অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

নিষিদ্ধ আহাৰ

 

 

ৰসায়ন শাস্ত্ৰ মতে দুটা বা তাতকৈ বেছি বস্তু গোট খুৱালে অনেক ক্ষেত্ৰত বসায়ন প্রক্রিয়াত প্রত্যেক বস্তুৰ নিজ নিজ গুণ গুচি যায় আৰু এটা নতুন গুণবিশিষ্ট বস্তুৰ সৃষ্টি হয়। ইয়াক ৰাসায়নিক বিক্রিয়া বোলা হয়।

উদাহৰণ স্বৰূপে এচিদত একৰকম গুণবিশিষ্ট আলকালি (Alkali) অইন প্রকাৰ গুণবিশিষ্ট দুয়োটাৰ সংমিশ্ৰণত লোণ আৰু পানীৰ সৃষ্টি হয়। চাউলৰ এটা গুণ, দাইলৰ এটা গুণ দুয়োটা গোট খুৱাই একেলগে ৰান্ধিলে অইন গুণবিশিষ্ট হয়। এইদৰে চূণ বগা, হালধি হালধীয়া, দুয়োটা মিহলালে ৰঙা হয়। দুয়োটাৰ গুণ বেলেগ থাকিলেও মিহলোৱাত অন্য ৰকমৰ গুণ হৈ পৰে।

আমাৰ খাদ্যৰ দুবিধ ভাল খোৱাবস্তুৰ সংযোজনত এটা অনিষ্টকৰ বস্তুৰ উদ্ভৱ হ’ব পাৰে। এনে সংযোগ-বিৰুদ্ধ আহাৰ কৰিলে নানা ৰকমৰ বেমাৰ হ’ব পাৰে। বিশেষকৈ তেজৰ ৰোগ আৰু ছালৰ কুষ্ঠ ৰোগৰ সম্ভাৱনা থাকে।

কিছুমান সাধাৰণ সংযোগ-বিৰুদ্ধ বস্তুৰ বিষয়ে তলত দিয়া হ’ল-

 

  • মাছ বা মাংস খাই এঁৱা গাখীৰ খোৱা ভাল নহয়।
  • পাৰ চৰাইৰ মাংস সৰিয়হৰ তেলত ভাজি খাব নালাগে।
  • দৈ গাখীৰ খায়েই গৰম পানী বা অন্য বেছি গৰম বস্তু খাব নালাগে।
  • খিচিৰিৰ লগত পৰমান্ন খাব নালাগে।
  • কাঁহৰ পাত্ৰত ২০ দিনমান ঘিউ থৈ সেই ঘিউ খাব নালাগে।
  • সমান ওজনৰ ঘিউ আৰু মৌ মিহলাই খাব নালাগে।
  • তাল আৰু কল একেলগে খোৱা উচিত নহয়। খালে ক্রিমিৰ উপদ্রৱ বেছি হয়।
  • খালী পেটত তাল খাই উঠি বেল খালে ক্ৰিমি বেছি হয়। গেষ্টিক আলচাৰ হ’ব পাৰে।
  • পিয়াজ দি কণী খাব নালাগে। বায়ু (gas) বেছি হয় আৰু প্ৰস্ৰাৱ বেছি হয়।
  • মৌ, মুৰী আৰু ঘিউ খাই উঠিয়েই পানী খালে আৰু পেট ভৰাই খোৱাৰ পাছত ঘিউ খালে পাইখানাত শাও (MUCOUS) পৰিব পাৰে।
  • সন্ধিয়া সময়ত আহাৰ খাব নালাগে। শৰীৰৰ বিশেষ ক্ষতি হয়।
  • এবাৰ ৰান্ধি, খোৱাবস্তু চেঁচা হ’লে বা বাহী হ'লে আকৌ গৰম কৰি খাব নালাগে।
  • নানাজাতীয় মাংস একেলগে মিহলাই ৰান্ধি খাব নালাগে।
  • বিভিন্ন প্রাণীৰ গাখীৰ একেলগে মিহলাই খাব নালাগে।

সকলোৱেই খাদ্যবস্তুৰ গুণাগুণৰ বিষয়ে কিছু কথা জনা দৰকাৰ। কেৱল ঔষধেই ৰোগ নিৰাময় নকৰে। গুণ থকা আহাৰহে খাব লাগে। সুস্থ মানুহ সদায় সবল হ’বলৈ, ৰুগীয়া মানুহে বেমাৰ-আজাৰৰ পৰা উপশম পাবলৈ খোৱাবস্তুৰ গুণাগুণ জনা দৰকাৰ। কু-পথ্য খালে ৰোগ ভাল হোৱাতকৈ বেছিহে হ'ব। সকলোৰে বাবে খাদ্য নির্বাচন বেলেগ বেলেগ। এজনৰ কাৰণে ভাল হোৱা পথ্য আনজনৰ বাবে বেয়াও হ’ব পাৰে। মানুহৰ স্বভাৱ প্রকৃতিৰ ওপৰতো খাদ্যৰ গুণাগুণ নিৰ্ভৰ কৰে।

উৎস: দৈনিক জনমভূমি।

3.10714285714
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top