মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / নিচাগ্ৰস্ততাৰ পৰা কেনেকৈ মুক্তি পাব
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

নিচাগ্ৰস্ততাৰ পৰা কেনেকৈ মুক্তি পাব

নিচাগ্ৰস্ততাৰ পৰা কেনেকৈ মুক্তি পাব, ৰ বিষয়ে লিখা হৈছে ।

 

যিবোৰ দ্ৰব্য সেৱন কৰিলে মানুহৰ মনৰ আবেগ-অনুভূতিৰ পৰিৱৰ্তন ঘটে, তেনেবোৰ দ্ৰব্য সেৱন কৰা লোকসকলেই নিচাগ্ৰস্ত ব্যক্তি হিচাপে চিকিৎসা বিজ্ঞানত চিনাক্ত কৰা হয়। এই ব্যক্তিসকল একপ্ৰকাৰৰ মানসিক ৰোগী। বিভিন্ন কাৰণত, বিভিন্ন পৰিস্থিতিত পৰি প্ৰথমে তেওঁলোকে সমস্যাৰ পৰা হাত সাৰি থাকিবলৈ এই দ্ৰব্যবোৰ খায় যদিও পিছলৈ ই আসক্তিলৈ পৰিৱৰ্তন হয়।

বৰ্তমান সমগ্ৰ বিশ্বতে ই ভয়াৱহ সমস্যাৰূপে দেখা দিছে। অৱশ্যে সমাজৰ সচেতনতাই এই সমস্যা সম্পূৰ্ণ নিৰ্মূল কৰিব নোৱাৰিলেও বহু পৰিমাণে প্ৰতিৰোধ কৰা সম্ভৱ। সেয়ে তেনে দ্ৰব্য বা ড্ৰাগছ ব্যৱহাৰৰ প্ৰাৰম্ভিক লক্ষণ কিছুমান উল্লেখ কৰা হ’ল।

ক)প্ৰতিগৰাকী পিতৃ-মাতৃয়ে সন্তানক অত্যন্ত ভাল পায় আৰু সন্তানৰ সৰ্বতোপ্ৰকাৰে উন্নতি কামনা কৰে। সেয়ে সন্তানে সৰু-সুৰা ভুল কৰিলেও তাক আওকাণ কৰে। সন্তানৰ মৰমত তেওঁলোক আকলুৱা হৈ থাকে বাবেই মনলৈ সন্দেহ আহিলেও সেইটো বিচাৰ কৰিব নিবিচাৰে। কিন্তু তেনে কৰা অনুচিত। কিয়নো, আৰম্ভণিতে তেওঁলোকক শুদ্ধ পথলৈ অনা সহজ।

যেতিয়া এজন ব্যক্তিয়ে ড্ৰাগছ গ্ৰহণ কৰে, তেতিয়া তেওঁ সাধাৰণ জীৱনৰ পৰা কিছু নিলগত থাকে। কলেজৰ ছাত্ৰ-ছাত্ৰী হ’লে পৰীক্ষাৰ ফলাফল বেয়া হয়।

শ্ৰেণীকোঠাত পঢ়াত মনোযোগ দিব নোৱাৰাৰ বাবে কলেজলৈ যাব নিবিচাৰে। বিশেষকৈ ভাল পৰামৰ্শ দিয়া মানুহক অথবা শিক্ষকক অৱহেলা কৰে। সামাজিক নীতি-নিয়ম মানি চলিবলৈ বেয়া পায়। ব্যৱহাৰত উচ্ছৃংখলতা প্ৰকাশ পায়।

তেওঁলোকে অকলশৰে নিৰলে এটা কোঠাত সোমাই থাকিবলৈ ভাল পায়। দায়িত্বপূৰ্ণ কাম পালে বিভিন্ন অজুহাত দেখুৱাই এৰাই চলিব বিচাৰে।

পৰিয়ালৰ লগত আত্মীয়তা কমি আহে আৰু পূৰ্বৰ তুলনাত আচাৰ-ব্যৱহাৰত উগ্ৰতা প্ৰকাশ পায়। আনকি ৰাতি শুবলৈ যোৱাৰ সময় আৰু পুৱা বিছনা এৰা সময়ৰ হেৰ-ফেৰ হয়।

নিচাযুক্ত দ্ৰব্য গ্ৰহণৰ ফলত এজন মানুহৰ শাৰীৰিক, মানসিক তথা আৰ্থ সামাজিক দিশত নানা ক্ষতি হয়। নিচাসক্তিয়ে মানুহৰ উন্মাদনা, হতাশা, স্মৃতি বিলুপ্তিকে ধৰি নানা ধৰণৰ মানসিক ৰোগ হ’ব পাৰে।

ফলত নানা ঘৰুৱা অশান্তি, হাই-কাজিয়া আদি বৃদ্ধি পায়। নিচাসক্ত ব্যক্তি সৰু সৰু দুৰ্ঘটনাৰ চিকাৰ হয়। এই কথাও ঠিক এনে লক্ষণ দুটা-এটা কাৰোবাৰ গাত দেখা পালেই তেওঁ নিচাসক্ত ব্যক্তি নহ’বও পাৰে।

কিন্তু যদি তেওঁলোক কম বয়সৰ, তেতিয়া সন্দেহ কৰিব লাগে আৰু সম্পূৰ্ণভাৱে নিৰীক্ষন কৰি থাকিব লাগে।

প্ৰতিকাৰ -

ড্ৰাগছ গ্ৰহণ কৰা বা চিনাসক্ত হোৱা এটা সামাজিক সমস্যা। এই সমস্যাত এজন ব্যক্তি ভুক্তভোগী হয় যদিও ক্ষতি হয় এখন সমাজৰ আৰু সমাজত ইয়াৰ প্ৰভাৱ পৰে। সেয়ে সমাজৰ প্ৰতিজন নাগৰিকেই ইয়াক নিৰ্মূল কৰাৰ বাবে দায়িত্ব গ্ৰহণ কৰা প্ৰয়োজন।

ঘৰুৱা পৰিৱেশে এই বিষয়ত যথেষ্ট প্ৰভাৱ পেলায়। পিতৃ-মাতৃ সদায় সন্তানৰ ওপৰত আদৰ্শবান হৈ থাকিব লাগে।

সন্তানক বিভিন্ন বিষয়ত শিক্ষিত কৰি তুলিব লাগে। স্কুলীয়া পাঠ্যক্ৰমৰ বাহিৰেও অন্য শিক্ষাও প্ৰদান কৰিব লাগে।

অভিভাৱকসকলে সন্তানৰ বিশ্বাস আৰু অনুগত্য জয় কৰিবলৈ চেষ্টা কৰিব লাগে। তেওঁলোকক কোনো কথাত সন্দেহ কৰিলেও সেই বিষয়ে জানিবলৈ দিয়া অনুচিত।

সদায় আঁৰ চকুৰেহে নিৰীক্ষণ কৰাৰ প্ৰয়োজন। সামান্য সন্দেহ হ’লেই চিকিৎসকৰ লগত যোগাযোগ ৰাখিব লাগে।

সম্প্ৰতি অভিভাৱকসকলে সন্তানক পৰ্যাপ্ত সময় দিব নোৱাৰে। কিন্তু কৰ্মব্যস্ততাৰ মাজত পোৱা সময়ৰ সদ্বব্যৱহাৰ কৰি সন্তানৰ লগত সময় কটাব লাগে।

সন্দেহযুক্ত ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত শিক্ষানুষ্ঠানৰ শিক্ষকসকলকো সেই বিষয়ে জনাই তেওঁলোকক শ্ৰেণীত পাঠ গ্ৰহণ কৰাটো বাধ্যতামূলক কৰিব লাগে।

এই সকলোবোৰ কৰাৰ পিছতো মনলৈ সন্দেহ ভাব আহিলেই মনোৰোগ বিশেষজ্ঞৰ লগত আলোচনা কৰিব লাগে।

লেখক: ডাঃ নাহিদ এছ ইছলাম(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

2.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top