অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নিৰোগী দাঁত সুস্বাস্থ্যৰ আধাৰ :

 

মানৱ দেহৰ এক অতি গুৰুত্বপূৰ্ণ অংগ হ’ল দাঁত। খাদ্য দাঁতেৰে চোবাই ভালদৰে গুড়ি কৰি, গিলি দিয়াৰ পিছত সেইবোৰ পেটলৈ গৈ হজম হয়। দাঁতবোৰ সুস্থ-সবল অৱস্থাত নাথাকিলে খাদ্য ভালদৰে চোবাব নোৱাৰি আৰু ইয়াৰ ফলত খোৱা খাদ্য ভালদৰে হজম নহয়। আনহাতে, যিসকল লোকৰ খাদ্য ভালদৰে হজম নহয়। আনহাতে, যিসকল লোকৰ খাদ্য ভালদৰে হজম নহয়, তেওঁলোক নানা ৰোগত ভোগে। তদুপৰি অপৰিষ্কাৰ আৰু জীৱাণুৰ সংক্ৰমণ হোৱা দাঁতৰ পৰাও কেতবোৰ সমস্যা উদ্ভৱ হয়।

দাঁতৰ যথোপযুক্ত যুক্ত নোলোৱাৰ ফলত অনেক আকৌ অকালতে দাঁত হেৰুৱাই যথেষ্ট আহুকালৰ সন্মুখীন হয়, এনে পৰিস্থিতিত কৃত্ৰিম দাঁত লগাই ল’ব পাৰি যদিও সেইবোৰ প্ৰকৃত দাঁতৰ সমান উপযোগী হ’ব নোৱাৰে। উল্লিখিত কথাখিনিয়ে ইয়াকে সূচায় যে সুস্বাস্থ্যৰ অধিকাৰী হ’বলৈ হ’লে শৰীৰৰ অন্যান্য অংগৰ লগতে দাঁতো নিৰোগী-সবল কৰি ৰখাটো অত্যন্ত জৰুৰী। এই লেখাটোত দাঁত ভালে ৰাখিবলৈ হ’লে পালন কৰিবলগীয়া নীতি-নিয়মবোৰৰ বিষয়ে উল্লেখ কৰা হ’ল।

দাঁত ভালে ৰখাৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল দাঁত পৰিষ্কাৰ কৰি ৰখাটো। ইয়াৰ বাবে প্ৰতিদিন দুবাৰকৈ দাঁত মাজিব বা ব্ৰাছ কৰিব লাগে। ৰাতি খোৱা-বোৱা কৰাৰ পিছত দাঁত ব্ৰাছ কৰাটো নিতান্তই আৱশ্যকীয়। ব্ৰাছ কৰোঁতে, প্ৰতিটো দাঁততেই যাতে ভালদৰে ব্ৰাছৰ ঘঁহনি খায়, তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। দাঁতৰ গুৰিলৈকে ঘঁহিব লাগে আৰু দুটা দাঁতৰ মাজৰ অংশখিনিতো ঘঁহি দিব লাগে। খুব জোৰে জোৰে দাঁত ব্ৰাছ কৰা আৰু টান-খহটা ব্ৰাছ ব্যৱহাৰ কৰা অনুচিত। তেনে কৰিলে দাঁত ক্ষতিগ্ৰস্ত হ’ব পাৰে আৰু দাঁতৰ আলুত আঘাত লাগিব পাৰে।

পুৱা আৰু ৰাতি দাঁত ব্ৰাছ কৰোঁতে দুডাল পৃথক ব্ৰাছ ব্যৱহাৰ কৰিব লাগে। একোডাল টুথব্ৰাছ তিনি মাহতকৈ বেছিদিন ব্যৱহাৰ কৰা উচিত নহয়। প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ভিন ভিন ব্ৰেণ্ড আৰু আৰ্হিৰ টুথব্ৰাছৰ উপযোগিতাও ভিন্ন ধৰণৰ হয় বুলি এতিয়ালৈকে কোনো প্ৰমাণ পোৱা হোৱা নাই।

টুথপেষ্টত থাকিবলগীয়া আটাইবোৰ উপাদান থকা টুথপেষ্টহে দাঁত ব্ৰাছ কৰোঁতে ব্যৱহাৰ কৰিব লাগে। বজাৰত কিনিবলৈ পোৱা, পৰীক্ষিত তথা বৈজ্ঞানিকভাৱে অনুমোদিত যিকোনো টুথপেষ্টৰে দাঁত ব্ৰাছ কৰিব পাৰি। মাজে মাজে বা প্ৰয়োজন সাপেক্ষে মাউথৱাশ্বেৰে কুল কুলি কৰা ভাল, কিন্তু মাউথৱাশ্ব দাঁত ব্ৰাছ কৰাৰ বিকল্প হ’ব নোৱাৰে। দিনটোত কেইবাবাৰো, বিশেষকৈ খাদ্য খোৱাৰ পিছত পৰিষ্কাৰ পানীৰে ভালদৰে মুখ ধুব লাগে। মুখ ধোওঁতে দাঁতৰ আলুত আঙুলিৰে ভালদৰে ঘঁহি দিব লাগে, তাৰ ফলত দাঁতৰ গুৰি টান হয় আৰু সহজে দাঁত সৰাৰ ভয় নাথাকে। মাজে মাজে কুহুমীয়া গৰম পানীত নিমখ মিহলাই, সেই পানীৰে কুলকুলি কৰিলে, দাঁতৰ বিষ-বেদনা হ’ব নোৱাৰে।

দাঁতৰ আলুত মাজে মাজে মিঠাতেল ঘঁহিব লাগে। কোনো গৰম বস্তু খোৱাৰ পিছতেই ঠাণ্ডা বস্তু খাব নালাগে, যেনে- চাহ নাইবা গৰম গাখীৰ খোৱাৰ পিছতেই ঠাণ্ডা পানী নাইবা অইন কিবা ঠাণ্ডা বস্তু খোৱা অনুচিত। মল-মূত্ৰ ত্যাগ কৰোঁতে দাঁত দুপাৰি চেপি ধৰিব, তাৰ ফলত দাঁতৰ গুৰি টান হয়। ধূমপান তথা ধপাত জাতীয় দ্ৰব্য সেৱনৰ পৰা বিৰত থাকিব লাগে, এইবোৰে দাঁতৰ ক্ষতি কৰাৰ লগতে দাঁত আৰু আলুৰ সন্ধিস্থানত পাথৰ হোৱাত সহায় কৰে।

ব্ৰাছ কৰোঁতে দাঁতৰ গুৰিৰ পৰা তেজ ওলোৱা, মুখৰ দুৰ্গন্ধ ওলোৱা, দাঁতৰ মাজত খাদ্য লাগি ধৰা, দাঁত লৰা আদি হ’ল দাঁতৰ ৰোগৰ সততে উদ্ভৱ হোৱা উপসৰ্গ। এনে উপসৰ্গই দেখা দিলে, সোনকালে দন্তৰোগ বিশেষজ্ঞৰ ওচৰ চাপিব লাগে। ইয়াৰ পৰিৱৰ্তে যদি এই উপসৰ্গবোৰক আওকাণ কৰা হয়, তেন্তে অকালতে দাঁত হেৰুৱাবলগীয়া হ’ব পাৰে।

দাঁত ৰোগাক্ৰান্ত হোৱাৰ এটা প্ৰধান কাৰণ -

দাঁত ৰোগাক্ৰান্ত হোৱাৰ এটা প্ৰধান কাৰণ হ’ল বেক্টেৰিয়াৰ সংক্ৰমণ। বেক্টেৰিয়াৰ সংক্ৰমণৰ ফলত দাঁত ক্ষতিগ্ৰস্ত হয়, যাক ‘ডেন্টেল কেভিটি’(Dental Cavity) বোলা হয়। বেক্টেৰিয়াৰ সংক্ৰমণৰ ফলত জিঞ্জিভাইটিছ(Gingivitis) নামৰ দাঁতৰ আলু ফুলা আৰু আলুৰ পৰা তেজ ওলোৱা ৰোগবিধো হয়। ইয়াৰ বাহিৰেও বেক্টেৰিয়াই মুখগহ্বৰত আন কেইবাবিধো ৰোগ সৃষ্টি কৰে।

দাঁতৰ ৰোগ নিৰাময় -

দাঁতত হোৱা বেক্টেৰিয়াৰ সংক্ৰমণ নিৰাময়ৰ বাবে দন্ত চিকিৎসকে এন্টিবায়োটিককে ধৰি কেতবোৰ ঔষধৰ বিধান দিয়ে, ইয়াৰ লগত চিকিৎসকে মাউথৱাশ্ব ব্যৱহাৰ কৰাৰ পৰামৰ্শও দিব পাৰে। কেভিটী ক্ষুদ্ৰ হ’লে, চিকিৎসকে ‘ডেন্টেল চিমেন্ট’ৰ সহায়ত সেয়া মেৰামতি কৰে। কিন্তু কেভিটীৰ আয়তন আপেক্ষিকভাৱে বেছি হ’লে, ‘ৰুট কেনেল ট্ৰিটমেন্ট’ আৰু ‘কেপ’ লগোৱাৰ জৰিয়তে সেই সমস্যা সমাধান কৰে।

দাঁতৰ ৰোগ নিৰাময় তথা দাঁত ভালে ৰখাৰ ক্ষেত্ৰত যোগ প্ৰণায়ামেও যথেষ্ট সহায় কৰিব পাৰে। বিশেষকৈ কপালভাতি প্ৰাণায়াম আৰু বিপৰীতকৰণী মুদ্ৰা(অৰ্ধ-সৰ্বাংগাসন, সৰ্বাংগাসন আৰু শীৰ্যাসন)ৰ অনুশীলন দাঁতৰ বাবে অত্যন্ত উপকাৰী। পুৱা বস্তিক্ৰিয়া কৰাৰ পিছত উল্লিখিত প্ৰাণায়াম আৰু মুদ্ৰাৰ অনুশীলন কৰাটো অধিক ফলপ্ৰসূ। অৱশ্যে শীৰ্যাসন কৰাৰ ক্ষেত্ৰত কিছু বাধা নিষেধ আছে, সেয়েহে যোগ বিশেষজ্ঞৰ সৈতে আলোচনা নকৰাকৈ, এই আসন কৰা উচিত নহয়। দাঁত পৰিষ্কাৰ হৈ নাথাকিলে, যোগ প্ৰাণায়াম কৰিও বৰ বেছি সুফল পোৱা নাযায়। গতিকে দাঁত ভালে ৰখাৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব দিবলগীয়া কথাটো হ’ল দাঁতৰ নিয়মিত পৰিষ্কাৰকৰণ।

দাঁতৰ ক্ষেত্ৰত দেখা দিয়া আন এটা সমস্যা হ’ল দাঁত আৰু আলুৰ সন্ধিস্থলত পাথৰ(Calculus) বা শিকৰ(Tartar) উৎপত্তি হোৱাটো দাঁত নিয়মিতভাৱে নঘঁহিলে অথবা ধপাত জাতীয় দ্ৰব্য, পাণ আদি খালে দাঁতত পাথৰ হ’ব পাৰে। পাথৰ হ’লে দাঁতৰ আলু ক্ষতিগ্ৰস্ত হয়, ইয়াৰ ফলত আলু ফুলে আৰু তেজ ওলায়। দন্ত চিকিৎসকে স্কেলিং(Scaling) আৰু ৰুট প্লেনিং(Root Planning) পদ্ধতিৰে দাঁতত হোৱা পাথৰ বা শিকৰ আঁতৰাই এই সমস্যা নিৰাময় কৰে।

অনেকে দাঁতৰ সংক্ৰমণ তথা বিষ নিৰাময়ৰ বাবে ঘৰতে পাব পৰা কেতবোৰ দ্ৰব্য ব্যৱহাৰ কৰে। এনে দ্ৰব্য ব্যৱহাৰ কৰি অলপ সকাহ পোৱা যায় যদিও এইক্ষেত্ৰত সতৰ্ক হোৱা উচিত। কাৰণ এনে কেতবোৰ দ্ৰব্য ব্যৱহাৰ কৰাৰ ফলত লাভতকৈ লোকচান বেছি হয়।

উদাহৰণস্বৰূপে, লঙে দাঁতৰ বিষ কিছু পৰিমাণে হ্ৰাস কৰে যদিও ই দাঁতৰ আলু আৰু মুখগহ্বৰৰ কলাৰ ক্ষতি সাধন কৰে। এটা কথা আমি মনত ৰখা উচিত যে দাঁতৰ সমস্যাৰ পৰা সাময়িক সকাহ লাভৰ বাবে আমি ঘৰুৱাভাৱে কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰো যদিও সোনকালে দন্ত চিকিৎসকৰ ওচৰ চপাটোহে অধিক গুৰুত্বপূৰ্ণ।

দন্ত চিকিৎসকে দাঁতৰ ৰোগ নিৰাময় কৰাৰ উপৰি উচলা দাঁত, সামঞ্জস্যহীন বা সঠিক অৱস্থানত নথকা দাঁত, দাঁতৰ মাজত ফাক থকা, হাঁহোতে দাঁতৰ আলু ওলোৱা, দাঁত সৰা প্ৰভৃতি সমস্যাও উন্নত কৌশল আৰু অতি উপযোগী উপাদানৰ সহায়ত বহুলাংশে লাঘৱ কৰিব পাৰে।

লেখক: অমল ভাগৱতী(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

শেহতীয়া উন্নীতকৰণ: : 11/28/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate