অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

নখ ভাঙিছে নেকি ?

নখ ভাঙিছে নেকি ? সেই বিষয়ে লিখা হৈছে ।

 

সাধাৰণতে আমি সৌন্দৰ্য চৰ্চা কৰোঁতে মুখমণ্ডলত যিমান গুৰুত্ব দিওঁ আমাৰ হাত-ভৰিৰ নখৰ ওপৰত সিমান গুৰুত্ব নিদিওঁ। সুন্দৰ আৰু মজবুত নখে আমাৰ স্বাস্থ্যৰ পৰিচয় দিয়ে । সেয়েহে নখৰ যত্নৰ বাবে আমি কিছু সময় খৰচ কৰাৰ দৰকাৰ হয় ।

১) নখ ভগাৰ এটা ডাঙৰ কাৰণ হ’ল শৰীৰত পুষ্টিৰ অভাৱ । সেয়েহে খাদ্যৰ প্ৰতি বিশেষ ধ্যান দিব লাগে । মাল্টি ভিটামিন আৰু মাল্টি মিনাৰেল খাদ্যত ৰাখিব লাগে। খাদ্যত আইৰন, কেলছিয়াম আৰু ভিটামিন ‘বি’ কমি থাকিলে নখ ভগাৰ সম্ভাৱনা থাকে ।

২) যদি নখ অতি সহজে ভাগে, তেতিয়াহ’লে ভিটামিন ‘বি’যুক্ত তেল ব্যৱহাৰ কৰিব ।

৩) যিসকলৰ নখ নিষ্প্ৰাণ হৈ সোনকালে ভাগে, তেওঁলোকে নাৰিকল তেল বা অলিভ অইলৰে নখ মালিচ কৰাৰ দৰকাৰ । নখ থুনুকা হ’লে গাখীৰ খাব লাগে। গাখীৰে হাড় আৰু নখ শক্তিশালী কৰে । একেদৰে গাখীৰ আৰু কণী মিহলাই ভালদৰে ফেটি লৈ তাত নখকেইটা কিছু সময় ডুবাই ৰাখিব লাগে । এনে কৰিলে নখ মজবুত হোৱাৰ লগতে সোনকালে বাঢ়ে।

৪) মহিলাসকলে পাকঘৰত কাম কৰোঁতে বাৰে বাৰে হাত ধোৱাৰ প্ৰয়োজন হয় । যাৰ ফলত তেওঁলোকৰ আঙুলিত ভেকুৰৰ সংক্ৰমণ হ’ব পাৰে । সেয়েহে বাৰে বাৰে হাত ধুব নালাগে ।

৫) মেনিকিউৰ বা পেডিকিউৰ কৰাৰ সময়ত লক্ষ্য ৰাখিব লাগে-যাতে ব্যৱহাৰ কৰা প্ৰত্যেকটো সামগ্ৰীয়েই ভালদৰে ষ্টেৰিয়েলাইজ কৰা হয় ।

৬) নখত কিছুদিনৰ বাবে নেইল পলিছ নলগোৱাকৈ ৰাখিব । তাৰ ফলত হালধীয়া দাগ নোহোৱা হ’ব । এছিটন নথকা নেইল পলিছ ৰিম’ভাৰ ব্যৱহাৰ কৰক । নেইল পলিছ আঁতৰোৱাৰ পাছত হাত-ভৰিত মইশ্বৰাইজাৰ ক্ৰীম লগাব ।

উৎস: দেওবৰীয়া সুকন্যা

3.0
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top