মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / নখৰ বিভিন্ন সমস্যা আৰু লবলগীয়া যতন
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

নখৰ বিভিন্ন সমস্যা আৰু লবলগীয়া যতন

নখৰ বিভিন্ন সমস্যা আৰু লবলগীয়া যতনৰ বিষয়ে লিখা হৈছে ।

 

আমাৰ নখবোৰৰ স্বাস্থ্য সম্পৰ্কে আমি কিমান সচেতন বাৰু? মুখখন, গাৰ ছালখন আৰু চুলিৰ আমি যিমান যত্ন লওঁ সিমান যত্ন আমি নখবোৰৰ লওঁনে? আচলতে নখৰ যত্ন লোৱাটোও খুব দৰকাৰী।
আপোনাৰ নখৰ আকাৰ আকৃতি ৰং আদিয়ে আপোনাৰ শাৰিৰীক স্বাস্থ্যৰ বহু কথা কৈ দিয়ে। চিকিৎসকে ৰোগীৰ নখ চায়েই কিছুমান বিশেষ ৰোগৰ বিষয়ে উমান পায়।

নখৰ বিভিন্ন সমস্যাৰ কথা কোৱাৰ আগতে আমি নখৰ গঠনৰ বিষয়ে কিছু কথা জানিব লাগিব। নখ কেৰাটিন(keratin) নামৰ এবিধ প্ৰটিনেৰে তৈয়াৰী। নখৰ গুৰিত থকা কোষ সমূহৰ পৰাই নখৰ বৃদ্ধি হয়। সেই কোষ সমূহৰ এটাৰ ওপৰত আন এটা তৰপ পৰি পৰি কঠিন হৈ পৰে আৰু এইদৰে নখৰ সৃষ্টি হয়। এই নখ উৎপন্ন হোৱা প্রক্রিয়াটোক কেৰাটিনাইজেচন(keratinisation) বুলি কোৱা হয়।

নখৰ বিভিন্ন অংশবোৰ হল -

*মেট্ৰিক্স(matrix) নখৰ পিছফালে থকা ছালৰ তলৰ অংশ, যৰ পৰা নখৰ বৃদ্ধি হয়।

*প্লেট(plate) নখৰ দৃশ্যমান অংশটো।

*বেড(nail bed) যিটো অংশৰ ওপৰত নখটো থাকে। নেইল বেডত সৰু সৰু ৰক্ত নলিকাবোৰ থাকে। সেইবাবে নেইল প্লেটৰ ৰং পাতল গুলপীয়া দেখা যায়।

*লুনুলা(lunula) নেইল প্লেটৰ গুৰিত দেখা পোৱা অৰ্ধ চন্দ্ৰাকাৰ অংশ।

*নেইল ফোল্ড(nail fold) ছালৰ অংশ যিয়ে নেইল প্লেটক ধৰি ৰাখে।

কিউতিকল(cuticle) নেইল প্লেটৰ গুৰিৰ ওপৰত থকা পাতল আৱৰণ।

নখৰ বিভিন্ন সমস্যা সমূহ -

সাধাৰণতে হাতৰ নখৰ সমস্যা আৰু ভৰিৰ নখৰ সমস্যাৰ কাৰণবোৰ একে নহয়। হাতৰ নখৰ বিভিন্ন ৰোগৰ কাৰণ সমূহ হল নখত পোৱা আঘাত, ছালৰ বিভিন্ন বেমাৰ যেনে একজেমা, চৰিয়েছিছ ইত্যাদি। আনহাতে ভৰিৰ নখৰ বিভিন্ন সমস্যাৰ কাৰণবোৰ হল নখত পোৱা আঘাত, ভৰিত ঠিকমতে খাপ নোখোৱাকৈ জোতা পিন্ধা, ভৰিৰ দুৰ্বল ৰক্ত আৰু স্নায়ু সঞ্চালন ইত্যাদি।

নখৰ বিভিন্ন ধৰণৰ অৱস্থা আৰু ৰোগ -

নখৰ ৰং শেতা পৰা স্বাস্থ্যৱান নখৰ ৰং গুলপীয়া হয়। কিন্তু বিভিন্ন কাৰণত নখৰ বৰণ শেতা বা ঢেলা হৈ পৰে। নখ শেতা হোৱাৰ কাৰণসমূহ হল অনবৰতে নখত নেইল পলিছ লগাই থোৱা, বেছিকৈ চিগাৰেট খোৱা সকলৰ নিকোটিনৰ প্ৰভাৱৰ কাৰণে, আঘাত, বিভিন্ন সংক্ৰমণ, কিছুমান এন্টি বেক্টেৰিয়েল বা এন্টি মেলেৰিয়াল ঔষধ, কেমথেৰাপি ইত্যাদি। নেইল বেডৰ পৰা নখ উঠি অহা নখ নেইল বেডৰ পৰা উঠি আহিলে ইয়াৰ ৰং বগা বা শেঁতা হয়। এনে হোৱাৰ কাৰণবোৰ হল হাতৰ নখৰ তলভাগ বেছি জোৰকৈ পৰিষ্কাৰ কৰা, নেইল পলিছৰ ৰাসায়নিক দ্ৰব্যৰ সংস্পৰ্শৰ বাবে, চৰিয়েছিছ, ভেঁকুৰজনীত সংক্ৰমণ ইত্যাদি।

নখ বেছি ডাঠ হৈ যোৱা -

এইটো সমস্যা সাধাৰণতে ভৰিৰ নখৰ ক্ষেত্ৰত বেছিকৈ হয়। ইয়াৰ প্ৰধান কাৰণসমূহ হ’ল-

*নখৰ যত্ন নোলোৱা,

*আঘাত পোৱা,

*দুৰ্বল ৰক্ত সঞ্চালন,

*ভৰিৰ আঙুলিৰ বাত বিষ,

*ভৰিত খাপ নোখোৱা জোতা পিন্ধা,

*চৰিয়েছিছ আদি।

এনেবোৰ কাৰণতে নখ ফাটি যোৱা বা নখত কিছুমান আঁচ পৰাও দেখা যায়।

*বেক্টেৰিয়াজনিত সমস্যা :-

-অনবৰতে তিতা হাতেৰে থকা,

-হাতৰ যত্ন লোৱা বা মেনিকিউৰ কৰাৰ সময়ত নখৰ কিউটিকুলত অধিক হেঁচা পৰা,

-নখ কামোৰাৰ বদ অভ্যাস,

-একজেমা আদি ছালৰ ৰোগৰ বাবে সাধাৰণতে নখত বেক্টেৰিয়াৰ সংক্ৰমণ হোৱা দেখা যায়।

এই সংক্ৰমণৰ ফলত নখৰ গুৰিত লাগি থকা ছালখিনি প্ৰথমে আক্ৰান্ত হয়। সময়ত উপযুক্ত চিকিৎসা নললে নখৰ গুৰি ফুলি উঠিব পাৰে লগতে পূঁজ ওলাবও পাৰে।

*পেৰোনাইকীয়া(paronychia)-
ই এবিধ বেক্টেৰিয়া জনিত নখৰ ৰোগ। ষ্টেফাইলকোক্কাছ অৰিয়াছ(staphylococcus aurius) নামৰ বেক্টেৰিয়াৰ বাবে নখত এই ৰোগ হয়। ই অত্যন্ত বিষ যুক্ত হয়। তাৰোপৰি নখৰ চাৰিওফালে উখহি ৰঙা পৰি উঠে। নখৰ পৰা হালধীয়া সেউজীয়া বৰণৰ আঠা জাতীয় পদাৰ্থ ওলাই। এনেকুৱা সমস্যাই দেখা দিলে লগে লগে চিকিৎসকৰ কাষ চপা উচিত।

*নখৰ ভেঁকুৰজনীত সংক্ৰমণ-

এই সংক্ৰমণ ইজনৰ পৰা সিজনলৈ বিয়পিব পাৰে। সাধাৰণতে মধুমেহত ভুগি থকা লোক আৰু যাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা খুব কম তেওঁলোক এই ৰোগত ভোগাৰ বেছি সম্ভাৱনা থাকে। ভেঁকুৰজনীত সংক্ৰমণ হলে নখ নেইল বেডৰ পৰা পৃথক হৈ যায়, ডাঠ হয়, নখৰ ৰং শেতা হয় আৰু নখ ঠুনুকা হৈ পৰে। নখৰ মাজ অংশ সোমাই যায় আৰু বগা, হালধীয়া বা সেউজীয়া ৰঙৰ দুৰ্গন্ধ যুক্ত পদার্থ ওলাব পাৰে।

*ইনগ্ৰোন নেইলছ(ingrown nails)

এইটো সাধাৰণতে ভৰিৰ নখত হোৱা এবিধ অতি বেদনদায়ক সমস্যা। ভৰিৰ বুঢ়া আঙুলিত সাধাৰণতে এই সমস্যাই দেখা দিয়ে। এনেকুৱা অৱস্থা হলে নখটো দুয়োকাষৰ মাংসৰ ভিতৰত সোমাই যায়। ফলত ই অতি বিষযুক্ত হয়। ভালদৰে নখ নকটা, আঘাত পোৱা, নখৰ আকৃতি বেছি ঘেৰ খোৱা হোৱা, বেছি টান জোতা পিন্ধা আদি কাৰণত এই সমস্যাই দেখা দিয়ে।

*নখৰ আকৃতি সলনি হোৱা ৰক্তহীনতাৰ কাৰণে নখৰ আকৃতি ভিতৰৰ ফালে ঘেৰ খোৱা হয়।

আকৌ আন কিছুমান ৰোগ যেনে হাঁওফাঁওৰ ৰোগ, হৃদৰোগ, কিডনীৰ ৰোগ, থাইৰয়ডৰ সমস্যা আদিৰ বাবেও নখৰ ৰং, আকাৰ-আকৃতি আদিৰ সলনি হব পাৰে।

কিদৰে লব নখৰ যতন -

*সদায় পৰিষ্কাৰ পৰিচন্নতা অৱলম্বন কৰিব লাগে। হাত আৰু ভৰিৰ নখ নিয়মিত ভাৱে চাফা কৰিব লাগে।

*তিতা হাতে বা তিতা ভৰি থাকিব নালাগে। ভৰি হাত বা গা ধোৱাৰ পিছত ভালদৰে মচি শুকাই লব লাগে।

*হাত ভৰিৰ লগতে নখতো মইশাৰাইজাৰ লগাব লগে। নখত নাৰিকল তেল মালিচ কৰাটো খুব ভাল।

*বেছি দেৰি পানী চুই থাকিব লগা হলে গ্লোভছ পিন্ধি লব লাগে।

*সঘনাই মেনিকিউৰ কৰিব নালাগে।

*ধূম্ৰপান কৰাৰ পৰা বিৰত থাকিব লাগে ।

*নখ কামোৰাৰ বদ অভ্যাস ত্যাগ কৰিব লাগে।

*নখবোৰ নিয়মিত ভাৱে কাটি থাকিব লাগে।

*ভেঁকুৰজনীত সংক্ৰমনৰ পৰা বাচিবলৈ আনৰ টাৱেল আদি ব্যৱহাৰ কৰিব নালাগে।

*সদায় ভালদৰে খাপ খোৱা জোতাহে পিন্ধিব লাগে।

আয়ুৰ্বেদে কি কয় -

আয়ুৰ্বেদৰ মতে নখৰ উৎপন্ন হৈছে হাড়ৰ পৰা। নখক অস্থি ধাতুৰ মল বুলি কৈছে। অৰ্থাৎ আয়ুৰ্বেদৰ মতে নখ চাই এজন মানুহৰ হাড়ৰ বিষয়ে গম পোৱা যায়। অৰ্থাৎ কাৰোবাৰ নখ যদি পাতল আৰু ভাঙি যোৱা বিধৰ হয় তাৰমানে এইটো বুজা যায় যে তেওঁৰ হাঁড়ো দুৰ্বল। আৰু নখ যদি স্বাস্থ্যৱান তেন্তে তেওঁৰ হাড়ো মজবুত হোৱাটো সূচায়।

স্বাস্থ্যৱান নখৰ বাবে প্ৰয়োজনীয় ভিটামিন আৰু খনিজ দ্ৰব্য -

*বায়োটিন(Biotin):
ই এবিধ বি কম্প্লেক্স ভিটামিন। লিভাৰ, কণীৰ কুহুম, মিঠা আলু ,বাদাম, দুগ্ধজাত দ্ৰব্য, ফুলকবি আদিত এই ভিটামিন পোৱা যায়।

*ভিটামিন বি12 :

মাংস, মাছ ,কণী, গাখীৰৰ পৰা উৎপাদিত দ্ৰব্য আদিত এই ভিটামিন পোৱা যায়।

*ফলেট (Folate):

ইয়াৰ অভাৱত নখ ডাঠ আৰু ভাঙি যোৱা বিধৰ হয়। সেউজীয়া শাক পাচলি, টেঙা ফল, বিন, মটৰ ,দাইল আদিত ফলেট পোৱা যায়।

*আইৰণ(Iron):
আইৰণৰ অভাৱত নখত আঁচ পৰে আৰু নখৰ আকৃতি চামুচৰ নিচিনা হয়। পালেং শাক, কলা কচু ঠাৰি, কলদিল আদিত প্ৰচুৰ আইৰণ থাকে।

*কেলচিয়াম(calcium):
গাখীৰ আৰু গাখীৰৰ পৰা উৎপাদিত দ্ৰব্যসমূহ যেনে পনীৰ, দৈ আদিত, সেউজীয়া শাক পাচলি, বাদাম, তিল আদি কেলচিয়াম যুক্ত খাদ্য। ইয়াৰ অভাৱত নখ দুৰ্বল হয় আৰু নখত বগা বৰণৰ সৰু সৰু দাগ পৰিব পাৰে।

*মেগনেচিয়াম(Magnesium):
গেহু, সেউজীয়া শাক পাচলি, কাজু, কাঠ বাদাম আদিত যথেষ্ট পৰিমাণে মেগনাচিয়াম থাকে। ইয়াৰ অভাৱত নখত কিছুমান উলম্ব আঁচ পৰা দেখা যায়।

গতিকে নখৰ বিষয়টো অৱহেলা নকৰি ইয়াৰ স্বাস্থ্য সম্পৰ্কেও আমি সচেতন হোৱা উচিত আৰু ওপৰোক্ত সমস্যাসমূহ দেখা দিলে লগে লগে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

লেখক :- বন্দনা শৰ্মা

উৎস :- স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top