অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

নিৰামিষ ভোজন

নিৰামিষ ভোজনৰ উপকাৰিতাৰ বিষয়ে লিখা হৈছে

সমগ্ৰ বিশ্বতে আহাৰ গ্ৰহণকাৰীক দুটা ভাগত বিভক্ত কৰিব পাৰি- আমিষভোজী আৰু নিৰামিষভোজী। নিৰামিষভোজীৰ ইংৰাজী শব্দ হ’ল- vegetarian আৰু ১৯৪৭ চনত এই শব্দটো প্ৰয়োগ কৰিছিল ইউৰোপৰ The Vegetarian Society of United Kingdom-এ। আমি ভবাৰ দৰে এই শব্দটো vegetableৰ পৰা অহা নাই। শব্দটো আহিছে লেটিন ভাষাৰপৰাহে।

ইতিহাসৰ পাত লুটিয়াই চালে দেখা যায় যে বহু দাৰ্শনিক আৰু ধৰ্মপ্ৰাণ ব্যক্তিয়ে মাংস গ্ৰহণ বাদ দিছিল আৰু এনে ব্যক্তিসকলেই হ’ল vegetarian। অৰ্থাৎ নিৰামিষভোজী।

সাধাৰণতে নিৰামিষভোজীক আকৌ কেইবাটাও ভাগত বিভক্ত কৰিব পাৰি- ভেগানছ(Vegans), লেক্ট’ ভেজিটেৰিয়ানছ(Lacto Vegetarians), অভ’-ভেজিটেৰিয়ানছ(Ovo-vegetarians) আৰু লেক্ট’-অভ’-ভেজিটেৰিয়ানছ(Lacto-ovo-vegetarians)। ভেগানসকল সম্পূৰ্ণ নিৰামিষভোজী। তেওঁলোকে কোনো প্ৰাণীৰ মাংস অথবা মাংসৰে উৎপাদিত খাদ্য গ্ৰহণ নকৰে। লেক্ট’ভেজিটেৰিয়ানসকলে কেৱল গাখীৰ আৰু গাখীৰৰপৰা উৎপাদিত খাদ্যহে খায়। অভ’ভেজিটেৰিয়ানে কণী খায়। আনহাতে, লেক্ট’-অভ’-ভেজিটেৰিয়ানে অকল মাছহে খায়।

বহুতে ভবাৰ দৰে নিৰামিষভোজীয়ে মাংস গ্ৰহণ নকৰে বাবেই প্ৰ’টিনৰ অভাৱত ভোগে- কথাষাৰ সঁচা নহয়। মাংসত উপলব্ধ প্ৰ’টিনৰ দৰে সেউজীয়া শাক-পাচলিৰপৰাও একে পৰিমাণৰ প্ৰ’টিন পোৱা যায়। গৱেষকে গৱেষণাত পাইছে যে গাখীৰত উপলব্ধ প্ৰ’টিন সেউজীয়া শাক-পাচলিত কোনোগুণে কম নহয়। সেইদৰে ছয়াবিন, বাদাম আদিতো যথেষ্ট প্ৰ’টিন পোৱা যায়।

মাংস সৰহকৈ খালে দেহত বিষাক্ত পদাৰ্থৰ সৃষ্টি হয় আৰু এই বিষাক্ত পদাৰ্থ নিয়মিতভাৱে দেহৰপৰা নিৰ্গত নহ’লে গা-মন ভাল নালাগে।

গৱেষকৰ মতে, শাক-পাচলি, ফল-মূল, বাদাম, সম্পূৰ্ণ দানা, মটৰ, বিন আদিৰ প্ৰ’টিন তুলনামূলকভাৱে মাংসতকৈ কম। সেইদৰে চৰ্বিৰ পৰিমাণো কম বাবে ৰক্তৰ ক’লেষ্টেৰ’লৰ পৰিমাণ নিম্নভাগত থাকে আৰু এনে খাদ্যই হৃদযন্ত্ৰৰ বিভিন্ন ৰোগ, আনকি হাঁওফাঁওৰ কেন্সাৰ আৰু স্তন কেন্সাৰৰ আশংকা হ্ৰাস কৰে। তৃতীয়বিধ উপকাৰী পুষ্টিদ্ৰব্য হ’ল- নিৰামিষ ভোজনত উপলব্ধ উচ্চ মানবিশিষ্ট আঁহযুক্ত পদাৰ্থ, যিয়ে পৰিপাক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি কোষ্ঠকাঠিন্যত ভোগা ৰোগীক আৰোগ্য কৰে। ফলত বহু ৰোগৰপৰা নিৰাপদে থাকে।

নিৰামিষভোজীৰ ভোজন প্ৰকৃততে বিজ্ঞানসন্মত প্ৰক্ৰিয়াৰে চলে। দৈহিক, মানসিক আৰু আধ্যাত্মিক বিকাশৰ বাবে নিয়মিত ভোজন অতি প্ৰয়োজন। দেখা গৈছে যে বহু ভাৰতীয় সাঁতোৰবিদ, খেলুৱৈ, মল্লযোদ্ধা নিৰামিষভোজী।

১৯৯৪ চনত British Medical Journal-ত প্ৰকাশিত তথ্যানুসৰি নিৰামিষভোজীৰ ৪০ শতাংশতকৈ কম সংখ্যক লোকেহে কেন্সাৰ ৰোগত আক্ৰান্ত হয়। সেইদৰে হাৰ্টৰ ৰোগতো ভোগা ৰোগীৰ সংখ্যা কম। দেহৰ ৰক্তৰ ক’লেষ্টেৰ’লৰ পৰিমাণো নিম্নস্তৰত ৰয়।

আন এদল গৱেষকৰ মতে, নিৰামিষভোজীৰ কমসংখ্যকেহে কেতিয়াবা গলব্লাডাৰ ষ্টোন আৰু ভাৰ্টিকুলাৰ(Verticular) ৰোগত আক্ৰান্ত হয়। অৱশ্যে সকলো নিৰামিষভোজীয়ে হৃদবাহিকা ৰোগ(Coronary heart disease)ৰ পৰা যে বাচি থাকে, সেয়াও নহয়। আন এটা তথ্য মতে, বৃটেইনত থকা এছিয়া মহাদেশৰ নিৰামিষভোজীৰ লোক হাৰ্টৰ ৰোগত কম পৰিমাণেহে ভোগে।

বিশেষজ্ঞৰ মতে, নিৰামিষ ভোজন সুস্বাস্থ্যৰ বাবে অতি উত্তম। কিন্তু আমি কিমানজনে আমিষ ভোজনৰ প্ৰতি লালায়িত নোহোৱাকৈ থাকো?

লেখক: ড° পবিত্ৰ কুমাৰ পাটোৱাৰী(দৈনিক অসম)

3.13043478261
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top