মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / নৱবৰ্ষৰ স্বাস্থ্য সংকল্প :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

নৱবৰ্ষৰ স্বাস্থ্য সংকল্প :

নৱবৰ্ষৰ স্বাস্থ্য সংকল্পৰ বিষয়ে লিখা হৈছে ।

 

‘পল পল দণ্ড কৰি সময় গৈছে উৰি

পাখি লগা কাড়ৰ নিচিনা অবিৰাম’।

সময় উৰি যায় পাখি মেলি মেলি অনন্ত গতিৰে অবিৰামভাৱে। শীতৰ বোকোচাত উঠি আহিছে নতুন বাছৰ। পুৰণিক বিদায় দি নতুন বছৰে জীৱনক গতি দিবলৈ যেন আমাৰ মাজলৈ আহিছে।

প্ৰকৃতিৰ আমোঘ নিয়মমতেই প্ৰত্যি বছৰে শীতৰ কুঁৱলীৰ আঁচলত ধৰি এটা নতুন বছৰে আমাৰ পদূলিত আহি থিয় হয়হি।

পুৰণি বছৰৰ অৱসাদ আঁতৰাই নৱ চেতনা আৰু নৱ নৱ প্ৰেৰণাৰে আমি নতুন বছৰক স্বাগতম জনাওঁ।

পুৰণি সৰাপাত গছকি নতুন কুঁহিপাতৰ আস্বাদন লৈ জীৱনক নতুন দৃষ্টিভংগীৰে উদযাপন কৰাৰ বাবে আমি সংকল্প লওঁ আহক। পুৰণিৰ দুখ-দৈন্য অৱসাদ আঁতৰাই আমাৰ জীৱনটো নতুনকৈ সজোৱাৰ বাবে প্ৰত্যেকে চেষ্টা কৰোঁ আহক।

প্ৰতিজন মানুহে নতুন বছৰত নিজকে সমৃদ্ধিশালী কৰিব লাগিব। বিশেষকৈ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিকভাৱে নিজকে সুস্থ-সবল কৰিবলৈ আমি সংকল্প ল’ব লাগিব।

মানুহৰ জীৱনটো অতি সুন্দৰ বৈচিত্ৰৰে ভৰা। এবাৰেই মাথোঁ এই মানৱ জীৱন। আমাৰ জীৱনটো সুন্দৰ সুস্থ-সবল কৰি তুলিবলৈ শাৰীৰিক সুস্থতা, মানসিক প্ৰফুল্লতা আৰু আধ্যাত্মিক উৎকৰ্ষ সাধন কৰিবই লাগিব।

আমেৰিকাত ৮৮ শতাংশ লোকে নতুন বছৰত নতুন সংকল্প লয়। ইয়াৰে প্ৰায় ৭৫ শতাংশ লোকে স্বাস্থ্য সংকল্প গ্ৰহণ কৰে বুলি এক সমীক্ষাত প্ৰকাশ।

গতিকে নতুন বছৰত স্বাস্থ্য বৰ্ধক খাদ্য খাবলৈ সংকল্প লওঁ আহক।

সুষম খাদ্যৰ সংকল্প -

খাদ্যই হৈছে আমাৰ জীৱনী শক্তি। এই জীৱনী শক্তিদায়ক সুষম বা সাত্বিক আহাৰ খোৱাৰ সংকল্প গ্ৰহণ কৰোঁ আহক। সুষম আহাৰ বুলি কওঁতে বিশেষকৈ ভাত-দাইল, শাক-পাচলি আৰু ফল-মূলকে বুজোৱা হৈছে।

যিবোৰ খাদ্যই আমাৰ জীৱনী শক্তি বঢ়ায়, দেহ-মন সুস্থ সবল আৰু নিৰোগী কৰি ৰাখে, তেনে খাদ্য খাবলৈ সংকল্প লোৱা উচিত।

বিশেষকৈ স্বাস্থ্য বিজ্ঞানীসকলে কৈছে যে ৰাতিপুৱাৰ আহাৰ ৰজাৰ দৰে খাব লাগে, দুপৰীয়াৰ আহাৰ প্ৰজাৰ দৰে খাব লাগে আহাৰ খোৱা প্ৰয়োজন। ৰাতিপুৱা দুখীয়াৰ দৰে আহাৰ খোৱা প্ৰয়োজন।

ৰাতিপুৱা ৰুটি, তৰকাৰী, এটা কণী আৰু এটা মালভোগ কল আৰু এগিলাচ গাখীৰ খোৱা ভাল। দুপৰীয়া দাইল-ভাত, মাছ-মাংস, তৰকাৰী, চালাড, চাটনি আদি খালে ভাল।

নিশা ভাত-দাইল আৰু অলপ তৰকাৰী খোৱা উচিত। ৰাতিৰ আহাৰ সাধাৰণ হোৱাটো স্বাস্থ্যৰ বাবে ভাল। পুৱা ১০ বজাত, দুপৰীয়া ১২ বজাৰ পৰা ১ বজাৰ ভিতৰত, নিশা ৮ বজাত আহাৰ খোৱা উচিত।

অসমৰ জাতি-জনজাতীয় লোকে সাত-আঠ বজাতে নিশাৰ আহাৰ খায়। নতুন বছৰত সুস্বাস্থ্যৰ বাবে মাছ-মাংস গুৰুপাকী আহাৰ কমাই সুষম আহাৰ খোৱাৰ সংকল্প লওঁ আহক।

ধূমপান বৰ্জন -

ধূমপান কৰাৰ ফলত মানুহৰ আয়ুস ১৫ৰ পৰা ২৫ বছৰ হ্ৰাস পায়। ধূমপানৰ ফলত হাওঁফাওঁৰ ৰোগ হ’ব পাৰে।

হাৰ্ট এটেক হোৱাৰ আশংকা অধিক হয়। ধূমপান সেৱন কৰাৰ ফলত হাওঁফাওঁত আলকাতৰাৰ দৰে বিষাক্ত দ্ৰব্য সঞ্চিত হয়। শ্বাস-প্ৰশ্বাসত বিসংগতি হ’বলৈ ধৰে। ব্ৰংকাইটিছ ৰোগ হ’ব পাৰে।

মদ্যপান বৰ্জন:

মদ্যপানৰ ফলত শাৰীৰিক-মানসিক, আৰ্থিক-সামাজিক, পাৰিবাৰিক দিশত ভীষণ ক্ষতি হয়। মদ্যপানৰ ফলত হেপাটাইটিছ, লিভাৰ চিৰোচিছ আদি বিভিন্ন ৰোগত আক্ৰান্ত হ’ব পাৰে।

অত্যধিক মদ্যপানৰ ফলতে মানুহৰ উচ্চ ৰক্তচাপ, ডায়েবেটিছ ৰোগ হয়। মদ্যপান কৰ লোক প্ৰায়ে চেতনাহীন হৈ মৃত্যু মুখত পৰা দেখা যায়।

ব্যায়াম আৰু যোগ সাধনা -

নতুন বছৰত আমাৰ যোগ আৰু নিয়মিত ব্যায়াম কৰাৰ অভ্যাস কৰো আহক। শৰীৰ আৰু মনৰ উৎকৰ্ষ সাধনৰ বাবে যোগ সাধনা অতি আৱশ্যক।

শৰীৰ-মনক একাত্মবোধ কৰা চৰ্চাই হৈছে যোগ। যোগৰ দ্বাৰা গাঁঠিৰ জড়তা হ্ৰাস হয়। কেলচিয়াম জাতীয় পদাৰ্থবোৰ শোষণ কৰি হাড় মজবুত কৰে।

গাৰ ছাল উজ্জ্বল আৰু মসৃণ হয়। মাংসপেশীবোৰ সতেজ আৰু আঁটিল হয়। হাওঁফাওঁ, হৃদপিণ্ড সবল হয়। মধুমেহ ৰোগীৰ তেজৰ শৰ্কৰা নিয়ন্ত্ৰণ কৰি ৰাখে।

খোজকাঢ়ক:

নতুন বছৰত প্ৰতিদিনে গধূলি, ৰাতিপুৱা অতি কমেও ত্ৰিছ মিনিট সময় খোজকঢ়াৰ অভ্যাস কৰিব লাগে।

খোজকাঢ়িলে ভৰি-হাতৰ জঠৰতা নাইকিয়া হয়। মন প্ৰফুল্লিত হয়। কৰ্মস্পৃহা বাঢ়ে। দেহৰ গ্ৰন্থিবোৰ সুস্থ-সবল কৰি ৰাখি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়।

ইতিবাচক চিন্তা -

সদায় ইতিবাচক চিন্তাৰে মন ভৰাই ৰখাৰ সংকল্প লওক। মনৰ পৰা দুশ্চিন্তা, অৱসাদ, খং-ৰাগ আদি দূৰ কৰিব লাগে। মানুহৰ খং উঠিলে শৰীৰত এচিড বৃদ্ধি পায়, মন উত্তেজিত হয় আৰু বিভিন্ন ৰোগ হ’ব পাৰে।

মনৰ অৱসাদ, খং-ৰাগ দূৰ কৰি সৎ চিন্তা, সৎ কৰ্মৰ প্ৰতি মনোনিৱেশ কৰক। সদায় হাঁহি-ধেমালি কৰিবলৈ চেষ্টা কৰক। কিয়নো হাঁহি হৈছে সুখানুভূতিৰ বৰ্হিপ্ৰকাশ।

হাঁহিয়ে বা ইতিবাচক চিন্তাই অক্সিটোচিন, এণ্ডৰফিন আদি হৰমোনৰ নিঃসৰণ বৃদ্ধি কৰে। দেহ মন সুস্থ সবল হৈ থাকে।

আশাবাদী মন:

নতুন বছৰত নতুন আশাৰে মন ভৰাই তোলক। আশাবাদী মনে মানুহক কৰ্ম প্ৰেৰণা, কৰ্মস্পৃহা বঢ়াই তোলে। কৰ্মস্পৃহা বাঢ়িলে মানুহে সফলতাৰ জখলাত বগাব পাৰে। জীৱনে তেতিয়া হাঁহিব। জীৱন সুন্দৰ আৰু আনন্দময় হ’ব।

পানী খোৱাৰ অভ্যাস -

নতুন বছৰত অধিক পানী খোৱাৰ সংকল্প লওঁ আহক। ৰাতিপুৱা দুই গিলাচ কুহুমীয়া গৰম পানী খোৱাৰ অভ্যাস কৰক। চাহ, কফি, বজৰুৱা পানীয়ৰ সলনি ঘৰুৱা পানীয়, কুঁহিয়াৰৰ ৰস, ডাবৰ পানী, নেমুৰ চৰবত আদি খোৱা উচিত।

ইয়াৰ উপৰি প্ৰতিদিনে দহ-বাৰ গিলাচ পানী খোৱা ভাল। কাৰণ পানীয়ে হৈছে প্ৰাণীৰ প্ৰাণ। পানী বহি খাব লাগে। থিয় হৈ পানী খাব নালাগে। আহাৰ খোৱা আধা ঘন্টাৰ পিছত পানী খোৱা উচিত। আহাৰ খাই থাকোঁতে পানী খালে বদহজম হয় আৰু এচিডিটি বাঢ়ে।

মানসিক স্বাস্থ্যৰ সংকল্প -

সুস্বাস্থ মানে শাৰীৰিক স্বাস্থ্য নহয়, মানসিক স্বাস্থ্যৰ বাবে মানুহৰ অতীৱ প্ৰয়োজন দয়া, ক্ষমা, প্ৰেম আৰু পৰোপকাৰ। মানুহ, জীৱ-জন্তু সকলোৰে প্ৰতি দয়াৰ মনোভাৱ থাকিব লাগিব। পৰশ্ৰীকাতৰ, প্ৰতিশোধ পৰায়ণতাৰ মনোভাৱ বা হিংসা-বিদ্বেষ থাকিব নালাগে।

সদায় উদাৰ আৰু ক্ষমা গুণৰ অধিকাৰী হোৱাৰ সংকল্প ল’ব লাগে। তদুপৰি প্ৰেম থাকিব লাগে। প্ৰেম অবিহনে কোনেও জীয়াই থাকিব নোৱাৰে।

প্ৰথমে নিজৰ প্ৰতি অৰ্থাৎ নিজৰ জীৱনৰ প্ৰতি, সমাজৰ প্ৰতি, দেশৰ প্ৰতি প্ৰেম থাকিলে জীৱন সুখমম্য আৰু আনন্দ পূৰ্ণ হৈ উঠিব। তেতিয়া আমাৰ জীৱনে হাঁহিব।

আহক আমি নতুন বছৰত নতুন স্বাস্থ্য চিন্তাৰে জীৱনটো উদযাপন কৰিবলৈ সংকল্প লওঁ। পুৰণি বছৰৰ দুখ-দুৰ্দশা, হতাশা, অৱসাদ দূৰ হৈ নৱ সূৰুযৰ নৱ আলোকেৰে আমাৰ সকলোৰে জীৱন সুন্দৰ হওক। তাকে কামনা কৰি নতুন বছৰক স্বাগতম জনালোঁ।

লেখক: ধনেশ্বৰ হুজুৰী(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

1.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top