অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

নখৰ সৌন্দৰ্য :

নখৰ সৌন্দৰ্যৰ বিষয়ে লিখা হৈছে ।

 

এখন সুন্দৰ-পৰিষ্কাৰ হাতে বা আপোনাৰ পৰিষ্কাৰ সুন্দৰ ভৰি দুখনে কেৱল আপোনাৰ সৌন্দৰ্য বৰ্ধনেই নহয়, বৰঞ্চ আপোনাৰ ব্যক্তিত্বও উজনাই তোলে। নখৰ সৌন্দৰ্যই হাত-ভৰিৰ সৌন্দৰ্য পৰিপূৰ্ণ কৰি তোলে। কিন্তু নখবোৰ প্ৰকৃত পৰিচৰ্যাৰ অভাৱত ৰুগীয়া হৈ পৰিলে সমগ্ৰ সৌন্দৰ্য মলিন হৈ পৰে। অথচ দৈনন্দিন ব্যস্ততাৰ বাবে আমি নখৰ সঠিক পৰিচৰ্যা কৰিব নোৱাৰোঁ। সেয়ে আজিৰ এই লেখাটোত নখৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে কেইটামান সহজ তথা ঘৰুৱা উপায় উল্লেখ কৰিছোঁ।

নখ কেৰটিন নামৰ উপাদানেৰে গঠন হয় আৰু হাতৰ নখ মাহে গড় হিচাপত এক ইঞ্চিৰ দহ ভাগৰ এভাগকৈ বৃদ্ধি হয়। কিন্তু বিভিন্ন কাৰণত বহুতৰ এই হাৰত নখৰ বৃদ্ধি নহয়।

নখৰ কাৰণসমূহ হৈছে -

*ভুল ডায়েট মানি চলা।

*নখ কামোৰাৰা অভ্যাস।

*অত্যধিক নেই পলিচৰ ব্যৱহাৰ।

*অত্যধিক কেমিকেলযুক্ত ৰিম’ভাৰৰ ব্যৱহাৰ।

*বাচন-বৰ্তন, কাপোৰ-কানি ধোৱাৰ বাবে ইত্যাদি।

এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ তলৰ উপায়সমূহ অৱলম্বন কৰিব পাৰে-

*কুহুমীয়া গৰম পানীত এচামুচ ছেম্পু, এচামুচ নেমু ৰস, আধা চামুচ ছেভলন দি অলপ সময় তিয়াই ৰাখিব আৰু ব্ৰাছৰ সহায়ত নখ চাফা কৰিব।

*পৰিষ্কাৰ পানীৰে হাত-ভ্ৰি ধুই ভালদৰে নখ মচি পেট্ৰ’লিয়াম জেলী লগাব।

*শোৱাৰ আগত নখত অলিভ অইল লগাব।

*পুষ্টিকৰ খাদ্যাভ্যাস আৰম্ভ কৰক আৰু নখ কামোৰাৰ অভ্যাস ত্যাগ কৰক।

*সদায় দামী কোম্পানীৰ নেইল পলিচ আৰু ৰিমভাৰ ব্যৱহাৰ কৰক।

নখৰ কেইটামান সহজাত সমস্যা -

নখ হালধীয়া পৰা:

নখ হালধীয়া পৰাটো এটা সহজেই দেখা দিয়া সমস্যা। এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ এটা গামলাত কুহুমীয়া পানী লৈ তাত এচামুচ নেমু ৰস দি নখকেইটা উজ্জ্বলতা উভতি আহিব।

নখ ভঙা:

কিছুমানৰ নখ অত্যধিক পাতল হয় আৰু সহজে ভাঙি যায় আৰু আন কিছুমানৰ নখ ডাঠ হ’লেও থুনুকা হৈ ভাঙি যায়। এই সমস্যাৰ পৰা হাত সাৰিবলৈ নিতৌ নখত অলিভ অইল লগাই মালিচ কৰিব আৰু মন কৰিব যাতে তিতা অৱস্থাত নখ ফাইলিং কৰা নহয়। এনে সমস্যাত আক্ৰান্ত লোকে দীঘলকৈ নখ ৰখা অনুচিত।

নখৰ সৌন্দৰ্যবৰ্ধক খাদ্য -

নখৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে ভিটামিন বি, প্ৰ’টিন, কেলচিয়াম, আইৰণ, ভিটামিন ‘ই’যুক্ত খাদ্য গ্ৰহণ কৰা উচিত। আপোনাৰ খাদ্য তালিকাত নিয়মিত এগিলাচ গাখীৰ সংযুক্ত কৰক আৰু যথেষ্ট পৰিমাণে পানী সেৱন কৰক। লিভাৰ, মাংস, কণী, শাক-পাচলি, মাছ, ফলমূল আদি যথেষ্ট পৰিমাণে খাবলৈ যত্ন কৰক আৰু সুন্দৰ নখৰ গৰাকী হওক।

লেখক: গৌতম বৰা(সুকন্যা)

2.86363636364
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top