অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নিমখৰ নেপথ্য কথা :

 

ধনী-দুখীয়া সকলোৰে বাবে দৈনন্দিন জীৱনৰ এপদ অপৰিহাৰ্য সামগ্ৰী হৈছে নিমখ। নিমখবিহীন ৰন্ধন খাদ্যসামগ্ৰীৰ কথা আমি সপোনতো কল্পনা কৰিব নোৱাৰো।

কিয়নো ইয়াৰ মাজৰেই আমি লাভ কৰো(বিভিন্ন খাদ্য পদাৰ্থৰ) পৰিতৃপ্তিৰ পূৰ্ণ আস্বাদ। পৰিমিত ৰূপত শৰীৰৰ বাবেও ই অতি প্ৰয়োজনীয়। ইয়াৰ জৰিয়তে আমাৰ দেহৰ বহুখিনি কাম-কাজ পৰিচালিত হয়।

সেয়ে দেহৰ বাবে প্ৰয়োজনীয় এইবিধ সামগ্ৰী কম হ’লেও বিপদ আৰু বেছি হ’লে বিপদ। প্ৰয়োজনতকৈ কম কমেও দেহৰ নানা অথন্তৰ ঘটি মানুহ গুৰুতৰভাৱে ৰোগাক্ৰান্ত হ’ব পাৰে।

এক কথাত ক’বলৈ গ’লে যথোচিত মাত্ৰাত ই দেহৰ বাবে যিমান অত্যাৱশ্যকীয়, অনুচিত বা অপৰিমিত মাত্ৰাত সিমানেই অপকাৰী, খাদ্য বিশেষজ্ঞসকলে যাক ‘নীৰৱ ঘাতক’ বুলি চিহ্নিত কৰিছে।

নিমখৰ আৱশ্যকীয় পৰিমাণ -

পুষ্টি বিশেষজ্ঞসকলৰ মতে এজন প্ৰাপ্তবয়স্ক লোকক দিনে ৫ৰ পৰা ১০ গ্ৰাম(অৰ্থাৎ সৰু চামুচেৰে অতি বেছি দুচামুচ) পৰ্যন্ত নিমখৰ প্ৰয়োজন হয়। কিন্তু আমি প্ৰতিদিনে এই পৰিমিত পৰিমাণতকৈ বহু বেছি নিমখ বিভিন্ন খাদ্য দ্ৰব্যৰ মাজেৰে গ্ৰহণ কৰো, যিটো দেহৰ বাবে অত্যন্ত ক্ষতিকাৰক।

নিমখনো নাথাকে ক’ত?

প্ৰকৃতিয়ে আমাৰ দেহৰ বাবে লাগতিয়াল জৈৱ লৱণ বিভিন্নধৰণৰ শাক-পাচলি, ফল-মূল, পানী তথা অন্যান্য খাদ্যসামগ্ৰীৰ জৰিয়তে যোগানৰ ব্যৱস্থা কৰি থৈছে।

আনকি, গাখীৰ-চেনি আদিৰ মাজতো নিমখ নিহিত হৈ থাকে। সেয়ে আমি বিভিন্ন ৰন্ধন সামগ্ৰীৰ জৰিয়তে গ্ৰহণ কৰা কৃত্ৰিম নিমখৰ ক্ষেত্ৰত যথেষ্ট সজাগ হ’ব লাগে।

দোকানৰ বিভিন্ন মুখৰোচক সামগ্ৰীৰ জৰিয়তেও পৰ্যাপ্ত পৰিমাণৰ কৃত্ৰিম নিমখ আমি জ্ঞাতে অজ্ঞাতে গ্ৰহণ কৰো। সেয়ে প্ৰতিদিনে আমাৰ দেহত প্ৰায় মনাৱশ্যক আৰু অতিৰিক্তভাৱে কৃত্ৰিম নিমখৰ প্ৰৱেশ ঘটে। এই অতিৰিক্ত মাত্ৰাৰ নিমখৰ দ্বাৰা তলে তলে আমাৰ দেহৰ গুৰুত্বপূৰ্ণ বহু অংগ, বিশেষকৈ হৃৎপিণ্ড, বৃক্ক আদিৰ যথেষ্ট ক্ষতিসাধন হয়।

দেহৰ বাবে নিমখৰ অত্যাৱশ্যকতা -

দেহৰ বিভিন্ন কাম-কাজ সুচাৰুৰূপে পৰিচালনা কৰাত নিমখৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। ই শৰীৰত পানীৰ পৰিমাণ সঠিককৈ ৰাখে। ই তেজৰ অম্লতা আৰু খাৰুৱা গুণৰ সমতা ৰক্ষা কৰাৰ উপৰি প্ৰস্ৰাৱ আৰু পিত্তৰসৰ অম্লতা আৰু খাৰুৱা গুণৰ সমতা ৰক্ষা কৰাৰ ক্ষেত্ৰতো অনুৰূপ ভূমিকা গ্ৰহণ কৰে। ই সাধাৰণ মাংসপেশী আৰু হাৰ্টৰ পেশীৰ সংকোচন নিয়ন্ত্ৰণত সহায় কৰে। শৰীৰত নিমখৰ প্ৰয়োজনীয় পৰিমাণতকৈ কমি গ’লে উল্লিখিত কাম-কাজবোৰৰ বিজুতিৰ সৃষ্টি হোৱাৰ উপৰি তেজৰ স্বাভাৱিক চাপ নিয়ন্ত্ৰণত বাধাৰ সৃষ্টি হয়, শাৰীৰিক দুৰ্বলতাই দেখা দিয়ে, ৰক্তচাপ কমি যায়, দেহত পানীৰ অভাৱ ঘটে আৰু পাকস্থলীত প্ৰয়োজনীয় হাইড্ৰ’ক্লোৰিক এচিড উৎপাদনৰ ক্ষেত্ৰত থকা ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকা ব্যাহত হোৱাকে ধৰি দেহত নানা অথন্তৰৰ সৃষ্টি হয়।

নিমখৰ আধিক্য দেহৰ বাবে মাৰাত্মক -

আমি ব্যৱহাৰ কৰা কৃত্ৰিম নিমখ প্ৰকৃততে ছ’ডিয়াম ক্ল’ৰাইডহে। ইয়াক আমাৰ দেহে পোনপটীয়াভাৱে গ্ৰহণ কৰিব নোৱাৰে। সেয়ে দেহত জমা হোৱা অতিৰিক্ত নিমখ ঘাম আৰু প্ৰস্ৰাৱৰ জৰিয়তে বাহিৰলৈ ওলাই যায়। কিবা কাৰণত ঘাম কমকৈ ওলালে নাইবা প্ৰস্ৰাৱৰ পৰিমাণ কমি, অৱশিষ্ট অংশ ওলাই যাব নোৱাৰিলে দেহত নানাধৰণৰ বিসংগতি আৰু অসুখ-অথন্তৰৰ সৃষ্টি হয়। ইয়াৰ মাত্ৰাধিকতাত ৰক্তচাপ বৃদ্ধি হয়, বৃক্ক আক্ৰান্ত হয় আৰু হৃদৰোগৰ আশংকা বাঢ়ি যায়।

বেছিকৈ নিমখ খোৱা মানুহৰ পাকস্থলী আৰু অন্ত্ৰৰ কেন্সাৰ হোৱাৰ আশংকাও বাঢ়ি যায়। পুষ্টি বিজ্ঞানীসকলৰ মতে ইয়াৰ মাত্ৰা বেছি হ’লে প্লুৰিচি, নিউমোনিয়া, মূত্ৰ যন্ত্ৰ প্ৰদাহ, পাণ্ডুৰোগ, নেফ্ৰাইটিছ, শোথ, স্নায়ু দুৰ্বলতা, অস্থিৰতা আদিকে ধৰি এশ এটা ৰোগ হ’ব পাৰে। সেয়ে আমি নীৰৱ শত্ৰু নিমখ নিয়ন্ত্ৰিত কৰি নিজৰ লগতে পৰিয়াল পৰিজন বা স্মাজৰ সকলোৰে সুস্থতা সুনিশ্চিত কৰাটো নিতান্তই বাঞ্ছনীয়।

লেখক: ভুৱনেশ্বৰ ডেকা(দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 2/19/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate