অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

নাকৰ ঘৰুৱা যতন:

নাকৰ ঘৰুৱা যতনৰ বিষয়ে লিখা হৈছে

নাক মানৱ শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ। নাকৰ দুই ফুটাৰ মাজেদি বায়ু শৰীৰৰ ভিতৰলৈ প্ৰৱেশ কৰে। নাকৰ দুই ফুটাৰ পৰা দুই সুৰংগৰ সৃষ্টি হয়। এই দুই সুৰংগৰ মাজত এখন বেৰ থাকে। এই নাক বন্ধ হ’লে বা নাকৰ ৰোগ হ’লে মানুহে গোন্ধ নোপোৱা হ’ব পাৰে।

বিভিন্ন কাৰণত নাক বন্ধ হ’ব পাৰে। সাধাৰণতে চৰ্দি ৰোগ অথবা এলাৰ্জী ৰোগত নাক বন্ধ হোৱা দেখা যায়। নাকৰ ভিতৰৰ হাড় বেঁকা হোৱা বা পলিপ ৰোগতো নাক বন্ধ হ’ব পাৰে। এনে সমস্যাত তপত পানীৰ ভাগ ল’ব লাগে। কোনো কাৰণত জোৰকৈ নাক চাফা নকৰিব। পৰিষ্কাৰ নিমখ-পানী অলপ গৰম কৰি নাকেৰে টানি নাকৰ শ্লেষ্মা আঁতৰ কৰিব পাৰি। বায়ুত থকা ধূলি-বালি নাকৰ ভিতৰত লাগি ধৰে আৰু পৰিষ্কাৰ বায়ু হাঁওফাঁওলৈ প্ৰেৰণ কৰে। প্ৰচুৰ পানী খাব লাগে। নিমখ-পানীৰ ড্ৰপ ব্যৱহাৰ কৰিব পাৰে। নাকৰ আন এটা সমস্যা হৈছে নাকৰ পৰা তেজ ওলোৱা ৰোগ। নাকৰ ভিতৰত নখেৰে চিকুটা বা জোৰেৰে নাক চাফা কৰিলেও তেজ ওলাব পাৰে। নাকৰ ভিতৰখন শুকাই গ’লেও ৰক্তক্ষৰণ হ’ব পাৰে। নাকৰ ভিতৰত এডিনইড অথবা ছাইনাছ কুঠৰীৰ ভিতৰত বীজাণুৰ দ্বাৰা ৰোগ সংক্ৰমণ হ’লেও নাকৰ তেজ ওলাব পাৰে। এনে অৱস্থাত ৰোগীক বহিবলৈ দিব লাগে। শুবলৈ দিলে লক্ষ্য কৰিব লাগে যাতে মূৰটো শৰীৰতকৈ কিছু ওখ অৱস্থাত থাকে। কাতি হৈ শুব লাগে। ওপৰমূৱাকৈ শুলে নাকৰ তেজ পেটলৈ যাব পাৰে। নাকৰ ওপৰখন শীতল পানী বা বৰফ দি চেঁচা কৰক। নাকটো দুই আঙুলিৰে টিপি ধৰি থাকক। দহ মিনিটমান ধৰি থাকিলে তেজ ওলোৱা বন্ধ হ’ব পাৰে। কিন্তু চিকিৎসকৰ পৰামৰ্শ ল’বলৈ এলাহ নকৰিব।

উৎস: জিএনআৰচি স্বাস্থ্য

2.73684210526
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top