মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / দৰবৰ বিকল্প হিচাপে থেৰাপীঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

দৰবৰ বিকল্প হিচাপে থেৰাপীঃ

 

যোৰহাটৰ এ টি ৰোডৰ কটকী পুখুৰী এলেকাৰ সোণালী জয়ন্তী নগৰৰ মুখ্য প্ৰৱেশদ্বাৰৰ কাষতে লাগি থকা বিল্ডিংটোতে লিখা আছে ‘ভিগেন ইণ্ডিয়া’, ‘আৰোগ্যালয় হেল্‌থ কেয়াৰ চেণ্টাৰ’।

আছুতীয়াকৈ থকা একাষত বিভিন্ন ৰোগীয়ে কেতবোৰ বিশেষ ধৰণৰ বিছনাত শুই থেৰাপী লৈ আছে। আন কিছুমানে আকৌ দুটা সৰু লাইট জ্বলি থকা এবিধ সামগ্ৰীৰে লেজাৰ থেৰাপী লৈ আছে।

লেজাৰ থেৰাপী এবিধ অত্যাধুনিক বিজ্ঞানসন্মত থেৰাপী, Low level laser therapy (L.L.L.T)। প্ৰথমবাৰৰ বাবে ভিগেন মেডিকেলে এই থেৰাপী ব্যৱহাৰ কৰি সমগ্ৰ বিশ্বত কৌতূহলৰ সৃষ্টি কৰিছে। ইয়াৰ দ্বাৰা যিকোনো বিষৰ পৰা শীঘ্ৰে মুক্ত হয়।

সুদীৰ্ঘ ২৩ বছৰে পৃথিৱীৰ ৯৩ খন ৰাষ্ট্ৰৰ লগতে ভাৰতবৰ্ষ তথা উত্তৰ-পূৰ্বাঞ্চলতো অতি কম সময়ৰ ভিতৰতে জনপ্ৰিয় হৈ উঠা ভিগেন ইণ্ডিয়াই সফলভাৱে ৰোগ নিৰাময় কৰি আহিছে। দক্ষিণ কোৰিয়াৰ এই চিকিৎসা পদ্ধতিয়ে কোৰিয়াৰ ৰাষ্ট্ৰপতিৰ পৰা দুবাৰকৈ স্বৰ্ণ পদক, ২০১৩ চনত ৱেষ্ট বেণ্ড আৰু বিভিন্ন দেশৰ বিভিন্ন অনুষ্ঠানৰ পৰা বহুতো সন্মান আৰু মানপত্ৰ লাভ কৰিছে। ভাৰতৰ দিল্লীত ইয়াৰ মুখ্য কাৰ্যালয় আছে। অসমৰ গুৱাহাটী, মৰাণ, দুলীয়াজান, ডিব্ৰুগড়, তিনিচুকীয়া, চিলাপথাৰ, অৰুণাচলৰ ইটানগৰতো ইয়াৰ শাখা আছে।

ভিগেন থেৰাপীয়ে কৰা বিভিন্ন পৰীক্ষা-নিৰীক্ষা আৰু অনুসন্ধানৰ পিছত জানিব পৰা গৈছে যে মানুহৰ শৰীৰৰ উত্তাপ ৩৬.৫ ডিগ্ৰীত থাকিলে মানুহ সম্পূৰ্ণ সুস্থ হৈ থাকে। ইয়াৰ মাত্ৰ ১ ডিগ্ৰী ছেঃ উষ্ণতা কমি গ’লেও বিভিন্ন এলাৰ্জীয়ে ক্ৰিয়া কৰে। স্নায়ু দুৰ্বল হয়, ৰেচন ক্ৰিয়াত বিজুতি ঘটে। গতিকে শৰীৰ সঠিক ৰূপত গৰম হৈ থাকিলে এনে বিজুতি নঘটে। ভিগেনৰ দ্বাৰা উৎপাদিত সকলো সামগ্ৰীতে ‘হিউগিয়া’ নামৰ এবিধ পদাৰ্থ থাকে, যাৰ পৰা নিৰ্গত হোৱা ৰশ্মিয়ে শৰীৰৰ উত্তাপ বঢ়াই তোলে।

এই থেৰাপী লৈ উপকৃত হোৱা আন কেইজনমানৰ উদাহৰণ দিব বিচাৰিছোঁ। এগৰাকী চকুৰ অসুখত ভুগি থকা মহিলাই দৃষ্টিশক্তি হেৰুৱাই শেষত কেৱল আঁচ এডালহে দেখিছিল। কিন্তু লেজাৰ থেৰাপী লৈ তেখেতে বৰ্তমান বাতৰি কাকতো পঢ়ে। আন এজন পুৰুষ বহুত বছৰ ধৰি এজমা ৰোগ, উচ্চ ৰক্তচাপ, বহুমূত্ৰ আদি ৰোগত ভুগি আছে। ভিগেন থেৰাপী লৈ তেখেতৰ এই সকলো কমি গৈছে। আনকি সদায় ব্যৱহাৰ কৰি থকা ‘নেবুলাইজাৰ’ যন্ত্ৰ এৰি দিব পাৰিছে। এয়া মাত্ৰ দুটা উদাহৰণহে। আচলতে ইয়ালৈ অহা সকলোৱেই বিভিন্ন ৰোগৰ পৰা উপশম পাইছে।

ভিগেন থেৰাপীৰ মূল উপাদান কি ?

 

ইয়াৰ মূল উপাদান হৈছে ‘হিউগিয়া’ নামৰ এবিধ চেৰামিক ক্ৰিষ্টেল। এই ভিগেন কোম্পানীৰ গ্ল’বেল CEO ছ্যু ছিন ঝা নামৰ দক্ষিণ কোৰিয়াৰ এগৰাকী মহিলাৰ তত্ত্বাৱধানত তৈয়াৰ কৰা হৈছে। বহুকেইজন বিজ্ঞানী, ডাক্তৰ, ভূ-বিজ্ঞানী, ফিজিঅ’থেৰাপিষ্টৰ দলে পৰ্যাপ্ত পৰীক্ষা-নিৰীক্ষা আৰু অনুসন্ধানৰ পিছত ১৯ বিধ প্ৰাকৃতিক উপাদান লগ লগাই হিউগিয়া তৈয়াৰ কৰিছে। ভিগেনৰ দ্বাৰা উৎপাদিত প্ৰতিবিধ সামগ্ৰীতে হিউগিয়া ব্যৱহাৰ কৰা হৈছে। হিউগিয়া এক গ্ৰীক শব্দ, যাৰ অৰ্থ হ’ল স্বাস্থ্যৰ দেৱী (Goddess of health)। ইয়াৰ প্ৰকাশ্য পদাৰ্থসমূহ হ’ল- ৰূপ, চিলিকা, বিশেষ ধৰণৰ মাটি, জিঅ’লাইট, ফেল্ডস্পাৰ, টৰমেলিন, ছাৰপেনটাইন, জাৰমেনিয়াম আৰু এলজিনিক এচিড, বাকী ১০ বিধৰ নাম গুপ্ত ৰাখা হৈছে। প্ৰতিবিধ পদাৰ্থৰে ৰোগ নিৰাময়ত বিশেষ ভূমিকা আছে।

হিউগিয়াৰ পৰা থাৰ্মেল এফ আই আৰ (FIR) ৰশ্মি নিৰ্গত হয়। সূৰ্য এফ আই আৰ ৰশ্মিৰ প্ৰাকৃতিক উৎস। কিন্তু সূৰ্যৰ পৰা নিৰ্গত হোৱা আলফা, বিটা, গামা, অতি বেঙুনীয়া ৰশ্মি আদি শৰীৰৰ বাবে অপকাৰী। এফ আই আৰ ৰশ্মি শৰীৰৰ বাবে যথেষ্ট উপকাৰী। ভিগেন থেৰাপীৰ দ্বাৰা উৎপাদিত প্ৰায় প্ৰতিবিধ সামগ্ৰীৰ পৰা বিদ্যুৎ কৰিলে এফ আই আৰ নিৰ্গত হয়। ইয়াৰ ব্যৱহাৰৰ সুফলবোৰ তলত বৰ্ণনা কৰা হৈছে।

-  শৰীৰৰ বিষাক্ত পদাৰ্থবোৰ (Toxin) আঁতৰ কৰে। শক্তি বৃদ্ধি কৰে।

-  স্পণ্ডেলাইটিছ, পেৰালাইছিছ, পাইলছ, টিউমাৰ, মাইগ্ৰেইন, প্ৰসূতিৰোগ, যৌনৰোগ আদি ৰোগ নিৰাময় কৰে।

- উচ্চ ৰক্তচাপ, কোষ্ঠকাঠিন্য, ৰক্ত সঞ্চালন নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

- চালৰ বেমাৰ তথা সৌন্দৰ্য বৃদ্ধিতো সহায় কৰে।

-  শৰীৰৰ অস্থি, মজ্জা ঠিকে ৰাখে। শ্বেতৰক্ত কণিকাৰ উৎপাদন বৃদ্ধি কৰি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

- ২৪০০ কেলৰি পৰ্যন্ত দহন কৰি দূষিত কলেষ্টেৰল উলিয়াই দিয়ে। শৰীৰৰ ওজন ঠিকে ৰাখে।

- হৃদযন্ত্ৰৰ ৰোগ নিৰাময় কৰে।

- মধুমেহ, বৃক্কৰোগ, গলব্লাডাৰ, কেণ্সাৰৰ দৰে বেমাৰো নিৰাময়ত সহায় কৰে।

-  হৰম’নৰ মাত্ৰা সঠিক কৰি ৰখাত তথা অক্সিজেন আৰু পানীৰ স্তৰক আমাৰ শৰীৰত ধৰি ৰখাত সহায় কৰে।

এইবোৰৰ উপৰি লেজাৰ থেৰাপীয়ে চাইনাছ, থাইৰয়ড, কাণৰ ৰোগ, চকুৰ ৰোগ, বাক্-শক্তি হেৰুওৱা আদি ৰোগৰ উপশম ঘটায়।

ভিগেনৰ কেইবিধমান সামগ্ৰীৰ নাম হৈছে-

টপ এণ্ড টপ ৮৫০০, টপ এণ্ড টপ ৮০০০, ভিগেন হেল্থ চেম্প, ছুপাৰ হিউগিয়া ই টি এছ মেট, চামছ প্লাছ, চেম্পিয়ন বেল্ট ভি আই পি চেম্প, লেজাৰ ইত্যদি। ইচ্ছা অনুযায়ী এই সামগ্ৰীসমূহ ব্যৱহাৰ কৰিব পাৰি। ঔষধ সেৱনৰ বিকল্প হিচাপে এই সামগ্ৰীসমূহ ব্যৱহাৰ কৰি শৰীৰৰ বিজুতিসমূহ দূৰ কৰি সকলো উপকৃত হওক।

(উৎসঃ আমাৰ অসম, ৰিণি পাঠক, ফোনঃ ৯৪৩৫৩-৫০৩৬৮)।

2.86206896552
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top