মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / নিৰামিষ আহাৰ সু-স্বাস্থ্যৰ আধাৰ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

নিৰামিষ আহাৰ সু-স্বাস্থ্যৰ আধাৰ :

নিৰামিষ আহাৰ সু-স্বাস্থ্যৰ আধাৰৰ বিষয়ে লিখা হৈছে ।

 

সু-স্বাস্থ্য মানুহৰ জীৱনৰ পৰম সম্পদ। কিয়নো, সু-স্বাস্থ্য অবিহনে মানুহে সফল বা সাৰ্থক জীৱন লাভ কৰিব নোৱাৰে। প্ৰকৃততে, মানুহে নিজৰ সু-স্বাস্থ্য অৰ্জন কৰি ল’ব লাগে আৰু সু-স্বাস্থ্য অৰ্জন কৰিবলৈ হ’লে মানুহৰ স্বাস্থ্য সচেতনতাৰ প্ৰয়োজন। স্বাস্থ্য সচেতনতা মানে হৈছে- মানুহৰ স্বাস্থ্য ৰক্ষাত যিবোৰ কাৰকে প্ৰভাৱ পেলায়, সেই কাৰকসমূহৰ বিষয়ে বিজ্ঞানসন্মতভাৱে অৰ্থাৎ বহলভাৱে জ্ঞান আহৰণ কৰাই হৈছে স্বাস্থ্য সচেতনতা।

অৱশ্যে মানুহে আহৰণ কৰা স্বাস্থ্য জ্ঞান বাস্তৱ জীৱনত প্ৰয়োগ কৰিলেহে সু-স্বাস্থ্য লাভ কৰাটো সম্ভৱ হৈ উঠে। প্ৰকৃততে মানুহে এদিনত বা হঠাৎ সু-স্বাস্থ্য অৰ্জন কৰিব নোৱাৰে। সু-স্বাস্থ্য লাভ কৰা হয় মানুহৰ জীৱন ধাৰণ পদ্ধতিৰ জৰিয়তে। জীৱন ধাৰণ পদ্ধতি বুলিলে মানুহে গ্ৰহণ কৰা খাদ্যাভ্যাস, চিন্তা-চৰ্চা, শাৰীৰিক পৰিশ্ৰম, জিৰণি আৰু নিদ্ৰা, পৰিষ্কাৰ-পৰিচ্ছন্নতা মানি চলা ইত্যাদি বিষয়সমূহকে সামৰি লোৱা হয়।

মানুহৰ জীৱন ধাৰণৰ মূল আহিলাবিধেই হ’ল খাদ্য। কিয়নো, খাদ্য অবিহনে জীয়াই থকাটো অসম্ভৱ আৰু খাদ্য গ্ৰহণ প্ৰক্ৰিয়াতে সু-স্বাস্থ্যৰ সঞ্জীৱনী মন্ত্ৰ নিহিত হৈ থাকে। মানুহৰ শাৰীৰৰ গঠন, বৃদ্ধি আৰু বিকাশৰ বাবে ছয় প্ৰকাৰৰ খাদ্যৰ প্ৰয়োজন, যেনে- প্ৰটিন জাতীয়, কাৰ্বহাইড্ৰেট জাতীয়, স্নেহজাতীয়, খনিজ লৱণ বা ধাতৱ মৌল, ভিটামিন আৰু পানী।

প্ৰকৃততে মানুহৰ খাদ্য গ্ৰহণ এক প্ৰাকৃতিক প্ৰক্ৰিয়া আৰু প্ৰকৃতিৰ হৈ উদ্ভিদ জগতে আমাৰ প্ৰয়োজনীয় খাদ্য যোগান ধৰে। আমাৰ প্ৰয়োজনীয় আটাইবোৰ উপাদানেই উদ্ভিদ আৰু কৃষিজাত শস্যত পোৱা যায়। উদাহৰণস্বৰূপে আমাৰ দেহ গঠনৰ বাবে আৱশ্যকীয় উপাদান প্ৰটিন বিভিন্ন মাহজাতীয় শস্য যেনে- বীন, উৰহী, মচুৰ দাইল, মাটিমাহ, মগু মাহ, চয়াবিন আদিত যথেষ্ট পৰিমাণে পোৱা যায়।

তেনেদৰে শৰীৰৰ বাবে শক্তি যোগানকাৰী উপাদান কাৰ্বহাইড্ৰেটৰ উৎস হৈছে- চাউল, ঘেঁহুৰ, আলু ইত্যাদি। আনহাতে আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় স্নেহ পদাৰ্থ পোৱা যায়- সৰিয়হ, বাদাম, নাৰিকল আদিত। তেনেদৰে প্ৰয়োজনীয় খনিজ লৱণ আৰু ভিটামিন বিভিন্ন শাক-পাচলি আৰু ফলমূলত পোৱা যায়। মন কৰিবলগা কথা যে ঋতুভেদে আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় পুষ্টিদ্ৰব্য আৰু কেলৰিৰ কিছু তাৰতম্যৰ প্ৰতি লক্ষ্য ৰাখিয়েই প্ৰকৃতিয়েও বিভিন্ন ঋতুত ভিন ভিন শাক-পাচলিৰ লগতে ফলমূল উৎপাদনৰ পৰিৱেশ সৃষ্টি কৰে। উদাহৰণস্বৰূপে শীত ঋতুত শীতৰ পৰা ৰক্ষা পাবলৈ শৰীৰে অধিক পৰিমাণৰ শক্তি ব্যৱহাৰ কৰিব লগা হয় বাবে আমাৰ অতিৰিক্ত কেলৰিৰ প্ৰয়োজন হয়।

অতিৰিক্ত কেলৰি আহৰণৰ বাবে আমাৰ পৰিপাক প্ৰণালী বেছি সক্ৰিয় হৈ উঠে আৰু আমাৰ ভোক বৃদ্ধি পায়। প্ৰকৃতিয়েও আমাৰ এই প্ৰয়োজনৰ প্ৰতি নজৰ ৰাখি শীতকালত উৎপাদিত শাক-পাচলি যেনে- কবি, মূলা, গাজৰ, তিয়ঁহ, লাও, পালেং, খুতুৰা ইত্যাদিৰ লগতে বিভিন্ন ফলমূল যেনে- কমলা, কল, জলফাই, বগৰী, আমলখি আদি যথেষ্ট পুষ্টিদ্ৰব্য সমৃদ্ধ কৰি তোলে।

আমাৰ প্ৰয়োজনীয় খাদ্যৰ আটাইবোৰ উপাদানেই উদ্ভিদ জগতৰ পৰা পাওঁ যদিও বেছিভাগ মানুহে প্ৰাণীজাত খাদ্য যেনে- মাংস, মাছ, কণী আদিৰ প্ৰতি আকৰ্ষিত হৈ নিয়মীয়াকৈ গ্ৰহণ কৰে। প্ৰাণীজাত খাদ্য মানেই মূলতঃ প্ৰটিন জাতীয় খাদ্য। স্বাস্থ্য বিজ্ঞানীসকলৰ মতে মানুহৰ শৰীৰৰ গঠনত উদ্ভিদজাত প্ৰটিন আৰু প্ৰাণীজাত প্ৰটিনৰ ভূমিকাৰ মাজত কিছু পাৰ্থক্য আছে।

মানুহে বহু বছৰ পূৰ্বৰে পৰা প্ৰাণীজাত খাদ্য গ্ৰহণৰ অভ্যাস গঢ়ি তোলা বাবেহে ইয়াক আধুনিক যুগৰ মানুহে খাদ্য হিচাপে ব্যৱহাৰ কৰাটো সম্ভৱ হৈছে যদিও মানুহৰ শৰীৰৰ বাবে বেছি উপযোগী। প্ৰাণীজাত বা আমিষ আহাৰতকৈ নিৰামিষ আহাৰ স্নিগ্ধ, সু-স্বাদু আৰু অধিক ৰসযুক্ত। নিৰামিষ আহাৰে মানুহৰ মনৰ পৰা খং-ৰাগ, হিংসা আৰু কাম-উত্তেজনা দমন কৰি মানৱীয় গুণসমূহৰ বিকাশ সাধন কৰি মানুহৰ এক স্বাস্থ্যোজ্জ্বল ভাবমূৰ্তি প্ৰদান কৰে। নিৰামিষ আহাৰ গ্ৰহণ কৰিলে শৰীৰ দূষিত নোহোৱাকৈ থাকে।

কিয়নো, নিৰামিষ আহাৰৰ আঁহযুক্ত উপাদান আৰু ৰসে কোষ্ঠকাঠিন্য দূৰ কৰাৰ লগতে শৰীৰৰ বিপাকীয় কাৰ্যৰ ফলত উৎপন্ন হোৱা দূষিত পদাৰ্থ বাহিৰ কৰি দিয়াত সহায় কৰে। আনহাতে, নিৰামিষ আহাৰ সহজ পাচ্য হোৱা বাবে ইয়াৰ উপাদানসমূহ শৰীৰে সহজে আহৰণ কৰিব পাৰে। স্বাস্থ্য বিজ্ঞানীসকলৰ মতে নিৰামিষ আহাৰ গ্ৰহণ কৰিলে শৰীৰ কাৰ্যত বিসংগতি ঘটাৰ সম্ভাৱনা কমি যায়। সেয়ে, আমি স্থানীয়ভাৱে উৎপাদন হোৱা বিভিন্ন শাক-পাচলিৰ লগতে বতৰৰ ফলমূল নিয়মীয়াকৈ খোৱা উচিত।

লেখক: গোপেশ মজুমদাৰ(ৰাইজৰ বাতৰি)

3.28571428571
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top