মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / ধনাত্মক আৰু ঋণাত্মক ভাবধাৰাৰ প্ৰভাৱ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ধনাত্মক আৰু ঋণাত্মক ভাবধাৰাৰ প্ৰভাৱ :

ধনাত্মক আৰু ঋণাত্মক ভাবধাৰাৰ প্ৰভাৱৰ বিষয়ে লিখা হৈছে ।

ধনাত্মক মানসিকতা হ’ল মনত ভাবি লোৱা ভাব, অনুভৱ আৰু আৱেগবোৰ গ্ৰহণ কৰাৰ মানসিক অৱস্থা, যি জীৱনত আশানুৰূপ তথা সন্তোষজনক ফল পোৱাত সহায় কৰে। অক্সফোৰ্ড অভিধানৰ মতে, ধনাত্মক তথা ইতিবাচক মানসিকতা বা চিন্তা হ’ল ব্যক্তি একোজনৰ মনত ‘হয়’ সূচক ভাবেৰে যিকোনো সমস্যাৰ সজ আৰু গঠনমূলক দিশত মন অভিনিৱেশ কৰা যাতে মনৰ পৰা ঋণাত্মক তথা অনিষ্টকাৰী ভাব/আৱেগবোৰ দূৰত ৰাখিব পৰা যায়।

কেইমব্ৰীজ অভিধানে ইতিবাচক চিন্তাক ‘আশা আৰু আত্মবিশ্বাসৰ কাৰক’ বুলিছে। দৈনন্দিন জীৱনত বিভিন্ন কৰ্মৰাজি, বিভিন্ন জনৰ লগত সম্পৰ্ক আদি সুচাৰুৰূপে আৰু সন্তোষজনভাৱে সম্পন্ন কৰিবলৈ আমি ইতিবাচক মানসিকতাৰ হ’লে জীৱনটোক আশানুৰূপভাৱে গঢ় দিব পৰা যায়।

সেয়েহে ইতিবাচক চিন্তা হ’ল এনে এটা মানসিক অৱস্থা, যি আটাইতকৈ ভাল কিবা এটা হোৱা/কৰাৰ ভাব পোষণ কৰে। ইতিবাচক চিন্তা তথা দৃষ্টিভংগী হ’ল সৃষ্টিশীল চিন্তা- যি জীৱনত সন্মুখীন হোৱা সমস্যাবোৰক বহল দৃষ্টিভঙ্গীৰে পৰীক্ষা কৰি সৃষ্টিশীল সমাধান উলিওৱাত সহায় কৰে।

ইতিবাচক মানসিকতাৰে যিকোনো একোটা সমস্যা সমাধানৰ নতুন পথ বিচাৰি পোৱা যায়। এনে মানসিকতাৰ একো একোজন লোকে বিশেষ ক্ষেত্ৰত নতুন পদক্ষেপ ল’বলৈ ভয় নকৰে।

এনে ভাবধাৰৰ ফলত লোক একোজন আশাবাদী হৈ উঠে আৰু মনক প্ৰণোদিত কৰা তথা উদগনি দিয়া ধৰণৰ মানসিকতাৰ সৃষ্টিয়ে লক্ষ্যত উপনীত হোৱাত সহায়ক হৈ পৰে। সু-উদ্দেশ্য প্ৰণোদিত ভাবধাৰাই কৰ্তব্যত একাগ্ৰতা বঢ়ায়।

এনে ক্ষেত্ৰত শাৰীৰিক আৰু মানসিক শক্তি একত্ৰিত হৈ নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ওপজাই কৰ্ম সম্পাদন তথা লক্ষ্যত উপনীত হোৱাত সহায়ক হয়।

ইতিবাচক মানসিকতাৰ গৰাকী হ’ব পাৰিলে বহুতো ধৰণে সমস্যাবোৰ নিজে সমাধান কৰিব ল’ব পাৰে।

অতি কঠিন পইস্থিতিটো নিজকে ধীৰ-স্থিৰ কৰি ৰাখি নিৰাশাক প্ৰশয় নিদি কষ্ট আৰু অসুবিধা সত্ত্বেও কৰ্ম তথা উদ্দেশ্যত সিদ্ধি লাভ কৰিব পাৰে।

ধনাত্মক মানসিকতাৰ বৈশিষ্ট্য -

  • নিজৰ কৰ্মৰ সফলতা বিচৰা,
  • নিজৰ লগতে আনকো সু-কৰ্মৰ বাবে উৎসাহিত কৰা,
  • বাধা-বিঘিনীৰ সন্মুখীন হ’লে কৰ্ম এৰি পৰাজয় বৰণ নকৰা,
  • অকৃতকাৰ্যতা আৰু সমস্যাবোৰক আশীৰ্বাদ বুলি লোৱা,
  • নিজ ওপৰত আৰু নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস থকা,
  • আত্মমৰ্যাদা আৰু আত্মবিশ্বাসেৰে নিজৰ কৰিব পৰা,
  • নেতিবাচক মানসিকতা লোক আৰু নিৰুৎসাহীসকলে প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰা আদি গুণবোৰ হ’ল ইতিবাচক মানসিকতা পোষণ কৰা লোকৰ বৈশিষ্ট্য।

ধনাত্মক মানসিকতাই লোক একোজনক সুখ আৰু কৃতকাৰ্যতাৰ দিশে ঢাল খুৱাই গোটেই জীৱনটো উজলাই তুলিব পাৰে। এনে মানসিকতাৰ লোক একোজনে আকৈ সামাজিক পৰিৱেশকে ধৰি তেওঁৰ চৌদিশৰ লোকৰ মাজতো প্ৰভাৱ বিস্তাৰ কৰে।

ইতিবাচক মানসিকতাই নিজৰ লক্ষ্যত কৃতকাৰ্যতা লাভ কৰাত সহায় কৰে, জীৱনলৈ অধিক আনন্দ কঢ়িয়াই আনে আৰু নিজকে আনন্দদায়ক ব্যক্তিত্বৰ লোক কৰি তোলাত সহায়ক হয়।

এনে মানসিকতাই উৎসাহ আৰু অনুসন্ধিৎসু ভাব বৃদ্ধি কৰাৰ লগতে নিজৰ যোগ্যতাৰ ওপৰত দৃঢ়তা বঢ়ায়, নিজ কৰ্তব্য সাধনাত উদগনি যোগায় আৰু একোটা উজ্জ্বল ভৱিষ্যতৰ আশা দৃঢ় কৰে।

বাধা আৰু অসুবিধাই এনে লোকৰ সুখ আৰু আশাবাদত ব্যাঘাত জন্মাব নোৱাৰে। সুখ আৰু আনন্দদায়ক দৃষ্টিভংগীৰ লোকক আনে বিচাৰিব। এনেলোকে আনৰ ভাল হোৱাত সন্তোষ লভে।

কিন্তু তথাপি ইতিবাচক চিন্তাধাৰাটো এনে এটা ধাৰণা নহয় যে প্ৰত্যেক জনেই ইয়াক বিশ্বাস বা অনুসৰ কৰিব।

যিসকল লোকে এনে চিন্তা ধাৰণাক বিশ্বাস কৰে, তেওঁলোকক বহুতে মূৰ্খ বুলিও ক’ব খোজে। কিন্তু বিশাল সংখ্যক লোকে ইতিবাচক চিন্তাক বাস্তৱ বুলি ভাবে আৰু ইয়াৰ প্ৰভাৱৰ কথা বিশ্বাস কৰে।

ঋণাত্মক তথা নেতিবাচক চিন্তাক ৰোধ কৰিব পৰা যায় কেনেকৈ -

নেতিবাচক চিন্তাবোৰ হ’ল সূৰ্যৰ পোহৰক বাধা দি থকা ডাঠ ক’লা ডাৱৰৰ দৰে, যি বিপদৰ ভাবুকি দিয়া আৰু হতাশাজনক ভাবধাৰৰ সৃষ্টি কৰে।

প্ৰত্যেকজন ব্যক্তিৰে মনত নেতিবাচক চিন্তা অৰ্থাৎ মনৰ ক’লা ডাৱৰবোৰ আঁতৰাই পেলাই উজ্জ্বল কৰি সৌন্দৰ্যৰে ভৰাই পেলাব পৰা শক্তি আছে।

নেতিবাচক চিন্তাক যিমানেই প্ৰশয় দিয়া হয়, সিমানেই আমাক এনে ভাবধাৰাই আগুৰি ধৰিব আৰু সময়ৰ লগে লগে ঋণাত্মক চিন্তাধাৰাই আমাক গ্ৰাস কৰি আমাক একোজন ঋণাত্মক ভাবৰ ব্যক্তিত পৰিণত কৰিব।

ৰীণাত্মক মানসিকতাৰ পৰা নিজকে ইতিবাচক মানসিকতালৈ পৰিৱৰ্তন কৰিবলৈ তলত দিয়া ধৰণৰ অভ্যাসবোৰৰ অৱলম্বনেৰে নিজৰ জীৱনত সালসলনিৰ সৃষ্টি কৰিব পাৰি বুলি বিজ্ঞসকলে মতপোষণ কৰিছে।

  • আমি যদি খঙাল মনৰ অসুখী আৰু বিমৰ্ষতাত ভোগা লোক, তেন্তে আমি জোৰ কৰি হ’লেও হাঁহিবলৈ অভ্যাস কৰা উচিত।

হাঁহিয়ে মুখমণ্ডললৈ তেজ আৰু অম্লজানৰ যোগান ধৰে বাবে মুখমণ্ডল উজ্জল হৈ উঠে। সেয়েহে যিমান পাৰে সিমান হাঁহিবলৈ চেষ্টা কৰা উচিত।

যেতিয়া মনলৈ নেতিবাচক চিন্তা আহে, কোনোবা এজন ইতিবাচক চিন্তাৰ বন্ধুক লগ কৰিব লাগে। তেওঁৰ লগত নিজক সমস্যাৰ বিষয়ে খোলোচাকৈ কথা পাতিলে সহযোগিতা নিশ্চয় পাব।

  • কেতিয়াও নিজৰ সমস্যাৰাজিৰ কথাকে কৈ ফুৰিব নালাগে। একেৰাহে নিজক সমস্যাৰ কথাবোৰ দোহাৰি থকাটো নেতিবাচক মানসিকতাৰ পৰিচায়কহে মাত্ৰ।

এনে ভাববোৰ অহাৰ সময়ত শাৰীৰিকভাৱে নিজকে কৰ্মত ব্যস্ত ৰাখিব লাগে। খোজকঢ়া, সাঁতোৰা, জিমলৈ যোৱা, ঘৰৰ কামত নিজকে ব্যস্ত ৰখা, ধ্যান কৰা আদিৰ অভ্যাসে আপোনাৰ মনটো নেতিবাচক চিন্তাৰ পৰা আঁতৰাই ৰাখিব।

ধনাত্মক অনুভূতিৰ সৃষ্টি -

ধনাত্মক অনুভূতিয়ে আমাৰ মনটো সক্ৰিয় আৰু উদ্যমী কৰি ৰখাৰ লগতে সুখী আৰু সমৰ্থৱান হৈ থকাত সহায় কৰে।

মনত এনে অনুভূতিৰ সৃষ্টিৰ বাবে আমি তলত দিয়া ধৰণে মনটো পৰিচালনা কৰিবলৈ চেষ্টা কৰিব লাগিব।

  • ইতিবাচক অনুভূতি সৃষ্টিৰ ক্ষেত্ৰত ঋণাত্মক ভাবধাৰাই বাধাৰ সৃষ্টি কৰিব বিচাৰিলে, তেনে ভাবক প্ৰশয় দিব নালাগে।

পুৱা শুই উঠি বিচনাতে হাঁহি মাৰি নিজকে ক’ব লাগে- ‘আজি দিনটো মোৰ বাবে অতি চমৎকাৰ হ’ব, আজিৰ দিনটো সুখ আৰু কৃতকাৰ্যতাৰ দিন হ’ব। মই প্ৰত্যেক কৰ্মতে বা কথাতে ধৈৰ্যশীল হ’ম’।

সদায় বিশ্বাস ৰাখিব লাগে যে সমস্যা উদ্ভৱ হ’লে তেনে সমস্যাবোৰ ভালৰ ফালে সলনি হ’ব।

তদুপৰি দিনটোৰ আৰম্ভণিতে আকৌ আমি আটায়ে কৰা ভাল কাম একোটাৰ কথা বা আনন্দদায়ক পৰিস্থিতি একোটাৰ বা আগেয়ে হৈ যোৱা ভাল লগা স্থান বা ভাল লগা ব্যক্তিৰ কথা মনত পেলাব লাগে।

  • কেতিয়াবা যেতিয়া পৰিস্থিতিয়ে আমাক খঙাল কৰি তোলে, প্ৰতিক্ৰিয়া সৃষ্টিৰ আগেয়ে কেইমুহূৰ্তমান ৰৈ দিব লাগে।

যেতিয়া নিৰাশা অনুভৱ কৰা হয়- তেনে ক্ষেত্ৰত খং-ৰাগ আৰু লগতে অসুখী মনোভাবে ক্ৰিয়া কৰে আৰু সেইবোৰে আমাক বশ কৰিবলৈ দিব নালাগে।

তেনে মুহূৰ্ত বিলাকত অতীতৰ ‘আনন্দ দায়ক মুহূৰ্ত’লৈ মনত পেলাই, ভাল লগা কিবা এটা এৰিব লাগে।

নিজৰ ওপৰত গভীৰ বিশ্বাস আৰু নিজক যোগ্যতাৰ ওপৰত থকা বিশ্বাসে আমাৰ মনত ইতিবাচক ভাবধাৰাৰ সৃষ্টি কৰিব।

তদুপৰি, ভগৱন্তৰ ওপৰত বিশ্বাসৰ দৃঢ়তাই আমাক নেতিবাচক পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰিব। কেতিয়াবা জীৱনত সন্মুখীন হোৱা কিছুমান পৰিস্থিতিক হয়তো বাধা দিব পৰা নাযায়, তেনে ক্ষেত্ৰত ইতিবাচক মানসিকতা আৰু অনুভৱেহে সমস্যা উন্নত কৰিব।

  • আমি ভাল নোপোৱা লোকৰ প্ৰতিও ইতিবাচক ভাব প্ৰকট কৰিব লাগে। তেওঁলোকৰ লগত বন্ধু হোৱাৰ হয়তো দৰকাৰ নাই কিন্তু ক্তেওঁলোকৰ লগত একেবাৰে অপ্ৰিয় হোৱাও অনুচিত।

পৰা পক্ষত ঋণাত্মক তথা নেতিবাচক চিন্তাৰ লোকৰ আঁতৰত থাকিব। যদি তেনে লোকৰ লগত কাম কৰিব লগাত পৰে, থাকিব লগাত পৰে, তেওঁলোকৰ মানসিকতাই আপোনাৰ চিন্তাক অনিষ্ট কৰিবলৈ দিব নালাগে।

নিজক মনটো সদায় ইতিবাচক ভাব আৰু চিন্তাৰে ভৰাই ৰাখিব লাগে যাতে নেতিবাচকসকলৰ কথা-বতৰাই কোনো প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে। সেয়েহে তেওঁলোকৰ ব্যৱহাৰত মুগ্ধ হ’ব আৰু আপোনাৰ প্ৰতি সু-ভাব পোষণ কৰিব।

  • সদায় আনন্দমুখৰ হৈ থকা লোকৰ সংগ ল’ব লাগে, কাৰণ আনন্দ ইজনৰ পৰা সিজনলৈ বাগৰে-সোঁচৰে। নিজকে অনুপ্ৰাণিত কৰিব পৰা মহৎ লোকৰ বাণী পঢ়িব লাগে।

সদায় হাঁহি মুখৰ হৈ থাকিব লাগে। কঠিন পৰিস্থিতিত হাঁহিয়ে মনৰ দুৰ্বল ভাববোৰ দূৰ কৰে। কেতিয়াবা আকৌ বিশেষ কাৰণত মন বেয়া লাগিলে নিজে ভাল পোৱা গান আদি শুনা, ভাল লগা আৰু অনুপ্ৰাণিত হোৱা কিতাপ-পত্ৰ পঢ়িব লাগে, জীৱনত কৃতকাৰ্যতা লাভ কৰা লোকৰ বিষয়ে জানিবলৈ চেষ্টা কৰিব। কাকো হিংসা কৰা বা কাৰো প্ৰতি ঈৰ্ষাপৰায়ণ হ’ব নালাগে।

  • সদায় ৰাজহাড় পোন কৰি বহিব লাগে আৰু খোককঢ়াৰ অভ্যাস কৰিব লাগে। নিজে ভাল পোৱা শাৰীৰিক ব্যায়াম কৰিব লাগে। এনেবোৰ কামে আত্মবিশ্বাস আৰু অন্তৰ্নিহিত শক্তি বঢ়ায়।

দৈনন্দিন জীৱন-যাত্ৰাত ধনাত্মক চিন্তা -

ধনাত্মক চিন্তাৰ লোকেজন সুখী আৰু সু-স্বভাৱৰ, যি একোটা বেয়া পৰিস্থিতিটো উজ্জল ভাবধাৰা বজাই ৰাখে।

এনে চিন্তাৰ লোকসকল সদায় সুখী আৰু আনন্দমুখৰ হয় আৰু এনেলোকক সমস্যা আৰু নেতিবাচৰ চিন্তাৰ লোকে প্ৰভাৱান্বিত কৰিব নোৱাৰে।

কৃতকাৰ্যতা আৰু অকৃতকাৰ্যতা হ’ল- কেনেকৈ আমি আমাৰ মন আৰু মানসিক চিন্তাক ব্যৱহাৰ কৰোঁ।

আমি কৃতকাৰ্যতাৰ ফালে আগবাঢ়োতে সদায় অসুবিধা আৰু নেতিবাচক চিন্তাই প্ৰত্যেক মুহূৰ্ততে আমাক আগুৰি থাকে।

আনহাতে, আমি যদি কৃতকাৰ্যতা আশা কৰোঁ, মনত উন্নতিৰ ছবি আকোঁ আৰু ঋণাত্মক ভাবক প্ৰশ্ৰয় নিদিও আমি কৃতকাৰ্যতাত উপনীত হোৱাৰ আশা অধিক হৈ পৰে।

আমি ভালপোৱা প্ৰত্যেক ক্ষেত্ৰতে যেনে ব্যৱসায়-বাণিজ্য, খেলা-ধূলা, গান গোৱা, ছবি অঁকা, উচ্চ স্তৰৰ বিদ্যা-শিক্ষা অৰ্জন আৰু আন সকলোবোৰ ক্ষেত্ৰতে আমি ইতিবাচক দৃষ্টিভংগী পোষণ কৰিব লাগে।

আমি নিজে বিচৰা ক্ষেত্ৰবোৰত দক্ষতা আৰু পাৰদৰ্শিতা অৰ্জন কৰি ল’ব পাৰিব লাগিব। Henry Fordয়ে কৈছিল ‘If you think you can do a thing or think you cannot do a thing, you are right’।

এই বাক্যষাৰে ইয়াকে বুজাইছে যে ‘কৰিব পৰা/কৰিব নোৱাৰা’টো নিজৰ মন আৰু দৃষ্টিভঙ্গীৰ ওপৰত নিৰ্ভৰ কৰে। সেয়েহে নিজক কৰ্মৰ সাৰ্থকতাৰ বাবে ইতিবাচক ভাব আৰু উদ্যমৰ প্ৰয়োজন। আমি প্ৰত্যেকেই অভাৱ, অসুবিধা আৰু সমস্যাবোৰৰ কথা চিন্তা কৰি সেইবোৰ অতিক্ৰম কৰি যাব পাৰিব লাগিব।

লেখক: ড° চৌধুৰী নাথ শইকীয়া(দৈনিক অসম)

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top