অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

নেত্ৰদান

নেত্ৰদানৰ বিষয়ে লিখা হৈছেঃ

 

কৰ্নিয়াৰ অন্ধতা কি?

কৰ্নিয়া হ’ল মানুহৰ চকুৰ ওপৰত থকা এখন জলজলীয়া ছাল।সাধাৰণতে চকুৰ ওপৰত দেখা ক’লা বা তাম বৰণীয়া ছালখনেই কৰ্নিয়া।কৰ্নিয়াৰ মাজেৰেই পোহৰ চকুত সোমায়।ইয়াৰ পিচতহে পোহৰ লেন্সৰ মাজেৰে গৈ ৰেটিনাত পৰি বস্তু দৃষ্টিমান কৰে।কিন্তু ভিটামিন ‘এ’ৰ অভাৱত হোৱা কৰ্নিয়াৰ ঘা,চকুত আঘাত পোৱা,কৰ্নিয়াৰ সংক্ৰমণ বা ঘা,কৰ্নিয়াৰ দুৰৱস্থাৰ বাবে কৰ্নিয়াখন অস্বছ হৈ পৰে আৰু তেতিয়াই কৰ্নিয়াৰ মাজেৰে পোহৰ চকুত সোমাব নোৱাৰে আৰু এজন ব্যক্তি দৃষ্টিহীন হৈ পৰিব পৰে।দৰিদ্ৰতা আৰু অজ্ঞানতাই কৰ্নিয়াৰ অন্ধতাৰ মুখ্য কাৰণ।

নেত্ৰদান কি ?

বহুতেই ভাবে যে নেত্ৰদান ব্যৱস্থাত চিকিৎসকে কোনো ব্যক্তিয়ে দান কৰা চকুটো উঠাই আনি,দৃষ্টিহীন এজনৰ বেয়া চকুটো আঁতৰাই তাৰ ঠাইত ভাল চকুটো স্থাপন কৰে।দৰাচলতে ই সত্য নহয়।এই ব্যৱস্থাত এজন ব্যক্তিয়ে দান কৰা চকুটোৰ কৰ্নিয়াখন উঠাই আনি তাক পৰীক্ষা কৰা হয়।যদিহে কৰ্নিয়াখন ব্যৱহাৰৰ উপযুক্ত হয়,তেন্তে কৰ্নিয়াৰ বেমাৰৰ বাবে অন্ধ হোৱা ব্যক্তিৰ কৰ্নিয়াখন আঁতৰাই তাত নতুন কৰ্নিয়াখন স্থাপন কৰা হয়।১৯০৩ চনত চেক’শ্লোভিয়া গণৰাজ্যত ‘জিৰম’নামৰ চিকিৎসকজনে পোন প্ৰথমবাৰৰ বাবে ক্ষাৰে পুৰি কৰ্নিয়াৰ ঘা কৰি অন্ধ হোৱা এজন ব্যক্তিৰ চকুত নেত্ৰদানৰ পৰা সংগৃহীত কৰ্নিয়া সংৰোপন কৰিছিল আৰু অন্ধ ব্যক্তিজনে কৰ্নিয়া সংৰোপন কৰাৰ পিচত সম্পুৰ্ণভাৱে দৃষ্টিশক্তি ঘুৰাই পাইছিল।ইয়াৰ পিচৰে পৰাই নেত্ৰদান আৰু কৰ্নিয়াৰ সংৰোপণে বহুল চৰ্চা লাভ কৰে।কোনো ব্যক্তিয়ে দান কৰা চকুৰ কৰ্নিয়া সংগ্ৰহ কৰি সংৰোপণৰ বাবে সংৰক্ষণ কৰা আদি কামৰ বাবে ১৯৪৪ চনত নিউয়ৰ্ক চহৰত বিশ্বৰ প্ৰথম নেত্ৰবেংক স্থাপন হৈছিল।ভাৰতবৰ্ষত প্ৰথম নেত্ৰবেংক স্থাপন হৈছিল ১৯৪৫ চনত তেতিয়াৰ মাদ্ৰাজ চহৰ আৰু আজিৰ চেন্নাই চহৰত।অসমৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়,শংকৰ নেত্ৰালয় আৰু অসম চিকিৎসা মহাবিদ্যালয়,ডিব্ৰুগড়ত নেত্ৰবেংক আছে।

কোনে কৰিব নোৱাৰে:

এইচ আই ভি অথবা এইডছ আক্ৰান্ত ব্যক্তি।

হেপাটাইটিছ ‘বি’অথবা হেপাটাইটিছ ‘চি’ত আক্ৰান্ত ব্যক্তি।

ছিফিলিছ,কেন্সাৰ,গ্লুক’মা থকা ব্যক্তি।

নেত্ৰদান ইচ্ছাপত্ৰ কৰিলেও কিছুমান নিৰ্দিষ্ট কাৰণত এজন মৃত ব্যক্তিৰ নেত্ৰ সংগ্ৰহ কৰিব নোৱাৰে।সেইবোৰ হ’ল-কোনো নিৰ্দিষ্টকে ক’ব নোৱৰা কাৰণত মৃত ব্যক্তি,জলাত্ংক ,টিটেনাছ,চেপ্টিচেমিয়া ,মেনিনজাইটিছ আৰু এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা ব্যক্তি।

ৰক্ত কেন্সাৰত মৃত ব্যক্তি।

কোনে কৰিব পাৰে :

পাঁচ বছৰৰ ওপৰৰ যিকোনো ব্যক্তিয়ে মৃত্যুৰ পিচত নেত্ৰদান কৰিব পাৰে।তাৰবাবে ইচ্ছাপত্ৰও কৰিব পাৰে।কিন্তু দহৰ পৰা পোন্ধৰ বছৰ বয়সৰ দাতা উৎকৃষ্ট।

দৃষ্টিশক্তিৰ বাবে চছমা পিন্ধিলেও ব্যক্তিয়ে নেত্ৰদান কৰিব পাৰে।

উচ্চ ৰক্তচাপ আৰু এজমা আদি ৰোগ থাকিলেও ব্যক্তি এজনে নেত্ৰদান কৰিব পাৰে।

নেত্ৰদানৰ ইচ্ছাপত্ৰ কি?

নেত্ৰদানৰ ইচ্ছাপত্ৰ হ’ল এখন চুক্তিপত্ৰ,য’ত ব্যক্তি এজনে জীৱিত কালত তেওঁৰ নেত্ৰদানৰ প্ৰতি থকা ইচ্ছা লিখিতভাৱে দিয়ে।তেওঁৰ মৃত্যুৰ পিচত চকুযুৰি সংগ্ৰহৰ আৰু সংৰোপণৰ পুৰ্ণ কৰ্তৃত্ব নেত্ৰবেংকক দিয়ে।নেত্ৰদান কৰিবলৈ ইচ্ছা কৰা যিকোনো ব্যক্তিয়ে নেত্ৰবেংকলৈ গৈ এনে ইচ্ছাপত্ৰ কৰিব পাৰে।সাধাৰণতে নেত্ৰদান কৰিব বিচৰা ব্যক্তিয়ে তেওঁৰ এই মহান ইচ্ছাৰ কথা পৰিয়ালৰ লোকক অৱগত কৰা উচিত।তেনে কৰিলে ব্যক্তিজনৰ মৃত্যুৰ পিচতে আত্মীয়ই নেত্ৰবেংকক খবৰ দিয়াত সহজ হয়।সেয়েহে নেত্ৰদানৰ ইচ্ছাপত্ৰ কৰিলে ইয়াৰ কথা পৰিয়াল অথবা আত্মীয় লোকক জনাই থোৱা উচিত।

নেত্ৰদানৰ বিষয়ে কিছু জানিবলগীয়া কথা

দান কৰা নেত্ৰ মাথোঁ ব্যক্তিজনৰ মৃত্যুৰ পিচতহে সংগ্ৰহ কৰিব পাৰি।

নেত্ৰদান ইচ্ছাপত্ৰ ওচৰৰ যিকোনো নেত্ৰবেংকতে কৰিব পাৰি।যিকোনো নেত্ৰবেংকত ইচ্ছাপত্ৰ কৰিলেও,ওচৰৰ নেত্ৰবেংকত খবৰ দিলেই,মৃত্যুৰ পিচত নেত্ৰ সংগ্ৰহ কৰে।

কোনো পৰিস্থিতিতে,নেত্ৰবেংকৰ কৰ্মচাৰীয়ে নেত্ৰ সংগ্ৰহ কৰা অথবা ইচ্ছাপত্ৰ কৰিব বিচৰা ব্যক্তিক ওভতাই পঠাব নোৱাৰে।

জীৱিত ব্যক্তিৰ পৰা কেতিয়াও নেত্ৰ সংগ্ৰহ কৰিব নোৱাৰি।

যদি এজন মৃত ব্যক্তিয়ে,তেওঁৰ জীৱিত কালত কেতিয়াও নেত্ৰদানৰ বিপক্ষে মতপোষণ কৰা নাছিল,তেন্তে তেনে ব্যক্তিৰ নেত্ৰ ব্যক্তিজনৰ মৃত্যুৰ পিচত তেওঁৰ আত্মীয়ই দান কৰিব পাৰে।লাগিলে তেওঁ ইচ্ছাপত্ৰ কৰক বা নকৰক।

দান কৰা নেত্ৰ কেতিয়াও বেচা-কিনা নহয়।

নেত্ৰ সংগ্ৰহ কেনেকৈ কৰে?

নেত্ৰদান ইচ্ছাপত্ৰ কৰা ব্যক্তিৰ মৃত্যু হ’লে,তেওঁৰ আত্মীয়ই ওচৰৰ নেত্ৰবেংকক খবৰ দিয়ে।নেত্ৰবেংকৰ বিষয়া,মৃত ব্যক্তিজনৰ ওচৰলৈ গৈ ব্যক্তিজনৰ মৃত্যুৰ প্ৰমাণপত্ৰ পৰীক্ষা কৰি আত্মীয়ৰ পৰা আইন অনুযায়ী সন্মতি লয়।যদিহে নেত্ৰ সংগ্ৰহ কৰিব নোৱৰা কোনো কাৰণ নাথাকে,তেন্তে শীতকালত মৃত্যুৰ ছঘণ্টাৰ ভিতৰত আৰু গ্ৰীষ্মকালত মৃত্যুৰ চাৰি ঘণ্টাৰ ভিতৰত চকুৰ কৰ্নিয়া সংগ্ৰহ কৰিব লাগে।দাতাৰ বয়স,লিংগ,মৃত্যুৰ কাৰণ,মৃত্যুৰ তাৰিখ আৰু সময় লিপিবদ্ধ কৰি বিজ্ঞানসন্মতভাৱে চকুৰ কৰ্নিয়া দুখন সংগ্ৰহ কৰা হয়।দাতাৰ পৰিয়ালক এখন প্ৰমাণপত্ৰ দিয়া হয়।এই গোটেই প্ৰক্ৰিয়াটোত মাত্ৰ আধা ঘণ্টামানহে লাগে।দাতাজনৰ সম্পুৰ্ণ চকু দুটা অথবা কেৱল কৰ্নিয়া দুখন সংগ্ৰহ কৰি বাকীখিনি চকুৰ কোটৰত এৰি,সুন্দৰভাৱে চিলাই কৰি দিয়া হয়।সাধাৰণতে বহল মুখৰ পাত্ৰত সংগ্ৰহ কৰি তাক নেত্ৰবেংকত সংৰক্ষিত কৰা হয়।Moist Chamber  পদ্ধতিত ৩৬ ঘণ্টা, Sulphate পদ্ধতিত ১৪ দিন আৰু Cryopreservative  পদ্ধতিত বহুদিন চকু নষ্ট নোহোৱাকৈ,ব্যৱহাৰৰ উপযোগীকৈ নেত্ৰবেংকত ৰাখিব পাৰি।নেত্ৰবেংকত স্ংগৃহীত কৰ্নিয়াখন পৰীক্ষা কৰা হয়।যদিহে কৰ্নিয়াখন ব্যৱহাৰৰ উপযুক্ত হয়,তেন্তে কৰ্নিয়াৰ বেমাৰৰ বাবে অন্ধ হোৱা ব্যক্তিৰ সংৰোপণৰ বাবে কৰ্নিয়াখন চকু বিশেষজ্ঞক যোগান ধৰা হয়।

নেত্ৰবেংকৰ দায়িত্ব:

আমাৰ দেশত বছৰি প্ৰায় ১৩,০০০-১৪,০০০ কৰ্নিয়া নেত্ৰদানৰ দ্বাৰা সংগ্ৰহ হয়।কিন্তু প্ৰতি বছৰে আমাক প্ৰায় ৭৫,০০০-১,০০,০০০ কৰ্নিয়াৰ আৱশ্যক।যিহেতু সংগৃহীত সকলো কৰ্নিয়াই ব্যৱহাৰৰ যোগ্য নহয়,সে্যেহে আমাৰ দেশত বছৰি প্ৰায় ২,৫০,০০০ কৰ্নিয়াৰ প্ৰয়োজন হয়।ভাৰতবৰ্ষত বৰ্তমান ৪.৬ নিযুত ব্যক্তি কৰ্নিয়াৰ সমস্যাৰ বাবে দৃষ্টিহীন হৈ আছে।কৰ্নিয়াৰ বাবে হোৱা অন্ধতা ভাৰতবৰ্ষত প্ৰতিবছৰে বাঢ়িছে আছে,কিন্তু সেই অনুপাতে নেত্ৰদান বঢ়া নাই।আইনী মেৰপাক,কাৰিকৰী তথা অৰ্থনৈতিক দুৰ্বলতা,যাতায়াতৰ দুৰৱস্থা,অজ্ঞতা আদি ইয়াৰ মুল কাৰণ।এইবোৰ দুৰীকৰণৰ বাবে চৰকাৰ,বেচৰকাৰী অনুষ্ঠান আৰু নেত্ৰবেংকৰ কৰিবলগীয়া বহুতো আছে।নেত্ৰবেংকসমুহে বেচৰকাৰী  অনুষ্ঠানসমুহৰ সহযোগত,জনসাধাৰণৰ লগত সু-সম্পৰ্ক স্থাপন কৰি তলৰ কামবোৰ কৰিব লাগিব।নেত্ৰবেংকৰ কাম হ’ল-মানুহক নেত্ৰদানৰ বিষয়ে শিক্ষিত,সজাগ আৰু উৎসাহিত কৰা,নেত্ৰদান পঞ্জীয়ন কৰি ইচ্ছাপত্ৰ কৰা,দান কৰা নেত্ৰ সংগ্ৰহ কৰা,যথোপযুক্তভাৱে পৰীক্ষা কৰি সংগৃহীত কৰ্নিয়া সংৰক্ষিত কৰা আৰু চকু বিশেষজ্ঞক সংৰোপণৰ বাবে যোগান ধৰা।

লেখক:ডা: ধৰ্মকান্ত কুম্ভকাৰ (দেওবৰীয়া সম্ভাৰ)

2.96551724138
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top