অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

দৰব গ্ৰহণত সাৱধানতা :

দৰব গ্ৰহণত সাৱধানতা :

 

বেমাৰ নিৰাময়ৰ বাবে সেৱন কৰা দৰব সাম্প্ৰতিক কালত সহজলভ্য হৈ পৰিছে। গাঁৱে-ভূঞেও দৰবৰ দোকান প্ৰতিষ্ঠিত হৈছে। কি ৰোগত কি দৰব ব্যৱহাৰ কৰি আৰোগ্য লাভ কৰিব পাৰি সাধাৰণ লোকেও জনা হৈছে আৰু ঔষধৰ দোকানত কাম কৰা লোকসকলৰপৰাও এইক্ষেত্ৰত গম পোৱা যায় বাবে চিকিৎসকৰ ওচৰ নচপাকৈয়ে বহুতেই দৰব সেৱন কৰি ৰোগৰপৰা মুক্তি পাব বিচাৰে। আঙুলি এটা তপত হ’লেই কিছুমান লোকে দৰবৰ দোকানৰপৰা ঔষধ কিনি আনি ব্যৱহাৰ কৰে যিটো ব্যৱস্থা দেহৰ বাবে মুঠেই হিতকৰ নহয়। এবাৰ পানী লগা জ্বৰ হওঁতে অভিজ্ঞ চিকিৎসক এজনৰ কাষ চপাত তেওঁ ৰগৰ ক’লে যে ঔষধ সেৱন নকৰিলেও এই বেমাৰ সাদিনতে আপোনা-আপুনি আৰোগ্য হয়। যদিহে দেহক ঠাণ্ডা লগাৰপৰা বাৰণ কৰিব পাৰি, অৱশ্যে দৰব সেৱন কৰিলে এসপ্তাহতে আৰাম পোৱা যায়। সৰু-সুৰা বেমাৰত দৰব সেৱন নকৰাই ভাল বুলি পাকে-প্ৰকাৰে বুজালে, কিয়নো দেহত থকা প্ৰতিৰোধ ক্ষমতা কাৰ্যকৰী হ’বলৈ কেইদিনমান সময়ৰ আৱশ্যক। আমাৰ শৰীৰে প্ৰতিদেহ(এন্টিবডি) উৎপন্ন কৰে, যিবোৰে দেহৰ সৈনিক হিচাপে কাম কৰি শত্ৰু অৰ্থাৎ ৰোগৰ কাৰকবোৰ নিৰ্মূল কৰিব পাৰে। সেইবাবে হকে-বিহকে ঔষধ সে৩ৱন কৰিলে শৰীৰৰ অপকাৰ সাধন কৰে, কিয়নো আধুনিক দৰবৰ বিৰূপ প্ৰতিক্ৰিয়াও আছে। অভিজ্ঞতাৰপৰা গম পোৱা মতে, পনীয়া শৌচ হ’লে তাৰপৰা পৰিত্ৰাণ পাবলৈ দৰবৰ আশ্ৰয় গ্ৰহণ কৰিব পাৰি কিন্তু এই দৰবৰ ক্ৰিয়াত তিনি দিনমানলৈ শৌচ বন্ধ হৈ কোষ্ঠকাঠিন্যত ভোগাব পাৰে, যি অথন্তৰ বহুতো বেমাৰৰ মূল বুলি প্ৰতিপন্ন হৈছে। তদুপৰি সঘনে ঔষধ ব্যৱহাৰ কৰি থাকিলে পিছত ই গুণ নিদিয়া হয়, যাৰ পৰিণতিত বেমাৰ নিৰাময় কৰাটো কঠিন হৈ পৰে। তথাপি সকলো বেমাৰৰ ক্ষেত্ৰতে একে পন্থা অৱলম্বন কৰি চিকিৎসা গ্ৰহণ লেহেমীয়া কৰি থাকিলেও হিতে বিপৰীত হোৱাৰহে আশংকা থাকে। উদাহৰণস্বৰূপে কৰক্ট ৰোগলৈ আঙুলিয়াব পাৰি। এই বেমাৰ আৰম্ভণিতে ধৰা পৰিলে নিৰাময় সহজসাধ্য আনকি অস্ত্ৰোপচাৰ কৰিব পাৰিলে ইয়াক নিৰ্মূল কৰাটো সম্ভৱপৰ। কিন্তু ৰোগ নিৰ্ণয়ত বিলম্ব হ’লেই সৰ্বশৰীৰত বিয়পি পৰি মৃত্যুও মাতি আনিব পাৰে। দৰব গ্ৰহণত সাৱধানতা অৱলম্বন কৰিলে সুস্থ-সবল লৈ বেমাৰৰ জালা-যন্ত্ৰণাৰপৰা অব্যাহতি লাভ কৰাটো নিশ্চিত।

দৰব প্ৰস্তুত কৰা প্ৰতিষ্ঠানবোৰে ৰোগ নিৰাময়ত দৰব কিমান শক্তিশালী, তাকেহে প্ৰতিপন্ন কৰিব বিচাৰেৱ অথচ ইয়াৰ পাৰ্শ্ব প্ৰতিক্ৰিয়াবোৰ আওকাণ কৰে। বেমাৰ নিৰাময় কৰিব নোৱৰা ঔষধেৰে দীঘলীয়া কালৰ বাবে ৰোগীক চিকিৎসা কৰাৰ পক্ষপাতী দৰব প্ৰস্তুত কৰা প্ৰতিষ্ঠানবোৰ, কিয়নো মুনাফাহে মূখ্য। কেতবোৰ বেমাৰৰ কাৰকে দৰব প্ৰতিৰোধ কৰিব পৰা ক্ষমতা লাভ কৰে বাবে তেনে দৰব অফলপ্ৰসূ। ঘনেপতি প্ৰতিজৈৱিক প্ৰয়োগ কৰিলে ৰোগৰ কাৰকে এই দৰব প্ৰতিৰোধী ক্ষমতা আহৰণ কৰে। চিকিৎসকে কেতবোৰ বেমাৰৰ বেলিকা ব্যায়াম কৰাৰ(ফিজিঅ’থেৰাপী) পৰামৰ্শ দিয়ে অথচ নিজ খুচি মতে দৰব সেৱন কৰা ৰোগী এনে পৰামৰ্শৰপৰা বঞ্চিত হয়। একেদৰে যোগ পদ্ধতিৰে বহুতো বেমাৰ নিৰাময় কৰিব পাৰি অথচ চিকিৎসকৰ ওচৰ নাচাপিলে এই সকলো মিছা। আধুনিক চিকিৎসা বিভ্ৰাট ঘটে চিকিৎসকৰ ভূল চিকিৎসা তথা ৰোগীয়ে নিজ খুচিমতে দ্ৰব গ্ৰহণ কৰাৰ ফলত আৰু এক তথ্য মতে, আমেৰিকা যুক্তৰাজ্যত প্ৰতি বছৰে ৭৮,৪০০ লোকৰ এনে বিভ্ৰাটৰ বাবে প্ৰাণ হানি হয়। ভিটামিন-‘এ’ৰ অভাৱত মানুহ কুকুৰীকণা হয়। এইক্ষেত্ৰত দৰবৰ পৰিৱৰ্তে গাজৰ, বিলাহী, কণী, মাছ নিয়মীয়াকৈ খালে উপকাৰ পায় যদিও আজিকালি বহুতো লোক দৰবৰ ওপৰতহে নিৰ্ভৰশীল। নেমু, সুমথিৰা, আমলখি, আম আদি বতৰৰ ফল খোৱাৰ অভ্যাস কৰিলে শৰীৰত ভিটামিন ‘চি’ৰ অভাৱ ঘটি ৰক্তহীনতাই গা কৰি উঠিব নোৱাৰে বাবে ফল, শাক-পাচলি নিয়মিতভাৱে খাব লাগে। কিয়নো বেমাৰ নিৰাময় কৰাতকৈ ইয়াৰ প্ৰতিৰোধ কৰাটোহে উত্তম উপায়। শিলিখা, আমলখি, ভোমোৰা এইকেইবিধক ত্ৰিফলা বুলি কয়, যিবোৰ খালে শৌচ খোলোচা হৈ থাকে আৰু বহু বেমাৰৰপৰা হাত সাৰিব পাৰি। গধুৰ বস্তু দঙা-পৰাত সাৱধান হ’লে পিঠি অথবা কঁকালৰ বিষৰপৰা হাত সাৰি দৰব সেৱনৰপৰা ৰেহাই পাব পাৰি। সুষম খাদ্য খালে শৰীৰ সুস্থ-সবল হৈ বেমাৰ প্ৰতিৰোধ কৰে। পানীয়েই জীৱৰ প্ৰাণ। প্ৰচুৰ পানী খালে কেতবোৰ বেমাৰ দূৰ হয়। পানীয়ে দেহৰ ভিতৰভাগ পৰিষ্কাৰ কৰি ৰাখে। দেহত কেলচিয়াম অক্সলেট জমা হ’বলৈ সুবিধা নাপায়, যাৰ ফলত পাথৰি ৰোগে যাতনাত ভোগাব নোৱাৰে।

আজিকালি বহু লোকে বিষ-বেদনাত ভুগি নানা হাৰাশাস্তিৰ সন্মুখীন হয়। লেথাৰি নিছিগাকৈ বহু সময় কম্পিউটাৰ অথব আন কামত ব্যস্ত হ’বলগা হ’লে খন্তেক সময়ৰ বাবে একঘেয়ামি পৰিহাৰ কৰিব লাগে যাতে বিষ-বেদনাৰ যাতনা ভোগ কৰিব নালাগে। বিষৰ দৰবে বিষ গ্ৰাহকৰ সক্ৰিয়তা বন্ধ কৰি দেহৰ বিষৰ উপশম ঘটায় অথবা পাৰ্শ্বক্ৰিয়াৰ জৰিয়তে পেটচলা আৰু পাকস্থলীৰ ঘাঁ সৃষ্টি কৰে। আন বিষৰ দৰব কলিজাৰ মাৰাত্মক বিকাৰৰ কাৰক বুলি প্ৰতিপন্ন হৈছে। সেইবাবে পশ্চিমীয়া দেশত এনে দৰব অচল টকা, পৰাপক্ষত এনে কদৰব সেৱন নকৰাটোৱে উত্তম পথ। শাৰীৰিক পৰিশ্ৰমৰ অভাৱত মানুহে মাৰাত্মক বেমাৰ মাতি আনে। চৰ্বিযুক্ত শৰীৰক মধুমেহ, ধমনী তথা কলিজাৰ বিকাৰ, উচ্চ ৰক্তচাপজনিত ৰোগ, পক্ষাঘাত, পিত্তৰ বিকাৰ জ্বলা-কলা কৰে। দৰব সেৱনৰ জৰিয়তে সকলো শাৰীৰিক সমস্যা সমাধান কৰিবলৈ নগৈ ব্যায়াম, যোগাসন আদিৰ নিয়মীয়া অনুশীলন তথা আৱশ্যক অনুসৰি বন দৰব সেৱন কৰাৰ অভ্যাস কৰিলে সুস্থ-সবল জীৱন যাপন কৰিব পাৰি।

লেখক: আনন্দ দেৱগোস্বামী(দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 3/1/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate