অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

নিদাঘ পুৰাণ

নিদাঘ পুৰাণ

বৰ্তমান সততে দেখা পোৱা এটা দৃশ্য- দুখন ঠাইৰ দুজন মানুহে কথা পাতিবলৈ লৈ এজনে আনজনক সুধিছে, “আপোনালোকৰ তাত গৰম কেনেকুৱা হে?” বা মানুহ দুজন একে ঠাইৰে হ’লে সোধে, “উঃ বৰ গৰম পৰিছে নহয়নে?” আগষ্ট মাহৰ মাজভাগ পালহি আৰু সূৰ্য্যৰ ‘ফৰ্ম’ ব্যাহত হোৱাৰ নাম-গোন্ধ‌ই নাই। মানুহে ঘৰৰ বাহিৰত, ঘৰৰ ভিতৰত ছাটি ফুটি কৰিছে। শীতল পানীয় আৰু ফলৰ ৰসৰ আদৰ বাঢ়ি গৈছে। ল’ৰাৰ ডিঅ’ লগোৱাৰ কোব বাঢ়িছে, ছোৱালীবোৰে দাপোণত নিজকে চাই ক’লা পৰিছে বুলি উস্‌ আস্‌ কৰিছে। মুঠতে এটা অস্থিৰ পৰিবেশ। তাৰ মাজতে হয়তো আপোনালোকে দেখা পাব যে দুই-এজন মানুহ কিছু সময়ৰ বাবে গৰমত ঢলি পৰিছে বা কিছুমানে ভৰিৰ তলভাগ খামুছি ধৰিছে। কিহৰ বাবে তেওঁলোকৰ এনে হ’ল? গৰমত সাধাৰণ নিৰ্জলীকৰণৰ (ডিহাইড্ৰেচন) লগতে হিট্‌ এক্‌জচ্চন, হিট্‌ চিন্‌কপি বা হিট্‌ ষ্ট্ৰ’কৰ বাবে এনে সমস্যা হ’ব পাৰে।

নিৰ্জলীকৰণ নিজে এটা ৰোগ নহয়, আন ৰোগৰ লক্ষণহে। গৰমত শৰীৰৰ বাবে প্ৰয়োজনীয় তৰলসমূহ (যেনে-পানী, পিছৰ অংশত সৰলকৈ কেৱল পানী বুলি কোৱা হ’ব) আৰু লৱণৰ অভাৱ ঘটিলে সেই অৱস্থাক ‘নিৰ্জলীকৰণ’ বোলা হয় (লৱণ বুলিলে কেৱল খোৱা নিমখ নহয়, ৰসায়ন বিজ্ঞানত পঢ়াৰ দৰে অম্ল আৰু ক্ষাৰকৰ বিক্ৰিয়াত উৎপন্ন দ্ৰব্যক বুজোৱা হৈছে)। হাগনি, বমি, কিছুমান ঔষধ, অত্যাধিক গৰম, অনিয়ন্ত্ৰিত মধুমেহ ৰোগ, জুয়ে পোৰা আদি বহুতো কাৰণৰ শৰীৰৰ পানীভাগ ওলাই যাব পাৰে। সাধাৰণ অৱস্থাত প্ৰস্ৰাৱ, মল, ঘাম আদিত সদায় শৰীৰৰ পৰা কিছু পানী ওলাই যায়। কিন্তু পিয়াহ অনুভৱ কৰা লগে লগে আমি পানী বা আন জুলীয়া বস্তুৰে সেই অভাৱ পূৰণ কৰোঁ। জহকালি পিয়াহ বাঢ়ি যায় আৰু গতিকে আমি বেছি পৰিমাণৰ পানী গলাধঃকৰণ কৰোঁ। এইটো স্বাভাৱিক নিয়ম। পানী খোৱাৰ পৰিমাণ কমিলে/নাইকিয়া হ’লে আৰু পানী ওলাই গৈয়েই থাকিলে সেইটো অনিয়ম। শৰীৰত পানীৰ পৰিমাণ আৰু তাৰ লগতে প্ৰয়োজনীয় পদাৰ্থ ছ’ডিয়াম, পটাছিয়াম, বাইকাৰ্ব’নে’ট আদি কমি গ’লে সমস্যাৰ সৃষ্টি হয়। সোনকালে চিকিৎসা নকৰিলে নিৰ্জলীকৰণত জীৱনৰ টনাটনিও হ’ব পাৰে। বয়সীয়াল লোক, কেঁচুৱা, শিশু, খেলুৱৈ আদি নিৰ্জলীকৰণত ভোগাৰ সম্ভাৱনা বেছি (ক্ৰিকেটাৰসকলে গৰমত ঘামি-জামি শতক কৰাৰ পিছতে  ভৰিত খামুছি বহি পৰা নিশ্চয় লক্ষ্য কৰিছে)।

নিৰ্জলীকৰণত দেখা পোৱা উপসৰ্গসমূহে ব্যক্তিজনক সতৰ্ক কৰি দিয়ে যাতে তেওঁ তৰল বস্তু খায়। ইয়াত ভিতৰত পিয়াহ লগা, ছালৰ শুকান অৱস্থা, মুখগহ্বৰ শুকাই যোৱা, প্ৰস্ৰাৱ কমকৈ হোৱা, হালধীয়া প্ৰস্ৰাৱ, খুব ভাগৰ লগা, পেশী টানি ধৰা (Muscle Cramp), ঘন ঘন উশাহ, ঘন হৃদয়স্পন্দন আদি মুখ্য। সৰু ল’ৰা-ছোৱালীক নিৰ্জলীকৰণৰ বাবে পৰীক্ষা কৰোঁতে জিভাৰ শুকান অৱস্থা, চমু কোটৰত সোমোৱা, প্ৰস্ৰাৱৰ পৰিমাণ, চকুপানী আছেনে নাই, ছালৰ স্থিতিস্থাপকতা, খিংখিঙীয়া ভাৱ আদি লক্ষ্য কৰা হয়।

নিৰ্জলীকৰণ পুনৰ্জলীকৰণেৰে (rehydration) স্বাভাৱিক কৰা হয়। কম (Mild) আৰু মধ্যমীয়া (moderate) নিৰ্জলীকৰণ ঘৰতে ঠিক কৰিব পাৰি। শিশুৰ ক্ষেত্ৰত নিৰ্জলীকৰণৰ কাৰণ ভেদে দিবলগীয়া জুলীয়া পদাৰ্থৰ পৰিমাণ ভিন্ন হ’ব পাৰে আৰু এই পৰিমাণ নিৰ্ভুল হ’ব লাগিব। গতিকে ঘৰতে নিজে চিকিৎসা কৰাতকৈ চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। কম আৰু মধ্যমীয়া নিৰ্জলীকৰণৰ বাবে অ’ আৰু এছ (Oral rehydration salt) অমৃতস্বৰূপ। বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) অনুমোদিত এপেকেট অ’ আৰ এছ এক লিটাৰ বিশুদ্ধ পানীত মিহলাই লৈ ২৪ ঘণ্টাৰ ভিতৰত ব্যৱহাৰ কৰা উচিত। বেছি (Severe) নিৰ্জলীকৰণ হ’লে তেনে ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰোৱা উচিত। তেওঁলোকৰ চিকিৎসাৰ বাবে ৰিংগাৰ্ছ লেক্‌টে’ট (Ringer’s lactate, RL) ছ’ল্যুচন সিৰাত দিয়া হয়। কেফেইনযুক্ত পানীয় যেনে কফি, চাহ, চ’ডা আদিবোৰ একে ক্ষেত্ৰত পৰিহাৰ কৰাই শ্ৰেয়। যদি গৰমৰ বাবে নিৰ্জলীকৰণ হোৱা নাই তেন্তে উপযুক্ত ঔষধেৰে নিৰ্দিষ্ট কাৰণৰ চিকিৎসা কৰা উচিত। নিৰ্জলীকৰণ ঠিক নকৰিলে ই আন ৰোগৰ বিপদাশংকা বঢ়াব পাৰে।

সূৰ্য্যৰ লগত বেছিকৈ ফেপেৰি পাতিলে নিৰ্জলীকৰণৰ লগতে আগতে কোৱাৰ দৰে হিট্‌ চিন্‌কপি, হিট্‌ ষ্ট্ৰ’ক আদি ৰোগ হ’ব পাৰে। দেহৰ বিপাক ক্ৰিয়া(Metabolism), পেশীৰ সংকোচন-প্ৰসাৰণ আদিৰ জৰিয়তে এক নিৰ্দিষ্ট পৰিমাণৰ তাপ উৎপন্ন হয়। সঞ্চালন (conduction),  বাষ্পীভৱন (evaporation) আদিৰে সেই তাপ দেহৰ পৰা ওলাই যায়। মগজুৰ “হাইপ’থালামাছ” (hypothalamus) নামৰ অংশটোৱে আমাৰ দেহৰ তাপ নিয়ন্ত্ৰণ কৰে। ই শৰীৰৰ অভ্যন্তৰৰ তাপ (core body temperature ) ৩৭± ০.৫° চেল্‌চিয়াছ কৰি ৰাখে। এই উষ্ণতাত দেহৰ বিপাক ক্ৰিয়াবোৰ সুচাৰুভাৱে চলি থাকে। অত্যাধিক গৰম, কিছুমান সংক্ৰমণ, থাইৰ’ইডৰ ৰোগ আদিয়ে এই ছে’ট প‌ইণ্টটোত খেলিমেলি লগাই শৰীৰৰ অভ্যন্তৰৰ তাপমাত্ৰা বঢ়াই দিয়ে।
গৰম, আৰ্দ্ৰতাপূৰ্ণ দিনত বেছি পৰিশ্ৰম কৰিলে ‘হিট্‌ ক্ৰেম্প’ নামৰ মাংসপেশীৰ যন্ত্ৰণাদায়ক সংকোচন হ’ব পাৰে। এই অৱস্থাত শৰীৰৰ অভ্যন্তৰৰ তাপমাত্ৰাৰ খেলিমেলি নহয়। ব্যক্তিজনৰ পানীৰ লগতে লৱণৰ অভাৱ পূৰণ কৰিলে লাহে লাহে ভাল হৈ আহে।
গৰমত বেছি সময় থিয় হৈ থাকিলে বা কাম কৰিলে মানুহ মূৰ্চ্ছা যাব পাৰে। ইয়াক ‘হিট্‌ চিন্‌কপি’ বোলা হয়। এই অৱস্থাত ৰক্তচাপ আৰু হৃদয়স্পদনৰ গতি কমি যায়। ব্যক্তিজনক চেঁচা ঠাই এটুকুৰাত বিচনাত শুৱাই লৈ অলপ সময়ৰ বাবে ভৰি দুখন দাঙি দিব লাগে। ইয়াৰ লগতে নিৰ্জলীকৰণৰ চিকিৎসাও আৱশ্যক।

গৰম, আৰ্দ্ৰতাপূৰ্ণ বতৰত অতি বেছি পৰিশ্ৰম কৰোঁতে যদি পানী-লৱণৰ অভাৱ ঠিকমতে পূৰণ কৰা নহয় তেন্তে ‘হিট্‌ এক্‌জচ্চন’ নামৰ অৱস্থাই দেখা দিয়ে। শৰীৰৰ অভ্যন্তৰৰ তাপমাত্ৰা বঢ়ি যায়। তেওঁক গৰম ঠাইৰ পৰা আঁতৰাই গোতেই গাতে জলপটি দি চেঁচা কৰিব লাগে। ততালিকে পুনৰ্জলীকৰণ কৰা উচিত। সোনকালে চিকিৎসা নকৰিলে ই “হিট্‌ ষ্ট্ৰ’ক”ৰ পৰ্যায় পাব পাৰে।আমি স্বাভাৱিক অৱস্থাত ঘামৰ জৰিয়তে অতিমাত্ৰা তাপ এৰি দি নিজকে ঠাণ্ডা কৰি ৰাখোঁ। গৰম, আৰ্দ্ৰতাপূৰ্ণ ঠাই আৰু অতিমাত্ৰা পৰিশ্ৰমৰ সংযোগে শৰীৰৰ এনে চেঁচা হোৱা কৌশল বিকল হৈ পৰে আৰু অভ্যন্তৰৰ তাপ বিপজ্জনকভাৱে বাঢ়ি যায়। তেতিয়া মূৰৰ বিষ, বমিৰ ভাৱ, বমি, মূৰ ঘূৰণি, দিগ্‌ভ্ৰম, চট্‌ফটনি, বিভ্ৰান্তি, কঁপনি, শুকান ঘামবিহীন ছাল আদি লক্ষণৰ লগতে ব্যক্তিজন চেতনাহীন হ’ব পাৰে। ব্যক্তিজনক ততালিকে ঘৰৰ ভিতৰলৈ নি কাপোৰ-কানি খুলি দিব লাগে, ভৰি দুখন দাঙি দিব লাগে, গাত পানী ছটিয়াব লাগে, বিজুলীপাংখাৰে দেহ শীতল কৰিব লাগে আৰু কাষলতিৰ তল, কৰঙনৰ চুকত বৰফ দিব লাগে। এই কামখিনি কৰাৰ পাছত তেওঁক যিমান সোনকালে পাৰি চিকিৎসাললৈ নিয়াৰ ব্যৱস্থা কৰিব লাগে।

জহকালি ল’বলগীয়া সাৱধানতা

  • যথেষ্ট পৰিমাণৰ পানীয় খাওক। বাহিৰত কাম কৰোঁতে নিৰ্জলীকৰণৰ সম্ভৱনা বঢ়াব পৰা চাহ, কফি আদি পানীয় পৰিহাৰ কৰক।
  • পাতল ৰঙৰ অগধুৰ আৰু অলপ ঢিলা কাপোৰ পৰিধান কৰক।
  • ছাতি ব্যৱহাৰ কৰক (ল’ৰাক অৱশ্যে বাধ্য কৰোৱা টান!)
  • সম্ভৱ হ’লেই ছাঁ পৰা ঠাইত বিশ্ৰাম কৰক।
  • গৰম, আৰ্দ্ৰতাপূৰ্ণ দিনৰ ঘৰৰ বাহিৰত কঠোৰ শাৰীৰিক পৰিশ্ৰম পাৰ্যমানে এৰাই চলক।
ডা: গীতাৰ্থ বৰদলৈ
2.90909090909
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top