল বা দৌৰিবলৈ বাধ্য হৈছিল। দৌৰৰ বিবৰ্তন আৰু আমাৰ পুৰ্বপুৰুষ ‘হম’চেপিয়েনচ’ যিয়ে থিয় হৈ খোজকাঢ়ি ইফালে সিফালে যায় আৰু পৃথিৱীৰ ওপৰত বাস কৰে। গৰিলাকো আমাৰ পূৰ্বপুৰুষ বুলি ভবা হয়, এটা সূত্ৰই ক’ব খোজে যে জন্তু চিকাৰৰ বাবেই অহৰহ এক দীৰ্ঘসময় ব্যাপি দৌৰি থাকিবলগীয়া হোৱাত সেই সময়ৰ মানুহবোৰৰ মাংসপেশীত সৃষ্টি হৈছিল অসামঞ্জস্য আকৃতি আৰু গাঁঠনিত মায়’পেথি(Myopathy) ফলত মানুহৰ শৰীৰত থকা ভৰিৰ মাংসপেশীবোৰ দীঘল হৈ পৰিছিল। আঁঠুৰ ঘিলা বৃহৎ হৈ পৰা, তপিনাৰ মাংসপেশী সুদৃঢ় হৈ পৰা আৰু যথেষ্টসংখ্যক ঘৰ্মগ্ৰন্থিৰে শৰীৰটো আবৃত হৈ পৰিছিল। সেইদৰে মানুহৰ অবয়ৱৰো বিবৰ্তন ঘটিল। মানুহবোৰে দৌৰিয়েই থাকিব খাদ্যৰ সন্ধানত। সেই দৌৰ প্ৰকৃতিগত নে স্বভাৱগত তেনেভাবেই চলি থাকিল ১৮২৯ খ্ৰীঃপূৰ্বলৈকে। ইতিহাসত পোৱা গৈছে যে, ১৯২৮ খ্ৰীঃপৃৰ্বত আয়াৰলেণ্ডত, ভগৱান ‘টেইলটিউ’ৰ সন্মানাৰ্থে এই দৌৰক প্ৰতিযোগিতাৰ সীমাৰেখাত আৱদ্ধ কৰাইছিল। ‘টেকইলটিয়ান গেমছৰ’ পতাকাৰ তলত। অলিম্পিক গেমছৰ আৰম্ভণি আৰু মাৰাথন দৌৰ সাতশ চৌসত্তৰ খ্ৰীষ্টপূৰ্বত হৈছিল বুলি ইতিহাসত উল্লেখ আছে।

চক্ৰেটিছে প্লেট’ৰ ভাষ্যৰে প্ৰকাশ কৰিছিল দৌৰমৰা বা দৌৰা কাৰ্যটোৰ দাৰ্শনিক দিশ। অতীজৰ মানুহখিনিয়ে যে সূৰ্য, চন্দ্ৰ, তৰা আদিবোৰকেই দেখিছিল প্ৰতিনিয়ত, আকাশত দৌৰি ফুৰা আৰু সেয়াই আছিল তেওঁলোকৰ বাবে ভগৱান। তেওঁলোকে বিশ্বাস কৰিছিল অদৃশ্য শক্তিক। সেই অদৃশ্য শক্তিপাবলৈকে হয়তো তেওঁলোকেও দৌৰিবলৈ আৰম্ভ কৰিছিল। আকাশত লুকাভাকু খেলা জোন-বেলি-তৰাৰ সৈতে।

দৌৰা কাৰ্যটো এক সহায়কাৰী শাৰীৰিক ব্যায়াম। এজন প্ৰাপ্তবয়স্ক স্বাস্থ্যৱান ব্যক্তিয়ে নিজৰ স্বাস্থ্য অটুট ৰাখিবলৈকে সপ্তাহত অন্ততঃ আঢ়ৈঘন্টা দৌৰিব পাৰিলে ভাল। দৌৰা কাৰ্যটো এক শক্তিশালী ব্যায়াম। পোন্ধৰ মিনিট খৰকৈ খোজ কঢ়াটো আৰু পাঁচ মিনিটৰ দৌৰা কাৰ্যৰ শৰীৰত প্ৰভাৱ একেই।

মগজুৰ সক্ৰিয়তা আৰু দৌৰা কাৰ্য -

পাহৰণিৰ গৰ্ভত সোমাবলৈ খোজা বয়সস্থ এজনৰ মগজুৰ কোষবোৰ ‘এলঝেইমাৰ’ নামৰ স্মৃতি বিভ্ৰাট সমস্যাৰ আক্ৰান্ত হোৱাৰ সম্ভাৱনাক ৰোধ কৰিবলৈকে এজন ব্যক্তিয়ে দৌৰাৰ অভ্যাস বৰ্তাই ৰখাৰ আৱশ্যক। দৌৰা কাৰ্যই মানুহ এজনৰ মগজুৰ হিপ্প’কেম্পাচ নামৰ অংশটোলৈ ৰক্ত সঞ্চালন বৃদ্ধি কৰে, ফলত ইয়াৰ সক্ৰিয়তা অটুট থাকে। এলঝেইমাৰ নামৰ সমস্যাত মগজুৰ এই অংশটোৱে প্ৰধানকৈ আক্ৰান্ত হয়। দৌৰা কাৰ্যই এই অংশটোত ৰক্তপ্ৰবাহ বৃদ্ধি কৰি ইয়াৰ কোষবোৰ নিষ্ক্ৰিয় হৈ পৰাত বাধা দি দিয়ে। অধ্যয়নত দেখা গৈছে যে আন শাৰীৰিক ব্যায়ামেও ৰক্তসঞ্চালন বৃদ্ধি কৰে, কিন্তু দৌৰা কাৰ্যৰ দৰে মগজুৰ বিশেষ একোটা অংশলৈ বুলি ৰক্ত সঞ্চালন বৃদ্ধি নকৰে।

হৃদযন্ত্ৰৰ সুস্থতা আৰু দৌৰা কাৰ্য -

নিয়মীয়াভাৱে খোজ কঢ়া, দৌৰা ইত্যাদিয়ে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰাৰ লগতে শৰীৰৰ ওজনো নিয়ন্ত্ৰণত ৰখাত বিশেষ ভূমিকা লয়। ফলত হৃদযন্ত্ৰৰ কৰ্মক্ষমতা সুদৃঢ় হয়। হাওঁফাওঁকো দৌৰা কাৰ্যই সুস্থ ৰাখে।

*হাড়ৰ গাঁথনিৰ সুস্থতাত দৌৰাই বিশেষভাৱে সহায় কৰে। মাংসপেশী দৃঢ় কৰে। ফলত হাড়ৰ আঘাতৰ সমস্যা হোৱাৰ সম্ভাৱনা কৰিবলৈ লয়।

মানসিক স্থিতিৰ উন্নীতকৰণ -

দৌৰা এক শাৰীৰিক ব্যায়াম। ই মানুহৰ মন-মগজুত ক্ৰিয়া কৰি মানুহজনক উৎফুল্লিত কৰি তোলে। কিয়নো এনডৰফিন নামৰ ৰসায়নৰ নিঃসৰণ শৰীৰত বৃদ্ধি পায়, যিটো এক ধৰণৰ মনক জাগ্ৰত কৰিব পৰা পদাৰ্থ। ‘ৰাৰ্নাছ হাই’ বুলি এক বিশেষণ আছে, যিটোৱে আচলতে এক মানসিক অৱস্থাক প্ৰতিনিধিত্ব কৰে। মানুহ এজনে দৌৰা, খোজ কঢ়া বা কোনো এৰ’বিক ব্যায়ামৰ পিচত অনুভৱ কৰে এক ধৰণৰ প্ৰশান্তি, য’ত বিষ-বেদনা নেওচি তেওঁ উপনীত হয় ওপঙি ফুৰা স্থিতিত। নিচাগ্ৰস্ততা, ধনাত্মক ৰূপত দৌৰাৰ অভ্যাসে স্মৃতি শক্তি উন্নীতকৰণৰ লগতে মগজুৰ সক্ৰিয়তা বৃদ্ধি কৰে।

*ওজন কমোৱাত সহায়ক এই দৌৰা কাৰ্য। শৰীৰৰ পাচন ক্ৰিয়া ত্বৰান্বিত কৰি খাদ্য হজম হোৱাত সহায় কৰাৰ লগতে সমগ্ৰ ‘মেটাবলিজম’ সক্ৰিয় কৰি ৰাখে।

মানুহ নামৰ প্ৰাণীটোৱে পৃথিৱীৰ সৃষ্টিৰ পৰাই দৌৰিবলৈ শিকিছে। আদিম মানৱে দৌৰিছিল খাদ্যৰ সন্ধানত বহুযোজন মাইল। জন্তু এটাক কাবু কৰিবলৈকে কেৱল দৌৰিছিল, কিয়নো সেই জন্তুটো হয়তো সেইদিনাৰ বাবে খাদ্য বুলি বিবেচিত হৈছিল। অধ্যয়নত বিজ্ঞানীসকলে পাইছে যে জন্তুতকৈও মানুহে বহু সময়জুৰি দৈৰ্ঘ্যদূৰত্ব অতিক্ৰম কৰিব পাৰে। মানুহৰ শাৰীৰিক গঠনে সহয় কৰে দৈৰ্ঘ্যদূৰত্ব অতিক্ৰম কৰিবলৈ। জন্তুৰ চাৰিখন ঠেঙৰ তুলনাত দুখন ভৰিয়ে কম পৰিসৰতে আগবাঢ়ে, য’ত মাধ্যাকৰ্ষণেও সহায় কৰে। লগতে মানুহৰ শৰীৰত থকা অসংখ্য ঘৰ্মগ্ৰন্থিয়ে দেহৰ উত্তাপ নিয়ন্ত্ৰণত ৰাখে। কিন্তু জন্তুৰ ক্ষেত্ৰত সেই ক্ষমতা নথকাত নিজৰ দেহৰ উত্তাপেই পিচলৈ জন্তুটোক কাবু কৰি পেলায়। আফ্ৰিকাৰ মাচাইসকল বিশ্বৰ দৌৰ ক্ষেত্ৰখনত দপদপাই আছে। তেওঁলোকে ইখন গাঁৱৰ পৰা সিখন গাঁৱলৈ বাৰ্তা পৰিবহণ কৰিবলৈ যথেষ্ট ক্ষিপ্ৰতাৰে দৌৰিবলৈ বাধ্য হয়, কিয়নো হাবি-জংঘলেৰে ভৰা আফ্ৰিকাৰ সেই মাচাই অঞ্চলত যোগাযোগৰ সুবিধা নোপোৱাত মানুহেই যোগাযোগৰ মাধ্যম। নিজকে জন্তুৰ আক্ৰমণৰ পৰা বচাই ৰাখিবলৈকে তেওঁলোকে কেৱল দৌৰি আগবাঢ়ে। ২০০৮ চনত আফ্ৰিকাৰ কেনিয়াত থকা সুযোগ পাইছিলো। তেতিয়া ‘মাচাই’ লোকৰ লগত কথা পাতিছিলো। তেওঁলোকেই কৈছিল- ‘মাচাই’সকলৰ শৰীৰৰ উচ্চতা আৰু দৌৰি থকাৰ কাৰণ। এক বিশ্বাস তেওঁলোকৰ মাজত।

মাৰাথন মংক -

জাপানৰ পৰ্বতমালা ‘হিয়েই’, তাত বৌদ্ধ ভিক্ষুসকলে কঠোৰ প্ৰাৰ্থনা অৱতীৰ্ণ হয়। তেওঁলোকে স্থিতপ্ৰজ্ঞ প্ৰাপ্তিৰ সাধনাত এনে ধৰণে চৰ্চা কৰিবলৈ লয়, য’ত থাকে এহাজাৰ দিন ব্যাপি দৈৰ্ঘদূৰত্বৰ দৌৰা কাৰ্য, বা ‘কাইহোগ্য’। সেই দৌৰা কাৰ্যৰ পাচত নদিন তেওঁলোক এক আন্ধাৰ কোঠাত অন্ন-জল-নিদ্ৰা অবিহনে পাৰ কৰে।

এই কুচ্ছ্ৰসাধনাৰ উদ্দেশ্য হৈছে মৃত্যুৰ সৈতে পৰিচয় হোৱাৰ, ‘নিয়েৰ টু দেথ’। আমাৰ মানুহৰ পাৰ্থিৱ শৰীৰৰ ভিতৰতো যে এক অন্তৰাত্মা আছে, সেই আত্মাৰ স্থিতিক উপলব্ধি কৰিবলৈকে হেনো এই বৌদ্ধ ভিক্ষুসকলে এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰে। হাজাৰ দিন ব্যাপি এহাজাৰ মাৰাথনা বা দৌৰ, সেয়াও এক যেন মোক্ষ লাভৰ দুৱাৰ।

শাৰীৰিক ব্যায়ামৰ আধাৰত দৌৰ মৰা কাৰ্য, দৈনিক সংসাৰৰ দায়িত্বৰ দৌৰা দৌৰি, আধ্যাত্মিকতাৰ আধাৰত কোনোৱে পালন কৰা দৌৰ আটাইবোৰৰ ওপৰতো আন এক দৌৰ কাৰ্যত অৱতীৰ্ণ হৈছে আজিৰ সময়ৰ মানুহবোৰ। বিশ্বায়নে সৃষ্টি কৰা মুক্ত বাণিজ্য, মুক্ত অৰ্থনীতি, ৰঙীণ পৃথিৱীৰ জাকজমকতাক পোৱাৰ পথসমূহ ফলত পৰি ৰৈছে মানুহৰ সন্মুখত।

মানুহক এতিয়া লাগে উচ্চপদ, ক্ষমতা, টকা-পইচা। ফলত আনবোৰতকৈ যাতে পিচ পৰিব নোৱাৰে, সেয়েহে আৰম্ভ কৰিছে দৌৰ- নিগনিৰ দৌৰ। নিগনিৰ দৌৰে আমাৰ মানুহবোৰক হয়তো সকলো দিয়াব পাৰিছে কিন্তু তাৰ লগতে মানুহবোৰৰ শৰীৰত জাপি দিছে স্থুলতা, মধুমেহ, হৃদৰোগ, মানসিক উদ্বেগ হতাশগ্ৰস্ততা ইত্যাদিবোৰো।

অলপতে হৈ যোৱা চাউল, দাইল, চেনি, সুলভ মূল্য তথা বিনামূলীয়াকৈ পোৱাৰ সুযোগৰ যি দৌৰ প্ৰতিযোগিতা, সেয়া দেখি মোৰ কিবা অহেতুক শংকা হ’ল, এয়াও আকৌ পাইড পাইপাৰ আৰু হেমলিন নামৰ ঠাইখনৰ ইতিহাসৰ পুনৰাবৃত্তি নহয়তো? যি দৌৰে আমাৰ ক্ষতিৰ সম্ভাঁৱনা বেছিকৈ কঢ়িয়ায়, সেইধৰণৰ দৌৰক যিমান সম্ভৱ নিলগাই ৰাখি সুস্থ মন আৰু সুস্থ শৰীৰৰ বাবে ‘প্ৰকৃতাৰ্থত দৌৰ থকা’ নিয়মটো এক অভ্যাসত পৰিণত কৰা হওক। যি দৌৰে ম্ন প্ৰফুল্লিত কৰি ৰখাৰ পৰা সমাজত এক ধনাত্মক বাতাৱৰণ সৃষ্টিত অৰিহণা যোগাব, সেই দৌৰেই হওক সকলোৰে বাবে গ্ৰহণযোগ্য। নিয়মীয়া এক শাৰীৰিক ব্যায়াম।

লেখিকা: ডাঃ মৌচুমী বৰকটকী(সাদিন)

2.95
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top